মৃদুল কুমাৰ সন্দিকৈ
শুৱালকুছি ! এটা গুৰুত্বপূৰ্ণ বিষয়ক লৈ হোৱা বক্তৃতানুষ্ঠানৰ দৰ্শক-শ্ৰোতা হৈ বহি আছো। বস্ত্ৰ নগৰীখনৰ সাংবাদিক সংস্থাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰা বক্তৃতা অনুষ্ঠানৰ বিষয় আছিল ‘’অসমীয়া ভাষাৰ উত্তৰণত নৱ প্ৰজন্মৰ দায়িত্ব আৰু কৰ্তব্য’’।
দিনটো আছিল বিশেষ। ১৯৪৬ চনৰ ৯ জানুৱাৰীত অৰ্থাৎ আজিৰ দিনটোতে মহাত্মা গান্ধীয়ে আহি শুৱালকুছিত ভৰি দিছিল। সেয়ে বক্তৃতানুষ্ঠানৰ আৰম্ভণিতে এই ইতিহাস সোঁৱৰণ কৰিছিল বক্তাসকলে।অনুষ্ঠানটো আছিল গুহালকুছিৰ বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ত। বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্ত আছিল এই বক্তৃতানুষ্ঠানৰ অন্যতম বক্তা।
গুৱাহাটীৰ পৰা শুৱালকুছিলৈ যাত্ৰা আৰম্ভ কৰাৰে পৰা বিষয়টোৰ সন্দৰ্ভত কিছু আলোচনা হৈছিল। মূলতঃ তেখেতেই বিষয়টোৰ সন্দৰ্ভত মন্তব্য কৰি কৈছিল – ‘‘নবীনসকলৰ দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে আলোচনা কৰাৰ পূৰ্বে আমি অগ্ৰজসকলে কি কৰিছোঁ, সেই পৰিবেশ দিব পাৰিছেনে সেইটোহে প্ৰধান কথা’’।
শুৱালকুছি গৈ পোৱাৰ পিছত কিছু সময়ৰ বাবে মহাবিদ্যালয়খনৰ অধ্যক্ষ নিহাৰ ৰঞ্জন কলিতাৰ কোঠাত সহজ-সৰল আৰু অত্যন্ত ব্যস্ত হৈ থকা অধ্যক্ষগৰাকীয়ে চাহ কাপৰ ব্যৱস্থা কৰি কেইটামান গুৰুত্বপূৰ্ণ কথা কৈছিল। শুৱালকুছি সাংবাদিক সংস্থাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বাতৰি পঢ়া প্ৰতিযোগিতা চলি আছিল তেতিয়া।
মহাবিদ্যালয়খনত আয়োজিত সেই প্ৰতিযোগিতাত অংশ লৈছিল শতাধিক প্ৰতিযোগীয়ে। অধ্যক্ষগৰাকী হোনো প্ৰতিযোগিতাৰ আৰম্ভণিতে প্ৰতিযোগিতাৰ সেই স্থানলৈ গৈছিল।
বিচাৰকগৰাকীয়ে হেনো প্ৰতিযগিতাত ভাগ লোৱা ছাত্ৰ-ছাত্ৰীসকলক সুধিছল –‘’তোমালোকে কিমানজনে ৰেডিঅ’ত বাতৰি শুনিছা?‘’ বিচাৰকগৰাকীৰ সেই প্ৰশ্নৰ উত্তৰত হাত দঙা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল হেনো ৭ জন।
এটা দিন আছিল, মানুহে ৰেডিঅ’ শুনিছিল। তাৰ জৰিয়তে অসমীয়া ভাষা শুদ্ধ-সঠিকভাৱে চৰ্চাৰ এক আন্দোলন গঢ় লৈ উঠিছিল। এতিয়াৰ প্ৰজন্মই ৰেডিঅ’ নুশুনে, চিঠি নিলিখে।
প্ৰযুক্তিয়েও অসমীয়া ভাষা ব্যৱহাৰৰ সুবিধা আৰু প্ৰত্যাহ্বান আনি দিছে। কলেজৰ অধ্যক্ষ হিচাপে ড০ নিহাৰ ৰঞ্জন কলিতাই লাভ কৰা এটা অভিজ্ঞতা আছিল এয়াই যে ‘ৰঞ্জন’ শব্দটো কি-বৰ্ডৰ অসুবিধা বাবে ‘ঞ+জ’ যুক্তাক্ষৰ ব্যৱহাৰ কৰিবলৈ অসুবিধা হোৱাত ‘ৰনজন’ লিখিব লগা পৰিস্থিতি হয়।
এই বক্তৃতা অনুষ্ঠানটো এক উপলক্ষহে আছিল। বাস্তৱত অসমীয়া নহয় প্ৰায়বোৰ ভাষাই প্ৰযুক্তিৰ গ্ৰাসত পৰিছে। আৰু আমি অসমীয়াসকল এই দিশত যিধৰণে সচেতন হ’ব লাগিছিল, সেই সচেতনতা প্ৰদৰ্শন কৰাত ব্যৰ্থ হৈ আহিছো।
ব্যক্তিগত বাতৰি চেনেল, নিউজ পৰ্টেলসমূহতো ভাষাৰ বিশুদ্ধতা ৰক্ষা কৰাত ব্যৰ্থ হৈছে। সেই ব্যৰ্থতাৰ প্ৰভাৱ আমাৰ পৰৱৰ্তী প্ৰজন্মৰ ওপৰত পৰিছে।
এই বক্তৃতানুষ্ঠানত বহি থাকোতে উপলব্ধি কৰিব পাৰিছিলো- এয়া এক সৰু প্ৰয়াস হ’লেও সাম্প্ৰতিক সময়ৰ বাবে প্ৰয়োজনীয় প্ৰয়াস। ভাষা এতিয়া খিচৰি হৈছে। যাৰ যি ইচ্ছা সেইধৰণে শব্দৰ সৰলীকৰণৰে ব্যৱহাৰ আৰু উচ্চাৰণ কৰিবলৈ লৈছে নতুন প্ৰজন্মই।
ভাষাবিদ, সাহিত্যিকসকলৰ দৰে ভষা এটা সবল আৰু শুদ্ধ কৰি ৰখাত সাংবাদিক, সম্পাদক তথা সংবাদকৰ্মীসকলৰ ভূমিকা অতুলনীয়। মহাবিদ্যালয়খনৰ গ্ৰন্থাগাৰটোত কিছু সময়ৰ বাবে ভুমুকি মাৰিছিলো। দেখিছিলো ইয়াৰ উন্নীতকৰণৰ কাম চলি আছে। সন্মুখৰ ভাগত প্ৰায়বোৰ অসমীয়া দৈনিক কাকত থৈ দিয়া আছিল।
সেই কাকত কেইখনৰ পাত লুটিয়াই আছিল কেইজনমান ছাত্ৰই। বাতৰিবোৰ পঢ়ি তেওঁলোকে কেৱল খবৰৰে সম্ভেদ নহয় তেওঁলোকে সেই খবৰবোৰৰ যোগেদি ভাষাৰ, উপস্থাপন, ৰীতিৰো উমান লয়।
এটা দিনত কিছু সময়ৰ বাবে উদ্যোগ লৈ আমি ভাষাৰ বিশুদ্ধতা ৰক্ষা আৰু ইয়াৰ উত্তৰণ কৰাতো সম্ভৱ নহয়। ইয়াৰ বাবে ব্যক্তিগত পৰ্যায়ত নিজা প্ৰয়াস লাগিব।
ভাষা এটা বিকাশৰ বাবে সাধনা লাগিব। ভাষা ৰক্ষা কৰাৰ দায়িত্ব কেৱল নতুন প্ৰজন্মৰ হাতত এৰিলেই নহ’ব।নিজ মাতৃভাষাত শিক্ষা গ্ৰহণ কৰাৰ সমান লাভ আন ভাষাই দিব নোৱাৰে।
সোঁতৰ বিপৰীতে গৈ এই অনুষ্ঠানটোত ভাষণ প্ৰদান কৰা প্ৰকাশ মহন্তই ‘বেটা’ প্ৰজন্মৰ কথা উল্লেখ কৰি কয়- নতুন প্ৰজন্ম মানে কাক বুজাব বিচৰা হৈছে?
আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যুগ এয়া। সীমাবদ্ধতা একোতে নাই। অসম্ভৱ এতিয়া একোতে নাথাকে। সেই বিশালতাৰ মাজত মাতৃভাষাক গ্ৰহণযোগ্য কৰি ৰখা পৰিকাঠামো কেনেদৰে তৈয়াৰ কৰিছো আমি?
সভাখনত বহি থাকোতে কিছু সময়ৰ পূৰ্বে এই অনুষ্ঠানটোৰ সমান্তৰালকৈ অনুষ্ঠিত কৰা বাতৰি পঢ়া প্ৰতিযোগিতাখনলৈ মনত পৰি আছিল। সৰু-সৰু ল’ৰা-ছোৱালীয়ে আকাশবানীৰ বাবে প্ৰস্তুত কৰা বাতৰি এটা এই প্ৰতিযোগীতাত পঢ়িছিল । এয়া আকাশবাণী বুলি উল্লেখ কৰি তেওঁলোকে নিজৰ নামটো উল্লেখ কৰি উমৰাংছুৰ কয়লাখনিত শ্ৰমিক সন্ধানহীন হৈ থকা খবৰটো পঢ়িছিল।
প্ৰায় সংখ্যক প্ৰতিযোগিয়ে ইমান শুদ্ধ উচ্চাৰণেৰে স্পষ্টভাৱে এই খবৰবোৰ পঢ়ি গৈছিল যে, সেইবোৰ শুনাৰ পাছত কেনেকৈ মানি লওঁ-নতুন প্ৰজন্মই অসমীয়া ভাষাটোক ধ্বংস কৰিছে বুলি? বৰঞ্চ তেওঁলোকে অসমীয়া ভাষা ভাল পাবলৈ শিকিছে আন্তৰিকতাৰে। মাক-দেউতাকে সৰুতে তেওঁলোকক অসমীয়া ভাষা শিকাওতে- ‘’ছেভেন টা বল, ১০ টা অৰেঞ্জ’’ বুলি শিকালে ক’ৰ পৰা ভাষাৰ বিশুদ্ধতা ৰক্ষা হ’ব?