মৃদুল কুমাৰ সন্দিকৈ
কথাটো হয়তো আমি মন কৰা নাই। আমাৰ মাজৰ পৰা বহু সম্বন্ধ নাইকীয়া হৈ গৈছে। অসমীয়া মানুহে সম্বোধন কৰা আন কিছু সম্বন্ধ এতিয়া বিপন্ন হৈ পৰিছে। বিভিন্ন কাৰণত এয়া হৈছে আৰু অসমীয়া সমাজৰ বৈচিত্ৰতা ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে।
বৰ্তমান নতুন প্ৰজন্মৰ বহুতে অসমীয়া সমাজ ব্যৱস্থাত প্ৰচলিত বহু সম্বন্ধৰ কথা নাজানে বা জনাৰ অৱকাশ আৰু সুযোগ পোৱা নাই। পেহী-পেহা, খুৰা-খুৰী, নিচাদেউ-আপাদেউ, জেঠা-জেঠী, মামা-মামী আদি সম্বন্ধবোৰ খুব সোনকালে অতীত হৈ পৰিব।
অথচ এই সম্বন্ধবোৰে কাৰোবাক সম্বোধন কৰিলে তেওঁৰ সৈতে সম্বোধন কৰা জনৰ কি সম্পৰ্ক সেই কথা বুজাই কব নালাগে। সম্ভৱত অসমীয়া ভাষাতেই সম্বোধনৰ এই বৈচিত্ৰতা আছিল। দেউতাকৰ ককায়েকক আহোম সম্প্ৰদায়ৰ লোকসকলে নিচাদেউ সম্বোধন কৰে। আৰু ককায়েকৰ পত্নীক আপাদেউ বুলি সম্বোধন কৰা হয়।
এতিয়া সেই সম্বোধন গ্ৰাম্য সমাজতহে শুনিবলৈ পোৱা যায়, তাকো সেয়া ক্ৰমান্বয়ে আংকুল-আন্টি সম্বোধনে গ্ৰাস কৰি পেলাইছে। ইংৰাজী মাধ্যমত পঢ়া নতুন প্ৰজন্মৰ শিশু বা যুৱক-যুৱতীয়ে নিচাদেউ-আপাদেউৰ ঠাইত আংকুল-আন্টিক এনেদৰে আদৰি লৈছে যে সেয়া দেউতাকৰ ভায়েক নে ককায়েক সুধিব লগা হয়।
মাকৰ ভায়কক মোমাইদেউ আৰু মোমাইদেউৰ পত্নীক মামী বুলি সম্বোধন কৰা হৈছিল। এই সম্বোধনো আংকুল-আন্টিয়ে ইতিমধ্যে বিপন্ন কৰি তুলিছে। মাকৰ মাক-দেউতাকক আমি এনাইদেউ-পোথাদেউ বুলি সম্বোধন কৰিছিলো। একেদৰে দেউতাকৰ মাক দেউতাকক ককা-আইতা সম্বোধন কৰা হৈছিল।
কোনোবাই কাৰোবাক এইবোৰ সম্বোধনৰে মাতিলে আমি বুজি উঠিছিলো তেওঁ মাতোতাজনৰ মাক নে দেউতাকৰ মাক দেউতাক। এতিয়া সেইবোৰ ককা-আইতা হৈ পৰিল। বহুতে আকৌ গ্ৰেণ্ড পা- গ্ৰেণ্ড মা আদি সম্বোধনেৰেও সম্বোধন কৰিবলৈ শিকিছে।
দেউতাকক অসমীয়া সমাজত পিতাই সম্বোধনৰে সম্বোধন কৰিছিল। পিতাই, দেউতা, আবু, আতা আদি সম্বোধনবোৰ আজি জানো হেৰাই যোৱা নাই! সেইবোৰ সম্বোধনৰ স্থান ললে পাপাই। দেউতাকক পাপা বুলি সম্বোধন কৰাতো আধুনিকতা আৰু ফেশ্বন হৈ পৰিছে। মাতৃক আমি বৰ সাদৰেৰে সম্বোধন কৰিছিলো আই বুলি। কোনো কোনেৱে মাতৃক মাতিছিল আবু বুলি। মা সম্বোধনে অতিক্ৰম কৰিছিল আত্মীয়তাৰ সকলো সীমা। সেই মা এতিয়া বহুতৰ বাবে হ'ল মম।
মাহী সম্পৰ্কৰ মাজত চেনেহৰ এক বন্ধন লুকাই থাকে। মাহীৰ স্বামীক মহা বুলি সম্বোধন কৰা হৈছিল। ভতিজা-ভাগিন আদি সম্পৰ্কবোৰৰ এক নিজস্ব পৰিচয় আছিল। নিজ ভাতৃ বা জ্যেষ্ঠ ভাতৃৰ পুত্ৰ-কন্যাক ভতিজা বুলি মতা হৈছিল। একেদৰে ভগ্নী বা জ্যেষ্ঠ ভগ্নী পুত্ৰ-কন্যাক ভাগিন সম্বোধন কৰাৰ নিয়ম আছিল। এতিয়া সেইবোৰ হলগৈ নেফিউ।
এনেকৈয়ে আমি আমাৰ সমাজ ব্যৱস্থাত প্ৰচলিত বহু অসমীয়া সম্বোধন কৰিবলৈ এৰি দিছো। যাৰ পৰিণতিত আমাৰ অসমীয়া সমাজৰ প্ৰচলিত সম্পৰ্কবোৰ কিছু ইংৰাজী মাধ্যমৰ সম্পৰ্কৰ আধাৰত সীমাৱদ্ধ হৈ পৰিছে।
খুৰা-খুৰীৰ সম্পৰ্ক চাচা-চাচীলৈ পৰিৱৰ্তন হোৱা নিজ চকুৰে উপলদ্ধি কৰিব পাৰি। ভাই বুলি কৰা বুলি সম্বোধনৰ স্থান ললে ব্ৰাডাৰে, ভনী হ'লগৈ চিষ্টাৰ। ননদ-দেওৰ আদি সম্বোধন কাৎচিত কোনোবাইহে ধৰে।এইবোৰৰ লগতে আন এক সামাজিক প্ৰত্যাহ্বান আমাৰ সমাজ ব্যৱস্থাত গঢ় লৈ উঠিছে। এতিয়া কোনো পৰিয়ালত এটা সন্তানেই যথেষ্ট বুলি ভৱাৰ মানসিকতাই আমাৰ এই সম্পৰ্কবোৰক অতীত হোৱাৰ পথ মুকলি কৰি দিছে।
উদাহৰণস্বৰূপে, কোনো এজন লোকৰ একমাত্ৰ পুত্ৰ হোৱা হেতু সেই পুত্ৰৰ পুত্ৰই তেজৰ সম্পৰ্ক থকা মামা বা মামী, মাহী বা মহা, খুৰা বা খুৰী সম্পৰ্কৰ অস্তিত্ব বুজি নাপাব। কিয়নো পিতৃ একমাত্ৰ পুত্ৰ হোৱা হেতুকে তেওঁৰ কোনো ভাতৃ-ভগ্নী নাথাকিব। বা মাতৃ একমাত্ৰ কন্যা হোৱাৰ বাবে তেওঁ নিজৰ কোনো ভাতৃ বা ভগ্নী নথকা হেতু সেই কন্যাৰ পুত্ৰই তেজৰ সম্পৰ্ক থকা মামা বা মাহী সম্বোধন কৰিবলৈ কোনো নাথাকিব।
অসমীয়া মানুহৰ সামাজিক জীৱন অতি উচ্চমানৰ আছিল। সম্ভৱত অসমীয়া ভাষাতেই কোনো এজন ব্যক্তিক বুজাবলৈ একাধিক সম্বোধন ব্যৱহাৰ হয়। ইংৰাজীত HE বা SHE অনুৰূপ অসমীয়া শব্দ সি বা তাই নতুবা তেওঁ বা তেখেত লিখিব পাৰি।
আনহাতে, YOU শব্দৰো অসমীয়া ভাষাত একাধিক অনুৰূপ শব্দ আছে। যেনে, তুমি, তই, আপুনি আদি শব্দবোৰ কোনো ব্যক্তি বিশেষৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি। কাৰোবাক খঙত তই, মৰমত তুমি আৰু শ্ৰদ্ধা,সন্মানত আপুনি সম্বোধন কৰাৰ সুযোগ কেৱল অসমীয়া ভাষাত আছে।
ইংৰাজীত সেই বৈচিত্ৰতা কিন্তু দেখিবলৈ পোৱা নাযায়। অসমৰ গ্ৰাম্য জীৱনত এই সম্বোধনবোৰে মানুহক এক আত্মীয়তাৰ দোলেৰে বান্ধি ৰাখিছিল। দূৰ সম্পৰ্ক হলেও এই ধৰণৰ সম্বোধনবোৰে যি আত্মিক তাড়নাৰ সৃষ্টি কৰিছিল, সেই আত্মিক তাড়না তথাকথিত আধুনিক সম্বোধনৰ মাজত দেখিবলৈ পোৱা নাযায়।
এনেবোৰ সম্বন্ধৰে গঢ়া এখন সমৃদ্ধশীল সমাজৰ গৰাকী আছিলো আমি। দেউতাকৰ বন্ধুয়েকক আমি এদিন সম্বোধন কৰিছিলো তাৱৈ বুলি। তাৱৈৰ পত্নীক মতা হৈছিল আমৈ বুলি। এতিয়া তাৱৈ-আমৈ পাহৰণিৰ গৰ্ভত।
বন্ধুক বান্ধৈ বোলা নিয়ম আছিল অসমীয়া সমাজত। একেলগে হৰণ-ভজন লোৱা লোকসকলে পৰস্পৰে পৰস্পৰক হৰিভকত বুলি মাতিছিল। সখা সলনি হল দোস্তলৈ। ভাগিন বোৱাৰী, ভতিজা বোৱাৰী, জী নাতি, পো নাতি কিমান যে অভিধাৰে এই সম্বোধনবোৰ ভৰপূৰ আছিল।
সেইবোৰ সম্বোধন এতিয়া আমি এৰি নতুন সম্বোধন আকোঁৱালি লৈছো। জনগোষ্ঠীয় লোকসকলেও তেওঁলোকৰ সমাজ ব্যৱস্থাত তেনে এক বিশাল সম্বোধনেৰে সমাজ আৰু পৰিয়ালটোক ধৰি ৰাখিছিল। সেই সকলোতে এতিয়া আধুনিকতাৰ প্ৰভাৱ পৰিছে। আমি সম্বোধন বোৰ এৰি যেন আধুনিক হব খুজি নিজস্বতাকে হেৰুৱাই পেলাইছো।
এইবোৰ কথা উপলদ্ধি কৰাৰ সময় আৰ অৱকাশো এতিয়া আমাৰ নাই। সমাজ বিজ্ঞানীসকলে এইবোৰ দিশত গৱেষণা কৰিলে বহুবোৰ আন দিশ উন্মোচিত হব। নিজস্বতাক এৰি পৰৰ সংস্কৃতিক আৰু সমাজ জীৱনক আকোৱাঁলি লোৱাৰ পংগু অসমীয়া জাতি হবলৈ গৈ আছো আমি...