/asomiyapratidin/media/media_files/2025/10/10/whatsapp-im-2025-10-10-12-11-28.jpeg)
মৃদুল কুমাৰ সন্দিকৈ
জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উদ্ঘাটনৰ বাবে তদন্ত অব্যাহত আছে। তদন্তকাৰী সন্থাই এই তদন্ত প্ৰক্ৰিয়াত বিভিন্নজনক জেৰা আৰি সাক্ষ্য গ্ৰহণ কৰিছে। তাৰ মাজতে বহু গুৰুত্বপূৰ্ণ তথ্য জনা লোক আঁৰতে ৰৈ যোৱাৰ অভিযোগ উঠিছে। শেহতীয়াকৈ পোহৰলৈ আহিছে তেনে এজন গুৰুত্বপূৰ্ণ তথ্য আৰু খবৰ জনা অসম চৰকাৰৰ এজন কৰ্মচাৰীৰ নাম।
এই কৰ্মচাৰীজন জলসম্পদ বিভাগত কৰ্মৰত। চৰকাৰী এটা বিভাগৰ কৰ্মচাৰী হলেও তেওঁ শ্যামকানু মহন্তৰ অত্যন্ত ঘণিষ্ঠ আৰু শেহতীয়া ছিংগাপুৰ ভ্ৰমণত শ্যামকানুৰ সোঁহাত স্বৰূপ আছিল। শ্যামকানুৰ ট্ৰেণ্ড এমএছএছে আয়োজন কৰা প্ৰতিটো অনুষ্ঠানৰে তেওঁক অন্যতম উদ্যোক্তাৰূপে দেখা পোৱা যায়। ৰঙালী ফেষ্টিভেল, নৰ্থ-ইষ্ট ইণ্ডিয়া ফেষ্টিভেল সকলোতে তেওঁ সক্ৰিয়ভাৱে ব্যস্ত থাকে।
এইবাৰো ছিংগাপুৰলৈ শ্যামকানুক সহায়ৰ বাবে যোৱা অসম চৰকাৰৰ জলসম্পদ বিভাগৰ Junior Assistant হিচাপে এইজন চৰকাৰী কৰ্মচাৰী গৈছিল। নাম তেওঁৰ অনিলেষ গগৈ। চাকৰি তেওঁৰ ঢকুৱাখনাৰ জলসম্পদ বিভাগৰ। শ্যামকানুৱে তেওঁ পতা প্ৰতিটো অনুষ্ঠানৰ ব্যৱস্থাপনাৰ দায়িত্ব অনিলেষৰ হাততে অৰ্পণ কৰে। পূৰ্বতে শ্যামকানু মহন্তৰ কম্পিউটাৰত কৰিবলগীয়া সকলো কাম অনিলেষেই কৰিছিল।
শ্যামকানু অধ্যায়ৰ প্ৰায়বোৰ কথাই তেওঁ জানে। এতিয়ালৈকে অনিলেষক তদন্তকাৰী গোটে সোধ-পোচৰ বাবে তলব কৰা নাই। কিন্তু অনিলেষক জেৰা কৰিলে তদন্তকাৰী গোটে শ্যামকানু সম্পৰ্কীয় বহু তথ্যৰ সম্ভেদ পাব। তেওঁ শ্যামকানুৰ ইমানেই ঘনিষ্ঠ যে, শ্যামকানু পৰিয়ালৰ বিবাহ বা আন অনুষ্ঠানৰ বাবে ঢকুৱাখনাৰ পৰা লোকেল মাছ যোগান ধৰাকে ধৰি সকলোখিনি কাম কৰে।
এটা চৰকাৰী বিভাগত কাম কৰিলেও বাস্তৱত যেন এই বিভাগটোৱে তেওঁৰ শ্যামকানুৰ লগতহে ডেপুটেচনত থৈছে। যিসময়ত ছিংগাপুৰলৈ জুবিনৰ সংগী হৈ যোৱা এপিএছ বিষয়া সন্দীপন গাৰ্গক দীঘলীয়া জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰিছে চিআইডিয়ে, সেই সময়ত অনিলেষ নামৰ এই চৰকাৰী কৰ্মচাৰীজনক এবাৰো এছআইটিয়ে জেৰাৰ বাবে নমতাটো লক্ষ্যণীয় বিষয়।
জানিব পৰা মতে, ছিংগাপুৰলৈ যাবলৈ অনিলেষ গগৈ নামৰ কৰ্মচাৰীজনে ১৫ ছেপ্তেম্বৰ ২০২৫ৰ পৰা ২৫ ছেপ্তেম্বৰ ২০২৫ লৈ ছুটি লৈছিল। কিন্তু বিদেশ ভ্ৰমণৰ বাবে আৰু নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত অংশ ল'বলৈ তেওঁ চৰকাৰী অনুমতি লৈছিল নে নাই সেইয়া তদন্তৰ বিষয়। বিভাগীয় মন্ত্ৰী পীযুষ হাজৰীকাই এই দিশত কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষ্যণীয় হ'ব।
শ্যামকানু মহন্তৰ অত্যন্ত বিশ্বাসী সকলৰ ভিতৰত অনিলেষো অন্যতম। মহন্তৰ ভাতঘৰৰ মানুহ অনিলেষ। ছিংগাপুৰৰ পৰা সংগোপনে ঘুৰি আহি বৰ্তমান ঢকুৱাখনাত একপ্ৰকাৰৰ আত্মগোপন কৰি আছে অনিলেষে। চিআইডিয়ে শ্যামকানুৰ এই সংগীজনক অচিৰেই জেৰা কৰাটো প্ৰয়োজন হৈ পৰিছে, নহলে জুবিন গাৰ্গ আৰু শ্যামকানু সম্পৰ্কীয় বহু তথ্য আঁৰতেই ৰৈ যাব।
শ্যামকানুৱে আয়োজন কৰা প্ৰতিটো অনুষ্ঠানতে অনিলেষৰ বিশেষ ভূমিকা থাকে। নৰ্থ-ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ বিদেশত অনুষ্ঠিত কৰা অনুষ্ঠান সমূহত শ্যামকানুৰ কাষত দেখা যায় তেওঁক। এজন চৰকাৰী কৰ্মচাৰী হৈ শ্যামকানুৰ CORE GROUPৰ সদস্য হিচাপে কাম কৰি আহিছে তেওঁ। শ্যামকানুৱে সংঘটিত কৰা বহু অনিয়মৰ প্ৰত্যক্ষ সহযোগী এইজন অনিলেষ গগৈ।
চিআইডিয়ে জুবিনৰ মৃত্যুৰ সত্য অন্বেষণ আৰু ইয়াৰ সৈতে নাম সাঙোৰ খোৱা সকলৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত বহু লোকক জেৰা আৰু ভাষ্যৰ সংগ্ৰহ কৰিছে। তেনেক্ষেত্ৰত অনিলেষ নামৰ এই চৰকাৰী কৰ্মচাৰীজনক ৰেহাই দিব বিচাৰিছে নে তেওঁ সন্দৰ্ভত তদন্তকাৰী গোটৰ হাতত তথ্য নাই এইয়াহে বিচাৰ্যৰ বিষয়।
ইফালে, শ্যামকানু মহন্তই এজন চৰকাৰী কৰ্মচাৰীক কেনেকৈ ইমান দিন নিজৰ কামত ব্যৱহাৰ কৰি আহিছে তাৰো এক তদন্তৰ প্ৰয়োজন হৈ পৰিছে। তদন্তই এনেবাৰ দিশ সামৰি ল'লেহে ন ন তথ্য উন্মোচিত হোৱাৰ সম্ভাৱনা আছে।
জেৰাৰ বাবে জুবিন গাৰ্গৰ সৈতে য়টৰ সহযোগী হোৱা ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া কেইগৰাকীক চিআইডিয়ে জাননী প্ৰেৰণ কৰি মাতিছিল যদিও তেওঁলোক নিদিৰ্ষ্ট সময়ত আহি উপস্থিত নহ'লহি। ৰূপকমল কলিতাৰ বাদে ছিংগাপুৰৰ জাননী লাভ কৰা আন কোনেও সহযোগ নকৰাত চিআইডিয়ে ৯ অক্টোবৰ ২০২৫ত জেৰাৰ বাবে উপস্থিত থাকিবলৈ চমন প্ৰেৰণ কৰিব লগীয়া হৈছে।
জুবিনৰ মৃত্যুৰ সঠিত তদন্ত আৰু ন্যায় বিচাৰিছে সকলোৱে। জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হৈছে জুবিন গাৰ্গৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক। দুয়োজনে নিজৰ বেংক একাউণ্টৰ জৰিয়তে ১ কোটি ১০ লাখৰো অধিক টকা লেন-দেনৰ তথ্য পোহৰলৈ আহিছে। চাকৰি পৰা দুয়োজন দেহৰক্ষীক ইয়াৰ পূৰ্বে নিলম্বন কৰা হৈছিল।
তেনেক্ষেত্ৰত শ্যামকানু মহন্তৰ এই বিশ্বস্ত সহযোগী জনক চিআইডি আৰু জলসম্পদ বিভাগে ঢুকি পাব কেতিয়া? তদন্তৰ স্বাৰ্থত আঁৰতে ৰৈ যোৱা এইবোৰ কথা লৈ তদন্তকাৰী গোটে গুৰুত্ব নিদিলে বহু দিশ ৰৈ যাব আন্ধাৰত...