/asomiyapratidin/media/media_files/2025/01/15/W7iDfFnbibXaRdZw6ZgV.jpg)
শিৱ প্ৰসাদ গগৈ Photograph: (অসমীয়া প্ৰতিদিন)
মৃদুল কুমাৰ সন্দিকৈ
চাৰিকড়ীয়াৰ পাৰত আকৌ এজাঁক দুখৰ বৰষুণ। শব্দৰে বাখৰুৱা বৰষুণ নমাই আনিব পৰা কবি জনৰ চিৰ প্ৰস্থানে শোকাহত কৰি তুলিছে প্ৰিয় নদী চাৰিকড়ীয়াক। সেই শোক সমদলত যোগ দিছে অনেকজনে। কিয়নো তেওঁ কেৱল কবিয়েই নহয়, আছিল এজন বহল অন্তৰৰ মানুহ গঢ়া মানুহ।
মানুহৰ মাজত থাকি মানুহৰ বাবে কিবা এটা কৰাৰ দুৰ্বাৰ হেপাঁহে তেওঁক বেৰি ৰাখিছিল। সুৰ্দীঘ কাল ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত মহাবিদ্যালয়খনত শিক্ষকতাৰ পৰা অধ্যক্ষৰ দায়িত্ব লোৱা লৈকে তেওঁ বহু দায়িত্ব পালন কৰিছিল।
তাৰ মাজে মাজে শব্দৰ প্ৰেমত পৰা এই প্ৰিয় ব্যক্তিজন আছিল এক অনুষ্ঠান সদৃশ। প্ৰায় সকলোৰে বাবে তেওঁ আছিল শিৱ গগৈ ছাৰ। ১৯৪৪চনৰ ১৪ডিচেম্বৰত চেলেংহাটৰ বৰনগঞা গাঁৱত জন্ম হৈছিল শিৱ প্ৰসাদ গগৈৰ। পিতৃৰ নাম আছিল লোকেশ্বৰ গগৈ আৰু মাতৃৰ নাম আছিল দুৰ্গেশ্বৰী গগৈ।
চেলেংহাটৰ পৰাই মেট্ৰিক পৰীক্ষাত উৰ্ত্তীণ হৈ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা ১৯৬২চনত আই এ পাছ কৰি তেওঁ নামভৰ্তি কৰিছিল কটন কলেজত। কটনৰ পৰা অসমীয়াক সন্মানীয় বিষয় হিচাপে লৈ ১৯৬৪চনত বি এ ডিগ্ৰী লাভ কৰি ১৯৬৬ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লৈছিল।
তাৰ প্ৰায় এবছৰৰ পাছতেই অৰ্থাৎ ১৯৬৭চনৰ ১৪আগষ্টত ঢকুৱাখনা মহাবিদ্যালয়ত তেওঁ যোগদান কৰে। সেয়াই আছিল তেওঁৰ ঢকুৱাখনাৰ সৈতে সংযোগ। সুদীৰ্ঘ কাল তেওঁ ঢকুৱাখনাৰ দৰে পিছ পৰা অঞ্চলটোত সেই সময়ত থকা একমাত্ৰ কলেজখনত এখন গুণগত শিক্ষানুষ্ঠানৰূপে গঢ়িবলৈ যত্ন কৰিছিল।
১৯৭০চনৰ ১৫ডিচেম্বৰত এই কলেজখনৰ উপাধ্যক্ষ হিচাপে দায়িত্ব লৈ ১৯৯০চনৰ ৩০জুনলৈকে এই পদত আছিল। তাৰ পাছত ১৯৯০চনৰ পৰা ২০০৪ৰ অক্টোবৰৰ লৈকে তেওঁ ঢকুৱাখনা কলেজৰ স্থায়ী অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰিছিল। অৱশ্যে ইয়াৰ পূৰ্বে তেওঁ কেইবাবাৰো ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্বও চম্ভালিব লগা হৈছিল।
কোমল হৃদয়ৰ আৰু ষ্টাইলিছ মানুহজন আছিল এজন কঠোৰ প্ৰশাসক। তেওঁৰ ব্যক্তিত্বই ছাত্ৰ-ছাত্ৰীসকলক এনেদৰে আকৰ্ষিত কৰিছিল যে, ছাত্ৰ-ছাত্ৰীসকলক নিয়মানুৱৰ্তিতা আৰু দায়িত্বশীল হ'বলৈ বাধ্য কৰিছিল।
অধ্যক্ষ হৈ থকাৰ সময়ত কলেজখনেই আছিল তেওঁৰ বাবে প্ৰাণ। তাৰ মাজে মাজে তেওঁ ঢকুৱাখনাৰ আন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ অঞ্চলটোক আগুৱাই লৈ যোৱা এজন অন্যতম খনিকৰ আছিল। মূলত তেওঁ এজন কবি আছিল। তেওঁৰ কবিতাৰ ভাষা আছিল মাটি আৰু মানুহৰ গোন্ধ থকা ভাষা।
তেজত ফুঁলা দিন, এজাঁক বাখৰুৱা বৰষুণ, ৰতনপুৰৰ নিচুকণি মায়া তেওঁৰ তিনিখন উল্লেখযোগ্য কাব্যপুথি। ইয়াৰোপৰি তেওঁ মন দাপোনত সময় নামৰ কাব্য আৰু গদ্যৰ সংকলন প্ৰকাশ পাইছিল। এজন সু নাট্যকাৰো আছিল তেখেত। আচামী দুই নম্বৰ, মিৰি জীয়াৰী আদি তেখেতেৰ প্ৰকাশিত নাট।
জীৱনটো তেওঁৰ বাবে আছিল ৰাতিৰ শেৱালিৰ দৰে! নিজেই তেওঁ জীৱনৰ সংজ্ঞা কবিতাৰ মাজেৰেই দিছিল। তেওঁ লিখিছিল- জীৱনটো/ ৰাতিৰ শেৱালি/...ৰাতি ফুলি/ৰাতিতে হেৰায়। অৱশ্যে তেওঁ এই কথাও কবলৈ পাহৰি যোৱা নাই ৰাতি ফুলিলেও সেই শেৱালিয়ে সুগন্ধি বিয়পায়।
তেনে এক সুগন্ধিয়ে বিয়পাইছিল শিৱ প্ৰসাদ গগৈয়ে। কবি হিচাপে তেওঁ বহু উচ্চ পৰ্যায়ৰ কবি আছিল। কিন্তু তেওঁ নিজক সদায় সংকুচিত আৰু সীমাৱদ্ধ কৰি ৰাখিছিল। ঢকুৱাখনাৰ দৰে এখন স্থানত থাকি কাব্য চৰ্চাৰ জৰিয়তে মাটি, মানুহ আৰু প্ৰকৃতিক প্ৰেমৰ চৰ্যাৰে বন্দী কৰি ৰাখিছিল।
ঢকুৱাখনাৰ ফাট বিহুৰ তেওঁ আছিল অন্যতম পৃষ্ঠপোষক। ঢকুৱাখনা সাহিত্য সভাৰ সভাপতিও আছিল তেওঁ। ঢকুৱাখনা কবি সমাজ, গণতান্ত্ৰিক সাহিত্য মঞ্চ, চেকুলাৰ ফৰাম অসম, উত্তৰ পূব ভাৰত কবিতা পৰিষদ আদি অনুষ্ঠানৰ গুৰু দায়িত্ব লৈছিল তেওঁ।
ঢকুৱাখনাৰ দৰে ঠাইৰ পৰা পৰা হাবুং নামৰ দুমহীয়া আলোচনীখনৰো তেওঁ মুখ্য সম্পাদক আছিল। ঢকুৱাখনাৰ বিশেষ অনুষ্ঠানৰ স্মৰণিকাৰ দায়িত্ব এটা সময়ত তেৱেঁই ল'ব লগা হৈছিল। ঢকুৱাখনা নাট্য মন্দিৰ পৰিচালনাৰ পৰা আৰম্ভ কৰি ঢকুৱাখনা টাই সংস্কৃতি গৱেষণা কেন্দ্ৰৰ দ্বাৰা উদযাপিত মে-ডাম-মেফিৰ আয়োজন কৰিলেও শিৱ গগৈয়ে হ'ব লগা হৈছিল সভাপতি।
তেওঁ আছিল এজন ভাল খেলুৱৈ। সৰ্বাগুণাকৰ আছিল তেওঁ। মৃত্যু পৰ্যন্ত তেওঁ হাতৰ কলম এৰা নাছিল। অসুখীয়া গাৰেই তেওঁ শেষলৈকে ঢকুৱাখনা সমাজ জীৱনক সমৃদ্ধ কৰি গৈছিল। ৮১বছৰ বয়সত ১৪জানুৱাৰী, ২০২৫ত শেষ নিশ্বাস ত্যাগ কৰে এইগৰাকী বিশিষ্ট কবি তথা শিক্ষাবিদে।
ঢকুৱাখনা প্ৰেছ গীল্ডৰো প্ৰতিষ্ঠাপক উপদেষ্টা আছিল তেওঁ। ঢকুৱাখনাৰ প্ৰায়বোৰ অনুষ্ঠান-প্ৰতিষ্ঠানৰে তেওঁ আছিল অভিভাৱকস্বৰূপ। সেয়েহে তেওঁৰ মৃত্যুত ঢকুৱাখনা বাসীয়ে হেৰুৱালে এজন অভিভাৱক তথা ঢকুৱাখনাৰ শুভ চিন্তক।
কবি হিচাপে তেওঁক মূল্যায়ন কৰা নহ'ল। তেওঁৰ কবিতা আছিল বহু সম্পৰীক্ষাৰ ফচল। গুৱাহাটীৰ নামী-দামী সমালোচকে আন বহু পিছপৰা ঠাইত বাস কৰা কবিক উপেক্ষিত কৰাৰ দৰেই তেওঁকো উপেক্ষা কৰিয়ে চলিলে। সঠিক মূল্যায়ন হোৱা হ'লে শিৱ প্ৰসাদ গগৈৰ কবিতাবোৰে অসমীয়া সাহিত্যত কবিতাৰ এক নতুন স্বাদৰ সন্ধান কাব্য প্ৰেমীক দিব পাৰিলে হয়!
অৱশ্যে তেওঁৰ ইয়াৰ প্ৰতি কোনো আক্ষেপ নাছিল। আত্ম প্ৰতিষ্ঠাৰ বাবে তেওঁ কবিতা লিখা নাছিল। তেওঁ আছিল স্বভাৱজাত কবি। এজাঁক বাখৰুৱা বৰষুণৰ কবি। ঢকুৱাখনাক প্ৰাণ ভৰি ভাল পোৱা, বুজি পোৱা ব্যক্তি। মহঘূলি চাপৰিৰ পৰা আৰম্ভ কৰি চাৰিকড়ীয়াৰ পাৰে পাৰে নিস্বাৰ্থ সেৱা আগবঢ়াই জীৱন নাট সামৰিলে তেওঁ...