/asomiyapratidin/media/media_files/2025/02/02/44ledBuF0a91GLjkBcDS.png)
ঈশ্বৰৰ সন্ধান! Photograph: (ঈশ্বৰৰ সন্ধান!)
মৃদুল কুমাৰ সন্দিকৈ
পদপথৰ পৰা ৬০বছৰ উৰ্ধৰ বৃদ্ধ জন নামিল। বৃদ্ধজনে অটোখনৰ পৰা নামি জেপত হাত দিলে। অটো ড্ৰাইভাৰগৰাকীলৈ ভাড়াৰ বাবদ দিব লগা টকা খিনি আগবঢ়াই দি তেওঁ ক'লে- এইটো লোৱা তোমাৰ ভাড়া।
৪৫ৰ উৰ্ধৰ অটোৱালাজনে বৃদ্ধজনৰ পৰা ধন ল'বলৈ অনীহা কৰিলে। তেওঁ ক'লে- আপুনি ভাড়া দিব নালাগে। কিয় ভাড়া দিব নালাগে জানিব বিচৰাত অটোৱালাজনে জনালে, তেওঁৰ অটোখনত যাত্ৰা কৰা ৬০ৰ উৰ্ধৰ লোকৰ পৰা ভাড়া নলয়।
এটা ভিডিঅ' খুব ভাইৰেল হৈছিল সামাজিক মাধ্যমত। সেই ভিডিঅ'টোৰে প্ৰথম কিছু অংশৰ দৃশ্য আছিল এয়া। ভিডিঅটোত দেখুওৱা মতে, সেই অটোৱালাজনক এজন সাংবাদিকে পৰৱৰ্তীসময়ত তেওঁৰ এই বিনামূলীয়া অটো সেৱাৰ সন্দৰ্ভত এক সাক্ষাতকাৰ লৈছিল।
অটোৱালাজনে ৬০ৰ উৰ্ধৰ লোক, বিশেষভাৱে সক্ষম লোক, সৰু ল'ৰা-ছোৱালী আদিৰ পৰা ভাড়া নলয়। এনেকৈ কেনেকৈ তেওঁ চলে আৰু কিয় ভাড়া নলয়, সেই সন্দৰ্ভত সাংবাদিকজনে প্ৰশ্ন কৰাত অটোৱালাজনে বৰ গুৰুত্বপূৰ্ণ উত্তৰ দিছিল।
অটো চলাই থকাৰ বাবে তেওঁ মন্দিৰলৈ যাব নোৱাৰে। তেওঁৰো মন যায় মন্দিৰলৈ যাবলৈ। তেওঁৰো ইচ্ছা যায় মন্দিৰত দান-দক্ষিণা দিব। অটোৱালাজনে বহু ভাৱি তেওঁৰ অটোত যাত্ৰা কৰা যাত্ৰীসকলকে ভগৱানৰূপত ধৰি লৈ সেই বিশেষ লোকসকলৰ ভাড়া মাফ কৰি দিয়াতো ভগৱানক দান দিয়াৰ দৰেই বুলি বিশ্বাস কৰে।
এনেকৈ হেনো তেওঁ ভগৱানৰ সাধনা আৰু আশীৰ্বাদ পাই আহিছে। তেওঁ লগতে এই কথাও ক'লে ভগৱানক পাবলৈ সকলোৱে মন্দিৰলৈ নগ'লেও হয়। নিজৰ কাম আৰু সেৱাৰ মাজতেই ভগৱানৰ উপলদ্ধি আৰু প্ৰাপ্তি হয়। বৰঞ্চ তেওঁ এই কথাও ক'বলৈ নাপাহৰিলে এনেদৰে যি সুখ এজন মানুহৰ মুখত পুৰিস্ফূৰ্ট হয়, সেই সুখ তেওঁ দেখা পায়।
বহু সেৱা আছে যিবোৰৰ জৰিয়তে প্ৰত্যক্ষভাৱে ঈশ্বৰৰ সান্নিধ্য পোৱা যায়। সকলো বৃত্তিতেই এনেদৰে ঈশ্বৰৰ সন্ধান কৰিব পাৰি। কিন্তু এতিয়া ঈশ্বৰ বাব ভগৱানৰ প্ৰাপ্তিৰ বাবে আমি এনে কিছু কাম কৰো যিবোৰে ঈশ্বৰৰ ধাৰণা অসুৰত্বলৈ সলনি কৰে।
তেনেদৰে ঈশ্বৰৰ সন্ধান কৰা লোকসকলে মন্ত্ৰ জপ কৰি লাখ লাখ টকা ব্যয়েৰে এক আত্মপ্ৰত্যয়ৰ আশা কৰে যদিও, সেই আশাই ১০জনক উপকাৰ সাধন নকৰে। ই এক স্বাৰ্থপৰতা আৰু আত্মকেন্দ্ৰিক ব্যৱস্থাৰ অভিকেন্দ্ৰ হৈ পৰিছে।
ঈশ্বৰক বিচাৰি এতিয়া ৰাজনীতি হয়। ঈশ্বৰক লৈ এতিয়া মানুহবোৰ বলীয়া হয় ! হিন্দু সকলৰ সভ্যতা সংস্কৃতিৰ যি সংস্কাৰ, সেয়া এতিয়া প্ৰদূষিত হৈ পৰিছে। বিশালতাৰ পৰা ই আন ধৰ্মৰ দৰে সংৰ্কীণতাৰ মাজত আৱদ্ধ হৈ পৰাতো জানো শুভ লক্ষণ !
অসমত বহু কুসংস্কাৰৰ স্থান নাছিল। কোনোবাই কৰবাত সেই কুসংস্কাৰক ধৰি ৰাখিছে, তাক লৈ আমাৰ মতলব নাছিল। কিন্তু আমাৰ সমাজে কেতিয়াও বাটে-পথে উলংগ হৈ ঘূৰি ফুৰা দিগম্বৰ বাবাক অন্তৰত স্থান দিয়া নাছিল।
কাৰোবাৰ বাবে সেয়া ভক্তি। কিন্তু আমাৰ বাবে এয়া এক অশান্তি। এনে দৃশ্য সাধাৰণভাৱে আমাৰ সমাজ ব্যৱস্থাত গ্ৰহণযোগ্য নোহোৱাৰ বাবেই তেনে কোনো নাঙঠ বাবাই ৰাজপথত সমদল কৰি গ’লে প্ৰতিবাদ বা বিৰুদ্ধাচৰণ হোৱাতো স্বাভাৱিক।
সেইটো কথাকেই যদি প্ৰশাসনে অনুধাৱন কৰিব নোৱাৰি ইয়াৰ বিৰুদ্ধাচৰণ কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে, তেনে এয়া আমি অপসংস্কৃতি বুলি ভৱা কোনো প্ৰক্ৰিয়াক আমাৰ মাজলৈ লৈ অহা এক ষড়যন্ত্ৰ বুলিবও পাৰি। চৰ্চাত আছে এনে বহু কথা। য'ত ঈশ্বৰ বা ভগৱানকেই ভৰষা কৰি লোৱা হয়।
সত্ৰ সংস্কৃতিৰে আমাৰ সমাজ গঢ়া হয়। গুৰুক আমিও মানো বা ভক্তিৰ আৰাধনাৰ স্থলীত থাঁপো। কিন্তু উত্তৰ ভাৰতৰ দৰে হঠাত কাঠফুলাঁৰ দৰে স্বয়ম্ভূ ভগৱানৰ স্থানত আমাৰ মাজত নাছিল। সেই চেতনা যদি স্বয়ম্ভু এনে বাবাৰ দ্বাৰাই পৰিচালিত হয়, তেনে আমি ‘কৃষ্ণ’ বুলি আচৰিত হব লগা হয়।
শক্তিতেই এতিয়া ভক্তি। সেই শক্তিতেই এতিয়া এনে এচাম স্বয়ম্ভু লোকৰ বিলাসিতা। যত সেই বিলাসিতা নিয়ন্ত্ৰণ হয় আধুনিকতাৰ মাজেৰে। ভক্তিমাৰ্গত থাকে কেৱল পদলেহনকাৰী এচামৰ তীব্ৰ প্ৰচাৰ।
কি আছে তেওঁলোকৰ? শংকৰদেৱৰ পুত্ৰ শংকৰদেৱ হৈছিল নেকি? ডাক্তৰ এজনৰ পুত্ৰ ডাক্তৰী নপঢ়াকৈ ডাক্তৰী কৰিব পাৰে নেকি? কিন্তু কোনোবা তথাকথিত আধ্যাত্মিক গুৰুৰ পুত্ৰ কেনেদৰে ‘প্ৰভু’লৈ উত্তীৰ্ণ হয়।
তেওঁলোকে কি গাড়ী কিনিছে, সেয়া চৰ্চা হৈছে। সেই গাড়ী কিনিব পৰাকৈ তেওঁলোকৰ শক্তি আছে। সেই শক্তি কিছুমানৰ ভক্তিয়ে দিছে। এইখিনিলৈকে ঠিকে আছে বুলি ধৰি লৈও যেতিয়া ভক্তি পাঠ দিবলৈ গৈ টিভিত মহিলাই চোৱা ধাৰাবাহিকৰ কথা, বিজ্ঞাপন গোষ্ঠীৰ দ্বাৰা পৰিচালিত বিগ বছৰ প্ৰসংগই সেই ভক্তিৰসক পনীয়া কৰি পেলাই, তেনে কি আধ্যাত্মিকতা আছে তেওঁলোকৰ বাণীত।
ইমান সহজ হৈ পৰিছে ভগৱান নামত মানুহক ঠগিবলৈ। মানুহবোৰ জ্ঞানী হোৱাৰ সলনি ঈশ্বৰৰ আধ্যাত্মিকতাৰ নামত অন্ধ হৈ পৰিছে। তেনে আধ্যাত্মিকতাতকৈ শ্ৰেষ্ঠ নহয়নে অটো চলাই যাত্ৰীৰ মাজত ঈশ্বৰৰ সন্ধান আৰু ঈশ্বৰক দান দিয়া সেই অটোচালক জন...