মৃদুল কুমাৰ সন্দিকৈ
স্মৃতিয়ে মানুহক আমনি কৰে। সোণোৱালী সুদিনৰ এই স্মৃতিবোৰ সোঁৱৰণ কৰাৰ মাদকতাই সুকীয়া। তাতে যদি সেইবোৰ কলেজীয়া বা বিশ্ববিদ্যালয় দিনৰ হয়, তেন্তে এই স্মৃতি সোঁৱৰণৰ মাদকতাই সুকীয়া।
ৰাজ্যৰ এখন উল্লেখযোগ্য উচ্চ শিক্ষানুষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়। বিংশ শতিকাৰ ষাঠি দশকত উজনি অসমত প্ৰতিষ্ঠা হোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এতিয়া মানৱ সম্পদ গঢ়া এক উৎকৰ্ষ শিক্ষাকেন্দ্ৰ। প্ৰতি বছৰে নতুন নতুন ছাত্ৰ-ছাত্ৰীয়ে এই শিক্ষানুষ্ঠানত নামভৰ্তি কৰে।
এদিন নতুন ছাত্ৰ- ছাত্ৰী পুৰণি হয়। শিক্ষা সাং কৰি উভতি যায় নিজ গৃহলৈ। কৰ্মসূত্ৰে বিচৰণ কৰি ফুৰে নিজা নিজা পৃথিৱীত। এনেদৰে কত ছাত্ৰ- ছাত্ৰী আহে আৰু যায়, তাৰ হিচাপহে ৰখা নহয়।
স্মৃতি হৈ ৰৈ যায় বিশ্ববিদ্যালয়ত লগ পোৱা জ্যেষ্ঠ- কনিষ্ঠসকলৰ সান্নিধ্য। বিশ্ববিদ্যালয়খনত অধ্যয়ন কৰা প্ৰাক্তন ছাত্ৰ- ছাত্ৰীৰ বাবে এখন মঞ্চ গঠন কৰা হৈছিল। নাম দিয়া হৈছিল- স্মৃতিধাৰা- অসম। বিশ্ববিদ্যালয়ৰে এসময়ৰ প্ৰাক্তন ছাত্ৰ দীপক বৰ্মনে ল’লে নেতৃত্ব।
কেৱল অতীতৰ সুমধুৰ সেই স্মৃতিক সুঁৱৰিবলৈকে এই মঞ্চ নহয়। সহৃদয়তাৰে নতুন- পুৰণি সতীৰ্থসকলক লৈ এটা পৰিয়াল হিচাপে একতাৰডোলেৰে বন্ধাৰ প্ৰয়াস আছিল এয়া। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা সকলৰ বাবে এয়া যে এক স্থায়ী ঠিকনা।
গতিশীল সময়ক নতুন চিন্তাৰে, নতুন সংকল্পৰে তুলি ধৰাৰ প্ৰয়াস। সেয়েহে এই অনুষ্ঠানৰ লক্ষ্য লোৱা হৈছিল- আমাৰ দুহাতত সতীৰ্থৰ হাত, দহৰ হিতৰ বাবে গঢ়িম সুন্দৰৰ বাট। কোনো এক শিক্ষানুষ্ঠানৰ বাবে এনে এক পদক্ষেপ আদৰ্শ আৰু অনুকৰণীয়।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি যোৱা প্ৰাক্তন ছাত্ৰ- ছাত্ৰীসকল সমাজত সু- প্ৰতিষ্ঠিত। তেওঁলোকৰ সামান্য প্ৰয়াস আৰু সহযোগিতাই এফালে ঐতিহ্য আৰু গৰিমাক মহিমামণ্ডিত কৰাৰ সুবৰ্ণ সুযোগ এয়া।
এখন বৌদ্ধিক চিন্তাৰ জগত তৈয়াৰ কৰি শিক্ষাগুৰুকে ধৰি সমাজৰ বৰেণ্য ব্যক্তিসকলৰ প্ৰতি দায়বদ্ধশীলৰূপত নিজক গঢ়ি তুলিব খোজা হৈছে স্মৃতিধাৰাৰ জৰিয়তে। সময়ৰ সোঁতত ম্লান হ’ব ধৰা পুৰণি বন্ধুত্বক অণ্বেষণ কৰা এই মহা প্ৰয়াসৰে ফচল স্মৃতিধাৰা।
অসমৰ বিভিন্ন স্থানত গঠন কৰা হৈছে স্মৃতিধাৰাৰ সমিতি। ২০২২ৰ ১৩ মাৰ্চত গঠন কৰা হৈছিল স্মৃতিধাৰা, শিৱসাগৰ সমিতি। স্মৰণ কৰিছে তেওঁলোকে আদৰৰ শিক্ষাগুৰুসকলক। উত্তৰ লখিমপুৰত সশ্ৰদ্ধাৰে সুঁৱৰিলে ড০ লীলা গগৈ দেৱক।
ৰাজ্যৰ কোণে কোণে বিয়পিছে স্মৃতিধাৰাৰ সুবাস। ২০২২ৰ ১১ মে’ত স্মৃতিধাৰা তিতাবৰ সমিতি। ডিগবৈ, মাৰ্ঘেৰিটা, লিডু আদি সকলোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ- ছাত্ৰীসকল সংগঠিত হৈছে। প্ৰয়াত শিক্ষাগুৰু বীৰেন্দ্ৰ নাথ বৰঠাকুৰৰ স্মৃতিচাৰণ সভা পাতিছে তেওঁলোকে।
দিখৌমুখ মহাবিদ্যালয়ত ২০২৪ৰ ২১ আগষ্টত অনুষ্ঠিত কৰিলে ড০ প্ৰহ্লাদ কুমাৰ বৰুৱাৰ স্মৃতিত বক্তৃতানুষ্ঠান। প্ৰাক্তন সতীৰ্থসকলৰ বিপদৰ সময়ত পৰিয়ালৰ খবৰ ৰাখিছে আন সকল সতীৰ্থই। প্ৰাক্তন সতীৰ্থ অজিত গগৈৰ বাসগৃহলৈ গৈ কৈছিল গৈ- তেওঁ নাথাকিলেও আমি আছোঁ।
স্মৃতিধাৰাই প্ৰকাশ কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীৰ মুখপত্ৰ। সেই মুখপত্ৰৰ নাম ৰখা হৈছে স্মৃতিধাৰা। ২০২৪ৰ এই মুখপত্ৰ বিশ্ববিদ্যালয়খনৰ প্ৰাক্তন অধ্যাপক ড০ মৃগেন্দ্ৰ নাৰায়ণ দাসৰ শ্ৰদ্ধাৰ্ঘ্য সংখ্যাৰূপে প্ৰকাশ কৰিছে।
২৭৭ পৃষ্ঠাৰ এই মুখপত্ৰৰ সম্পাদনাৰ দায়িত্বত আছিল ড০ প্ৰশান্ত কুমাৰ চুতীয়া। সম্পাদকীয়ত তেওঁ লিখিছে- জীৱনক গঢ়িবলৈ সাফল্যৰ বাবে কৃচ্ছ সাধনাৰে এচামে পবিত্ৰ হয়। জীৱনৰ গতিয়ে এই সময়তে নিৰ্দিষ্ট ৰূপ ল’বলৈ আৰম্ভ কৰে । বহুতে সাফল্যৰ মুকুতা বুটলি জীৱনক ঐশ্বৰ্যশালী কৰে। বহুতে যি পালে তাকে মুলধনৰূপে লৈ জীৱন সংগ্ৰামত নামি পৰে। বিশ্ববিদ্যালয়ৰ মজিয়ালৈ নহা হ’লে, হয়তো তেওঁলোকৰ জীৱনৰ গতিয়ে সুকীয়া হ’লহেতেন !
ডিব্ৰুগড় বিশ্ববিদ্যায়লৰ সতীৰ্থসকলৰ সহৃদয়তা আৰু আন্তৰিকতাৰ উমান ইয়াতেই পাব পাৰি। সেই আবেগৰ মাজতেই প্ৰতিফলিত হৈছে তেওঁলোকৰ সমাজৰ প্ৰতি থকা দায়বদ্ধতা। স্মৃতিধাৰাৰ নেতৃত্ব দিয়া দীপক বৰ্মনে এই মুখপত্ৰত প্ৰকাশ পোৱা এটা লেখাত ইয়াৰ লক্ষ্য আৰু উদ্দেশ্যৰ কথা বিস্তৃতভাৱে ব্যাখ্যা কৰিছে।
এয়া এক দীৰ্ঘ আৰু হ্ৰস্বম্যাদী আঁচনি। এজন আনজনৰ সহায় হোৱাৰ প্ৰতিশ্ৰুতি। এনেকৈয়েতো ঘূৰি যাব পাৰি অতীতলৈ। বিশ্ববিদ্যালয়ৰ ৰঙীণ দিনবোৰত ঝংকাৰিত পুৰণি স্মৃতিবোৰৰ পৰা নতুন পুৰুষলৈ শুভবাৰ্তা দিব পৰা নিঃস্বাৰ্থ প্ৰয়াস এয়া। ন পুুৰণি সতীৰ্থসকলৰ বাবে গঠন কৰিব এক ন্যাসো।
স্মৃতিধাৰা অসমৰ জৰিয়তে এটা ছাতিৰ তলত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ ছাত্ৰ- ছাত্ৰীসকল এক হৈছে। প্ৰকাশ কৰা হৈছে ড০ লীলা গগৈৰ জীৱন আৰু সাহিত্য নামৰ এখন গৱেষণাধৰ্মী গ্ৰন্থ। তেওঁলোকে ড০ কবিন ফুকনৰ জীৱন আৰু কৰ্ম সম্পৰ্কে দুখন গ্ৰন্থ প্ৰণয়নৰ দিহা কৰিছে। এনে বহু পৰিকল্পনা আছে স্মৃতিধাৰা অসমৰ। ২০২৪ৰ মুখপত্ৰত বহু পুৰণি ছাত্ৰ- ছাত্ৰীয়ে বিশ্ববিদ্যালয়ত কটোৱা সময় আৰু অনুভৱ লেখাৰ মাজেৰে তুলি ধৰিছে।
সোঁৱৰণিৰ কুঁৱলী ফালি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেঙণিত বিশ্ববিদ্যালয়খনৰ গণিত বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক গোপাল চন্দ্ৰ হাজৰিকাই ১৯৬৫ চনত কিদৰে আৰম্ভ কৰা হৈছিল বিশ্ববিদ্যালয় সেই কথা উল্লেখ কৰিছে। মুখপত্ৰখনত প্ৰকাশিত প্ৰতিটো লেখাই মন চুই যোৱা।
ড০ অনিল শইকীয়াই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মোৰ সেউজী সুদিনত উল্লেখ কৰিছে- কাহিনী কাহিনী লগা অলেখ স্মৃতি। আছে ইয়াত শিক্ষাগুৰু, প্ৰতিষ্ঠিত লেখিকা তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰীৰ সাক্ষাতকাৰ। বৌদ্ধিক আৰু সামাজিকভাৱে এদিন স্মৃতিধাৰা অসমে সমাজখনকে সমৃদ্ধ কৰিব।