মানুহৰ মাজত 'মানুহ' নোহোৱা হ'ল!

মানুহৰ মাজত 'মানুহ' নোহোৱা হ'ল!
Published on
Updated on

ডিম্পুল বৰগোহাঁই

জনসংখ্যা বাঢ়িছে। মানুহ যিমানেই বাঢ়িছে ভৰষা কৰিব পৰা মানুহৰ সংখ্যা যেন সিমানেই কমিছে। শিক্ষা-প্ৰযুক্তিত ন ন দিশ সংযোজিত হৈ পৰিসৰ বৃদ্ধি হৈছে, কিন্তু কমি আহিছে মানুহৰ আৱেগ-অনুভূতিবোৰ। ৰাতিপুৱাৰ পৰা ৰাতিলৈ বিজ্ঞানৰ ন ন কৌশলৰ মাজতে জীয়াই থকা মানুহবোৰৰ মনবোৰত অপৰাধৰ মলিনতাই থিতাপি লৈছে।

সমাজখন ইমানেই অৱনতি ঘটিছে যে, প্ৰতিদিনাই ধৰ্ষণ, হত্যাৰ খবৰবোৰ নিত্য-নৈমত্তিক যেন লগা হ’ল। অপ্ৰিয় হ’লেও সচাঁ যে, এনে খবৰবোৰক গৰিষ্ঠ সংখ্যকে আজিৰ সময়ত একো একোটা সাধাৰণ খবৰ বুলিয়েই গণ্য কৰে। কিন্তু তাৰ মাজতেই কিছুমান খবৰে জোঁকাৰি যায় বহুতৰ মন-মগজু। মানুহ হৈ এনে কাম কেনেকৈ কৰিব পাৰে বুলি বহুতৰ মনত উত্তৰবিহীন কিছু প্ৰশ্নই হয়তো খুন্দিয়াই যায়।

২৭ছেপ্টেম্বৰ, ২০২৪। সময় তেতিয়া নিশা প্ৰায় ১১.২০বাজিছে। হঠাতে বিগ ব্ৰেকিং বাজিল- গুৱাহাটীত কন্যাৰ হাতত প্ৰাণ গ’ল মাতৃৰ। কেনেকৈ? নিজ মাতৃক বাৰু কন্যাই হত্যা কৰিব পাৰেনে? ইমান নৃশংস কেনেকৈ হ’ব পাৰে? খবৰটো শুনিয়ে বহুতে এনে প্ৰশ্নই কৰিছে। প্ৰাপ্ত খবৰ অনুসৰি,  হত্যাকাৰী জীয়াৰীয়ে ইমান নৃশংসতাৰে মাতৃক হত্যা কৰিলে যে, মাতৃক প্ৰহাৰ কৰি নিজেই খবৰ দিছিল আৰক্ষীক।

পটা গুটিৰে মাতৃক হত্যা কৰিছিল জীয়াৰীয়ে। এখন বিশ্ববিদ্যালয়ত অধ্যয়নৰত গুৱাহাটীৰ চচলৰ এই ছাত্ৰীগৰাকী। উচ্চশিক্ষিতা ছাত্ৰীগৰাকীয়ে ভাল টেবুল টেনিছ খেলিছিল। ২৭ছেপ্টেম্বৰ, ২০২৪ৰ সন্ধিয়া অনুশীলনৰ পৰা ঘৰলৈ ঘূৰি অহাৰ পাছতে মাতৃৰ সৈতে সামান্য কাজিয়া হৈছিল। আৰু তাৰ পিছতে এই কাণ্ড। বৰ্তমান দিছপুৰ আৰক্ষীৰ লকআপত হত্যাকাৰী কন্যা।

এগৰাকী মাতৃয়ে প্ৰসৱ বেদনাৰ পৰা আৰম্ভ কৰি সন্তানৰ বাবে সকলো ত্যাগ কৰাৰ পাছতো সন্তান ইমান নিষ্ঠুৰ কেনেকৈ হব পাৰে। ইমান আৱেগ-অনুভূতিহীন হ’ব পাৰেনে মানুহ? বাকী সম্বন্ধ বাদেই দিলো। পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ সম্পৰ্ক এটাতো কিয় নাই বিশ্বাস, সংযম, আৱেগ-অনুভূতিবোৰ। কন্যাৰ হাতত যদি মাতৃৰ প্ৰাণ যাব লগা হয় ভৰষা কৰিব কাক?

ভালকৈ চালে দেখিব যোৱা কিছুদিনৰ পৰা সম্পৰ্কৰ মাজত এই ভৰষা শব্দটো মূল্যহীন হৈছে। এটা সম্পৰ্কৰ মূল ভেটিঁয়েই হৈছে ভৰষা, বিশ্বাস। কিন্তু যেতিয়া বন্ধুয়ে বন্ধুক হত্যা কৰে, যেতিয়া পত্নীয়ে স্বামীক মৰিয়াই মৰিয়াই হত্যা কৰে, যেতিয়া পিতৃয়ে পুত্ৰক শোৱাপাটিতে ঘপিয়াই হত্যা কৰে, তেতিয়া জানো ভৰষা বুলি কিবা বাকী থাকিব?

শেহতীয়াকৈ অসমতে সংঘটিত হৈছে সমাজক অস্থিৰ কৰিব পৰা এনে বহু ঘটনা। বন্ধুয়ে বন্ধুক হত্যা, পত্নীয়ে স্বামী হত্যা, পিতৃয়ে পুত্ৰক হত্যা এইবোৰ ঘটনা অসমৰে। অথচ আমি কেইটামান দশকৰ আগলৈ সেইখন সমাজৰ যিখন সমাজত পিতৃ-মাতৃক জোৰকৈ মাত দিলে নাইবা ভুলতে হাত উঠিলেই পায়শ্চিত্ত হ’ব লাগিছিল। সমাজে আমাক একাষৰীয়া কৰিছিল। আজি সেইখন সমাজতে এনে ঘটনা হৈ পৰিছে সদায়েই ঘটি থকা সাধাৰণ ঘটনা।

আধুনিকতাৰ অভিধানৰ পৰা পৰা উঠি গ’ল ‘নাপায়’ শব্দটো। তথাকথিত আধুনিকতা সমাজত এনে প্ৰচাৰ কৰা হ’ল যে নাপায় শব্দটোৱে আমাৰ বৈজ্ঞানিক তথা আধুনিক দৃষ্টিভংগীৰ হেঙাৰ হৈ থিয় দিছে। অথচ আমাৰ পূৰ্বপুৰুষে কৈ যোৱা সেই নাপায় শব্দটোতেই আছিল বহু বৈজ্ঞানিক যুক্তি তথা কাৰন।

বেলি ডুবিলে ৰাতিৰ আহাৰ খাব নাপায়- এই কথাষাৰত অন্ধবিশ্বাস নাছিল। ইয়াত আছিল বৈজ্ঞানিক কাৰন। সন্ধিয়া ঘৰৰ পৰা ওলাই যাব নালাগে, চৰাই-চিৰিকটি যেনেকৈ আহে তেনেকৈ ঘৰত সোমাব লাগে- এই কথাষাৰত কোনো কুসংস্কাৰ নাছিল, এয়া আছিল সংস্কাৰ গঢ়াৰ মন্ত্ৰ। আধুনিকতাৰ সমাজত এইবোৰ কথা মূল্যহীন হৈ পৰিল। যাৰ ফল এতিয়া সকলোৱে ভুগিছে।

পিতৃ-মাতৃক ডাঙৰকৈ কথা ক’ব নাপায়, ডাঙৰলৈ হাত উঠাব নাপায়- এইবোৰ ‘নাপায়’ যেতিয়া সমাজৰ পৰা নোহোৱা হল তেতিয়াই সমাজত আৰম্ভ হল এনে অস্থিৰতাবোৰ। ব্যস্ত জীৱনত কেৱল ধন-সম্পত্তিৰ পিছত দৌৰা একাংশ অভিভাৱকে সন্তানক এতিয়া কিমান দামী হোষ্টেলত ৰাখিব পাৰিছে তাক লৈ গৰ্ব কৰে। বেলেগৰ আগত জহাঁই ভাল পায় সন্তানে কি কি সুবিধা লৈ দিনৰ দিনতো অকলে থাকিব পাৰে। এনেকৈ কেনেকৈ বাৰু সন্তান-অভিভাৱকৰ মাজত আৱেগিক এটা সম্পৰ্ক সুদৃঢ় হ’ব?

আমাৰে মইনা শুব এ....এই নিচুকণি গীত এতিয়াৰ প্ৰায় সংখ্যাক মাতৃয়েই হয়তো নাজানে নাইবা নাগায়। কিন্তু আগতে এই গীত মাতৃয়ে নোগোৱালৈকে শুৱা নাছিল সন্তান। ককা-আইতাকে সৰুতেই সৰলভাষাৰে বুজাই দিছিল ৰামায়ণ-মহাভাৰতৰ সেই কঠিন ঘটনাবোৰ, যিবোৰ হৈছিল ভৱিষ্যত জীৱনৰ সৈতে যুঁজিব পৰা সমল। আজিৰ দিনত কেইটা নাতিয়েক আছে ককাৰ বুকুৰ ওম লৈ এনে কাহিনী শুনা?

সময় বহু সলনি হ’ল। সময়ৰ মূল্য বাঢ়িল। মানুহৰ সংখ্যা বাঢ়িল যদিও এই বজাৰত মানুহৰ দাম কমিল। মানুহৰ মাজত মানুহ নোহোৱা হল। এই বজাৰত সস্তীয়া হৈ পৰিল আৱেগ-অনুভূতি, বিশ্বাস-ভৰষা আদিবোৰ। তাৰ পিছতো আমি নঘটিবলগীয়া ঘটনা ঘটিলে কিয় বাৰু প্ৰশ্ন কৰো- সমাজখন কিয় এনেকুৱা হ’ল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in