মোডী ৩.০ : সফলতা বনাম সমালোচনা...

৯ জুন, ২০২৪ ত তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিছিল নৰেন্দ্ৰ মোডীয়ে। আৰম্ভ হৈছিল নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন এন ডি এ চৰকাৰৰ তৃতীয়টো কাৰ্যকাল। 

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
মোডী ৩.০ : সফলতা বনাম সমালোচনা...

তুষাৰ প্ৰতিম

Advertisment

৯ জুন, ২০২৪ ত তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিছিল নৰেন্দ্ৰ মোডীয়ে। আৰম্ভ হৈছিল নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন এন ডি এ চৰকাৰৰ তৃতীয়টো কাৰ্যকাল। 

অৱশ্যে পূৰ্বৰ দুটা কাৰ্যকালতকৈ সংখ্যাৰ ফালৰ পৰা সংসদত মোডীৰ নেতৃত্বাধীন তৃতীয়খন এন ডি এ চৰকাৰ পূৰ্বৰ তুলনাত দুৰ্বল। চন্দ্ৰবাবু নাইডুৰ তেলুগু দেশম পাৰ্টি আৰু নীতিশ কুমাৰৰ জে ডি ইউ এইবাৰৰ এন ডি এ চৰকাৰৰ মূল শক্তি। 

চৰকাৰ সুস্থিৰ কৰি ৰখাৰ ক্ষেত্ৰত এই দুয়োটা দলৰ ওপৰতেই অধিক ভৰসা কৰিবলগীয়া হৈছে নৰেন্দ্ৰ মোডীয়ে। সন্তুষ্ট কৰি ৰাখিবলগীয়া হৈছে দুয়োটা দলকে। 

এইদৰেই তৃ়তীয় কাৰ্যকালৰ প্ৰথম আৰু সৰ্বমুঠ ১১ টা বছৰ কেন্দ্ৰত অতিক্ৰম কৰিলে নৰেন্দ্ৰ মোডীৰ এন ডি এ চৰকাৰে। সেয়ে এই সময়ছোৱাত চৰকাৰৰ সফলতা আৰু বিফলতাক লৈ দেশজুৰি আলোচনা হৈছে। 

‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস’ এই নীতিৰ দ্বাৰা পৰিচালিত হোৱা মোডী চৰকাৰে তেওঁলোকৰ এই ১১ টা বছৰক ‘সেৱা’ৰ ১১ বছৰ বুলি আখ্যা দিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আকৌ এই ১১ টা বছৰক সোণালী সময় আখ্যা দিছে। 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও এই ১১ বছৰত ‘সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণ’ৰ নীতিৰ দ্বাৰা পৰিচালিত ভাৰত চৰকাৰে বিভিন্ন খণ্ডত এক দশকত উল্লেখযোগ্য পৰিৱৰ্তন সাধান কৰাৰ কথা উল্লেখ কৰিছে। এই ১১ বছৰীয়া যাত্ৰাক বিজেপিয়ে ‘সফৰ চল ৰাহা হ্যে, দেশ বদল ৰাহা হ্যে...’ শীৰ্ষক শ্লোগানেৰে উদযাপন কৰিলে। 

অৱশ্যে বিৰোধীয়ে এই ১১ বছৰীয়া শাসনৰ সময়ত সংবিধানৰ প্ৰতিটো পৃষ্ঠাতে একনায়কত্ববাদৰ চিয়াঁহী সানিছে বুলি অভিযোগ কৰিছে। প্ৰতিটো সাংবিধানিক প্ৰতিষ্ঠানক দুৰ্বল কৰি তেওঁলোকৰ স্বায়ত্বশাসনক আক্ৰমণ কৰা বুলি কৈ পৰিবৰ্তনৰ নামত কেৱল অপপ্ৰচাৰ কৰা হৈছে বুলিহে অভিযোগ কৰিছে। 

যোৱা ১১ টা বছৰৰ কাৰ্যকালক কেন্দ্ৰ কৰি নৰেন্দ্ৰ মোডী চৰকাৰে দাবী কৰিছে যে অৰ্থনৈতিক মঞ্চৰ লগতে প্ৰতিৰক্ষা, সমাজ কল্যাণ,  কৰ্মসংস্থাপন, আত্মনিৰ্ভৰশীলতা, সৰ্বাংগীন উন্নয়ন আৰু দুৰ্বল শ্ৰেণীৰ উত্থানৰ বাবে বহু কাম কৰিছে। 

মোডী ৩.০

অৰ্থনৈতিক ক্ষেত্ৰত মোডীৰ তৃতীয় কাৰ্যকালৰ প্ৰথমটো বৰ্ষতে ভাৰতে জাপানক অতিক্ৰম কৰি বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতি হিচাপে আত্মপ্ৰকাশ কৰা বুলি দাবী কৰা হৈছে। কোৱা হৈছে ২০২৮ ৰ ভিতৰত ভাৰতে জাৰ্মানীকো অতিক্ৰম কৰিব। 

২০২৪-২৫ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত ভাৰতৰ জিডিপি ৭.৪ শতাংশ বৃদ্ধি হৈ ২৫ বিত্তীয় বৰ্ষত ৬.৫ শতাংশত উপনীত হৈছে বুলি দাবী কৰা হৈছে। অৱশ্যে আমেৰিকাৰ শুল্ক নীতিয়ে ইয়াত কিছু প্ৰভাৱ পেলাইছে। কিন্তু ভাৰত আৰু ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তিৰ অধীনত ভাৰতীয় ৰপ্তানিৰ ৯৯ শতাংশ শুল্কমুক্ত হ’ব।

ভাৰত আৰু ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তি

২০১৭ ত জি এছ টি ব্যৱস্থা আৰম্ভ হোৱাৰ পিছত ২০২৫ চনৰ এপ্ৰিল মাহত মুঠ সামগ্ৰী আৰু সেৱা কৰৰ ৰাজহ বছৰি ১২.৬ শতাংশ বৃদ্ধি হৈ ২.৩৭ লাখ কোটি টকাত উপনীত হৈছে। ভাৰতৰ বৈদেশিক মুদ্ৰাও ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত সৰ্বকালৰ সৰ্বোচ্চ ৭০৪.৮৯ বিলিয়ন ডলাৰত উপনীত হৈছে। 

অৰ্থনৈতিক ক্ষেত্ৰত মোডী চৰকাৰৰ এই সফলতাৰ দৰেই প্ৰতিৰক্ষা ক্ষেত্ৰতো বহু কেইটা সফলতা অৰ্জন কৰা বুলি দাবী কৰিছে শাসক পক্ষই। ২২ এপ্ৰিলত হোৱা পেহেলগাম আক্ৰমণত ২৬ জনকৈ লোকৰ মৃত্যু হোৱাৰ পিছত ভাৰতে প্ৰথমে কূটনৈতিক প্ৰত্যুত্তৰ দি পিছত ৭ মে’ত আৰম্ভ কৰিছিল অপাৰেচন সিন্দূৰ। 

আই এন এছ বিক্ৰান্ত

এই অভিযানৰ সময়ত পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ ১১ টা স্থানত আক্ৰমণ কৰি লস্কৰ-ই-তৈবা, জৈছ-ই-মহম্মদ আৰু হিজিবুল মুজাহিদীনৰ ১০০ ৰো অধিক সন্ত্ৰাসবাদীক নিধন কৰিবলৈ সক্ষম হয়। তাৰোপৰি ৭ মে’ৰ পৰা আৰম্ভ হোৱা এই অভিযানত ৯ মে’ লৈকে পাকিস্তানে ভাৰতৰ আৱাসিক অঞ্চল, বিমান ঘাটি, চাহৰ, সামৰিক ঘাটি আদিক লক্ষ্য কৰি লৈ কৰা ড্ৰোণ আৰু মিছাইল আক্ৰমণ প্ৰতিহত কৰাই নহয়, ইয়াৰ প্ৰত্যুত্তৰত প্ৰত্যাক্ৰমণ কৰি পাকিস্তানৰ বায়ু প্ৰতিৰক্ষা ক্ষমতা নিষ্ক্ৰিয় কৰি পাকিস্তানক মোক্ষম আঘাত হানিলে।

অপাৰেচন সিন্দূৰ

পাকিস্তানে ভাৰতৰ এই প্ৰত্যুত্তৰত ২০ শতাংশ সম্পত্তি হেৰুৱালে। ইফালে পূব লাডাখত ভাৰত আৰু চীনৰ মাজত সৃষ্টি হোৱা উত্তেজনা হ্ৰাস কৰাৰ বাবে দুয়ো দেশৰ মাজত হোৱা আলোচনাৰ অন্তত সীমান্তৰ পৰা সেনা প্ৰত্যাহাৰ কৰিবলৈ সন্মত হয়। 

২০২৪ চনৰ ২১ অক্টোবৰত ভাৰতে ঘোষণা কৰে চীনৰ সৈতে পূব লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত টহল দিয়াৰ চুক্তিত উপনীত হৈছে, যাৰ ফলত চাৰি বছৰতকৈও অধিক সময় ধৰি চলি থকা সামৰিক ষ্টেণ্ডঅ’ৰ অন্ত পৰে। 

ৰাজনৈতিক ক্ষেত্ৰখনতো নৰেন্দ্ৰ মোডী, বিজেপি তথা এন ডি এয়ে এই সময়ছোৱাত ঈৰ্ষণীয় সফলতা অৰ্জন কৰিছে। তেওঁলোকে দিল্লী, মহাৰাষ্ট্ৰ আৰু হাৰিয়ানা দখল কৰিছে। যোৱা অক্টোবৰ মাহত অনুষ্ঠিত হোৱা হাৰিয়ানা বিধানসভা নিৰ্বাচনত একেৰাহে তৃতীয়বাৰৰ বাবে বিজেপি ক্ষমতালৈ আহে।

দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল

একনাথ সিন্দেৰ নেতৃত্বত বিজেপি, শিৱসেনা আৰু অজিত পাৱাৰৰ নেতৃত্বত এন চি পিৰ মহাযুতিয়ে মহাৰাষ্ট্ৰত বৃহৎ জয় লাভ কৰে। মহাৰাষ্ট্ৰৰ সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হৈছে বিজেপি। ২৮৮ জনীয়া বিধানসভাৰ ২৩০খন আসনৰ ভিতৰত ১৩২খন আসন লাভ কৰিবলৈ সক্ষম হৈছে শাসকীয় মহাযুতিয়ে।

দিল্লীত বিজেপিয়ে ৭০খন আসনৰ ভিতৰত ৪৮খন আসন লাভ কৰি আম আদমি পাৰ্টীক পৰাজিত কৰি ২৭ বছৰৰ পাছত পুনৰ ক্ষমতালৈ আহিছে। সেইদৰে ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে এটা দশকৰ অন্তত শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হল জম্মু-কাশ্মীৰ বিধানসভাৰ নিৰ্বাচন। 

১৮ ছেপ্টেম্বৰৰ পৰা ১ ছেপ্টেম্বৰলৈ জম্মু-কাশ্মীৰ বিধানসভাৰ ৯০জন সদস্য নিৰ্বাচনৰ বাবে ৩ টা পৰ্যায়ত ভোটদান সম্পন্ন হয়। ২০২৪ ৰ ডিচেম্বৰত নৰেন্দ্ৰ মোডী চৰকাৰে লোকসভাত এক দেশ এক নিৰ্বাচন বিধেয়ক উত্থাপন কৰিলে।

নতুন সংসদ ভৱন

সংসদে সংবিধান সংশোধনী এই বিধেয়কখন যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰি একেলগে লোকসভা আৰু বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ গৃহীত কৰিছে। ২৬/১১ মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড তাহাউৰ ৰাণাকো ভাৰতলৈ প্ৰত্যাৰ্পণৰ বিষয়টো শাসকীয় চৰকাৰৰ অন্যতম সফলতা বুলি দাবী কৰা হৈছে। 

মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনাৰ মাষ্টাৰমাইণ্ডগৰাকীক ৯ এপ্ৰিলত আমেৰিকাৰ পৰা ভাৰতলৈ প্ৰত্যাৰ্পণ কৰা হৈছে। যোৱা ৬ জুনত জম্মু-কাশ্মীৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিলে বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং হিচাপে পৰিগণিত হোৱা চেনাব ৰে’ল দলং। কাশ্মীৰ তথা ৰে’ল যোগাযোগৰ ক্ষেত্ৰত এই প্ৰকল্প এক মাইলৰু খুঁটি হিচাপে পৰিগণিত হৈছে। 

চেনাব ৰে'ল দলং

তাৰোপৰি মোডী চৰকাৰে গ্ৰহণ কৰা কেইবাখনো আঁচনিক চৰকাৰৰ সফলতাৰ দলিল হিচাপে ব্যাখ্যা কৰা হৈছে। সেইসমূহৰ ভিতৰত ২০২৪ ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ  সম্প্ৰসাৰণ কৰি ভাৰত চৰকাৰে অতিৰিক্ত ৩ কোটি গ্ৰাম্য আৰু নগৰীয়া পৰিয়ালক গৃহ নিৰ্মাণৰ বাবে সাহায্য প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে।

২০২৪ ৰ জুনত NEET আৰু UGC-NET পৰীক্ষাক লৈ বিতৰ্কৰ মাজতে নকল আৰু প্ৰশ্ন কাকত ফাদিলৰ ঘটনাৰ হ্ৰাস কৰিবলৈ ৰাজহুৱা পৰীক্ষা (অন্যায্য উপায় প্ৰতিৰোধ) আইন, ২০২৪ বলবৎ কৰে। কৰ্ম সংস্থাপনৰ ক্ষেত্ৰতো যোৱা ১০ বছৰত মোডী চৰকাৰে ১৭.১৯ কোটি চাকৰিৰ সৃষ্টি কৰিছে।

১ জুলাই, ২০২৪ ত দেশত তিনিখন নতুন অপৰাধমূলক আইন বলবৎ কৰা হয়।  ২০২৩ চনৰ ২৫ ডিচেম্বৰত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ‘ভাৰতীয় ন্যায় সংহিতা ২০২৩’, ‘ভাৰতীয় নাগৰিক প্ৰতিৰক্ষা সংহিতা ২০২৩’ আৰু ‘ভাৰতীয় প্ৰমাণ আইন, ২০২৩’ত সন্মতি প্ৰদান কৰিছিল। ২০২৪ চনৰ ১ জুলাইৰ পৰা এই তিনিওখন আইন বলবৎ হয়। 

ভাৰতীয় ন্যায় সংহিতা

২৩ জুলাই, ২০২৪ ত চৰকাৰে ঘোষণা কৰে নতুন ইন্টাৰশ্বিপ আঁচনি। কেন্দ্ৰীয় বাজেট ২০২৪ত শীৰ্ষ ৫০০ ভাৰতীয় কোম্পানীৰ বাবে নতুন ইন্টাৰশ্বিপ আঁচনিৰ ওপৰত আলোকপাত কৰা হৈছে। ইয়াৰ অধীনত পাঁচ বছৰত ১ কোটি যুৱকক দক্ষ কৰি তোলা হব।

২৪, আগষ্ট ২০২৪ত চৰকাৰে আৰম্ভ কৰে পেঞ্চন নীতিৰ সংস্কাৰ। পুৰণি পেঞ্চন আঁচনিৰ সৈতে কাৰ্যতঃ একেধৰণৰ নতুন ‘ইউনিফাইড পেঞ্চন আঁচনি’ (ইউ পি এছ) উদ্বোধন কৰে। এই আঁচনিখনকো চৰকাৰে তেওঁলোকৰ সফলতা বুলিয়েই দাবী কৰিছে। 

তাৰোপৰি বিজ্ঞান, প্ৰযুক্তিৰ উন্নয়ন, কৃষি আন্তঃগাঁথনি উন্নীতকৰণ, প্ৰতিৰক্ষা ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰতো বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ উপৰিও নতুন আঁচনিৰ উদ্বোধন কৰিছে। 

মহাৰাষ্ট্ৰত বাধৱন বন্দৰ প্ৰকল্পৰ ভাৰতৰ অন্যতম বৃহৎ গভীৰ পানীৰ বন্দৰ হ’বলৈ আগবাঢ়িছে। লাডাখত নতুনকৈ ৫ খন জিলা গঠন কৰা হৈছে। সকলো জ্যেষ্ঠ নাগৰিকক চৰকাৰে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত সামৰি লৈছে।  

বাধৱন প্ৰকল্প

এইদৰে শাসক পক্ষই সফলতাৰ জয়াগান গাই ১১ বছৰত সকলো খণ্ডতে লাভ কৰা সাফল্যৰ ওপৰত ‘বিকশিত ভাৰতৰ অমৃত কালঃ সেৱা, সু-শাসন, গৰিব কল্যাণৰ ১১ বছৰ’ শীৰ্ষক এখন ই-বুক প্ৰকাশ কৰিছে। ১৪ টা অধ্যায়ৰ এই ই-বুকখনত কৃষিৰ পৰা স্বাস্থ্যলৈ, বাণিজ্যৰ পৰা প্ৰতিৰক্ষালৈ, প্ৰযুক্তিৰ পৰা আন্তঃগাঁথনিলৈ সকলো বিষয় সামৰি সফলতাৰ খতিয়ান দাঙি ধৰা হৈছে। 

ইয়াৰ বিপৰীতে বিৰোধী কংগ্ৰেছে ১১ বছৰত মোডীয়ে পালন কৰা প্ৰতিশ্ৰুতিক আঁত ধৰি এখন পুস্তিকা প্ৰকাশ কৰিছে। ‘১১ বছৰ, ভুৱা বিকাশৰ প্ৰতিশ্ৰুতি’ শীৰ্ষক পুস্তিকাখনৰ জৰিয়তে চৰকাৰৰ কেইবাটাও অসত্যক উদঙাই দিয়া বুলি উল্লেখ কৰিছে।

এই পুস্তিকা প্ৰকাশ কৰি এ আই চি চিৰ গৱেষণা বিভাগৰ মুৰব্বী ৰাজীৱ গৌড়াই অভিযোগ কৰি কয়, এই চৰকাৰখন ভুৱা বাতৰি আৰু অপপ্ৰচাৰত অতি পাকৈত। এই ভয়াৱহ বাস্তৱক মানুহৰ মাজলৈ লৈ যোৱাটোৱেই বিৰোধী হিচাপে আমাৰ কাম।

ৰাহুল গান্ধীয়ে দাবী কৰিছে বৰ্তমানৰ কথা কোৱাৰ পৰিবৰ্তে বিজেপিয়ে ২০৪৭ ৰ সপোন বিক্ৰী কৰিছে। এইদৰেই মোডীৰ তৃতীয় কাৰ্যকালৰ প্ৰথমটো বছৰৰ লগতে সামগ্ৰীকভাৱে যোৱা ১১ টা বছৰৰ সফলতাক শাসক পক্ষই তুলি ধৰাৰ বিপৰীতে বিৰোধীয়ে সমলাচোনা কৰিছে। কিন্তু সেই সমালোচনা বা তেওঁলোকে উত্থাপন কৰা অভিযোগসমূহ কিমান জনসাধাৰণৰ মাজলৈ বিয়পি পৰিছে সেয়া অৱশ্যে স্পষ্ট নহয়।

 

এন ডি এ চৰকাৰ নৰেন্দ্ৰ মোডী ৰাহুল গান্ধী