/asomiyapratidin/media/media_files/2025/02/24/O3Uh4rkNtCU7q1Przy4U.png)
মৃদুল কুমাৰ সন্দিকৈ
১৯৫২ চনত এখন উপন্যাস প্ৰকাশ পাইছিল। বিখ্যাত আমেৰিকান সাহিত্যিক আৰ্ণেষ্ট হেমিঙৱেই ৰচনা কৰা এই উপন্যাসখন আছিল এজন বৃদ্ধ মাছমৰীয়াক লৈ। ১৯৫১ চনত তেওঁ এই উপন্যাসখন লিখিছিল কিউবাত। যিখন উপন্যাসৰ নাম আছিল "দ্য অ'ল্ড মেন এণ্ড দ্য চি"।
উপন্যাসখনৰ কাহিনীৰ নায়ক এজন বৃদ্ধ মাছমৰীয়া। তেওঁৰ লক্ষ্য আছিল এটা বৃহৎ মাৰ্লিন মাছ ধৰাৰ। ৮৪ দিন ধৰি তেওঁ এই মাছ ধৰিবলৈ চেষ্টা চলাইছিল। কিন্তু তেওঁ সফল হ'ব পৰা নাছিল। ৮৫ দিনৰ দিনা তেওঁ সৰুৰ নাওখন লৈ সাগৰলৈ ওলাই গৈছিল।
দুপৰীয়া এটা বৃহত মাছে তেওঁৰ বৰশীত টোপ গিলিছিল। বৃদ্ধ মাছমৰীয়াজন নিশ্চিত হৈছিল তেওঁ ধৰিব বিচৰা মাৰ্লিন মাছে সেইটো। এনেকৈয়ে সেই বৃদ্ধ মাছমৰীয়া জনৰ মাছ ধৰা কাহিনী এই উপন্যাসখনত বৰ্ণনা হৈছে।
বৃদ্ধ লোকসকল অভিজ্ঞ হয়। জীৱন সংগ্ৰামৰ বহু অভিজ্ঞতাৰে পৰিপুষ্ট এই লোকসকলৰ সিদ্ধান্ত, কথা-বতৰা পৰিপক্ক হৈ পৰা দেখা যায়। সেয়েহে তেওঁলোকৰ আদৰ,তেওঁলোকক কৰা সন্মানত কোনো কৃপণালি নাথাকে।
অসমীয়া সমাজ জীৱনতো বয়োজ্যেষ্ঠজনৰ আদৰ সদায়ে বেছি। বৃদ্ধ জনক শ্ৰদ্ধা আৰু ভক্তি কৰিবলৈ আমাৰ সংস্কাৰে শিকায়। ককা বুলি ক'লে আমাৰ মনত এজন বৃদ্ধ লোকৰ ছবি ভাহি উঠে। মনত ভাহি উঠা সেই ছবিখনে এজন অভিজ্ঞ আৰু সমৃদ্ধ লোককে প্ৰতিনিধিত্ব কৰে।
এইজন বৃদ্ধ পিছে অভদ্ৰ। ধনৰ বলত,ধৰ্মৰ জোৰত তেওঁ সকলো কৰিব খোজে। কিছুদিনৰ আগলৈকে ৰাজনৈতিক ক্ষমতাৰে তেওঁ বলীয়ান আছিল। এটা বিশেষ সম্প্ৰদায়ৰ স্বঘোষিত চৰ্দাৰ ৰূপে তেওঁ নিজকে ভাবে।
তেওঁ নিজে কয়, তেওঁ এজন বুঢ়া মানুহ। তেওঁ কেৱল বুঢ়া হোৱাই নহয়, তেওঁৰ কথা-বতৰাত স্বভাৱ আৰু পৰকতি লৰাৰ আভাসো পোৱা যায়। নহ'লে অসমৰ মাটি-পানী আৰু জলবায়ু সেৱন কৰি তেওঁৰ দৰে এজন নিজকে বুঢ়া বুলি ভবা লোকে এই ধৰণৰ মন্তব্য দিব নোৱাৰে।
ৰাজনৈতিকভাৱে তেওঁ সক্ৰিয় যদিও বৌদ্ধিক আৰু মানসিকভাবে তেওঁৰ উত্তৰণে সভ্য লোকৰ শাৰীলৈ তেওঁক নিব পৰা নাই। অযথা বিতৰ্ক আৰু ভণ্ডামিৰে তেওঁৰ কৰ্ম-কাণ্ড পৰিপূৰ্ণ। ওফাইদাং মৰাতো তেওঁৰ স্বভাৱ।
জীৱনৰ শেষ স্তৰত উপনীত হৈও সৰলতাৰে ভৰা এক আত্মবোধৰ অভাৱত তেওঁ আক্ৰান্ত। সেয়েহে আমাৰ আন বয়োজ্যেষ্ঠ সকলৰ তুলনাত এইজন মৌলানা ৰূপী লোক অতি নিম্ন মানসিকতাৰ অধিকাৰী। এক কথাত তেওঁক ক'ব পাৰি দ্য বেড অ'ল্ড মেন।
তেওঁ নিজেও জানে তেওঁ কি কৈছে বা কি কয়। তেওঁ কেৱল এগৰাকী মহিলাক অপমান কৰাই নহয়, সেই উচ্চ শিক্ষিত আৰু চৰ্চিত হৈ থকা মহিলা গৰাকীক আধাৰ কৰি লৈ বৃদ্ধ বয়সত নিজৰ মানসিকতাক নিজেই উদঙাই দিছে।
তেওঁ কি কৈছে সেয়া আলোচ্য বিষয় নহয়। সেই কথাবোৰ তেওঁক ক'বলৈ সাহস আৰু পৰিৱেশ কেনেকৈ পালে সেইটোহে চিন্তনীয়। অসমৰ মহিলা সকলক লৈ অশালীন আৰু আপত্তিজনক মন্তব্য কৰিলে সহ্য কৰিব নোৱাৰা মুখ্যমন্ত্ৰী গৰাকীয়ে এইজন বৃদ্ধৰ ক্ষেত্ৰত হয়তো ৰাজনৈতিক কাৰণতে ব্যৱস্থা গ্ৰহণ নকৰিব।
কিয়নো এইজন বৃদ্ধৰ লক্ষ্য স্থান আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক লক্ষ্য একেটাই। সেয়ে হয়তো এইবোৰ শুনিও তেওঁ নীৰৱতাৰে ইয়াৰ পাৰ্শ্ব প্ৰতিক্ৰিয়া কি হয় সেয়া চাব। সাধাৰণ লোকসকলৰ মাজত এই বৃদ্ধৰ মুখত ওলোৱা মন্তব্যই ইতিমধ্যে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
এনে অসংস্কাৰী মানুহক সংস্কাৰৰ শিক্ষা দিয়াৰ সময় এয়া। তেওঁ কি কৈছে তাক লৈ বাতৰি পৰিৱেশন কৰাত কৈ এনে কথা তেওঁ কিয় ক'ব বুলি তেওঁক উভতি ধৰাৰ প্ৰয়োজন এতিয়া। নহ'লে আজি কাৰোবাক এইদৰে অপমান আৰু বহু ইংগিতপূৰ্ণভাৱে অশ্লীলতাৰ পোহাৰ মেলা আৰু সুযোগ তেওঁ গ্ৰহণ কৰিব।
বুঢ়া হ'লেও মন কুমলীয়া কৰি ৰাখিছে হেনো বৃদ্ধ মৌলানা চাহাবে। কেনেদৰে মন্তব্য কৰিব লাগে, ক'ত কি ক'ব লাগে তেওঁ জানিও নাজানে। এয়াই এইজন বৃদ্ধৰ বা বুঢ়াৰ ৰাজনীতি !
শেহতীয়াকৈ অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনত ধুবুৰীত তেওঁ পৰাজয় হৈছিল। হয়তো সেই পৰাজয় তেওঁৰ হতাশা আৰু পৰাজয়ৰ কাৰক হৈ পৰা জনৰ ওপৰত প্ৰতিশোধ লোৱাৰ এক প্ৰয়াস।
পুনৰ আৰ্ণেষ্ট হেমিঙৱেৰ সেই মাছমৰীয়া বৃদ্ধ জনৰ কথালৈ আহো। যিজনে সংগ্ৰাম আৰু অভিজ্ঞতাৰে ভৰা এখন যুঁজ দিছিল। লক্ষ্য প্ৰাপ্তিৰ পাছত ইয়াৰ পাছত মই কি কৰিম বুলি আত্ম বিশ্লেষণৰ এক জীৱনবোধ তেওঁৰ কাহিনীয়ে সামৰি থৈছিল।
এইজন বৃদ্ধৰ জীৱনত তেনে কোনো জীৱনবোধ নাই। কেৱল আছে লিপ্সা। বুঢ়া গৰুৰ দৰে তেওঁ বিচাৰি ফুৰে কোমল ঘাঁহ। এনেবোৰ তথাকথিত বিপদ ঘটাব পৰা বুঢ়া মানুহৰ বাবে আমি সকলোৱে সজাগ সচেতন হৈ থকাতোৱেই এতিয়া দৰকাৰ।