মৃদুল কুমাৰ সন্দিকৈ
ৰ’ব! কোনোবাই এইদৰে ক’লে হয়তো ৰৈ যাব আপুনি। কিন্তু ৰৈ নাযায় সময় আপোনাৰ সৈতে। চিৰ প্ৰবাহমান সময়ৰ গতি ৰুদ্ধ নহয় কেতিয়াও। অতীত বৰ্তমান আৰু ভৱিষ্যতৰ মাজেৰে গৈ থাকে সময়, গৈ থাকে...।
প্ৰতিটো পুৱাই নতুন। প্ৰতিটো পুৱাই কঢ়িয়াই আনে সম্ভাৱনা। কিন্তু একেটাই সূৰ্য, একেখিনিয়েই সময়ৰ হিচাপ। সময়ক আমি বিভাজিত কৰি লৈছো নিজৰ মতে- ছেকেণ্ড, মিনিট, ঘণ্টা, দিন, ৰাতি, সপ্তাহ, পষেক, মাহ, বছৰ আদি।
হেৰাই যায় সময়ৰ বুকুতে সময়। হেৰাই যায় বছৰৰ বুকুতে বছৰ। পুৰণি হয় কেলেণ্ডাৰৰ পাত, পুৰণি হয় কেলেণ্ডাৰত জিলিকি থকা বছৰ। সেই কেলেণ্ডাৰতে ভুমুকি মাৰে নতুনে।
এনেকৈয়ে বছৰ আহে বছৰ যায়। ২০২৪ ৰ পাছত ২০২৫। নতুন মানেই প্ৰত্যক্ষা। হতাশাক বিদায় দি আকোৱালি লোৱা হয় নতুনক। পাহি মেলে আশা আৰু সপোনে। আমি আশাবাদী জীৱ।
প্ৰাপ্তিৰ পৰিসীমা আমাৰ নাথাকে। প্ৰত্যাহ্বান থাকিলেও প্ৰত্যাহ্বানে থমকাব নোৱাৰা আশাৰ ঘোঁৰাত উঠি দৌৰি ফুৰাৰ মন থাকে আমাৰ। যি হৈ গ’ল সেয়া অতীত। যি আহিছে সেয়া নতুন।
ভৱিষ্যতৰ নেদেখা বাটেৰে পাৰ হৈ সময়ৰ ৰথত উঠি বৰ্তমানৰ বুকুলৈ ঢাপলি মেলে নতুনত্বই। ভাবি ভাল লাগে বহু কথা। কল্পনাৰ সূতাৰে সীব পাৰে সপোনৰ টোপোলা। তাক বাস্তৱৰ তুলিকাই সজীৱ কৰি তোলা চেষ্টা আমি কৰোঁ।
কিছুমান কথা ভবাহে যায়। ভবাৰ দৰে সকলো কথা হৈ নাযায়। কিছুমান সপোন দেখা যায়। দেখা সকলো সপোন দিঠক হৈ নাযায়।সেই কথা আমি জানো, বুজো। জীৱনৰ অভিজ্ঞতাই আমাক এইবোৰকে শিকাই।
দুখৰ পাছতে উদয় হয় সুখৰ বেলি। সেই বেলিৰ পোহৰৰ কুমলীয়া ৰ’দতে জীয়াই হি অলেখ বাসনা।
এনেকৈয়ে লাহে লাহে জীৱন আগুৱাই। আগুৱাই এনেকৈয়ে সময়। নিৰাশাৰ ভৰে আমাক কোঙা কৰে।
সেই নিৰাশাক বাধা দিব পৰা শক্তিও আমাৰ আছে। যদি আমি বস্তুবাদী হৈ নপৰো, নিজৰ প্ৰয়োজনীয়খিনিৰ বাবেই এক পৰিসীমা ঠিক কৰি লওঁ তেনে নোপোৱাৰ বেদনাই আমাক চুব নোৱাৰে।
জীৱনৰ সৈতে আপেক্ষিকতাৰ সংযোগ আছে। পৃথিৱীত বহুবোৰ কথা তুলনাত চলে। বিশাল আকাশৰ তলত সমৃদ্ধিৰ বাগিচাৰ ফল বিচাৰি বুটলিব জনাতো জীৱনৰে কলা। যন্ত্ৰণাক নেওচি জীৱনক সজাব পৰা জনহে জীৱনৰ প্ৰকৃত খনিকৰ।
পোৱা, নোপোৱাৰ হিচাপেই আমি কৰি থাকো। সেই হিচাপে জানো জীৱনৰ ধন্য কৰে? সেই হিচাপে সময়ক মূল্যায়ণ কৰিব নোৱাৰে চিৰদিনৰ বাবে। যি হৈ গ’ল ভালেই আছিল, যি হৈ গ’ল ভাল নাছিল।
এয়াইতো ব্যক্তিগত জীৱনৰ সময়ৰ বিচাৰ।আমি এনেকৈয়ো ভাবিব পাৰো- যি হ’ল ভাল হ’ল, যি হ’ব ভালৰ বাবেই হ’ব। থাকক তাত প্ৰত্যাহ্বান, থাকক বহু বাধা। কাঁইট নথকা ফুলৰো নাথাকে একো মজা।
আহক ইতিবাচক দৃষ্টিৰে নিজক চাওঁ, জীৱনক বিচাৰ কৰো। জীৱন ধুনীয়া বুলি জীৱনৰ শ্লোগান নিজৰ বাবেই দিওঁ। প্ৰথমে নিজক তাৰ পাছত সমাজ, জাতি, মাটিৰ সৈতে নিজক একাত্ম কৰি দিওঁ।
চাব ভাল দিনেই আহিব। দেখিব, ভাল সময়ৰ পোহৰে আমাৰ চৌদিশ জিলিকাই তুলিব। আমি কেৱল আশাৰে সঞ্জীৱনী হৈ উঠিব লাগে। আত্ম প্ৰত্যাক্ষা আৰু প্ৰত্যয়বোধেৰে জীৱন আৰু সময়ক বুজিব লাগে।
ভাল হওঁক সকলোৰে। এই শুভ কামনাতে থাকে শুভ দিনৰ আধাৰ। আনৰ ভালপোৱা আশা কৰা আমি জনেও নিজকে শুদ্ধ আৰু সঠিক কৰি ৰাখিলে ক’ৰ পৰা আহিব বেয়া দিনৰ এন্ধাৰ?
এই জীৱন নিৰ্ভৰশীল জীৱন। এই সমাজ নিৰ্ভৰশীল সমাজ। আমিয়েই গঢ়ো জীৱন, আমিয়েই গঢ়ো সমাজ। বিচাৰ কৰো ভাল-বেয়া আমিয়েই। আমিয়েই গঢ়িব পাৰো ভাল সময়ৰ দস্তাবেজ।