পৰাধীন ভাৰতত অসমীয়া ভাষাৰ আধাৰ গঢ়া কাণ্ডাৰী পুৰুষজন...

এদিন চোৰ আহিছিল। কিন্তু দেখিলে এই মানুহজন কেতিয়াও নুশুৱে। এটা সময়ত চোৰটো বিৰক্ত হৈ এটা শব্দৰে হেমচন্দ্ৰ বৰুৱাক গালি পাৰি ওলাই গৈছিল। লগে লগে হেমচন্দ্ৰ বৰুৱাই শব্দটো শুনি কৈছিল- ঐ ৰ' চোন শব্দটো কৈ যা।
পৰাধীন ভাৰতত অসমীয়া ভাষাৰ আধাৰ গঢ়া কাণ্ডাৰী পুৰুষজন...

হেমকোষ! এটা জাতি, এটা ভাষাৰ বাবে আশা আৰু ভৱিষ্যতৰ আধাৰ আছিল এই অভিধানখন । ১৯শ চনত হেমচন্দ্ৰ বৰুৱাই প্ৰণয়ন কৰা প্ৰথমখন অসমীয়া ভাষাৰ অভিধান প্ৰকাশ পাইছিল । সেই সময়ত এহেজাৰ পৃষ্ঠাৰ এই অভিধানখনৰ মুঠ শব্দ আছিল ২২ হেজাৰ ৩৪৪ টা ।

তাৰ পাছত হেমচন্দ্ৰ বৰুৱাৰ নাতি হেমকোষপ্ৰাণ দেৱ‍ানন্দ বৰুৱাই হেমকোষ প্ৰনয়ণৰ দায়িত্ব মূৰ পাতি লৈছিল । ১৯৬৫ চনৰ পৰা ২০১১ চনলৈকে হেমকোষৰ সংবধিত সংস্কৰণ প্ৰকাশ কৰা হয় । এতিয়া সেইখন হেমকোষত আছে লক্ষাধিক শব্দ ।

এই ধাৰাত যদি পৰিব নিদিলে হেমচন্দ্ৰ বৰুৱাৰ আজোনাতি তথা সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাই। ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাই ১৯০০ চনতে প্ৰণয়ন কৰা হেমকোষৰ চতুৰ্দশ সংখ্যক সংস্কৰণ ২০১১ চনত প্ৰকাশ পাইছিল। ২০২২ ৰ আৰম্ভণিতে হেমকোষৰ পঞ্চদশ সংস্কৰণ প্ৰকাশৰ কথা চিন্তা কৰে জয়ন্ত বৰুৱাই।

ইয়াৰ পাছতে ৰাজ্যৰ তিনিগৰাকী প্ৰখ্যাত ভাষাবিদ ড০ মালিনী গোস্বামী, ড০ বসন্ত গোস্বামী আৰু ড০ উপেন ৰাভা হাকাচমৰ ওপৰত গুৰুদায়িত্ব অৰ্পণ কৰে। তেওঁলোকৰ অভিভাৱকত্বতে সুদীৰ্ঘ ডেৰ বছৰৰো অধিক সময় আন একাংশ ভাষা গৱেষণাৰে জড়িত প্ৰবক্তা তথা ভাষাবিদৰ প্ৰচেষ্টাত হেমকোষৰ পঞ্চদশ সংস্কৰণৰ কাম সম্পূৰ্ণ কৰি তোলে।

তাৰপাছতে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১৮৮ সংখ্যক ওপজা দিনৰ দিনা উন্মোচন হয় হেমকোষৰ পঞ্চদশ সংস্কৰণ। অৰ্থাৎ ১০ ডিচেম্বৰ, ২০২৩ ত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় এই অভিধানখন।

অভিধান উন্মোচন কৰি ভাষাবিধ ড০ মালিনী গোস্বামীয়ে কয় যে, হেমকোষৰ প্ৰথম সংস্কৰণৰ লক্ষ্যণসমূহ হেমকোষৰ পঞ্চদশ সংস্কৰণে যাতে ৰক্ষা কৰিব পাৰে তালৈ সততে লক্ষ্য ৰাখি এইখনৰ কাম সম্পূৰ্ণ কৰা হৈছে । হেমকোষ অসমীয়া ভাষাৰ অভিধান সেই কথা ক্ষণে ক্ষণে, পদে পদে আমি মনত ৰাখি কামত আগবাঢ়িছিলো। বহু নতুন শব্দও সংযুক্ত হৈছে এই পঞ্চদশ সংস্কৰণত।

আজিৰ এই শুভ দিনটোতেই উন্মোচন হয় অসমীয়া ভাষাৰ প্ৰথমখন ব্যাকৰণৰ ব্ৰেইল সংস্কৰণ।  দৃষ্টি শক্তিৰ ক্ষেত্ৰত বাধা গ্ৰস্ত লোকসকলৰ সুবিধাৰ্থে প্ৰকাশ কৰি উলিওৱা হয় এই ব্যাকৰণখন।

উপযুক্ত শিক্ষা লাভ বা ভাষাৰ লগত ওতঃপ্ৰোতঃ ভাৱে জড়িত হোৱাৰ ক্ষেত্ৰত এখন অভিধান বা ব্যাকৰণে গুৰুতত্বপূৰ্ণ ভূমিকা পালন কৰে। কিন্তু বহু সময়ত দৃষ্টি শক্তিৰ ক্ষেত্ৰত বাধা থকা লোকসকল ইয়াৰ পৰা বঞ্চিত হোৱা দেখা যায়।

দৃষ্টিহীনলোকসকলৰ বাবে এই প্ৰচেষ্টা সাদিন-প্ৰতিদিন গোষ্ঠীৰ প্ৰথম নহয়। অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ পাছত ২০২২ চনৰ ১৬ ছেপ্টেম্বৰত প্ৰকাশ হৈছিল হেমকোষৰ ব্ৰেইল সংস্কৰণ। হেমকোষৰ চতুৰ্দশ সংস্কৰণটিক লৈ প্ৰকাশ হৈছিল ব্ৰেইল সংস্কৰণ।

২০ টা খণ্ডত প্ৰকাশ হোৱা হেমকোষৰ ব্ৰেইল সংস্কৰণ দক্ষিণ পূৱ এছিয়াৰ প্ৰথমখন পূৰ্ণাংগ ব্ৰেইল অভিধান। অসমীয়া ভাষা সাহিত্যৰ বাবে এই দিনটো সোণালী দিন হৈ জিলিকি ৰ'ব। 

হেমকোষৰ এই ব্ৰেইল সংস্কৰণে লাভ কৰিছিল বিশ্ব স্বীকৃতিও। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 'মন কী বাত' নামৰ অনুষ্ঠানত উল্লেখ কৰিছিল হেমকোষৰ ব্ৰেইল সংস্কৰণৰ কথা। তাৰ কিছুদিন পাছতে আহিছিল ভাল খবৰ। গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত বিশ্বৰ সৰ্ববৃহৎ দ্বিভাষিক ব্ৰেইল অভিধান ৰূপে স্বীকৃতি লাভ কৰিছিল।

এই সকলোৰে কাণ্ডাৰী পুৰুষ ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ জীৱন ইমান সহজ নাছিল। তেওঁৰ জন্মৰ কিছুদিন আগতে দেশ পৰাধীন হৈছিল। সেই কঠোৰ সন্ধিক্ষণতো অসমীয়া জাতিক জাতীয় চেতনা দিছিল হেমচন্দ্ৰ বৰুৱাই।

বিখ্যাত ভাষাবিজ্ঞানী উইগেন ষ্টানে কৈছিল, যদি আমাৰ যিকোনা এটা ভাষাৰ সীমাবদ্ধতা থাকে তেন্তে এই ভাষাৰ সীমাবদ্ধতাই আমাৰ দৃষ্টিৰো সীমাবদ্ধতা। ভাষা যিমানে সমৃদ্ধ হয়, সিমানে এখন সমাজ চিন্তা, চেতনাৰে সমৃদ্ধ হয়। ভাষাটোক তুলি ধৰে শব্দ, শব্দৰ গাঁথনি, ব্যাকৰণে।

হেমকোষৰ পঞ্চদশ সংস্কৰণ আৰু প্ৰথমখন অসমীয়া ব্যাকৰণৰ ব্ৰেইল সংস্কৰণ উন্মোচন অসমীয়া বৌদ্ধিক জগতৰ বাবে এক সুখবৰ। অসমীয়া সাহিত্যত ই এক নতুন সংযোজন। এই ব্যাকৰণ সন্দৰ্ভত জয়ন্ত বৰুৱাই কয় যে, ইমান বছৰে ব্যাকৰণ অবিহনেই দৃষ্টিহীনসকলে জ্ঞান লাভ কৰি আহিছে। গতিকে এই ব্যাকৰণখন ব্ৰেইল লিপি কৰাৰ বাবে অতি জৰুৰী বুলি উপলব্ধি কৰি অৱশেষত প্ৰকাশ কৰা হ'ল ব্যাকৰণৰ ব্ৰেইল সংস্কৰণ।

তেওঁ এই ব্ৰেইল ব্যাকৰণখন প্ৰস্তুত কৰি তোলাৰ ক্ষেত্ৰত ব্ৰেইল প্ৰেছৰ কৌশিক শৰ্মা, দিগন্ত তালুকদাৰ আৰু সুভাষ শৰ্মাৰ লগতে ইয়াৰ সৈতে জড়িত প্ৰতিজনকে কৃতজ্ঞতা জ্ঞাপন কৰে জয়ন্ত বৰুৱাই। আজিৰ এই অনুষ্ঠানতে কেইবাখনো বিদ্য়ালয়ত এই ব্যাকৰণ বিনামূলীয়াকৈ প্ৰদান কৰা হয়।

অসমীয়া ব্যাকৰণ হেমচন্দ্ৰ বৰুৱাই ১৮৫৯ চনত লিখিছিল। কিন্তু সেইখন তেখেতে নাকচ কৰিছিল। নাকচ কৰাৰ কাৰণ তেওঁ দ্বিতীয়খন ব্যাকাৰণত উল্লেখ কৰি গৈছে। সেয়ে ১৮৭৩ চনত প্ৰকাশিত যিখন অসমীয়া ব্যাকৰণ সেইখনকে প্ৰথম অসমীয়া ব্যাকৰণ বুলি স্বীকৃতি অসমীয়া সমাজে দিছে।

১৮৩৫চনৰ ১০ ডিচেম্বৰত যোৰহাটৰ ৰজাবাহৰ গাঁৱত জন্ম হৈছিল হেমচন্দ্ৰ বৰুৱাৰ। তেওঁৰ পিতৃৰ নাম আছিল মুক্তাৰাম বৰুৱা আৰু মাতৃৰ নাম ৰূপহী দেৱী। হেমচন্দ্ৰ বৰুৱাই পৰধীন ভাৰতত থাকিয়েই লিখনিৰ মাজেৰে কৈ গৈছিল বহু কথা।

অসমীয়া ভাষা-সাহিত্যলৈ হেমকোষৰ উপৰিও অসমীয়া ব্যাকৰণ, অসমীয়া ল'ৰাৰ ব্যাকৰণ, তুলনামূলক ব্যাকৰণ, অসমীয়া ল'ৰাৰ আদিপাঠ, পাঠমালা, স্বাস্থ্যৰক্ষা বা গা ভালে ৰখাৰ উপায়, কানীয়া কীৰ্তন, বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী, আছামিজ মেৰিজ চিষ্টেম আদি অন্যতম।

কানীয়া কীৰ্তন হেমচন্দ্ৰ বৰুৱাৰ এক উল্লেখযোগ্য সৃষ্টি। সেই সময়ত কানিয়ে চানি ধৰিছিল সেয়েহে তেওঁ এই গ্ৰন্থৰ জৰিয়তে ভ্ৰুকূটি কৰিছিল কানি নিচাগ্ৰস্থ সকলোকে। সমাজলৈ প্ৰেৰণ কৰিছিল ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ বাৰ্তা।

ঠিক সেইদৰে 'বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী' গ্ৰন্থখনে কিধৰণে বিজ্ঞান মনস্কতা গা কৰি উঠিব লাগে সেইখিনি সময়তে তুলি ধৰিছিল। লিখনিৰ জৰিয়তে সমাজ কু-সংস্কৃতিৰ হৈ মাত মাতিছিল।

হেমকোষ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাই ১৮৫২ চনত বিবাহপাশত আৱদ্ধ হৈছিল। গোলাঘাটৰ ৰাজহ বিভাগৰ পেচকাৰ পদৰ পৰা আৰম্ভ কৰি তেওঁ বিভিন্ন চৰকাৰী পদত কাৰ্যনিৰ্বাহ কৰাৰ লগতে আচাম নিউজ কাকত প্ৰকাশ কৰি সম্পাদকো হৈছিল।

অসমীয়া জাতিৰ উত্তৰণৰ বাবে বহু ত্যাগ কৰিছিল হেমচন্দ্ৰ বৰুৱাই। অসমীয়া ভাষাৰ প্ৰথমখন ব্যাকৰণ লিখি ভাষাৰ আধাৰ তেতিয়াই গঢ়িছিল। কোৱা হয়, অভিধান প্ৰকাশৰ বাবে দিনে নিশাই কাম কৰিছিল হেমচন্দ্ৰ বৰুৱাই। শুনা কথা., হেমচন্দ্ৰ বৰুৱাই গোটেই ৰাতিও অভিধানৰ কাৰণে কাম কৰি আছিল। কোনোবা এদিন কম পোহৰত ৰাতি কাম কৰি থকাৰ সময়ত এটা চোৰ আহিছিল। কিন্তু দেখিলে এই মানুহজন কেতিয়াও নুশুৱে। এটা সময়ত চোৰটো বিৰক্ত হৈ এটা শব্দৰে হেমচন্দ্ৰ বৰুৱাক গালি পাৰি ওলাই গৈছিল। লগে লগে হেমচন্দ্ৰ বৰুৱাই শব্দটো শুনি কৈছিল- ঐ ৰ' চোন শব্দটো কৈ যা।

অসমীয়া ভাষা উত্তৰণৰ বাবে হেমচন্দ্ৰ বৰুৱাৰ ত্যাগ, অৱদান অতুলনীয়। অসমীয়া জাতিক এক শিখৰত প্ৰতিষ্ঠা কৰা, অসমীয়া ভাষাৰ উত্তৰণত হেমচন্দ্ৰ বৰুৱাৰ অৱদান কোনো অসমীয়াই নুই কৰিব নোৱাৰে।

এই ধাৰা এতিয়া অব্যাহত ৰাখিছে জয়ন্ত বৰুৱাই। আশা এটাই, অসমীয়া ভাষা উত্তৰণ, সমাজৰ হৈ আগন্তুক সময়তো কাম কৰি যাব সাদিন-প্ৰতিদিন গোষ্ঠীয়ে। লগতে এই হেমকোষ অভিধান আৰু ব্য়াকৰণ পৰৱৰ্তী প্ৰজন্মৰ বাবেও আশাৰ কিৰণ হিচাপে চিহ্নিত হৈ পৰিব।এই শুভক্ষণত অসমীয়া ভাষাৰ কাণ্ডাৰী পুৰুষ হেমচন্দ্ৰ বৰুৱাক সশ্ৰদ্ধ স্মৰণ।

পৰাধীন ভাৰতত অসমীয়া ভাষাৰ আধাৰ গঢ়া কাণ্ডাৰী পুৰুষজন...
ই যে নলবাৰীৰ ৰাস

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in