তুষাৰ প্ৰতিম
জলবায়ু পৰিবৰ্তনে প্ৰকৃতিৰ ওপৰত পেলোৱা প্ৰভাৱৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। জলবায়ুৰ সমান্তৰালকৈ প্ৰকৃতিৰ পৰিবৰ্তন মানৱ জাতিৰ বাবে কিমান ভয়ংকৰ তাৰ উদাহৰণ ইতিমধ্যে প্ৰকৃতিয়েই দাঙি ধৰিছে।
অৱশ্যে এই পৰিবৰ্তনৰ বাবে মানৱ সমাজেই যে দায়ী তাত কাৰো দ্বিমত নাই। উন্নয়নৰ নামত প্ৰকৃতিৰ ওপৰত চলা নিৰ্যাতন, ধ্বংসযজ্ঞৰ দৰে কৃতকাৰ্যৰ পৰিণাম ভূগিবলগীয়ৈ হৈছে মানৱ সমাজে।
জলবায়ু পৰিবৰ্তনৰ বাবেই প্ৰকৃতিয়ে ধাৰণ কৰা উগ্ৰ ৰূপৰ বাবেই ঋতুৰ অস্বাভাৱিক পৰিবৰ্তনো চিন্তাৰ কাৰণ হৈ পৰিছে। শীতৰ আগমণে যিদৰে মানুহক ৰোমাঞ্চিত কৰিব লাগিছিল তাৰ বিপৰীতে এইবাৰ চিন্তিতহে কৰি তুলিছে।
শেহতীয়াকৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ এক তথ্যই জলবায়ু পৰিবৰ্তনৰ সন্দৰ্ভত এক উদ্বেগজনক তথ্য প্ৰকাশ কৰিছে। ১২৩ বছৰৰ পিছত শতিকাৰ আটাইতকৈ উষ্ণ নৱেম্বৰৰ সাক্ষী হ’ল দেশবাসী।
১৯০১ চনৰ পাছত দ্বিতীয়বাৰৰ বাবে ভাৰতত নৱেম্বৰ মাহত সৰ্বাধিক উষ্ণতা নথিভুক্ত হৈছে। পৰিবেশ আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ এক প্ৰতিবেদন অনুসৰি ২০২৪ ৰ নৱেম্বৰত মাহত দেশত সৰ্বাধিক উষ্ণতা আৰু সৰ্বনিম্ন তাপমাত্ৰা ক্ৰমে গড়ে ০.৬২ ডিগ্ৰী আৰু ১.০৫ ডিগ্ৰী ছেলছিয়াছ বৃদ্ধি পাইছে।
দিনৰ ভাগত তাপমাত্ৰা বৃদ্ধি পাইছে ০.৮৪ ডিগ্ৰী ছেলছিয়াছ। নৱেম্বৰৰ গোটেই মাহটোত দেশৰ বিভিন্ন স্থানত সৰ্বোচ্চ তাপমাত্ৰা আছিল গড়ে ২৯.৩৭ ডিগ্ৰী ছেলছিয়াছ। সেইদৰে সৰ্বনিম্ন তাপমাত্ৰা আছিল ১৬.৯১ ডিগ্ৰী।
বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে ১৯০১ চনৰ পাছত যোৱা ১২৩ বছৰত ভাৰতৰ কোনো চহৰেই এনে উষ্ণতা অনুভৱ কৰা নাছিল। দেশৰ বিভিন্ন স্থানত দিনৰ গড় তাপমাত্ৰাও বছৰটোৰ ভিতৰতে নৱেম্বৰ মাহত আছিল তৃতীয় স্থানত।
নৱেম্বৰ মাহত সকলোতকৈ বেছি উষ্ণতা আছিল উত্তৰ-পশ্চিম ভাৰতত। দেশৰ এই প্ৰান্তত নৱেম্বৰত গড় তাপমাত্ৰা বৃদ্ধি পাইছে ১.৩৭ ডিগ্ৰী ছেলছিয়াছ। মধ্য আৰু দক্ষিণ ভাৰততো একেই দৃশ্য। এই অঞ্চলটোত নৱেম্বৰৰ উষ্ণতা আছিল অস্বাভাৱিক।
এইদৰেই দেশৰ প্ৰায় সকলো প্ৰান্ততে ১২৩ বছৰৰ অন্তত দেশবাসীয়ে সৰ্বাধিক উষ্ণতাৰ সন্মুখীন হ’ল। বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে এইবাৰ পৰ্যাপ্ত পশ্চিমীয়া বিভ্ৰান্তি আৰু ঘূৰ্ণিবতাহৰ অভাৱৰ বাবে নৱেম্বৰত তাপমাত্ৰা বৃদ্ধি পাইছে।
ভাৰত উত্তৰ গোলাৰ্ধত অৱস্থিত। নৱেম্বৰৰ আৰম্ভণিৰ পৰাই ভাৰতত সেমেকা শীতে দেশবাসীক আৱৰি ৰাখে। কিন্তু এইবাৰৰ নৱেম্বৰৰ প্ৰথম এটা পষেকত শীতৰ কোনো প্ৰভাৱেই নপৰিল দেশৰ অধিকাংশ অঞ্চলতে।
কেৱল ভাৰততেই নহয় বিশ্বৰ অন্যান্য প্ৰান্ততো বতৰৰ এনে অস্বাভাৱিক প্ৰভাৱ পৰিলক্ষিত হৈছে। তাৰ পাছতো কিন্তু মানৱ সমাজ প্ৰকৃতিক লৈ, জলবায়ুক লৈ সচেতন হোৱাৰ উদাহৰণ দেখা নাই।
উন্নয়ন আৰু প্ৰযুক্তিৰ অত্যাধিক ব্যৱহাৰে প্ৰকৃতিক ৰুষ্ট কৰি তোলিছে। ৰুষ্ট প্ৰকৃতিৰ ওচৰত বাৰে বাৰে বিফল হৈছে প্ৰযুক্তি। তাৰ পাছতো শিক্ষা লোৱা নাই মানৱ সমাজে।
নিত্য নতুন ধৰণে প্ৰত্যাহ্বান জনাই আহিছে প্ৰকৃতিক। প্ৰকৃতিৰ বিৰুদ্ধে আৰু কিমান দিনলৈ সম্পৰীক্ষা চলি থাকিব সেয়াও এক চিন্তনীয় বিষয়।
প্ৰযুক্তিৰ উত্তৰণৰ সমান্তৰালকৈ চলি থকা অত্যাধিক সম্পৰীক্ষাই হয়তো এদিন সকলো শেষ কৰিব। বৰ বেছি দূৰলৈ নগৈ দিল্লীৰ পৰিবেশলৈ এবাৰ চকু দিলেই তাৰ এক পূৰ্বানুমান কৰিব পাৰি।
দিল্লীত উশাহ ল’ব নোৱাৰা এক পৰিবেশ। প্ৰতিটো উশাহত জীৱন, মৰণৰ খেল। সেয়ে কথাবোৰ নতুনকৈ চিন্তা কৰিবৰ হ’ল। পাঠ্যপুথিৰ পৰিবৰ্তে জলবায়ু পৰিবৰ্তনৰ জটিলতাৰ প্ৰতি উপলব্ধি কৰি ঘৰখনৰ পৰাই প্ৰতিজন ব্যক্তিয়ে হাতে কামে ধৰা উচিত।
নতুবা এনে এক সময়ো আহিব, অক্সিজেন চিলিণ্ডাৰ পিঠিত বান্ধি, মুখত অক্সিজেন মাক্স লগাই পাঠ্যপুথিতেই শিক্ষাৰ্থীয়ে পঢ়িব লাগিব- 'এসময়ত শীত বুলিও এটা ঋতু আছিল। নৱেম্বৰ মাহত গৰম পোচাক পৰিধান কৰি জুইৰ উম লৈছিল মানুহবোৰে।'