মৃদুল কুমাৰ সন্দিকৈ
এই যাত্ৰা কালত মিনাক্ষী দাসে বিশ্বজুৰি অসম আৰু অসমীয়াক প্ৰতিনিধিত্ব কৰাৰ লগতে মহিলা সবলীকৰণৰ সন্দৰ্ভত এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হৈছিল। এগৰাকী ১৫বছৰীয়া কন্যা শিশুক, অসুখীয়া মাতৃৰ দায়িত্ব স্বামীৰ হাতত এৰি দি এই ভ্ৰমণলৈ তেওঁ ওলাইছিল ২০২৩ৰ ১৭ডিচেম্বৰত।
প্ৰথম তেওঁ বাইকেৰে নেপাললৈ গৈছিল। তাৰ পিছত তেওঁ ডুবাইকে ধৰি মধ্য প্ৰাচ্যৰ প্ৰায়বোৰ দেশ বাইকেৰে ভ্ৰমণ কৰিছিল। ইউৰোপৰ আটাইকেইখন দেশ ঘূৰিছিল তেওঁ। বিট্ৰেইনতো বাইকেৰে পৰিভ্ৰমণ কৰি এক বিশ্ব অভিলেখৰ গৰাকী হৈছিল এইগৰাকী অসমীয়া মহিলা বাইক ৰাইডাৰ।
এই ভ্ৰমণৰ সময়ত তেওঁ বহু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ লগতে সৰ্বসাধাৰণ লোকৰ পৰা বহু সন্মান লাভ কৰিছিল। ইৰাণৰ দৰে দেশত মহিলাই বাইক চলোৱা নিষেধ। সেই দেশখনো ইমূৰৰ পৰা সিমূৰলৈ বাইকেৰে ঘূৰিছিল মিনাক্ষী দাসে।
বিদেশী পৰ্যটক হোৱাৰ বাবে তেওঁ বাইক চলোৱাৰ অনুমতি পাইছিল যদিও খোজে খোজে ইৰাণৰ নিৰাপত্তাৰক্ষীৰ তালাচীৰ সম্মুখীন হৈছিল। এগৰাকী মহিলা বাইক ৰাইডাৰ হিচাপে তেওঁ সকলোবোৰ বাধা অতিক্ৰম কৰি এবছৰৰ মূৰত অসমলৈ ঘূৰি আহোতে প্ৰায় ৭০হাজাৰ কিলোমিটাৰ বাইকেৰে এই দেশসমূহৰ বিভিন্ন স্থানসমূহলৈ গৈছিল।
মিনাক্ষী দাস ঘূৰি অহাৰ পাছত মানুহে তেওঁক বাহঃ বাহঃ দিলে। বহু দেশত অসমৰ কথা নাজানে। লগত লৈ যোৱা মেপ দেখুৱাই তেওঁ সেই লোকসকলৰ মাজত অসমৰ পৰিচয় দাঙি ধৰিছিল। দেশবোৰৰ আন বাইক ৰাইডাৰসকলক অসমলৈ আহিবলৈ উতসাহিত কৰিছিল।
মিনাক্ষীৰ এই পদক্ষেপ আছিল পৰ্যটনৰ দৃষ্টিভংগীৰেও এক বিশেষ পদক্ষেপ। ২০১৯চনৰ পৰা মিনাক্ষীয়ে দুচকীয়া বাহন চলাইছিল। প্ৰথমে অৱশ্যে তেওঁ স্কুটীহে চলাইছিল যদিও পৰৱৰ্তী সময়ত বাজাজৰ এখন বিশেষ বাইক লৈ উত্তৰ পূবৰ বহু ঠাই অতিক্ৰম কৰিছিল।
মিনাক্ষী আছিল উমলিং লালৈ যোৱা বিশ্বৰ দ্বিতীয় গৰাকী মহিলা বাইক আৰোহী। সেই মিনাক্ষীয়ে বিশ্ব এই দেশবোৰ পৰিভ্ৰমণ কৰাৰ পৰিকল্পনাৰে প্ৰস্তুতি চলাই ইয়াৰ বাবে সহায় বিচাৰি অসমৰ বহু ক্ষমতাশালী লোকৰ কাষ চাপিছিল।
থকা-মেলা সকলো মিলাই প্ৰায় ৫৪লাখ মান টকা ব্যয় হব বুলি অনুমান কৰি তেওঁ সহায় বিচাৰি কাক আবেদন কৰা নাছিল! মুখত সকলোৱে সহায়ৰ প্ৰতিশ্ৰুতি দিছিল যদিও তেওঁৰ এই যাত্ৰাত কাৰ্যত কোনেও বিশেষ সহায় নকৰিলে।
ভগৱানকে ভৰসা কৰি মিনাক্ষী ওলাই গৈছিল। দিল্লীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক তেওঁ নিজ হাতে এখন আবেদন দিছিল। কাষত থকা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক সহায় কৰি দিবলৈ অনুৰোধ কৰি মুখ্যমন্ত্ৰীয়ে সেই আবেদন মন্ত্ৰী বৰুৱাক দিছিল। সেই প্ৰতিশ্ৰুতিও পূৰণ নহ’ল।
মিনাক্ষী গৈছিল সেই সময়ৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ কাষলৈও। তেওঁক অনুৰোধ কৰিছিল এই যাত্ৰাৰ বাবে প্ৰয়োজন হোৱা ইন্ধনৰ ব্যয়ৰ ব্যৱস্থা কৰিবলৈ। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এন আৰ এলক কৈ দি ইয়াৰ ব্যৱস্থা কৰিম বুলি্ কৈছিল যদিও বাস্তৱত সেয়া কৰি দিয়া নাছিল।
বিজেপিৰে আন এগৰাকী বিধায়কৰ কাষলৈও তেওঁ গৈছিল। জ্যেষ্ঠ বিধায়কগৰাকীয়ে মিনাক্ষীৰ হৈ কেন্দ্ৰীয় মন্ত্ৰী তেলীলৈ ফোন কৰিছিল। এই টেলিফোনিক বাৰ্তালাপতো মিনাক্ষীক সহায় কৰাৰ প্ৰতিশ্ৰুতি দি একো কৰা নাছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
মিনাক্ষীয়ে ৰামেশ্বৰ তেলীৰ ব্যক্তিগত সহায়কজনলৈ ফোন কৰি এন আৰ এলৰ পৰা ইন্ধনৰ ব্যৱস্থা কৰিবলৈ এখন লিখিত পত্ৰ দিয়াৰ বাবেও অনুৰোধ জনাইছিল। মুখত সকলো হব বুলি কোৱা মানুহবোৰে তেওঁক কোনো ধৰণে সহায় নকৰাতো তেওঁ ভাগি পৰা নাছিল।
বন্ধু-বান্ধৱ আৰু শুভাকাংক্ষীয়ে তেওঁৰ সম্বল আছিল। মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ কাষলৈও তেওঁ গৈছিল। ফাণ্ড নাই বুলি কৈও গাৰ্লোচাই তেওঁ যাত্ৰা আৰম্ভ কৰাৰ পাছত একাউন্টত এক লাখ টকা ভৰাই দিছিল। এনে জটিতলাৰ মাজতেই মিনাক্ষীয়ে তেওঁলোকৰ কিছু খেতি-মাটি বন্ধকত থৈ হাতত অলপ ধন লৈ এই বিশ্ব যাত্ৰাৰ আৰম্ভ কৰিছিল।
যাত্ৰা কালত ইউৰোপ আৰু বিট্ৰেইন ভ্ৰমণৰ সময়ত স্থানীয় লোকৰ লগতে তাত থকা প্ৰৱাসী অসমীয়াসকলে মিনাক্ষীৰ থকা-মেলা ব্যৱস্থা কৰি দিছিল। ইউ কেৰ প্ৰৱাসী অসমীয়াসকলে মিনাক্ষীৰ বাবে ক্ৰাউড ফাণ্ডিং কৰিছিল।
এনে সহযোগৰ বাবে মিনাক্ষীৰ এই বিশ্ব যাত্ৰা সম্ভৱ হৈ উঠিছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃ জয়ন্ত বিশ্ব শৰ্মাই মিনাক্ষীক বিদেশত যথেষ্ট সহায় কৰিছিল। তেওঁৰ ঘৰতেই থকা-মেলা আৰু খোৱাৰ ব্যৱস্থা কৰিছিল দিছিল।
এই ভ্ৰমণত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ এগৰাকী আত্মীয়ই সহায়ৰ হাত আগবঢ়াইছিল। প্ৰায়বোৰ প্ৰৱাসী অসমীয়াই মিনাক্ষীক হাত উজান দি সহায় কৰিছিল। যাৰ বাবে মিনাক্ষীয়ে ৬৪খন দেশ পৰিভ্ৰমণ কৰি মালয়েচিয়াৰ পৰা মুম্বাইত আহি উপস্থিত হৈছিলহি।
মিনাক্ষীয়ে ব্যৱহাৰ কৰিছিল বাজাজৰ এখন বাইক। বাজাজ কোম্পানীয়েও মিনাক্ষীক সহায়ৰ প্ৰতিশ্ৰুতি দি সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাছিল। এই যাত্ৰাৰ সময়ত বাইকখনৰ চাৰ্ভিচিং আৰু সলাব লগা ৫-৬টা টায়াৰৰ ব্যৱস্থা কৰি দিবলৈ মিনাক্ষীয়ে অনুৰোধ জনাইছিল।
সেই সৰু সহায়টোও মিনাক্ষীয়ে পোৱা নাছিল। এবছৰৰ পাছত ঘূৰি আহি মিনাক্ষীয়ে অসমীয়া মহিলাৰ সফলতাৰ এই জয়গান বিশ্বজুৰি বিলাই অসম তথা ভাৰতক সমৃদ্ধ কৰিলে। গুৱাহাটী বিশ্ববিদ্যালয়ে মিনাক্ষীক সম্বৰ্ধনা জনাইছে। দুই এক অনুষ্ঠানেও মিনাক্ষীৰ এই কৃৰ্তিত্বৰ বাবে অভিনন্দন জনাইছে।
সংবাদমাধ্যমতো মিনাক্ষীৰ খবৰ বাতৰিৰ শীৰ্ষ হৈছে। পিছে মিনাক্ষীয়ে বন্ধকত থৈ যোৱা মাটিখিনি এতিয়াও বন্ধকীতে আছে। মিনাক্ষীয়ে কলে, সেইবোৰ পৰ্যায়ক্ৰমে তেওঁ বন্ধকী খোলাৰ ব্যৱস্থা কৰিব। মহানগৰীৰৰ খাৰঘূলিত ঘৰ মিনাক্ষীৰ। মহানগৰীৰে পাঞ্জাবাৰীলৈ বিয়া সোমাইছে।
যাত্ৰাৰ পূৰ্বে মিনাক্ষীয়ে নাগপুৰত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীত সাক্ষাত কৰিছিল। অৱশ্যে তেওঁ কেন্দ্ৰীয় মন্ত্ৰীজনৰ পৰা কোনো সহায় বিচৰা নাছিল যদিও মিনাক্ষীক কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে হিয়া উজাৰি আৰ্শীবাদ দিছিল।
মিনাক্ষীৰ খবৰ লবলৈ আজৰি নাই মুখ্যমন্ত্ৰীৰ। অথচ মহিলা সবলীকৰণৰ শ্লোগান দিয়ে এইলোকেই। মিনাক্ষীক সুধিছিলো- কাৰোবাৰ প্ৰতি কিবা আহ্বান আছে নেকি আপোনাৰ? মিনাক্ষীয়ে বৰ হতাশাৰে কৈছিল দুটা শব্দ। মিনাক্ষীয়ে কোৱা শব্দ দুটা আছিল- কিনো কম!
মিনাক্ষীৰ এতিয়া নতুন পৰিকল্পনা আছে। এই সমগ্ৰ যাত্ৰাৰ অভিজ্ঞতাৰে তেওঁ লিখিব এখন কিতাপ। প্ৰধানমন্ত্ৰী মোডীক তেওঁ চিঠিৰে জনাব এই যাত্ৰাৰ কথা। মহিলাৰ বাবে অৰুণোদয়, অমৃত বৃক্ষ, লাখপতি বাইদেউ আদি আঁচনি লোৱা অসমৰ মুখ্যমন্ত্ৰীয়েহে মিনাক্ষীৰ এই বিশ্ব জয়ৰ সফল কাহিনীক গুৰুত্ব নিদিলে।
মিনাক্ষীক এই যাত্ৰা পৰ্বত সহায় নকৰিলে। কিন্তু এতিয়া মিনাক্ষীক তেওঁ অভিনন্দন জনাই তেওঁৰ এই বিশ্বজয়ী যাত্ৰাক অনুপ্ৰাণিত কৰি অসমীয়া মহিলাৰ সাহসিকতাক স্বীকৃতি দিবও জানো নোৱাৰে...