কোনো দেউতাকে কেতিয়াও নিবিচাৰে পুত্ৰ বিপথে যাওক ! তেনে বিপথগামী পথত ভৰি দিয়া পুত্ৰক শুদ্ধ পথলৈ আনিবলৈ চূড়ান্ত চেষ্টা কৰে দেউতাকে। এতিয়া বহু পিতৃ-মাতৃৰ বাবে নিচাসক্ত সন্তান এক ডাঙৰ বোজা আৰু সমস্যা।
সেই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কোনো পিতৃয়ে যদি ড্ৰাগছ আসক্ত সন্তানক বিদেশতো চিকিৎসাৰ ব্যৱস্থা কৰে তেন্তে হাঁহিব লগা কি আছে ? যিমান ক্ষমতাশালী লোক হ’লেও প্ৰথমে তেঁও এজন দেউতাক। দেউতাকৰ দায়িত্ব পালন কৰাতো তেঁওৰ কৰ্তব্য।
সেই কৰ্তব্য পালনত বিফল হ’লে পিতৃয়ে ল’ব পাৰে কঠোৰ সিদ্ধান্ত। আমাৰ চকুৰ সন্মুখতে বহু আছে তেনে উদাহৰণ। অতিষ্ঠ হৈ পিতৃয়ে পাৰিবাৰিক শান্তি বিচাৰি নিজ পুত্ৰকো কেতিয়াবা তাজ্যপুত্ৰ আৰু আন কেতিয়াবা কঠোৰতম সিদ্ধান্ত লৈ পেলায়।
এজন পিতৃৰ বাবে এনে সিদ্ধান্ত লোৱাতো কিমান বেদনাদায়ক হ’ব পাৰে, সেই অনুভৱ তেনে সিদ্ধান্ত লোৱা পিতৃসকলেহে বুজে। মৌন হৈ বহুদিন- বহুৰাতি অশান্তিৰ মাজেৰে সময় অতিবাহিত কৰা এইসকল পিতৃয়ে পাহৰি পেলাই সন্তানৰ প্ৰতি মোহ।
শিৱসাগৰত কিছুদিনৰ পূৰ্বে পুত্ৰৰ প্ৰাণ কাঢ়ি লোৱা পিতৃজনেও কেতিয়াও ভবা নাছিল, তেঁও এনে এক মহাপাপ কৰিব লাগিব ! সুৰাত আসক্ত পুত্ৰৰ অত্যাচাৰৰ বলি হৈ বৃদ্ধ পিতৃয়ে ডেকা পুত্ৰৰ ওপৰত চলোৱা এই ঘটনাবোৰৰ আঁৰত আছে মাদকদ্ৰব্য।
তেনে আন এজন পিতৃৰ কাহিনী এয়া। ৪০ বছৰৰ আগৰ এই ঘটনা। নগাঁও জিলাৰ এক অঞ্চলত এজন পালোৱান ডেকা আছিল। মানুহে তেঁওক মাতিছিল 'ৰাম' বুলি। কোনো কোনোৱে 'ৰামু' বুলিও মাতিছিল এই ডেকাজনক। গাত আছিল হাতীৰ সমান বল।
দেহৰ সেই বিক্ৰম আৰু পৰাক্ৰমে তেঁওক মানুহ কৰি ৰখাৰ সলনি অসুৰ কৰি তুলিছিল। ভাবিছিল- ভয়-ভাবুকিৰে সকলো সম্ভৱ। যৌৱনৰ তল-বল দেহত থকা বল আৰু হিংসুক মনে এই ডেকাক অঞ্চলটোৰে ‘দাদা’ ৰূপত গঢ়িছিল। লগত সংগী কৰি লৈছিল আন দহ-বাৰজন ডেকাক।
হাতত তেঁওলোকৰ মাৰণাস্ত্ৰ নাছিল। কিন্তু চোকা ডেগাৰবোৰত সূৰ্যৰ পোহৰ তিৰবিৰাইছিল। নাম শুনিলেই মানুহে আঁতৰত পলাইছিল। গুণ্ডাগিৰিয়েই তেঁওলোকৰ বৃত্তি হৈ পৰিছিল। নেতৃত্বত আছিল ৰাম।
নিজৰ গাঁওখনৰ পৰা পথৰুৱা বাটেৰে কাষৰীয়া গাঁওবোৰলৈ গৈ যি ইচ্ছা তাকেই কৰিছিল। এক কথাত দিন ডকাইততকৈ ভয়ানক হৈ উঠিছিল সেই গেং। খেতিয়ক পিতৃ কিন্তু তাৰ বিপৰীত আছিল। গাত বল থাকিলেও আধ্যাত্মিকতাৰ মাজেৰে এক শৃংখল জীৱনত বিশ্বাসী আছিল পিতৃ।
পুত্ৰৰ এই দুষ্কাৰ্যৰ কাহিনী মানুহবোৰে তেঁওক কৈছিল। কেতিয়াবা নামঘৰলৈ যাঁওতেও পুত্ৰৰ অপকৰ্মৰ বৰ্ণনা শুনি তেঁও মৌন হৈ থকাৰ বাদে আন একো কৰিব পৰা নাছিল। অতিষ্ঠ হৈ পুত্ৰক সেই পথ বাদ দিবলৈ উপদেশ দিছিল।
বৃদ্ধ পিতৃৰ এই উপদেশ তেঁওৰ কাণতে সোমোৱা নাছিল। কমক চাৰি পুত্ৰৰ অত্যাচাৰ বাঢ়ি গৈছিল। দায়িত্ব পালন কৰাত পিতৃ হিচাপে ব্যৰ্থ হোৱাৰ তাড়ণাই তেঁওক খুলি খুলি খাইছিল। এদিন দুপৰীয়া ভাত খাই পুত্ৰই ঘৰতে বিশ্ৰাম লৈ আছিল। সেইদিনাই পিতৃয়ে সিদ্ধান্ত লৈ হাতত তুলি লৈছিল ঘৰৰ কুঠাৰখন।
তাৰ পাছত বৰ্ণনা কৰিব নোৱাৰা এক ঘটনা। পুত্ৰৰ বুকু দুফাল হৈছিল পিতৃৰ কুঠাৰৰ ঘাপত। অনুতপ্ত হোৱা নাছিল পিতৃ। তেঁওৰ মতে জন্ম দিয়া যি সন্তান সমাজখনৰ বাবে সমস্যা হৈ পৰিছিল, সেই সমস্যা তেঁও নিজেই সমাধান কৰিলে এইদৰে।
ৰামৰ মৃত্যুৰ খবৰ নিমিষতে বিয়পিছিল। তেঁওৰ মৃত্যুত শোক ব্যক্ত কৰাৰ সলনি স্বস্তিৰ নিশ্বাস এৰিছিল। আইনে লৈছিল আইনৰ বাট। পুত্ৰ হত্যাৰ অভিযোগত আৰক্ষীয়ে পিতৃগৰাকীক লৈ গৈছিল থানালৈ।
তাৰ পাছত চলিছিল বিচাৰ। বিচাৰত পিতৃক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিয়া হৈছিল। যি দিনা এই নিৰ্দেশ আদালতে দিছিল, সেই দিনটোতেই তাৎপৰ্যপূৰ্ণভাৱে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পিতৃয়ে প্ৰাণ ত্যাগ কৰিছিল।
পিতৃৰ দৃষ্টিৰে কি কৰুণ আছিল এই ঘটনা। পুত্ৰ ৰামক নহয় যেন তেঁও অসুৰৰূপী ৰাৱণকহে বধ কৰিছিল। স্থানীয় মানুহবোৰে তেঁওক হত্যাকাৰী ৰূপে কেতিয়াও নাচালে। আইন-আৰক্ষীয়ে পুত্ৰক শাস্তি দিয়ালৈও তেঁও ৰোৱা নাছিল।
অথচ এই পিতৃৰূপী মানুহজনে নৰহত্যা কৰিব পাৰিব বুলি কোনেও ভবা নাছিল। পিতৃ মানেই পূজনীয়। সন্তানৰ সৰ্বাতো সুখৰ আধাৰ বুলি ভবা হয় দেউতাকক। তেনে এজন পিতৃয়ে সংঘটিত কৰা এই ঘটনাবোৰৰ আঁৰত লুকাই থাকে বহু কাহিনী।
এতিয়া বহুবোৰ পিতৃ এনেবোৰ সমস্যাৰে ভাৰাক্ৰান্ত। হাতত তেঁওলোকে কুঠাৰ তুলি ল’ব নোৱাৰিলেও তেঁওলোকৰ হৃদয়বোৰত উশৃংখল পুত্ৰৰ কাৰুকাৰ্যই বাৰে বাৰে মাৰি থাকে অশান্তিৰ কুঠাৰ। সেই কুঠাৰ আঘাততে ভাৰাক্ৰান্ত হৈ এতিয়া আমাৰ চকুৰ সন্মুখতে মৰি মৰি জীয়াই আছে কতজন পূজনীয় পিতৃ।