/asomiyapratidin/media/media_files/2025/02/07/bDnTc3kvLumTG6Ns5tFJ.jpg)
তুষাৰ প্ৰতিম
বাংলাদেশৰ পৰা সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলোৱা হ’ল ‘বংগবন্ধু’ শ্বেইখ মুজিবুৰ ৰহমানৰ স্মৃতি। তথাকথিত বিপ্লৱৰ নামত চলা ধ্বংসলীলাত এফালৰ পৰা মোহাৰি পেলোৱা হ’ল দেশখনৰ গৌৰৱোজ্জ্বল ইতিহাসক।
ইতিহাস ধ্বংসৰ এই যজ্ঞত বিপ্লৱী ছাত্ৰ নেতাই আহুতি দিয়াৰ সময়ত চকু মুদি মন্ত্ৰোচ্চাৰণত নিমজ্জিত থাকিল অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে। এই ধ্বংস যজ্ঞই দেশখনৰ পৰা ‘বংগবন্ধু’ৰ সকলো স্মৃতি ভাঙি, জ্বলাই ছায় কৰাৰ পাছত এতিয়া চকু মেলিছে ইউনুছে।
ইতিহাসক সন্মান কৰিব নোৱাৰা এটা জাতি হিচাপে পৰিগণিত হোৱা দেশখনৰ হেৰুওৱা সন্মান উদ্ধাৰৰ বাবে অপচেষ্টাত লিপ্ত হৈছে নোবেল বিজয়ী ইউনুছ।বিশ্ববাসীক দেখুৱাই তেওঁ এতিয়া বিলাইছে শান্তিৰ বাণী। বিবৃতি জাৰি কৰি আৱামী লীগৰ নেতা, সদস্য, শ্বেইখ হাছিনাৰ ঘৰত আক্ৰমণ নকৰিবলৈ জনাইছে আহ্বান।
অথচ এই সকলো ধ্বংসলীলাক নিয়ন্ত্ৰণ কৰিবলৈ তেওঁ পাইছিল যথেষ্ট সময়। ইচ্ছা কৰা হ’লে ৫ ফেব্ৰুৱাৰীৰ ঘটনাক সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰিব পাৰিলে হয় ইউনুছে। কিন্তু মুজিবুৰ ৰহমানৰ স্মৃতি ধ্বংস কৰাত সম্পূৰ্ণ সহযোগিতা থকাৰ বাবেই যেন তেওঁ যোৱা দুটা দিনে পালন কৰিলে মৌন ব্ৰত।
ঢাকাৰ ধানমণ্ডিৰ ৩২ নম্বৰৰ শ্বেইখ মুজিবুৰ ৰহমানৰ বাসগৃহ ইতিমধ্যে ছাত্ৰ আন্দোলনৰ নামত ভাঙি ধ্বংস কৰা হৈছিল। যি অৱশিষ্ট বাকী আছিল সেই অৱশিষ্টখিনিকো যোৱা ৫ ফেব্ৰুৱাৰীত পুনৰ বিপ্লৱী ছাত্ৰই অগ্নি সংযোগ কৰি বুলোডোজাৰেৰে ভাঙি গুৰি কৰি পেলালে।
একেৰদৰে আৱামী লীগৰো কাৰ্যালয়ত আক্ৰমণ কৰিলে। ভাঙি পেলালে শ্বেইখ হাছিনাৰ জন্মস্থানো। প্ৰাক্তন সেনা প্ৰধান আৰু প্ৰাক্তন ৰাষ্ট্ৰপতিও পৰিল এনে হিংসাৰ কৱলত।
ঢাকাৰ ধানমণ্ডিৰ এই ৩২ নম্বৰ ঘৰৰ পৰাই মুজিবুৰ ৰহমানে দিছিল স্বাধীনতাৰ বাৰ্তা। এই বাসগৃহই বহন কৰি আহিছিল বাংলাদেশৰ গৰ্বিত ইতিহাস। মুক্তি আন্দোলনৰ সময়ত মুজিবুৰ ৰহমানে ধৰ্ষিতা, নিৰ্যাতিতা যুৱতী, মহিলাক তেওঁলোকৰ ঠিকনা হিচাপে ধান মণ্ডিৰৰ ৩২ নম্বৰ বাসগৃহৰ ঠিকনা ব্যৱহাৰ কৰিবলৈ কৈছিল। সেই ইতিহাস এতিয়া ধুলিৰ লগত মিলি গ’ল।
এনে হিংসাত্মক, ধ্বংসাত্মক কাৰ্যকলাপৰ পাছত আজি মহম্মদ ইউনুছৰ চৰকাৰে এক বিবৃতি জাৰি কৰিছে। এই বিবৃতিত দেশৰ জনসাধাৰণক শান্ত হ'বলৈ আহ্বান জনোৱা হৈছে। কিন্তু এই পৰ্যন্ত ইউনুছৰ চৰকাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ একো ব্যৱস্থা হাতত লোৱা নাই। তেওঁলোকে এতিয়াও এই ঘটনাৰ বাবে শ্বেইখ হাছিনাকে অভিযুক্ত কৰি 'নিষ্ক্ৰিয়' হৈ আছে।
উল্লেখ্য যে, আৱামী লীগে দেশৰ অশান্ত পৰিস্থিতিৰ বাবে মহম্মদ ইউনুছৰ পদত্যাগৰ দাবীৰে দেশজুৰি ধৰ্মঘটৰ আহ্বান জনাইছিল। তাৰ মাজতে যোৱা বুধবাৰে শ্বেইখ হাছিনাই নতুন দিল্লীৰ পৰাই ভাৰ্ছুৱেলী সম্বোধন কৰে দেশবাসীক।
হাছিনাই দেশবাসীক সম্বোধন কৰিব বুলি জানিব পাৰিয়েই ছাত্ৰ বিপ্লৱৰ নেতাৰ গুণ্ডামী আৰম্ভ হয়। হাছিনাৰ ভাষণ কোনো কাৰণতে যাতে বাংলাদেশী সংবাদ মাধ্যমত প্ৰচাৰ নহয় তাৰ বাবে সাৱধান বাণী শুনাই।
তাৰোপৰি সেই দিনাই বৈষম্যবিৰোধী ছাত্ৰ আন্দোলনৰ আহ্বায়ক হাছনাত আব্দুল্লাই ফেচবুকৰ জৰিয়তে ভাবুকিও প্ৰদান কৰে। ফেচবুকত তেওঁ লিখে, "আজি ৰাতি বাংলাদেশ ফেচিবাদৰ তীৰ্থভূমিৰ পৰা মুক্ত হ'ব।‘’
তাৰ পাছতেই প্ৰতিবাদকাৰীসকলে ধানমণ্ডিত থকা মুজিবুৰ ৰহমানৰ ঘৰলৈ গৈ ঘৰটোত অগ্নি সংযোগ কৰি বুলডোজাৰেৰে ভাঙি পেলাই। একেদৰে হাছিনাৰ সুধা সদনতো জুই লগাই দিয়ে।
গোটেই নিশা তাণ্ডৱ চলোৱাৰ পাছত বৃহস্পতিবাৰেও পৰিস্থিতি একেই থাকিল। ঢাকাৰ পৰা এই জুই বিয়পি পৰিল দেশখনৰ আন আন প্ৰান্তলৈ। আন আন প্ৰান্তত থকা মুজিবুৰ ৰহমানৰ স্মৃতি ধ্বংসত নামি পৰিল তথাকথিত বিপ্লৱীসকল।
আক্ৰমণৰ সন্মুখীন হ’ল প্ৰাক্তন ৰাষ্ট্ৰপতি, সেনা প্ৰধান, আৱামী লীগৰ নেতা, কৰ্মী। বৃহস্পতিবাৰেই এই বিপ্লৱীসকলে ভাঙি পেলালে নাৰায়ণগঞ্জত থকা আৱামী লীগৰ জন্মস্থান বাইতুল আমান ভৱন। এই ভৱনটো আছিল প্ৰাক্তন সাংসদ শ্বামীম ওচমানৰ ককাদেউতাৰ ঘৰ।
উল্লেখ্য যে, বাংলাদেশৰ ভাষা আন্দোলনৰ সূচনা হৈছিল নাৰায়ণগঞ্জ চহৰৰ আমান ভৱনৰ পৰাই। বাংলাদেশৰ ১৯৫২ চনৰ ভাষা আন্দোলনৰ পৰা ১৯৭১ চনৰ মুক্তি যুদ্ধলৈ বিভিন্ন আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰাই নহয় অন্যতম মুখ্য ভূমিকা পালন কৰিছিল।
বৰ্তমান এই ভৱনৰ গৰাকী তেওঁৰ নাতি শ্বামীম ওচমান। এই ভৱনটোৰ পৰাই আৰম্ভ হৈছিল আৱামী লীগৰো যাত্ৰা। যোৱা ৫ ফেব্ৰুৱাৰীত আৱামী লীগৰ চৰকাৰৰ পতনৰ পাছত এই আমান ভৱনো ভাঙি পেলোৱা হৈছিল।
বৃহস্পতিবাৰে অৱশিষ্ট ভৱনটোত অগ্নি সংযোগ কৰি সম্পূৰ্ণৰূপে ধ্বংস কৰি দিয়া হয়। অথচ এই ভৱনটো আছিল ভাষাৰ ভিত্তিত গঠিত বাংলাদেশৰ অন্যতম গৌৰৱোজ্জ্বল ইতিহাসৰ সাক্ষী।
একেদৰেই খাৰমপট্টি অঞ্চলত প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দুল হামিদৰ ঘৰতো আক্ৰমণ কৰি অগ্নি সংযোগ কৰে বিপ্লৱী ছাত্ৰৰ এটা দলে। অনুৰূপ ঘটনা ঘটে প্ৰাক্তন সেনা প্ৰধান মইন ইউ আহমেদৰ নোৱাখালী বাসগৃহতো। এনে হিংসাত্মক ঘটনাৰ মাজতে বিশ্ববাসীৰ নিন্দাৰ সন্মুখীন হৈছে বাংলাদেশ।
নিজৰ গৌৰৱোজ্জ্বল ইতিহাসক ধ্বংস কৰিবলৈ এৰি দিয়া চৰকাৰখনো সমালোচনাৰ সন্মুখীন হৈছে। এনে পৰিস্থিতি মুখলজ্জাৰ ৰক্ষা পাবলৈ মৌন ব্ৰত ভাঙিছে ইউনুছে। এক বিবৃতি জাৰি কৰি কৈছে, মুজিবুৰ ৰহমানৰ ঘৰত হোৱা আক্ৰমণ 'অপ্ৰত্যাশিত’।
বিবৃতিত আৰু কয়, অন্তৱৰ্তীকালীন চৰকাৰে গভীৰ উদ্বেগৰে পৰিস্থিতি নিৰীক্ষণ কৰি আছে। একাংশ ব্যক্তি আৰু গোটে সমগ্ৰ দেশৰ বিভিন্ন প্ৰতিষ্ঠান ধ্বংস আৰু জুই লগোৱাৰ চেষ্টা কৰি আছে। চৰকাৰে এনে কাৰ্যকলাপক দৃঢ়ভাৱে প্ৰতিৰোধ কৰিব।
অন্তৱৰ্তীকালীন চৰকাৰে নাগৰিকসকলক সুৰক্ষা প্ৰদান কৰিবলৈ সদায় সাজু। যদি যিকোনো ধৰণৰ উচটনিমূলক কাৰ্যৰ জৰিয়তে দেশক অস্থিৰ কৰাৰ কোনো প্ৰয়াস কৰা হয়, তেনে আইন প্ৰৱৰ্তনকাৰী সংস্থাবোৰে তেনে ব্যক্তি আৰু গোটবোৰৰ বিৰুদ্ধে তৎক্ষণাৎ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।
ইউনুছৰ চৰকাৰে এনে বিবৃতি জাৰি কৰিলেও কিন্তু কাৰ্যত তাৰ প্ৰতিফলন দেখিবলৈ পোৱা নাই। ধ্বংসকাৰীয়ে ধ্বংসলীলা অব্যাহত ৰাখিছে। ইয়াক মুকলিকৈ নেতৃত্ব দিছে ছাত্ৰ আন্দোলনৰ নেতাই। সকলো দেখি, শুনিও মূকবধিৰ হৈ পৰিছে নোবেল বিজয়ী মহম্মদ ইউনুছ।