ছবি চাই বুজক, মণিপুৰৰ বেদনা কিমান...

অশান্ত মণিপুৰৰ পৰা তেওঁলোক আহিছিল। লগত লৈ আহিছিল মণিপুৰৰ কেইখনমান জীয়া ছঁবি। ছঁবিবোৰ চালেই মণিপুৰত ঘটি থকা সকলো ঘটনা নখদৰ্পনত ভাঁহি আহে। মণিপুৰৰ অৰ্থনীতি, মণিপুৰৰ সমৃদ্ধশালী সমাজ কেনেকৈ থান-বান হৈ গ'ল মাত্ৰ তিনিখন ছবিৰে বুজাই থৈ তেওঁলোক আকৌ উভতি গ'ল।

New Update
মণিপুৰৰ ছবি

ডিম্পুল বৰগোহাঁই

Advertisment

অশান্ত মণিপুৰৰ পৰা তেওঁলোক আহিছিল। লগত লৈ আহিছিল মণিপুৰৰ কেইখনমান জীয়া ছঁবি। ছঁবিবোৰ চালেই মণিপুৰত ঘটি থকা সকলো ঘটনা নখদৰ্পনত ভাঁহি আহে। মণিপুৰৰ অৰ্থনীতি, মণিপুৰৰ সমৃদ্ধশালী সমাজ কেনেকৈ থান-বান হৈ গ'ল মাত্ৰ তিনিখন ছবিৰে বুজাই থৈ তেওঁলোক আকৌ উভতি গ'ল।

মণিপুৰৰ কথা আৰু অৱস্থাৰ বিষয়ে নতুনকৈ বাখ্যা কৰা হয়তো প্ৰয়োজন নাই। ৩ মে' ২০২৩ ৰ পৰা এতিয়ালৈকে উমি উমি জ্বলিয়েই আছে মণিপুৰ। সেই জলন্ত অগ্নিকুণ্ডৰ মাজতে ২৯গৰাকী চিত্ৰকৰে অংকণ মণিপুৰৰ কিছু জীয়া ছবি লৈ ৩গৰাকী লোক আছিল গুৱাহাটীলৈ।

উত্তৰ-পূবৰ সাতভনীৰ ভিতৰত মণিপুৰ হৈছে অন্যতম। সেই মণিপুৰৰ উশাহ-নিশাহত এতিয়া আতংকৰ নৈ বৈছে।  কি হ'ব মণিপুৰৰ? কোনেও নাজানে মণিপুৰৰ ভৱিষ্যত!  সভ্য মানুহৰ নিৰ্লজ্জ ইতিহাসৰ বহু অধ্যায় ইতিমধ্যে লিখা হৈছে মণিপুৰত। তাৰ পিছতো কোনেৱে একো কৰিব পৰা নাই। সকলো দেখিও যেন অসহায় আমি!

বধ্যভূমি মণিপুৰলৈ শান্তি ঘূৰি অহাৰ নাম-গোন্ধ নাই। কিন্তু তেনে অশান্তি- ৰক্তাক্ত পৰিৱেশৰ মাজতে এদল শিল্পীয়ে আকৌ জীপাল হ'বলৈ ধৰা এখন মণিপুৰৰ কল্পনা কৰিছে। সেই কল্পনাক ৰং- তুঁলিকাৰে ধৰি ৰাখিছে। তেজৰ নৈ বোৱা, সকলো জ্বলি শেষ হোৱা মণিপুৰত আকৌ শান্তিৰ পোখা মেলাৰ মানসেৰে আঁকিছে এখন ছবি।  চাৱকচোন এই ছবিখন- 

মণিপুৰ

মণিপুৰৰ বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে কাৰোবাক বুজাবলৈ এই ছবিখনেই হয়তো যথেষ্ট। সেউজীয়া পাহাৰ, পৰিষ্কাৰ পানীৰে ভৰি থকা মণিপুৰৰ অৱস্থা এতিয়া এই ছবিখনৰ নিচিনাই। ঘৰবোৰ ছাঁই হৈ গৈছে, সেইজীয়া গছৰবোৰ মৰহি গৈছে, তেজৰ নদী বৈছে। বুজাজনক বুজাবলৈ ইয়াতকৈ জানো শক্তিশালী ভাষা আৰু কিবা আছে?

ছবিখন অংকণ কৰিছে মিলান লাইচিৰাম নাম চিত্ৰশিল্পীগৰাকীয়ে। মণিপুৰ বিশ্ববিদ্যালয়ত শিক্ষকতা কৰি থকা মিলানে ওচৰৰ পৰা দেখিছে হেপাঁহৰ মণিপুৰখন কেনেকৈ নিঃশেষ হৈ গৈছে।  কিন্তু সকলো শেষৰে এটা আৰম্ভণি থাকে। মিলানেও কল্পনা কৰিছে সেই আৰম্ভণিৰ। সেয়েহে লক্ষ্য কৰিলে দেখিব, পুৰি ছাঁই হৈ যোৱা ছবিখনত নতুনকৈ কেইটামান গজাঁলি মেলিছে।  সেউজীয়া সেই গজাঁলিকেইটাই হয়তো অধীৰ আশাৰে শান্তিৰ বাবে বাট চাই থকা মণিপুৰবাসীৰ ভাৱক প্ৰতিনিধিত্ব কৰিছে।

ছবিয়ে সচাঁকৈয়ে কথা কয়। যদিহে সেই ছবি আত্মোউপলদ্ধিৰে এগৰাকী নিপুণ চিত্ৰকৰে অংকণ কৰে। মণিপুৰ যেতিয়াৰে পৰা হিংসাত জৰ্জৰিত হৈ আছে, তেতিয়াৰে পৰা বহুকেইটা নাৰীজনিত অপৰাধ সংঘটিত হৈছে। কবলৈ গলে মণিপুৰত এতিয়া  চৰম নিৰাপত্তাহীনতা ভুগিছে নাৰী। মণিপুৰৰ নাৰীয়ে সন্মুখীন হোৱা এই ভয়ংকৰ পৰিস্থিতি চিত্ৰত তুলি ধৰিলে থকচাম টমি দেৱী নামৰ এগৰাকী যুৱতীয়ে। 

যুৱতী এই চিত্ৰকৰগৰাকীয়ে মণিপুৰত এতিয়া কিদৰে ভয়-শংকাৰে নাৰীসকলে সময় পাৰ কৰিছে তাক ফুঁটাই তুলিছে এখন ছবিৰ মাধ্যমৰে। থকচাম টমি দেৱীয়ে অংকণ কৰা সেই ছবিখন এবাৰ আপুনিও চাৱক আৰু ভাৱক- 

নাৰী

মণিপুৰৰ অৰ্থনীতিও সম্পূৰ্ণৰূপে এতিয়া ভাগি পৰিল। ২০২৩-২৪বৰ্ষত মণিপুৰত জি ডি পি  পূৰ্বতকৈ বহুগুণে হ্ৰাস পালে। লগতে জি এছ টি সংগ্ৰহৰ পৰিমাণো হ্ৰাস পালে ১৯শতাংশলৈ। দোকান-বজাৰ এফালৰ পৰা জ্বলাই নিঃশেষ কৰা মণিপুৰলৈ গুৰুত্ব নাই দিল্লীৰো। সেয়েহে হয়তো টাংজেম তুলাচন্দ্ৰ সিং নামৰ চিত্ৰশিল্পীগৰাকীয়ে অংকণ কৰিছে এইখন ছবি-

ছবি

কেনেকৈ বুজালে দিল্লীয়ে বুজিব, কেনেকৈ ছিঞৰিলে দিল্লীয়ে শুনিব কাৰোৰে হাতত উত্তৰ নাই। কিন্তু মণিপুৰৰ এই ২৯গৰাকী চিত্ৰশিল্পীয়ে চেষ্টা কৰিছে ছবি চায়ে সকলোৱে বুজক মণিপুৰৰ মৰ্মবেদনা। শিক্ষানুষ্ঠানলৈ যাবলৈ, পঢ়িবলৈ এতিয়া পৰিৱেশ নাই মণিপুৰত। কেৱল হিংসা-হত্যা, বন্দুক-বাৰুদৰ গৰ্জন। এই পৰিৱেশ ভেদি মণিপুৰলৈ বাৰু শৈক্ষিক পৰিৱেশ আহিবনে?

মণিপুৰৰ শিক্ষাৰ্থীসকলৰ মৰ্মবেদনা, মন পুঁহি থকা ক্ষোভখিনি উজাৰিবলৈ চাইৰেম সত্যজিত সিং নামৰ শিল্পীগৰাকীয়ে সাজিছে এটা প্ৰতিমূৰ্তি। অৱয়বটোৰ কিছু সাদৃশ্য আছে অশোক স্তম্ভটোৰ সৈতে। কিন্তু ইয়াত কোনো সিংহ নাই। আছে এটা গুলীত ওলমি থাকি এটা কণমাণিয়ে স্কুলীয়া পোছাকত সাজযোৰ কৰি আছে, ঠিক তাৰ তলতেই আছে কান্দি থকা ৪খন শিশুৰ মুখায়ৱব। চালে অন্তৰ-আত্মা কপিঁ উঠা সেই প্ৰতিমূৰ্তিটো চাঁৱক- 

মিি

এতিয়া  আপুনিয়ে সিদ্ধান্ত লওঁকচোন,  মণিপুৰৰ মৰ্মবেদনা বুজিবলৈ আৰু কিবা জানো কোৱাৰ প্ৰয়োজন আছে? মণিপুৰৰ এদল চিত্ৰশিল্পীয়ে এই বাৰ্তা লৈয়ে আহিছিল গুৱাহাটীলৈ। ১ডিচেম্বৰ, ২০২৪ৰ পৰা ৬ডিচেম্বৰ ২০২৪লৈ গুৱাহাটীৰ আৰ্টিছ গীল্ডত তেওঁলোকে প্ৰদৰ্শন কৰিলে অন্যান্য বহু চিত্ৰৰ লগতে মণিপুৰৰ এই জীয়াঁ ছবিকেইখন।

অশান্ত মণিপুৰৰ অনেক কথা পোহৰলৈ আহিছে। বহু কথা গোপন হৈয়ে ৰৈ গৈছে। বধ্যভূমি মণিপুৰত কিমানৰ চকুত দুখৰ চকুপানী চকুতে শুকাইছে তাৰ হিচাপ ৰাখিবলৈ আজি কোনো কৰা নাই। কিন্তু এই সকলোবোৰৰ মাজতো আশাৰ কিৰণ বুটলিবলৈ এনেদৰেই অসমলৈ আহিছিল মণিপুৰৰ এই চিত্ৰশিল্পীৰ দলটো।

মণিপুৰৰ পৰা কে. উমানন্দ শৰ্মাৰ নেতৃত্বত এই ছবিবোৰ গুৱাহাটীত প্ৰদৰ্শন কৰিবলৈ আনিছিল ৩জনীয়া এটা দলে। গুৱাহাটীত আশানুৰূপ সহাঁৰি পোৱাৰ কথা তেওঁলোকে আমাক জনালে। কথাৰ মাজতে সুধিছিলো- ইমান অশান্তিকৰ অস্বাভাৱিক পৰিৱেশত চিত্ৰকৰ্মৰ কথা ভাৱিব পাৰেনে? মিছিকিয়া এয়া হাঁহি মাৰি তেওঁ ক'লে-  এই অস্বাভাৱিক পৰিৱেশকে স্বাভাৱিক বুলি ভাৱি লৈ এতিয়া কাম কৰিবলৈ লৈছো। তাৰ বাহিৰে আমাৰ আৰু কি উপায় আছে, কওঁক? সচাঁকৈয়ে মণিপুৰক লৈ আমি সকলো এতিয়া উপায়হীন, উত্তৰহীন...

মণিপুৰ