✒️মৃদুল কুমাৰ সন্দিকৈ
দুই ৰাজ্যৰ লগতে অসমৰ ৫বিধানসভাকে ধৰি দেশৰ ১৩খন ৰাজ্যৰ ৪৮টা বিধানসভা সমষ্টি আৰু দুই সংসদীয় সমষ্টিত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ফলাফল ওলাল। এই নিৰ্বাচনৰ ফলাফলে কাৰোবাৰ মুখত হাঁহি বিৰিঙালেও আপাতত অসমৰ তিনি প্ৰতাপী ৰাজনীতিবিদৰ পতন ঘটালে।
মহাৰাষ্ট্ৰত বিজেপিৰ জয়জয় ময়ময় হ'ল। বিজেপি নেতৃত্বাধীন এ ডি এয়ে ৰাজ্যখনত ক্লীন ছুইপ কৰিলে। কিন্তু ঝাৰখণ্ডত এন ডি এ তথা বিজেপিৰ ছন্দপতনহে ঘটিল। ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতা হেমন্ত চোৰেনৰ সন্মুখত এই নিৰ্বাচনী যুঁজত নিস্তেজ হৈ পৰিল অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
৮১খন আসনযুক্ত ঝাৰখণ্ড বিধানসভাৰ এই নিৰ্বাচনত নিজৰ ৰাজ্যৰ উপ নিৰ্বাচনক আওকাণ কৰি সৰ্বশক্তিৰে জপিয়াই পৰিছিল অসমৰ মুখ্যমন্ত্ৰীগৰাকী। অৰ্ধশতাধিক নিৰ্বাচনী সভা, ৰেলী আদিত অংশ লৈ শাসকীয় ঝাৰখণ্ড মুক্তি মৰ্চাৰ সমালোচনাত মুখৰ হৈছিল।
দলীয় নেতৃত্বই চাণক্যৰূপে খ্যাত হিমন্ত বিশ্ব শৰ্মাক ঝাৰখণ্ডৰ নিৰ্বাচনী প্ৰচাৰৰ প্ৰায় সমগ্ৰ দায়িত্ব অৰ্পন কৰিছিল। তেওঁ আছিল ঝাৰখণ্ড বিজেপিৰ সহঃ নিৰ্বাচনী প্ৰভাৰী। হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডক তেওঁ দ্বিতীয় ঘৰ আখ্যা দিছিল। কিন্তু ঝাৰখণ্ডবাসীয়ে হিমন্ত বিশ্ব শৰ্মাই এই প্ৰতিশ্ৰুতি আৰু আশ্বাসত আস্থা নাৰাখিলে।
ঝাৰখণ্ডত বেয়াকৈ হাৰি গ'ল এন ডি এ। বিজেপি চৰকাৰ হব বুলি আশা কৰা হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ সফলতাৰ কৃতিত্ব যেনেকৈ লয়, ঝাৰখণ্ডৰ এই পৰাজয়ৰ দায়িত্বও নিশ্চয় তেওঁৰ কান্ধতেই পৰিব। এই নিৰ্বাচনত ঝাৰখণ্ডত বিজেপিৰ লগতে পৰাস্ত হ'ল আমাৰ মুখ্যমন্ত্ৰীও।
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বাদ দি ৰাজ্যৰ ৫বিধানসভা উপ নিৰ্বাচনো ২০২৬ৰ পূৰ্বে অসমৰ বাবে গুৰুত্বপূৰ্ণ আছিল। ইয়াৰে ৪টা সমষ্টিত অৱশ্যে বিজেপি আৰু তেওঁলোকৰ সহযোগী এন ডি এ দলৰ বিধায়কেই আছিল। সংখ্যালঘু অধ্যুষিত চামগুৰি সমষ্টি আছিল কংগ্ৰেছৰ হাতত। ২০২৪ৰ লোকসভা নিৰ্বাচনত ধুবুৰীৰ পৰা অভিলেখ সংখ্যক ভোটত জয়ী হৈছিল ৰকিবুল হুছেইন।
এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলক ১০লাখ ১২হাজাৰ ৪৭৪টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল ৰকিবুল হুছেইনে। ধুবুৰীত এনে সফলতা ৰকিবুল হুছেইনৰ আত্মবিশ্বাসৰ অন্যতম কাৰণ আছিল। সংখ্যালঘু ভোটাৰৰ মাজত তেওঁৰ প্ৰভাৱ কি হ'ব পাৰে, সেয়া বুজাই দিছিল দলীয় নেতৃত্বক ৰকিবুলে।
সেই আধাৰতে তেওঁ প্ৰতিনিধিত্ব কৰা বিধানসভা সমষ্টিটোত পুত্ৰ তাঞ্জিল হুছেইনক কংগ্ৰেছৰ প্ৰাৰ্থী কৰাত ৰকিবুল হুছেইন সফল হৈছিল। পৰিয়ালতান্ত্ৰিক মোহত বন্দী হোৱা এটা পৰিয়াল ৰকিবুল হুছেইনৰ পৰিয়াল। কংগ্ৰেছৰ সংখ্যালঘু সম্প্ৰদায়ৰ এইজন নেতাই তেঁও ২৩টা বছৰ প্ৰতিনিধিত্ব কৰা চামগুৰি সমষ্টিটোক পৈতৃক সম্পতি কৰি পেলাইছিল। দলত থকা প্ৰভাৱ, ধনৰ জোৰত চামগুৰি বিধানসভাৰ উপ নিৰ্বাচনত নিজৰ ইচ্ছা অনুসৰি পুত্ৰক কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিছিল ৰকিবুলে।
কেইটামান দিন যুৱ কংগ্ৰেছী আছিল তাঞ্জিল হুছেইন। ৰাজনীতিত ৰকিবুল হুছেইনৰ পুত্ৰৰ ব্যৱহাৰিক জ্ঞান কিমান সেয়া আন এক প্ৰশ্ন আছিল। ৰকিবুল হুছেইনৰ পুত্ৰ হোৱাটোৱেই তেঁওৰ প্ৰধান পৰিচয় আৰু অৰ্হতা। ৰকিবুল হুছেইনেও ৰাজনীতিৰ ডি এন এ পিতৃৰ সূত্ৰেহে পাইছিল।
১৯৫২ চনৰ পৰা চামগুৰি সমষ্টিত মুঠ ৮জন জনপ্ৰতিনিধি সমষ্টিবাসীয়ে পাইছে। ১৯৫২ চনত এই সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল কংগ্ৰেছৰ ঊষা বৰঠাকুৰ। তেঁও ১৯৫৭ চনতো চামগুৰি সমষ্টিৰ বিধায়িকা আছিল। তাৰ পাছত বিষ্ণুপ্ৰসাদে এবাৰ, ভবেন্দ্ৰ কুমাৰ শইকীয়াই এবাৰ, অতুল শৰ্মাই এবাৰ এই সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল। ১৯৮৩ৰ অবৈধ নিৰ্বাচনত চামগুৰি সমষ্টিৰ পৰা প্ৰথমবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল নুৰুল হুছেইন।
১৯৯১ চনত পুনৰ নৰুল হুছেইনে এই সমষ্টিটোৰ পৰা দ্বিতীয়বাৰ জয়ী হয়। হুছেইনে ১৮,৮২৫টা ভোট লাভ কৰিছিল। চামগুৰিৰ পৰা বিধায়ক হৈ আহি হিতেশ্বৰ শইকীয়াৰ মন্ত্ৰী সভাত তেঁও সমবায় ৰাজ্যিক মন্ত্ৰীৰ পদো লাভ কৰিছিল। ১৯৯১ চনৰ ৩০ জুনৰ পৰা ১৯৯৬ চনৰ ২২ এপ্ৰিললৈকে মন্ত্ৰী হৈ থকা নুৰুল হুছেইনেই আছিল ৰকিবুল হুছেইনৰ পিতৃ।
পিতৃ ৰাজনীতিবিদ হোৱাৰ সূত্ৰেই ৰকিবুল হুছেইনে ৰাজনীতিত প্ৰৱেশৰ সুযোগ লাভ কৰিছিল। ২০০১ চনৰ নিৰ্বাচনত চামগুৰিৰ কংগ্ৰেছৰ প্ৰাৰ্থী হৈছিল ৰকিবুল। সেইবাৰ ৰকিবুল হুছেইনে ৪হাজাৰতকৈ কম ভোটৰ ব্যৱধানত চামগুৰিৰ পৰা অসম গণ পৰিষদৰ অতুল শৰ্মাক হৰুৱাই বিধানসভালৈ নিৰ্বাচিত হৈছিল।
তাৰ পাছত ২০০৬, ২০১১, ২০১৬ আৰু ২০২১ত চামগুৰি সমষ্টিৰ পৰা ৰকিবুল হুছেইন জিকি আহিছিল। ২০১১ত প্ৰফুল্ল কুমাৰ মহন্ত উক্ত সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিল ৰকিবুল হুছেইনৰ বিৰুদ্ধে। এই নিৰ্বাচনী যুঁজত মহন্ত পৰাস্ত হৈছিল ৰকিবুল হুছেইনৰ হাতত। ২০০১ৰ পৰা মুঠ ২৩ বছৰ এই সমষ্টিটোৰ বিধায়ক হৈ থাকিল ৰকিবুল হুছেইন। ২০২৪ত ধুবুৰীৰ পৰা লোকসভালৈ নিৰ্বাচিত হোৱাত তেঁও পঞ্চমটো বিধায়কৰ কাৰ্যকাল সম্পূৰ্ণ কৰিব নোৱাৰিলে।
চামগুৰি সমষ্টিত ২৩ বছৰ ৰকিবুল হুছেইন, ৭বছৰ ৰকিবুলৰ পিতৃ নৰুল হুছেইন বিধায়ক হৈ আছিল। ৩০ বছৰ পিতা- পুত্ৰই এই সমষ্টিটো প্ৰতিনিধিত্ব কৰাৰ পাছত ৰকিবুল হুছেইনে তেঁওৰ পুত্ৰ তাঞ্জিলক বিধায়ক কৰিবলৈ চেষ্টা কৰিছিল যদিও সেই সুবিধা সমষ্টিবাসীয়ে নিদিলে।
এক অৰ্থত এই নিৰ্বাচনী যুঁজ পুত্ৰক সন্মুখত ৰাখি ৰকিবুল হুছেইনেই যুঁজিছিল। কিন্তু হুছেইনৰ সপোন পূৰণ নহল। চামগুৰিত সাময়িকভাৱে হলেও অন্ত পৰিল ৰকিবুল হুছেইনৰ অধ্যায়। অৰ্থাত এই নিৰ্বাচনত প্ৰত্যক্ষ ভাৱে নহলেও পৰোক্ষাভাৱে পৰাস্ত হল ৰকিবুল হুছেইনৰ।
২০২৪ৰ নিৰ্বাচনত যোৰহাটত জয়ী হৈছিল গৌৰৱ গগৈৰ। ইয়াক বিৰোধীৰ এক প্ৰতিনিধিত্বমূলক জয় আখ্যা দিছিল। আহি থকা দিনবোৰত গৌৰৱ গগৈ অসম ৰাজনীতিৰ এক শক্তিশালী শক্তি আৰু নেতৃত্ববাহক হব বুলি সাধাৰণ মানুহে ভাৱিছিল। বিহালীৰ উপ নিৰ্বাচনৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সিদ্ধান্তত গৌৰৱ গগৈৰ ভূমিকাই ৰাজ্যৰ বিৰোধী ঐক্য শক্তিকেই থান-বান কৰি পেলালে।
দিল্লীত থকা প্ৰভাৱ আৰু ৰাহুল গান্ধীৰ সৈতে থকা সুসম্পৰ্কৰ বাবেই আগদিনা কংগ্ৰেছত যোগ দিয়া এজন ব্যক্তিক বিহালীত প্ৰাৰ্থিত্ব প্ৰদান কৰিব লগা হৈছিল দলটোৱে। তাৰ বিৰুদ্ধে কংগ্ৰেছৰ ভিতৰচৰাতেই নীৰৱ প্ৰতিবাদ হৈছিল। গৌৰৱ গগৈয়ে নাচোৰবান্দা হৈ এই সমষ্টিটোৰ নিৰ্বাচনী প্ৰচাৰৰ দায়িত্ব নিজৰ কান্ধত লৈছিল।
অসম সন্মিলিত মৰ্চাৰ বাবে এই সমষ্টিটো এৰি দিও শেষ মূৰ্হুতত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই হাত দাঙি দিব লগা অৱস্থা হৈছিল। জয়ন্ত বৰাক প্ৰাৰ্থিত্ব প্ৰদান কৰি সমষ্টিটোৰ পৰা জয়ী কৰি নিয়া দায়িত্ব লৈছিল গৌৰৱ গগৈয়ে। কিন্তু ফলাফলত গৌৰৱ গগৈয়ে ভৱাৰ দৰে ৰাজনৈতিক অংক আৰু সমীকৰণবোৰৰ উত্তৰ নোলাল।
বিহালীত বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱালৰ হাতত ৯,০৫৯টা ভোটৰ ব্যৱধানত হাৰিল জয়ন্ত বৰা। তাৰ বিপৰীতে চি পি আই এম এলৰ প্ৰাৰ্থী লক্ষ্মীকান্ত কুৰ্মীয়ে ৫হাজাৰ ৯৩টা ভোট লাভ কৰিলে। পূৰ্বতেও জয়ন্ত বৰাই এই সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল। সেই নিৰ্বাচনবোৰত দেখা পোৱা গৈছিল জয়ন্ত বৰাই ২০সহস্ৰাধিক ভোট লাভ কৰিছিল।
২০২১ৰ নিৰ্বাচনত জয়ন্ত বৰাই ২৩,৭৪৬টা ভোট লাভ কৰিবলৈ সক্ষম হৈছিল। যদি তেওঁৰ সমষ্টিটোত সেই পৰিমাণৰ ভোট আছিলেই কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰি এই উপনিৰ্বাচনত ১৮হাজাৰতকৈ ভোট বেছিকৈ নাপালে। এয়া কংগ্ৰেছৰ পৰাজয়। বিহালীত জয়ন্ত বৰাক প্ৰাৰ্থী কৰিম বুলি আঁকোৰগোঁজ হৈ থকা গৌৰৱ গগৈৰ পৰাজয়।
এনেকৈ ঝাৰখণ্ড আৰু অসমৰ ৫সমষ্টিৰ উপনিৰ্বাচনত পৰোক্ষ, প্ৰত্যক্ষভাৱে পৰাজয়ৰ মুখ দেখিলে হিমন্ত বিশ্ব শৰ্মা, ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈয়ে...