বাৰীতে মাৰি পাক, চিঙে ‘টিকণি’ শাক...

খেতি ডৰাতে তেওঁ তেতিয়া ব্যস্ত আছিল। বেপাৰী এজন আহিছে, সেয়েহে বিক্ৰীৰ বাবে ছিঙা লতাঁৰ আগবোৰ বান্ধি আছিল তেওঁ। বেপাৰীজন ওচৰৰে, স্থানীয় লোক। কেইবাদিনো আগতেই তেওঁ কৈ থৈছিল- এইবাৰ বহাগত যিমান মাল ওলাই, আন কাকো আপুনি নিদিব। মই লৈ যাম।‘

New Update
প্ৰবীণ

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

খেতি ডৰাতে তেওঁ তেতিয়া ব্যস্ত আছিল। বেপাৰী এজন আহিছে, সেয়েহে বিক্ৰীৰ বাবে ছিঙা লতাঁৰ আগবোৰ বান্ধি আছিল তেওঁ। বেপাৰীজন ওচৰৰে, স্থানীয় লোক। কেইবাদিনো আগতেই তেওঁ কৈ থৈছিল- এইবাৰ বহাগত যিমান মাল ওলাই, আন কাকো আপুনি নিদিব। মই লৈ যাম।‘

লতাঁজাতীয় এই শাকবিধ অসমৰ হাবিয়ে জংঘলে পোৱা গৈছিল। এতিয়াও বহুঠাইত এঅ শাকবিধ হাবি-বননিতেই উপলদ্ধ। উজনি অসমত আন নহলেও বহাগ বিহুৰ সময়ত খোৱা ১০১বিধ শাকৰ ভিতৰত এইবিধ শাক থাকেই।

প্ৰচুৰ ঔষধি গুণ সম্পন্ন এই বনৰীয়া শাক বিধৰ আগৰ কোমল অংশ খায়। খাবলৈ কিছু তিতাঁ। কিন্তু যি ইয়াৰ সোৱাদ পাইছে, তেওঁ এই শাকবিধ দ্বিতীয়বাৰ খাবলৈ ইচ্ছা কৰে। মধুমেহ ৰোগৰ বাবে হেনো এই শাক অত্যন্ত উপকাৰী। 

আন বহু শৰীৰৰ বাবে লাগতিয়াল মৌল ইয়াত আছে। শাকবিধক লৈ বিজ্ঞানসন্মত গৱেষণা আৰু অধ্যয়ন কৰিলে ইয়াৰ উপকাৰিতাৰ সন্দৰ্ভত বহু তথ্য পোহৰলৈ আহিব। কিন্তু এই শাকবিধ আজিও বনৰীয়া শাক হৈয়ে ৰৈ গৈছে।

সেই বনৰীয়া শাকবিধৰে পদ্ধতিগত খেতি কৰাৰ কথা এজন খেতিয়কে ভাৱিলে। ইয়াৰ জৰিয়তে এখন বজাৰ দখল কৰাৰ কথা তেওঁৰ পূৰ্বে আন কোনেও ভৱা নাছিল। সেই চিন্তা তেওঁ মনলৈ আহিছিল ঘৰৰ দ’ মাটিখিনিক লৈ। 

এই মাটিখিনিত আন খেতি কৰিলে বানত নষ্ট হোৱাৰ ভয়। সেয়েহে কি কৰিম, নকৰিব ভাৱি ধেমাজি গোহাঁই গাঁৱৰ প্ৰবীণ বৰগোহাঁয়ে যি হ’ব, হ’ব বুলি এই বনৰীয়া লতাজাতীয় শাকবিধৰ খেতি কৰাৰ সিদ্ধান্ত লৈছিল।
প্ৰায় এবছৰ আগৰ কথা আছিল এয়া। ঘৰৰ ওচৰৰ লেচীয়া বিলৰ পাৰলৈ গৈ এই বনৰীয়া শাকবিধৰ মূঢ়াকেইটামান শিপাৰ সৈতে খান্দি লৈ আহিলে। একেদৰে দ’ বিলৰ পাৰৰ পৰা আৰু গাঁৱৰ ওচৰৰে হাঁবি-বননি ঘূৰি তেনে বহু মূঢ়া আনি ঘৰৰ দ’ মাটিখিনিত ৰুই দিলে।

এজোপা-দুজোপাঁকৈ প্ৰায় ১০৬০জোপাঁ এনে গছৰ মূঢ়া তেওঁ ৰুলে। লহপহকৈ বাঢ়িল গছবোৰ। গছবোৰৰ বিশেষ প্ৰতিপালনো লব লগা নহ’ল। সপ্তাহ-দুসপ্তাহৰ মূৰত গুৰিৰ বন-বিৰিখবোৰ চাফা কৰি শুকান পাত অলপ চপাঁই দিয়ে। 

আজি ৩মাহ মানৰ আগৰ পৰা সেই লতাঁজাতীয় শাক বিধৰ আগবোৰ তেওঁ চিঙিব পৰা হৈছে। শাকবোৰ নিবলৈ বহুলোক তেওঁ বাৰীলৈকে আহে। এসপ্তাহত এবাৰ তেওঁ এনে আগ চিঙে। এমোঠাঁ আগৰ দাম ৫০টকাকৈ লয়। 

বেপাৰীয়েও তেওঁক প্ৰায়ে খবৰ কৰি থাকে এই শাক চিঙিব পৰা হৈছে নেকি? গড়ে প্ৰতি সপ্তাহত ১০০০টকাকৈ তেওঁ এতিয়া এই শাকৰ পৰা উপাৰ্জন কৰে। তেওঁৰ মতে, এনে এখন যে বজাৰ এই শাকৰ থাকিব পাৰে, সেয়া কল্পনাই কৰা নাছিল।

এতিয়া তেওঁ পূৰ্বৰ দুবিঘা মাটিৰ লগতে আন দুবিঘা মাটিও এই শাকৰ খেতিৰ বাবে সাজু কৰিছে। বিহুৰ পাছতেই সেই মূঢ়াবোৰ তেওঁ ৰোপন কৰিব। সম্পূৰ্ণ হৈ উঠিলে সপ্তাহত তেওঁ ইয়াৰ পৰা ২-৩হাজাৰ টকা সহজতেই ঘটিব পাৰিব।

অতি কমেও মাহেকত ১০হাজাৰ টকা উপাৰ্জন হ’ব তেওঁৰ। স্থানীয় বজাৰৰ বেপাৰীৰ উপৰিও বাহিৰৰ লোকেও তেওঁক এই শাক বিচাৰি যোগাযোগ কৰে। কিন্তু তেওঁহে বিচৰা ধৰে শাক বিধ দিব পৰা নাই।

আশা কৰিছে, আৰু ২-৩বছৰৰ ভিতৰত তেওঁৰ এই বাৰীখনে পূৰ্ণতা পাব। অসমৰ আন বজাৰতো এইবিধ শাক উপলদ্ধ কৰাব পাৰিব। হয়তো ভাৱিছে, কিহৰ খেতি কৰিছে ধেমাজিৰ এইজন খেতিয়কে। 

প্ৰবীণ বৰগোহাঁয়ে কৰা লতাঁজাতীয় ঔষধি গুণ সম্পন্ন শাকবিধৰ নাম- টিকনি বৰুৱা। এই লতাঁবিধৰ আগত টিকনিৰ দৰে কিছু অংশ বাঢ়ি যায় আৰু ইয়াৰ সহায়তে বগোৱা বাই আগবাঢ়ে। সেয়েহে কোনো কোনোৱে ইয়াক টিকনি বগোৱা বুলিও কয়। যাৰ বৈজ্ঞানিক নাম- byttneria grandiflora. ইংৰাজীত এই শাকবিধক কোৱা হয় - Bitter climber. 


এইবোৰ সৰু খবৰ। কিন্তু বহাগৰ বতৰত পৰম্পৰাগত কিছু পৰম্পৰা ৰক্ষা কৰাৰ বাবে এজন খেতিয়কে কৰা এই প্ৰয়াসে নিশ্চয় সমাজ জীৱনত প্ৰভাৱ পেলাব। লগতে ঔষধি গুণ সম্পন্ন এই লতাঁজাতীয় উদ্ভিদবিধৰ সন্দৰ্ভত গৱেষণা আৰু অধ্যয়নৰ এক নতুন বাট কৰ্ষণ কৰিব। 

 

ধেমাজি