Advertisment

এটা কবিতাৰ কাহিনী আৰু...

কবিতা এতিয়া বহুতৰ বাবে বিলাস! সেই কবিতাই আকৌ কিছুৰ বাবে শব্দৰ আৰাধনা, জীৱনৰ প্ৰাৰ্থনা। এদিন প্ৰায় সকলোৱে কবিতা লিখাৰ চেষ্টা কৰে। সৰহ সংখ্যকৰেই সেই চেষ্টা সফল নহয়। এক প্ৰয়াস হৈ ৰৈ যায় কবিতা লেখাৰ সপোন।  

author-image
Asomiya Pratidin
New Update
কবিৰ ৰাজনীতি

কবিৰ ৰাজনীতি

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

কবিতা এতিয়া বহুতৰ বাবে বিলাস! সেই কবিতাই আকৌ কিছুৰ বাবে শব্দৰ আৰাধনা, জীৱনৰ প্ৰাৰ্থনা। এদিন প্ৰায় সকলোৱে কবিতা লিখাৰ চেষ্টা কৰে। সৰহ সংখ্যকৰেই সেই চেষ্টা সফল নহয়। এক প্ৰয়াস হৈ ৰৈ যায় কবিতা লেখাৰ সপোন।  

সৌভাগ্যৱানজনহে কবিৰ শাৰীলৈ উৰ্ত্তীণ হয়। তাৰেই আকৌ ৯০শতাংশই মাজবাটতেই হেৰাই যায়। এনেদৰে বহু কবি হেৰাই যায়। কিন্তু তেওঁলোকৰ ভাল লগা কবিতাবোৰ অনুৰণিত হৈ ৰৈ যায় বহুতৰে হৃদয়ত। কবিতাৰ দৰে শক্তি কতো নাই। কবিতাৰ দৰে সৃষ্টিৰ মধুময়তা আন সৃষ্টিত বিচাৰি পোৱা নাযায়।

এগৰাকী অপৰিচিত মহিলাই ফেচবুকৰ মেচেঞ্জাৰত এটা মেছেজ পঠাইছিল। এটা কবিতা লাগে তেওঁক। কবিতাটো বিচাৰি হেনো তেওঁ বহু চেষ্টা কৰিছে। ইমান বিচাৰিব লগা কবিতাও নাছিল সেইটো।

কবিতাটোৰ নাম আছিল- মুখ্যমন্ত্ৰী সমীপেষু! মহিলাগৰাকীক কবিতাটো দিয়াতো বৰ বিশেষ ডাঙৰ কাম নাছিল। সেয়েহে তেওঁক বহু বছৰৰ পুৰণি এই কবিতাটো দিয়াৰ পাছত জনাৰ আগ্ৰহ হৈছিল কিয়নো লাগে তেওঁক এই কবিতা।

সম্ভৱত এখন দৈনিকৰ দেওবৰীয়া সপ্তাহিক পৰিপূৰিকাত কবিতাটো প্ৰকাশ পাইছিল। বহু পুৰণি দিনৰ কথা এইবোৰ। মহিলাগৰাকীয়ে কবিতাটো পোৱাৰ পাছত সেই কবিতাটো আঁৰৰ এক কাহিনী কলে। তেওঁৰ এটা লৰা আছিল। সি ভাল কবিতা আবৃত্তি কৰিছিল।

কবিতাটো বায়েকে প্ৰথম আবৃত্তি কৰি ভায়েককো শিকাই দিছিল। তাৰ পাছত সেই কবিতাটো সি আবৃত্তি কৰি গৈছিল-  দেউতাৰ চকুৰ পতাত উজাগৰে থাকিল মোৰ বুকুৰ সপোন/ মাৰ কলিজাত কেচাঁ ৰঙা ঘাঁ হৈ জ্বিলিকে মোৰ বুকুৰ কেঞ্চাৰ/ মুখ্যমন্ত্ৰী মহোদয়, অৰ্হতাই যদি আজি অৰ্হতা নহয়/ বন্ধ কৰি দিয়ক আপোনাৰ স্কুল-কলেজ....।

চকুৱে লৰাটোৱে দেখা নাছিল। ২০০৭ত তাৰ জন্ম। মাকে নাম দিছিল- সাগৰ। সম্পূৰ্ণ নাম সাগৰ প্ৰতীম বৰ্মন। ২০০৮ৰ ১৬মাৰ্চত ধৰা পৰিছিল সাগৰৰ বেমাৰটো। বহু চিকিতসা কৰিছিল, চেন্নাইলৈকেও কেইবাবাৰো পৰিয়ালে লৈ গৈছিল।

তাৰ মাজে মাজে সি ভাল গান গাইছিল, কবিতা আবৃত্তি কৰিছিল। সেইবোৰতে জীৱনৰ মাদকতা বিচাৰি পাইছিল সি। একেবাৰে অসুস্থ হৈ পৰা সময়ত মাকে তাক সাৱটি ধৰি বিচনাত ওৰে দিনটো শুই থাকিছিল। তেতিয়া মাকৰ হাতত ভাল ফোনো নাছিল। 

শেষৰবাৰ চেন্নাইলৈ যাওতে কোনোবা আত্মীয় এজনে সি আবৃত্তি কৰা কবিতাটোৰ এটা অংশ ভিডিঅ কৰিছিল। সেই ভিডিঅ আজিও মাকে থৈ দিছে সযতনে। তাক বিচাৰি পায় সেই দৃশ্যবোৰৰ মাজত। ২০১৫ৰ ৯ফেব্ৰুৱাৰীত সি ঢুকাল। তাৰ পাছত মাকৰ বাবে আত্মীয়তাৰ এটা নাম হৈ পৰিছিল হেনো এই কবিতাটো।

তেওঁৰ বাবে কবিতাটো কবিতাই নহয়, সাগৰৰ স্মৃতি বহন কৰা এটা আৱেগ হৈ পৰিছে। সেয়েহে তেওঁ হেনো কবিতাটো বিচাৰি ফুৰিছিল। আৰু বহু কথা মাকে কৈছিল। যিবোৰ আছিল এই কবিতাটো আৰু তাৰ স্মৃতি বিজড়িত অতীতেৰে ভৰা।

মাকে সাগৰে আবৃত্তি কৰা কবিতাটোৰ ভিডিঅ প্ৰেৰণ কৰিছিল। যিটো ভিডিঅ চোৱাৰ পাছত এটা কবিতা লেখাৰ প্ৰাপ্তি আৰু ইয়াৰ শক্তি তথা প্ৰভাৱ কিমান হব পাৰে, সেয়া অনুভৱ কৰিব পাৰিছিলো। চকুত তাৰ কেন্সাৰ হৈছিল। সেই দুৰোৰোগ্যৰ বাবেই সি অন্ধ হৈ পৰিছিল। এই দুৰাৰোগ্যই সাগৰ প্ৰতীমৰ জীৱন কাঢ়ি নিছিল।

কবিতাৰ এই কথাখিনিয়ে মনত খলকনি তুলি থকাৰ সময়ত এটা খবৰ আহিছিল। সেই খবৰটো আছিল কবি আৰু কবিতা সম্পৰ্কীয়। ২৭, ২৮ আৰু ২৯ডিচেম্বৰ ২০২৪ত শিৱসাগৰ ছোৱালী কলেজত অনুষ্ঠিত হৈছিল সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশন।

কিছু খাম-খেয়ালিৰ মাজেৰে এই সন্মিলনৰ প্ৰতিনিধি সভাখন ২৮ডিচেম্বৰত অনুষ্ঠিত হৈছিল। প্ৰতিনিধি সভাত পূৰ্বৰ দুবছৰীয়া কাৰ্যাকালৰ সমিতিখন ভংগ কৰি এখন নতুন সমিতি গঠন কৰিছিল। সেইমতে, জয়জ্যোতি গগৈক প্ৰধান সম্পাদক আৰু ৰাজুমণি বেজবৰুৱাক সভাপতি হিচাপে নিৰ্বাচিত কৰা বুলি খবৰ প্ৰকাশ হৈছিল।

তাৰ দুদিনমানৰ পাছতেই আকৌ এটা খবৰ আহিল। শিৱসাগৰ অধিৱেশনৰ স্থগিত পূৰ্ণাংগ প্ৰতিনিধি সভাখন পুনৰ অনুষ্ঠিত কৰাৰ খবৰ। ১৯জানুৱাৰী, ২০২৫ত এই সভা বোকাখাতত অনুষ্ঠিত কৰি পূৰ্বৰ প্ৰতিনিধি সভা আৰু নিৰ্বাচনী প্ৰক্ৰিয়াত অসংবিধানিক আখ্যা দি পুনৰ নতুন সভাপতি, প্ৰধান সম্পাদকক নিৰ্বাচিত কৰা হল।

কবিতা ভাল পোৱা মানুহবোৰ আচৰিত হল। চৰ্চা চলিল, এমাহৰ ভিতৰতে পুনৰ সদৌ অসম কবি সন্মিলনৰ নতুন সমিতি গঠন হল। এইবাৰ আকৌ প্ৰধান সম্পাদক হ'ল পূৰ্বৰ প্ৰধান সম্পাদক ছৈয়দ পাৰভিজ হুছেইন। কবি আৰু কবিতাক লৈ এইবোৰ কেনে কাৰবাৰ! 

এদিন ৰাম গগৈয়ে গঠন কৰিছিল কবিসকলৰ এই মঞ্চ। সপোন আছিল অসমীয়া কবিতা আৰু কবি জনমুখী কৰাত এই মঞ্চই সহায় কৰিব। কিন্তু আঁতৰৰ পৰা দেখা আৰু বুজা কথাবোৰে উপলদ্ধি কৰাইছে সেই লক্ষ্য আৰু উদ্দেশ্যৰ পৰা এচামৰ লবীকেন্দ্ৰিক প্ৰৱণতাৰ বাবে এই অনুষ্ঠানটোৱে এতিয়া সৰ্বাসাধাৰণৰ দৃষ্টিত হাঁহিয়াতৰ পাত্ৰ হৈছে।

সাধাৰণ মানুহে ভাৱে, কবি মানেই সহজ-সৰল। কবিতাই তেওঁলোকৰ বাবে পৰম ব্ৰহ্ম। কিন্তু বাস্তৱে কয়, এচামৰ বাবে বিষয়বাবতহে তেওঁলোকৰ দৃষ্টি। শব্দৰ আৰাধনা আৰু কবিতাৰ সৃষ্টিৰ পৃথিৱীখনৰ পৰা তেওঁলোকৰ ক্ৰমশ আঁতৰি গৈ আছে। ইজনৰ বিৰুদ্ধে সিজনৰ অভিযোগ। কবিৰ এই অনুষ্ঠানতো হেনো শিপাইছে দুৰ্নীতি।

কবিতা এতিয়া জহন্নামে যাওঁক, কাৰো আহে নাযায়। কাব্য চৰ্চা আৰু কবিতাক জনমুখী কৰাৰ পৰিৱেশ গঢ়াৰ বিপৰীতে কোনে কি ধৰণে পদবী দখল কৰিব পাৰে তাৰ প্ৰতিযোগিতা চলিছে। আমি জানো কবিৰ পৰা এইবোৰ আশা কৰো?

কবি হিচাপে জনপ্ৰিয় আছিল উজ্বল পাওগাম। কবিতাই আছিল তেওঁৰ পৰিচয়। সেই উজ্বলৰ কবিতা চৰ্চা এতিয়া বহুদিন ধৰি নাই। তাৰ বিপৰীতে বহুতৰ দৃষ্টিত তেওঁ হেনো কবিকেন্দ্ৰিক লবীবাদৰ মূল অভিকেন্দ্ৰ। বহুতৰ মতে কবি আৰু কবিতা জগতখনৰ খলনায়ক।

অভিযোগৰ সংখ্যাই উজ্বলক বেৰি ধৰিছে। নাই কেৱল তেওঁৰ নতুন সৃষ্টি। আমাকতো এইজন উজ্বলক নালাগে! লাগিছিল আমাক এই সময়ত উজ্বল পাওগাম সেই সুপ্ৰতিভ কবিজনক, যাৰ কবিতাত নিচা আছিল।

পাৰভিজ হুছেইনে ভাল কবিতা লিখিছিল। তেওঁৰ কবিতাত গভীৰতা আছিল। কবি হৈ তেওঁ থাকি যোৱা হলেই জানো ভাল নাছিল! বিষয়বাবৰ লালসাত কিয় পৰিল এইজন কবি। হেৰাই গৈছে এতিয়া বহু কবি। কবিতা লিখাৰ অনুশীলন কৰাতকৈ কবি আৰু কবিতাৰ সংগঠক হৈ তেওঁলোকে কি পাইছে!

কিয় এৰি দিব নিবিচাৰে উত্তৰাসূৰীক পদবী? পৰাগজ্যোতি মহন্তইও এই অনুষ্ঠানটোৰ নেতৃত্ব দিছিল। তেওঁতো খামুচি ধৰি থকা নাছিল বিষয়বাবৰ চকী। নীৰৱে কবিতাৰ চৰ্চাৰে আজিও পৰাগজ্যোতি মহন্তই কাব্য চৰ্চাৰ ধাৰা অব্যাহত ৰাখিছে।

জয়জ্যোতি গগৈ এজন প্ৰতিষ্ঠিত কবি। বিষয়বাব নললেও তেওঁৰ নহয় একো ক্ষতি।  প্ৰধান সম্পাদকৰ এই ভঙা-পতা খেলত তেওঁ হল বলি শালৰ ছাগলী। বংশী বৰাই কলে পৰিস্থিতিৰ কথা। স্বীকাৰ কৰিলে কবিসকলৰ এই অনুষ্ঠানত গা কৰি উঠা এচামৰ সংৰ্কীণ মানসিকতা আৰু স্বাৰ্থৰ কথা।

কবিসকলে অন্তঃত এই অনুষ্ঠানক নিকা কৰি ৰাখক। বহু কথা কবিতাৰ স্বাৰ্থত নকলেও ভূ ৰখা সকলে জানে, কবিতাৰ নামত কি চলিছে। প্ৰকৃত কবিসকল আঁতৰতে ৰৈ গৈছে। কবিতা লিখা সমদলত চামিল হোৱা বহুতে ধন আৰু ক্ষমতাৰে পৰিচয় কিনিছে।

এটা সময়ত অসমৰ কাব্য জগতলৈ বহু আশা নবীন কবিয়ে কঢ়িয়াই আনিছিল। অজিত গগৈয়ে তেতিয়াই ৰাজ্যৰ অস্থিৰ পৰিৱেশক লৈ কবিতা লিখি মানুহৰ হৃদয় জিনিছিল। সেনা বাহিনীয়ে চলোৱা অপাৰেশ্যনৰ কথা কবলৈ গৈ কবিতাত লিখিছিল- প্ৰভূ, বুট জোতা পিন্ধা গাহৰিবোৰে দেশখন আলু খন্দা দি খান্দিলে...।

হাৱাই ছেণ্ডেলক লৈ মনোৰম আৰু চিন্তাকৰ্ষক কবিতা লিখা নৱজ্যোতি পাঠক এতিয়া অদৃশ্য। বৰষুণৰ মাদকতাই কবিতা ভৰাই দিয়া লাচিত বৰ্মনৰ সৃষ্টিতো পূৰ্বৰ সেই প্ৰাণ নাই। তীৰ্থজ্যোতি বৰাৰ কবিতাত আছিল মাটি মানুহৰ গোন্ধ।

কবিতা লেখাতকৈ ফটিকা খোৱাই ভাল- বুলি কবি প্ৰাঞ্জল এ. শৰ্মাই কৰা স্বীকাৰোক্তিতেই বাস্তৱতা লুকাই আছে নেকি! মনোজ এম. নেওগৰ কবিতাইও কাব্যপ্ৰেমীৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰিছিল। তেওঁ আছিল সচেতন আৰু স্বভাৱজাত কবি।

সেই কবিসকলৰ সমদল এতিয়া চেদেলি-ভেদেলি হল। অথচ এতিয়াহে প্ৰয়োজন আছিল জাতি-মাটি-ভেটিক জগাই তুলিব পৰা প্ৰাণৱন্ত কবিতা। সেই প্ৰতিভা থকা কবিসকলৰ অনুপস্থিতিয়ে কবিতাৰ মান তললৈ নিছে। ভাল কবিতা পঢ়াৰ হেঁপাহ এতিয়াও পাঠকৰ আছে।

কবিতা এক প্ৰতিবাদী সত্তা। কবি সকল সংবেদনশীল। কবিতাৰ শক্তিৰ কথা কবিয়েও নাজানে! নাজানে কোনটো কবিতাই কাৰ হৃদয় কেনেকৈ চুই যায়। তাৰ প্ৰমাণ আমাৰ দৰে কোনোবা এদিনা দুই এটা কবিতা লিখা জনৰো কবিতাক লৈ সৃষ্টি হোৱা কাৰোবাৰ হেপাঁহ।

তাৰ বিপৰীতে এই জনপ্ৰিয় কবিসকলৰ কবিতাক লৈ মানুহৰ কি স্তৰৰ আগ্ৰহ আৰু অনুভৱ জাগ্ৰত হব পাৰে, সেই কথা প্ৰণৱ বৰ্মনৰ কবিতাই কয়। কবিতাৰ নামত কবিয়ে ৰাজনীতি কৰাতকৈ, কবিতা সৃষ্টিত গুৰুত্ব দিয়ক। এয়া আমাৰ কবিৰ প্ৰতি সবিনয় আহ্বান...

 

কবিতা সদৌ অসম কবি সন্মিলন