/asomiyapratidin/media/media_files/2025/01/17/4ZuGH9Q0QyfBR5UTUrT1.jpg)
ময়ো গাইছো... Photograph: (অসমীয়)
মৃদুল কুমাৰ সন্দিকৈ
শিল্পীৰ মনবোৰ আহল-বহল। তেওঁলোকৰ মনত ‘মই বৰ’ বা ‘ময়েই সকলো’ ধৰণৰ অহংবোধ নাথাকে। জনতাৰ হৃদয়ৰ স্পন্দন আৰু ভাষা তেওঁলোকে বুজিব পাৰে। তেওঁলোকে কেতিয়াও দাবী নকৰে কি কৰিছে বা কি গাইছে।
তেওঁলোকে কেতিয়াও হিচাপ নকৰে কিমান গীত গাইছে তেওঁলোকে। সেই সংখ্যাই তেওঁলোকৰ মান নিৰূপন নকৰে। তেওঁলোকৰ সৃষ্টিত থাকে পৰিৱৰ্তনৰ বতৰা। তেওঁলোকৰ সৃষ্টিয়ে দিয়ে সমাজক আগবাঢ়ি যোৱাৰ প্ৰেৰণা।
যেতিয়া এজন তথাকথিত লোকে এই সকলোবোৰৰ উৰ্ধত বুলি নিজকে ভাৱে, যি ইচ্ছা তাকেই কৰি যাব খোজে তাত শিল্পী সুলভ পৰিচয় প্ৰকাশ নাপায়। তেওঁলোক বহু জনপ্ৰিয় হ’লেও সেই জনপ্ৰিয়তাৰ পৰ্বতৰ শিখৰৰ পৰা খঁহি পৰিবলৈ তিলমানো সময়ৰ প্ৰয়োজন নহয়।
জনতাক বাদ দি, মানুহৰ মৰম আৰু বিশ্বাসক ভৰিৰে মোহাঁৰি তেওঁলোক জানো শিল্পী নাইবা গায়ক হৈ থাকিব পাৰে! কোনোবাই এনেবোৰ কামেই কৰি জন্মগত প্ৰতিভাক নিজেই শৰাধ পাতি কিমান দিনলৈ মানুহৰ মৰম আদায় কৰি থাকিব পাৰিব, সেই সন্দেহ ইতিমধ্যে ঘৰ্ণিভূত হৈ পৰিছে।
কাৰোবাক তেওঁলোকে ব্যক্তিগতভাৱে চিনি নাপাব পাৰে! পাহৰি যাব পাৰে আকস্মিকভাৱে হেৰাই যোৱা তেনে প্ৰতিভাৱান শিল্পীয়ে লিখা আৰু সুৰ কৰা গীতবোৰৰ কথা। কিয়নো এইচাম নাম আৰু জনপ্ৰিয়তাৰ পাছত ঘূৰা শিল্পীৰ বাবে গ্লেমাৰহে মুখ্য কথা।
সেইবুলি প্ৰয়াত শিল্পীৰ সন্দৰ্ভত তেওঁলোকৰ ফালৰ পৰা এটা সহমৰ্মিতা আৰু সমবেদনা ভৰা সম্পূৰ্ণ বাক্য নিৰ্গত নোহোৱাতো পৰম দুৰ্ভাগ্যৰ বতৰা। জাতি-মাটি-ভেটিঁৰ বাবে গান গোৱা এই ধনৰ দৰিদ্ৰ হ’লেও মন আৰু সাহসৰ দৰিদ্ৰ নোহোৱা শিল্পীসকলৰ প্ৰতি তেওঁলোকৰ এনে দৃষ্টিভংগী এক প্ৰকাৰৰ সাধাৰণ জনতাৰ প্ৰতিয়েই কৰা অপমান।
সেই মাটিৰ শিল্পীসকলে মন গ’লেই গান নাগাও বুলি মাইক্ৰফোন দলিয়াই দিব নোৱাৰে, খুঁটাত বগাই সুৰাসক্ত আচৰণ মানুহক দেখুৱাবলৈ তেওঁলোকে কুন্ঠাবোধ কৰে। ৰাইজক সন্মান কৰা এই শিল্পীসকলে কেতিয়াও অশ্লীল ভাষাৰে কাৰোবাক গালি নাপাৰে।
মই কাকো ঘেন্টা খাতিৰ নকৰো- বুলি অহংকাৰৰ দৰ্পচূৰ্ণ বাক্যবাণ তেওঁলোকৰ মুখত নোলায়। কোনোবা সত্ৰাধিকাৰক সাংস্কৃতিক সন্ধিয়াৰ মঞ্চত ইচ্ছাকৃত অপমানেৰে তেওঁলোকে আসুৰিক তৃপ্তি লাভ নকৰে।
সেয়াই তেওঁলোক আৰু মাটিৰ শিল্পীসকলৰ মাজৰ পাৰ্থক্য। প্ৰজন্মক ধ্বংস কৰিব পৰা কাম নকৰাৰ বাবেই তেওঁলোক চৰ্চাত নাথাকে। এইবোৰ কাৰণতে হয়তো নিজকে মহান বুলি নিজৰ মূল্যায়ন কৰা শিল্পীসকলে এই প্ৰতিভাৱান শিল্পীসকলৰ প্ৰতি উদাসীনতাৰ অভিনয় কৰে।
মই তেওঁক চিনি নাপাও বুলি সমবেদনাৰে ভৰা এষাৰ বক্তব্য দিবলৈও ই্চ্ছা নকৰে। ৰাইজে কৈছিল জাতি,মাটি, ভেটিঁৰ গান গোৱা শিল্পীজনৰ মৃত্যুৰ কথা। তাত ক’ৰ পৰা আহিল, জাতি মাটি ভেটিঁৰ গান ময়ো গাইছো বুলি ক’ব লগা পৰিস্থিতি।
ক’ৰ পৰা আহিল, বেপেৰুৱা চকুৰ ভংগীমাৰে জাতি-মাটি-ভেটিঁৰ গীত ময়ো গাইছো, ডেন...জাতীয় অহংকাৰৰ প্ৰয়োজনীয়তা! শিল্পী দিৱসৰ দিনাই মানুহে ক্ষোভ উজাৰিছে। তেওঁক ইমান অহংকাৰী নহ’বলৈ সকিয়াই দিছে।
বহু ভাল সৃষ্টিৰ পাছতো কিয় তেওঁ গায়ক হৈ ৰৈছে, সেই বাখ্যা বহুতে দিছে। কোনোৱে জ্যোতি প্ৰসাদৰ সেই মহান বাণী আওৰাইছে – মই শিল্পী হৈ সংঘাতৰ কথা কওঁ, বিপ্লৱৰ কথা কওঁ, সংগ্ৰামৰ কথা কওঁ। সপোন দেখি ছবি অঁকা শিল্পীৰে আজি আমাৰ কাম নহয়। আজি নিজৰ তেজেৰে পুৱাৰ ৰঙা বেলিৰ ছবি আঁকিব পৰা শিল্পীহে আমাক লাগে।‘
এনে শিল্পীতো তেওঁ হ’ব পৰা নাই! ত্ৰিছ সহস্ৰাধিক গীত গালেও জ্যোতি-বিষ্ণু নতুবা ভূপেন হাজৰিকাৰ শাৰীত মানুহে তোলা নাই তেওঁক। প্ৰাৰ্চুযতা আছে তেওঁৰ জীৱনত, আছে বৈভৱ আৰু গ্লেমাৰ। সেইবুলি তেওঁৰ লগত হয় জানো, মঘাই ওজাঁ বা হেমাংগ বিশ্বাসৰ তুলনা?
স্বসৃষ্ট বিৰ্তকৰে তেওঁ সাময়িকভাৱে চৰ্চাত থকা এক পৰিৱেশ ৰচনা কৰিব পাৰিব। সেই পৃথিৱীত তেওঁ সংগীতৰ বাদশ্বাহ বুলি নিজকে ভাৱিলে আনে জানো ইয়াক মানি ল’ব! তেনে হ’ব পৰা সুযোগ থকাৰ পাছতো সৰলতাৰে ইয়াক আগুৱাই নিনি অহংকাৰৰ পুখুৰীত ডুব গৈ নিজেই নিজক ধ্বংস কৰা যজ্ঞত আহুঁতি দিছে তেওঁ নিজেই।
আজি মানুহে কৈছে বহু কথা। তেওঁৰ সমান সৃষ্টি নাথাকিলেও, তেওঁ চিনি নাপালেও মানুহে স্বীকৃতি দিছে তেৱঁতকৈ জাতি-মাটি-ভেটিঁৰ স্বাৰ্থত আপোনবিহীন আছিল ৰাজীৱ শদিয়া। হে গায়ক, ৰাইজৰ দৃষ্টিত ৰাজীৱ এতিয়া নায়ক, আপুনি কিন্তু খলনায়ক...