মৃদুল কুমাৰ সন্দিকৈ
এটা বৰ জনপ্ৰিয় বিহু গীত আছিল। মানুহৰ মাজত মুখে মুখে শুনিবলৈ পোৱা গৈছিল এই বিহু। কৃষ্ণমণি চুতীয়াই ‘ৰাংঢালী’ নামৰ ভিচিডিত গোৱা এই জনপ্ৰিয় বিহু গীতটি আছিল- ‘’মই কিবা গেলা গেলা গোন্ধাও না..’’।
এই বিহু গীতটিৰ সৈতে ৰাজনীতিৰ কোনো সম্পৰ্ক নাই। কিন্তু বিৰোধী পক্ষৰ এজন নেতাৰ শেহতীয়া মন্তব্যৰ আধাৰত এই বিহু গীতটিৰ অনুসৰণত এক নেৰেটিভ থিয় কৰালে। যিসময়ত বিৰোধী মিত্ৰতাক লৈ বিৰোধী পক্ষই নাগৰিক সমাজৰ পৃষ্ঠপোষকতাত আলোচনাত মিলিত হৈছিল সেই সময়ত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ এনে মন্তব্য এই সমগ্ৰ প্ৰক্ৰিয়াটোকে নস্যাৎ কৰি দিলে।
অখিল গগৈয়ে বুদ্ধিজীৱিৰ সন্ধানত এক সামগ্ৰীক মূল্যায়নে যি টিপ্পনী কৰিলে সেই মন্তব্যৰ মূল লক্ষ্য কোন তাক বুজাই বুজিলে। শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীয়ে অসমৰ বৌদ্ধিক সমাজৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপনেৰে কৰা মন্তব্যৰ মূল অৰ্থ হ’ল এতিয়া ৰাজ্যৰ বৌদ্ধিক সমাজে নিৰপেক্ষ ভূমিকা পালন কৰাত বিফল হৈছে।
কিছু সংখ্যক বুদ্ধিজীৱি বিজেপিমুখি আৰু আন কিছু সংখ্যক বুদ্ধিজীৱি অধিক কংগ্ৰেছমুখি হৈ পৰা বুলি অখিল গগৈয়ে এক বাস্তৱ সত্যকে দাঙি ধৰিছে। বিজেপিমুখি আৰু শাসকীয় দলৰ পক্ষত থকা বুদ্ধিজীৱিসকল কোন সেয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে।
এই তালিকাত থকা বুদ্ধিজীৱি সকলে বিজেপিৰ প্ৰতিটো কামতে সমৰ্থন জনোৱাই নহয়, সাম্প্ৰদায়িক ৰাজনীতিৰ একোজন প্ৰবক্তাৰ ৰূপতো আত্মপ্ৰকাশ কৰা দেখা যায়। আনহাতে শাসকীয় দলৰ বিৰোধিতাৰে কংগ্ৰেছৰ নেতৃত্বত মিত্ৰজোঁট গঠনেৰে বিজেপিক প্ৰতিহত কৰাৰ অভিযানক নেতৃত্ব দিয়া বুদ্ধিজীৱিসকলকো ৰাইজে ইতিমধ্যে দেখা পাইছে।
অখিল গগৈয়ে অধিক কংগ্ৰেছমুখি হোৱা এইসকল বুদ্ধিজীৱি সন্দৰ্ভত ৰাজহুৱা অসন্তুষ্টি ব্যক্ত কৰাৰ আঁৰত ৰাজনীতিৰ নতুন সমীকৰণ নিশ্চয় আছে। হঠাৎ অখিল গগৈৰ এনে মন্তব্যত মিত্ৰজোঁটৰ আন নেতাসকলে আশ্চাৰ্য ব্যক্ত কৰিছে।
অখিল গগৈৰ এনে মন্তব্যৰ পাছতে মিত্ৰজোঁটৰ দায়িত্বশীল নেতাই ইয়াক মিত্ৰতাৰ প্ৰক্ৰিয়াটোকে অনিশ্চয়তাৰ মাজলৈ ঠেলি দিয়াৰ অপচেষ্টা বুলি ব্যাখ্যা আগবঢ়ালে। অখিল গগৈৰ এই উপলব্ধি অসমৰ সাধাৰণ জনতায়ো বহু সময়ত অনুভৱ নকৰাকৈ থকা নাছিল।
কিন্তু একেখন মঞ্চত থকাৰ প্ৰতিশ্ৰুতি দি বিজেপি বিৰোধী দলসমূহৰ একমাত্ৰ মঞ্চখনতে থাকিম বুলি কৈ ফুৰা গগৈয়ে আওপকীয়াকৈ বুজাই দিলে যে কংগ্ৰেছৰ সৈতে তেওঁৰ ৰাহি-যোৰা মিলাৰ সম্ভাৱনা নাই।ৰাজনীতিত বহু কথা মুকলিকৈ কোৱা নাযায়।
ৰাজনীতিত বহু কথা ভাবি চিন্তি কোৱা হয়। একোটা মন্তব্যই ৰাজনীতিত সাধাৰণ মানুহৰ মাজত বহু প্ৰভাৱ পেলাব পাৰে। তৰুণ গগৈৰ দৰে নেতাই ‘হু ইজ বদৰুদ্দিন’ বুলি কৈ অসমৰ ৰাইজৰ ব্যাপক সমৰ্থন লাভ কৰিছিল, সেই সমৰ্থনে নিৰ্বাচনৰ ফলাফলেই সলনি কৰি দিছিল।
এতিয়া অখিল গগৈৰ এই মন্তব্যই বিজেপি শিবিৰক উৎসাহিত কৰিলেও অসমৰ বৌদ্ধিক সমাজৰ প্ৰতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু আঙুলি তুলিলে। সংকটৰ সময়ত জাতিক আৰু সমাজক সুস্থ আৰু সৱলভাৱে নেতৃত্ব আৰু বৌদ্ধিকভাৱে দিহা পৰামৰ্শ দিয়া দায়িত্ব ল’ব লাগিছিল বুদ্ধিজীৱিসকলে।
তাৰ বিপৰীতে ৰাজনৈতিক ভাৱে শিবিৰত বিভক্ত হৈ বৌদ্ধিক সমাজৰ এই শক্তিক দুৰ্বল কৰি পেলোৱাৰ বাবে এইসকল বুদ্ধিজীৱিৰ অৱস্থানৰ সন্দৰ্ভত মানুহ সন্ধিহান হৈ পৰাতোৱেই স্বাভাৱিক। তেনে প্ৰেক্ষাপটত ৰাজ্যৰ বৌদ্ধিক সমাজৰ শুভ বুদ্ধি উদয় নহ’লে সেই আস্থাহীন পৰিবেশে অসমৰ সমাজ জীৱনক বিভ্ৰান্তি কৰি পেলাব।
বৌদ্ধিক সততা ৰক্ষা কৰি অৰাজনৈতিক হৈ থাকিও ৰাজনৈতিক পৰামৰ্শ কোনোবাই দিব পাৰে। কিন্তু তাকে নকৰি বিজেপি বা কংগ্ৰেছৰ বুদ্ধিজীৱি বুলি কোনোবাই চাপ মাৰিব পৰাকৈ বুদ্ধিজীৱিসকলে নিজকে উদঙাই দি অখিল গগৈৰ দৰে নেতাক সমালোচনা কৰাৰ অৱকাশ আজি দিলে।
অখিল গগৈয়ে নিজেও তেওঁৰ সংগ্ৰামী আৰু ৰাজনৈতিক যাত্ৰাত বহু বুদ্ধিজীৱিক সংযুক্ত কৰি তেওঁলোকক এনে পক্ষপাত অৱস্থান লোৱাত সহায় কৰিছিল। এই দোষত অখিল গগৈ নিজেই অভিযুক্ত হৈ ৰ’ব।
তেনেদৰে কংগ্ৰেছ আৰু বিজেপিয়েও বৌদ্ধিক পৰিমণ্ডল গঠনৰ বাবে বুদ্ধিজীৱিসকলৰ কাষলৈ যোৱা আৰু তেওঁলোকৰ পৰা সমৰ্থন আহৰণৰ এখন যুঁজ চলাই আহিছে। সেই যুঁজত চগাৰ দৰে আহি শ্ৰদ্ধেয় আৰু নমস্য বুদ্ধিজীৱিয়েও জাপ দিছে।
এতিয়া সেয়েহে তেওঁলোকৰ অৱস্থান আৰু ভূমিকাক লৈ সমালোচনা, আলোচনা হৈছে। বুদ্ধিজীৱিসকলৰ নিৰপেক্ষতাক লৈ ৰাজনৈতিক নেতাই প্ৰশ্ন তুলি ইয়াক জনসাধাৰণৰ মাজলৈ এৰি দিছে। হয়তো বুজি পাবলগীয়া বুদ্ধিজীৱিসকলে ইয়াৰ পাছত নিশ্চয় আত্ম উপলব্ধিৰে এইবোৰ প্ৰক্ৰিয়াৰ পৰা নিজক আঁতৰাই আনি তেওঁৰ গাৰ পৰা কংগ্ৰেছ বা বিজেপিৰ গোন্ধ নাইকিয়া কৰাৰ চেষ্টা কৰিব।
নহ’লে নিৰপেক্ষ আৰু সমাজৰ অভিভাৱক স্বৰূপ এই বুদ্ধিজীৱিসকলৰ একাংশই চাফাই গাব লাগিব সেই বিহু গীতৰ দৰে- ‘’মই কিবা কংগ্ৰেছ কংগ্ৰেছ গোন্ধাও না…’’ নতুবা ‘’মই কিবা বিজেপি বিজেপি গোন্ধাও না…।’’
মই কিবা কংগ্ৰেছ কংগ্ৰেছ গোন্ধাও না...