Advertisment

এয়াও দেশ প্ৰেমৰ সংজ্ঞা! প্ৰধানমন্ত্ৰীতকৈ আগত অসমীয়াৰ চিন্তা...

We are Indians, firstly and lastly- এই দেশৰ মাটিৰ প্ৰতি টান প্ৰতিজন ভাৰতীয়ৰ আছে, চিৰদিন থাকিব। স্বদেশৰ মাটিৰ সুগন্ধি, বতাহৰ কল্লোলে সন্মোহিত কৰে প্ৰতিগৰাকী ভাৰতীয়ক।

author-image
Asomiya Pratidin
New Update
চাফাই

চাফাই Photograph: (চাফাই)

ডিম্পুল বৰগোহাঁই

Advertisment

We are Indians, firstly and lastly- এই দেশৰ মাটিৰ প্ৰতি টান প্ৰতিজন ভাৰতীয়ৰ আছে, চিৰদিন থাকিব। স্বদেশৰ মাটিৰ সুগন্ধি, বতাহৰ কল্লোলে সন্মোহিত কৰে প্ৰতিগৰাকী ভাৰতীয়ক। এই দেশৰ বাবেই হেলা ৰঙে নিজৰ জীৱনকো তুচ্ছ কৰি বলিদান দিছে ক'ত জনে। পৰিয়াল আৰু জীৱনৰ সৰু সৰু সুখবোৰ একাষৰীয়া কৰি সীমান্তত জীৱন বিপন্ন কৰি সদম্ভে থিয় দি আছে বীৰ জোৱান সকল।

দেশ বুলিলে নালাগে আদেশ।  এই দেশৰ মাটিত বাস কৰা প্ৰতিজন নাগৰিকৰ চিন্তা, ধাৰণা পৃথক পৃথক হ'ব পাৰে, কিন্তু দেশ বুলি ক'লেই যেন সকলোৰে একেই মন। সেয়ে দেশপ্ৰেমৰ ওপৰত কোনোবাই প্ৰশ্ন তুলিলে আমাৰ খং উঠে, ক্ষোভ জাগে।

দেশপ্ৰেম সকলোৰে প্ৰাণত আছে। কিন্তু সকলোৱে সেই প্ৰেম প্ৰকাশ কৰিব নোৱাৰে। জীৱনৰ ৰণাংঙ্গণত পৰি একাংশই যেন  দেখাব নোৱাৰে দেশপ্ৰেম! ধুমধামেৰে একাংশই আয়োজন কৰা দেশপ্ৰেমৰ উৎসৱত মনে বিচাৰিও তেওঁলোকে অংশ ল'ব নোৱাৰে। সেইবাবেই হয়তো দেশৰ উৎসৰ্গিত বিশেষ দিনবোৰতো তেওঁলোকৰ  জীৱন চলে নিত্য-নৈমত্তিক দিনবোৰৰ দৰেই! 

সমগ্ৰ দেশে ধুমধামেৰে পালন কৰিলে ৭৬সংখ্যক গণৰাজ্য দিৱস। অসমৰ প্ৰতীক চিহ্ন নোলাল যদিও দিল্লীত পূৰ্বতকৈ আটক-ধুনীয়াকৈ উদযাপন কৰা হ'ল গণৰাজ্য দিৱস। একেখন পতাকাৰ তলত প্ৰতিগৰাকী নাগৰিকৰ সম অধিকাৰ, সম স্বাধীনতাৰ উদ্দেশ্যৰে পালন কৰা এই দেশৰ সমাজত বাৰু সচাকৈয়ে সমতা আজি আছেনে! সেয়াও আমি এইদিনটোত নিশ্চয়কৈ ভাৱিব লাগিব।

স্বাধীনতা দিৱস, গণৰাজ্য দিৱসতেই যে আমি কিছুমান কথা ভাৱিম, এনে নহয়। প্ৰতিদিনেই আমি নিৰন্তৰভাৱে দেশৰ কথা, সমাজৰ কথা চিন্তা কৰিব লাগিব।  আমি সাধাৰণ নাগৰিক! আমি সীমান্তত গৈ শত্ৰুৰ সৈতে যুঁজিব নোৱাৰো, আমি দেশ ৰক্ষা হোৱাকৈ সামৰিক ক্ষেত্ৰত ডাঙৰ ডাঙৰ সিদ্ধান্তও ল'ব নোৱাৰো। তেনেহলে আমি কি কৰিম?

দেশপ্ৰেমৰ প্ৰমাণ দিবলৈ আমি কোনো সৈনিক বা ৰাজনৈতিক নেতা হোৱাৰ প্ৰয়োজন নাই। এজন নাগৰিকে যদি দেশৰ কোনো অহিত চিন্তা কৰা নাই, সমাজখনক অস্থিৰ কৰি তোলা নাই, এজন নাগৰিকে আনজন নাগৰিকৰ স্বাধীনতা, অধিকাৰ যদি খৰ্ব কৰা নাই সেয়াও দেশপ্ৰেম। 

আমি থকা সমাজখনক ধুনীয়াকৈ ৰাখিবলৈ আপোনাৰ সাধ্যনুযায়ী যদি কিবা কৰিছে সেয়াও দেশপ্ৰেম। গণৰাজ্য দিৱসত কেৱল মাত্ৰ গান-বাজানা কৰাটোৱেই দেশপ্ৰেম নহয়। জাতীয় পতাকা উৰুৱাই এটা সমদল উলিওৱা মানুহবোৰেই যে দেশপ্ৰেমিক এনে কথাও নহয়। সমাজখন, দেশখন ধুনীয়াকৈ ৰাখিবলৈ আমি কৰা প্ৰতিটো কামতেই লুকাই আছে দেশপ্ৰেম।

দিল্লীত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও দেশৰ জনতালৈ দিলে এক বাৰ্তা। এই বাৰ্তা আছিল যেন সেইসকলৰ সাধাৰণ নাগৰিকৰ বাবে, যিসকলে দেশ তথা সমাজৰ বাবে নীৰৱে কৰিও 'আমিনো কি পাৰো' চিন্তাৰে জীয়াই আছে।  ঘটনাতো আছিল এনেধৰণৰ-

গণৰাজ্য দিৱসৰ কাৰ্যসূচীত উপ ৰাষ্ট্ৰপতি জগদ্বীপ ধনখেৰক আদৰি আনিবলৈ আগবাঢ়ি আহিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। তেনে সময়তে পেৰেডৰ বাবে সাজু কৰা কাৰ্পেটত পেলনীয়া কিছু সামগ্ৰী প্ৰত্যক্ষ কৰিছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে।

সেই আৱৰ্জনা দেখি ৰৈ নাথাকিল প্ৰধানমন্ত্ৰীগৰাকী। লগে লগে নিজেই কাৰ্পেটৰ পৰা তুলি আনিলে সেই পেলনীয়া সামগ্ৰী আৰু পেলাবলৈ দিলে নিৰাপত্তাৰক্ষীক। এই ২৪ছেকেণ্ডৰ ভিডিঅটো সমগ্ৰ দেশতে ভাইৰেল হৈ পৰিল। কোটি কোটি নেটিজনে  এই ভিডিঅ শ্বেয়াৰ কৰি লিখিলে- এয়াওতো দেশপ্ৰেম!

পেৰেডৰ কাৰ্পেটত পৰি থকা আৱৰ্জনা নিজ হাতে তুলিছিল প্ৰধানমন্ত্ৰীয়ে
পেৰেডৰ কাৰ্পেটত পৰি থকা আৱৰ্জনা নিজ হাতে তুলিছিল প্ৰধানমন্ত্ৰীয়ে 

৭৬সংখ্যক গণৰাজ্য দিৱসত প্ৰধানমন্ত্ৰীৰ ভাষণক লৈ যিমান চৰ্চা চলিছে, তাতোকৈ বেছি চৰ্চা এতিয়া এই ২৪ছেকেণ্ডৰ ভিডিঅ'টোক লৈ। সকলোৱে প্ৰধানমন্ত্ৰীৰ এই চিন্তাক চেল্যুট জনাইছে। সকলোৱে বাঃ বাঃ দিছে।  অসমবাসীৰ বাবে এই ভিডিঅ'টোতকৈ সন্তোষজনক অন্য এটা কথা এতিয়া উল্লেখ কৰিব বিচাৰিছো।

সমাজ আৱৰ্জনামুক্ত কৰি ৰখা আৰু আটক-ধুনীয়াকৈ ৰখা এই যি চিন্তা প্ৰধানমন্ত্ৰীয়ে দিল্লীত দেখুৱালে। তাতোকৈ আগতেই অসমৰ কেইবাঠাইতো কেৱল মাত্ৰ পতাকা উত্তোলনেই নহয় তাৰ সমান্তৰালভাৱে চাফাই কাৰ্যসূচীও গ্ৰহণ কৰিলে বহু সচেতন লোকে।  পোনপতীয়াকৈ ক'বলৈ হলে, প্ৰধানমন্ত্ৰীয়ে যি কৰি দেখুৱালে, তাৰ আগতেই সেই চিন্তাৰ ফচলে গজাঁলি মেলিছিল অসমত।

এয়াওতো দেশপ্ৰেম
এয়াওতো দেশপ্ৰেম

 নগাঁও জিলাৰ উৰিয়াগাঁৱৰ দুখনকৈ বিদ্যালয়ত কেৱল পতাকা উত্তোলন নহয়, যুৱকসকলে মিলি গণৰাজ্য দিৱসৰ পুৱাৰে পৰাই অঞ্চলটোৰ লগতে বিদ্যালয় চৌহদৰ চাফাই কাৰ্যসূচী হাতত ল'লে। এগৰাকী আৰক্ষী বিষয়া আৰু কিছু সচেতন এদল যুৱকৰ চিন্তাৰ ফচল হিচাপে উৰিয়াগাঁৱত এনেকৈয়ে ব্যতিক্ৰমীকৈ উদযাপন কৰিলে গণৰাজ্য দিৱস।

প্ৰধানমন্ত্ৰীতকৈ আগত...
প্ৰধানমন্ত্ৰীতকৈ আগত...

 যুৱকসকলে কেৱল যে চাফাই কাৰ্যসূচীহে ল'লে এনে নহয়! শান্তি-শৃংখলা ৰক্ষাৰ বাবে দিনে-ৰাতিয়ে প্ৰশাসনক সহায়ো কৰিলে। গাওঁৰক্ষী বাহিনী আৰু আৰক্ষীৰ লোকসকলে একেলগে নিশা পহৰা দিলে। আৰু পুৱাই হাতত তুলি ল'লে ঝাড়ু।  এয়াও দেশপ্ৰেম! যি দেশপ্ৰেমৰ নমুনা গণৰাজ্য দিৱসত প্ৰধানমন্ত্ৰী মোডীয়ে পৰোক্ষভাৱে  সকলোকে দেখালে।

ৰাতি আৰক্ষীৰ সৈতে পহৰা, দিনত চাফাই
ৰাতি আৰক্ষীৰ সৈতে পহৰা, দিনত চাফাই 

 কেৱল উৰিয়াগাঁৱতে নহয়, গণৰাজ্য দিৱসৰ দিনা ৰহাৰ গছপৰাত গাওঁৰক্ষী বাহিনীয়ে চলালে চাফাই অভিযান | নগাঁও জিলাৰ আমচৈ আৰক্ষী চকীৰ  অন্তৰ্গত গছপৰাৰ বসুন্ধৰী হাইস্কুলৰ খেলপথাৰত হাইস্কুলখনৰ চৌহদ চাফা কৰি তোলে কপিলী দক্ষিণপাৰৰ সমুহ গাওৰক্ষী বাহিনীৰ সদস্য সকলে |

গছপৰাত গাওঁৰক্ষী বাহিনীয়ে চলালে চাফাই অভিযান
গছপৰাত গাওঁৰক্ষী বাহিনীয়ে চলালে চাফাই অভিযান 

 কেৱল চাফাই নহয়, একাংশই আজিৰ দিনটোত আৰ্তজনৰ কাষত থিয় হৈও দেখালে দেশপ্ৰেমৰ নিদৰ্শন। এজন নাগৰিকে আন এজন নাগৰিক দুখ-দুদৰ্শা বুজ লোৱা, অলপ সহায় কৰা, এয়াও জানো কম দেশপ্ৰেম? সামৃদ্ধি যোগ আৰু ক্ৰীড়া সংস্থাই (SYSO) গণৰাজ্য দিৱসৰ পুৱা তাকেই কৰিলে। গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰৰ চাৰিওফালে দুৰ্দশাগ্ৰস্ত সমাজৰ বাবে এক খাদ্য বিতৰণ কাৰ্যসূচী আয়োজন কৰিলে সংস্থাটোৱে।

সামৃদ্ধি যোগ আৰু ক্ৰীড়া সংস্থাৰ ব্যতিক্ৰমী কাম
সামৃদ্ধি যোগ আৰু ক্ৰীড়া সংস্থাৰ ব্যতিক্ৰমী কাম 

 এইদৰে দেশৰ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভিন্নজনে ভিন্নধৰণে উদযাপন কৰিলে দেশ প্ৰেম। আমি পূৰ্বতে উল্লেখ কৰি অহাৰ দৰেই এই দেশৰ মাটিত বাস কৰা প্ৰতিজন নাগৰিকৰ চিন্তা, ধাৰণা পৃথক পৃথক হ'ব পাৰে, কিন্তু দেশ বুলি ক'লেই যেন সকলোৰে একেই মন। সেই সমৰ্পিত মনেৰেই গণৰাজ্য দিৱসৰ দিনটোত একাংশই কেৱল গান-তামাচা, স্ফূৰ্তি নকৰি সমাজৰ বাবে কিছু কাম কৰিলে। যিখন পৰিষ্কাৰ আৰু সমতাৰ সমাজৰ কল্পনা গান্ধীজী, আম্বেদকাৰে কৰিছিল...

ভাৰত