মৃদুল কুমাৰ সন্দিকৈ
‘মই তেতিয়া আমাৰ এওঁৰ লগত বিমানেৰে আমেৰিকাৰ পৰা আহি আছো। এওঁৰ বেমাৰ দেখুৱাবলৈ গৈছিলো আমি আমেৰিকালৈ। চন বা তাৰিখটো মোৰ মনত পৰা নাই, কিন্তু বিমানৰ ভিতৰত পাগুৰি পৰিহিত এজন ভদ্ৰ লোকক এওঁ বৰ আগ্ৰেহেৰে মাত-বোল কৰিছিল।
‘সেই ভদ্ৰ লোকজনক মই চিনি পোৱা নাছিলো। এওঁ মোক তেখেতৰ সৈতে চিনাকি কৰা দি কৈছিল- এখেত ড০ মনমোহন সিং। ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ। সেয়েহে আছিল তেওঁৰ সৈতে মোৰ প্ৰথম পৰিচয়’- এইদৰে তেওঁৰ স্মৃতি সোঁৱৰণ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পত্নী হেমপ্ৰভা শইকীয়াই।
মুখ্যমন্ত্ৰী হৈ থাকোতেই অসুখৰ বাবে আমেৰিকালৈ গৈছিল হিতেশ্বৰ শইকীয়া। সেই যাত্ৰাৰ উভতনি পথত বিমানত মনমোহন সিঙক প্ৰথম লগ পোৱা সেই ক্ষণটোৰ কথা হেমপ্ৰভা শইকীয়াই পাহৰা নাই।
অসমৰ যদি কোনোবাই ড০ মনমোহন সিঙক অতি ঘনিষ্ঠভাৱে পাইছে, সেই সকলৰ ভিতৰত হিতেশ্বৰ শইকীয়াৰ পৰিয়ালেই অন্যতম। মনমোহন সিঙৰ ঘনিষ্ঠ বন্ধু আছিল হিতেশ্বৰ শইকীয়া। ভাৰতৰ দুগৰাকী পণ্ডিত ৰাজনীতিবিদৰ ভিতৰত ড০ মনমোহন সিং অন্যতম।
মৃদুভাষী ড০ সিঙে কোনো দিনেই ৰাজনীতিত প্ৰৱেশ কৰাৰ কথা ভৱা নাছিল। অৰ্থনীতিয়ে আছিল তেওঁৰ বিচৰণ ভূমি। দেশৰ আৰ্থিক অৱস্থা বিশ্বৰ উদাৰ অৰ্থনীতিয়ে গ্ৰাস কৰা দিনত সেই সময়ৰ প্ৰধানমন্ত্ৰী নৰসিংহ ৰাৱে এক সঠিক সিদ্ধান্ত লৈ বিত্তমন্ত্ৰী ৰূপে মনমোহন সিঙক দায়িত্ব দিয়াৰ কথা চিন্তা কৰিছিল।
হিতেশ্বৰ শইকীয়াক প্ৰধানমন্ত্ৰী ৰাৱে এই সিদ্ধান্তৰ কথা জনাইছিল। অসমৰ পৰা খালী হ'ব লগা ৰাজ্যসভাৰ আসনখনত ড০ মনমোহন সিঙক জয়ী কৰোৱাৰ দায়িত্ব লৈছিল হিতেশ্বৰ শইকীয়াই। এক্সিডেন্টেল বিত্তমন্ত্ৰী হোৱা ড০ মনমোহন সিঙে নিজেও ২০০৫চনত বিট্ৰিছ সাংবাদিক মাৰ্ক তুলিক দিয়া এক সাক্ষাতকাৰত সেই কথা কৈ গৈছে।
সাংবাদিকগৰাকীক ড০ সিঙে কৈছিল-The PM would like you to become the Minister of Finance". I didn't take it seriously. He eventually tracked me down the next morning, rather angry, and demanded that I get dressed up and come to Rashtrapati Bhavan for the swearing in. So that's how I started in politics.
সমস্যা আহিছিল ৰাজ্যসভালৈ অসমৰ পৰা ড০ মনমোহন সিঙক নিৰ্বাচিত কৰাক লৈ। কিয়নো ড০ সিং অসমৰ বাসিন্দা নহয়। ইয়াক লৈ সূত্ৰপাত হৈছিল বিৰ্তকৰ। তাৰো ব্যৱস্থা কৰিছিল হিতেশ্বৰ শইকীয়াই। সৰুমটৰীয়াত থকা তেওঁৰ বাসগৃহৰ দুটা কোঠা ড০ সিঙক ভাড়ালৈ দিছিল।
হিতেশ্বৰ শইকীয়াই নিজে বাস কৰা ঘৰটোৰ কাষতে থকা দুমহলীয়া আন এটা ঘৰৰ প্ৰথম মহলাত থকা এই ভাড়াঘৰটোত আছিল দুটা মধ্যমীয়া আকাৰৰ কোঠা। সেই প্ৰথম মহলাৰ কোঠা দুটাকেই শইকীয়াই মনমোহন সিঙক ১৯৯২চনত ভাড়ালৈ দিছিল।
এনেদৰে অসমৰ ভাৰাতীয়া আৰু বাসিন্দা হৈ পৰিছিল ড০ মনমোহন সিং। অতি সাধাৰণভাৱে জীৱন যাপন কৰা ড০ সিং ১৯৯১চনৰ পৰা ১৯৯৬চনলৈ দেশৰ বিত্তমন্ত্ৰীৰ দায়িত্বত আছিল। ৰাজনীতিৰ ক্ষেত্ৰখনত তেওঁৰ ঠিকনা হৈছিল মাৰফৎ- হিতেশ্বৰ শইকীয়া, সৰমটৰীয়া, গুৱাহাটী, অসম।
এই ভাড়াঘৰটোৰ বাবদ ভাড়া আদায় দিছিল মনমোহন সিঙে। প্ৰথমে ৭০০টকা ভাড়া দিছিল তেওঁ। ভাড়াৰ চেক দিল্লীৰ পৰা তেওঁ নিয়মীয়াকৈ হেমপ্ৰভা শইকীয়াৰ ঠিকনাত পঠাই দিছিল। ১৯৯১ৰ ১অক্টোবৰৰ পৰা ২০১৯ৰ ১৪জুনলৈকে অসমৰ পৰা নিৰ্বাচিত হোৱা ৰাজ্যসভাৰ সাংসদ আছিল ড০ মনমোহন সিং।
হিতেশ্বৰ শইকীয়াৰ মৃত্যুৰ পাছতো তেওঁ শইকীয়াৰ পৰিয়ালৰ সৈতে সংযোগ ৰাখিছিল। ২০০৪চনত তেওঁ প্ৰধানমন্ত্ৰীৰ দায়িত্ব ল'ব লগা হৈছিল। তেতিয়াও তেওঁ সৰুমটৰীয়া এই ভাড়াঘৰ এৰা নাছিল। প্ৰধানমন্ত্ৰীৰ ব্যস্ততাৰ মাজতো তেওঁ ভাড়াঘৰৰ বাবদ পঠোৱা চেকৰ পইচা একাউন্টৰ পৰা হস্তান্তৰ হৈছেনে নাই সেই পৰ্যন্ত খবৰ ৰাখিছিল।
হেমপ্ৰভা শইকীয়াই সেই কথা সোঁৱৰি কৈছিল- কেতিয়াবা তেওঁ পঠোৱা চেকবোৰ বিভিন্ন কাৰনত জমা দিবলৈ পাহঁৰি যাও। কিন্ত সেই হিচাপ তেওঁ ঠিকেই ৰাখে। চেকবোৰ বৈধতা পাৰ হৈ যোৱাৰ কথা উনুকিয়াই দি তেওঁ নতুন চেক পঠাই সেইবোৰ বেংকত জমা দিবলৈ সোঁৱৰাই দিয়ে।
এনে দায়িত্বশীল ব্যক্তি আছিল ড০ মনমোহন সিং। প্ৰধানমন্ত্ৰীৰ হোৱাৰ সময়ত অসমৰে বহু কংগ্ৰেছৰ জ্যেষ্ঠ নেতাই তেওঁক সৰুমটৰীয়াৰ সেই ভাড়াঘৰটো এৰি এটা সুবিধাজনক আৰু বিলাসপূৰ্ণ ঘৰত থকাৰ প্ৰস্তাৱ দিছিল। সেই প্ৰস্তাৱ অমান্য কৰি তেওঁ এইটোৱেই ঠিক আছে বুলি তাতেই থাকিছিল।
হেমপ্ৰভা শইকীয়াই জানিবলৈ দিয়া মতে, কেইবাদিন তেওঁ সপত্নীসহ এই ভাড়াঘৰত ৰাতি কটাইছিল। খোৱা-বোৱা শইকীয়া পৰিয়ালৰ সৈতেই কৰিছিল। প্ৰথমে আমিষভোজী আছিল যদিও পিছলৈ তেওঁ সম্পূৰ্ণ নিৰামিষভোষী হৈ পৰিছিল।
তেওঁ আছিল অতি অধ্যয়নশীল। প্ৰধানমন্ত্ৰী হৈও তেওঁ অধ্যয়নৰ পৰিসৰ সংকুচিত হব দিয়া নাছিল। হেমপ্ৰভা শইকীয়াৰ ভাষাত দেশৰ ৰাজনীতিত তেওঁৰ দৰে পণ্ডিত আৰু ভদ্ৰ মানুহ খুবেই কম আছিল।
প্ৰধানমন্ত্ৰী হৈ থকা সময়তো তেওঁ ভোটদান কৰিবলৈ পত্নীসহ গুৱাহাটীলৈ আহিছিল। তেওঁ ভাড়াঘৰটোৰ নিৰাপত্তাৰ দায়িত্বত আছিল ৪জন হোমগাৰ্ডসহ মাত্ৰ এজন বন্দুকধাৰী আৰক্ষী।
বিশ্বায়নৰ সময়ত তেওঁ গ্ৰহণ কৰা আৰ্থিক নীতিয়ে দেশৰ এক সুস্থিৰ আৰ্থিক বুনিয়াদ গঢ়াৰ কথা সকলোৱে স্বীকাৰ কৰে। তেওঁক লৈ সমালোচনা থাকিব পাৰে। কিন্তু প্ৰধানমন্ত্ৰী হিচাপে জনকল্যাণৰ হকে তেওঁ গ্ৰহণ কৰা আঁচনি আৰু সিদ্ধান্তৰ সুফল দেশবাসীয়ে আজি পাইছে।
তেওঁ আছিল অন্তঃমুখী। সাম্প্ৰতিক সময়ৰ নেতা-মন্ত্ৰীৰ দৰে তেওঁ প্ৰচাৰমুখী নাছিল। সেয়েহে বহুতে তেওঁক মৌন প্ৰধানমন্ত্ৰী বুলি কটাক্ষ কৰিলেও সময়ে তেওঁৰ কৰ্মৰাজিৰ মূল্যায়নত কৃপনালি কেতিয়াও নকৰে...