/asomiyapratidin/media/media_files/2024/12/08/wChMLb7SZ5vUvO5SBUQQ.jpg)
ডিম্পুল বৰগোহাঁই
'আজিৰ পৰা 'অসমীয়া প্ৰতিদিন'ৰ ছেটেলাইট সংস্কৰণঃ ডিব্ৰুগড়ত গাম্ভীৰ্যপূৰ্ণ উদ্বোধনী অনুষ্ঠান'- ১৯৯৯চনৰ ১৫ছেপ্টেম্বৰ সংখ্যাত অসমীয়া প্ৰতিদিনৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছিল এই খবৰটো। সংবাদ জগতত এক নতুন অধ্যায়ৰ সূচনা কৰি সাদিন-প্ৰতিদিন গোষ্ঠীয়ে ডিব্ৰুগড়ত নিজেই এটা বাতৰিৰ সৃষ্টি কৰিছিল। আজিৰ পৰা ২৫বছৰৰ আগেয়ে হোৱা এই সৃষ্টি এতিয়া এজোপা বটবৃক্ষলৈ ৰূপান্তৰ হৈছে।
১৯৯৯চনৰ সেই দিনটোত এই খবৰে ডিব্ৰুগড় তথা উজনি অসমবাসীৰ মাজত আনন্দৰ মৃদু জোকাঁৰণি সৃষ্টি কৰিছিল। সকলোৱে ধন্যবাদ আৰু আদৰণি জনাইছিল হেমকোষ প্ৰাণ দেৱানন্দ বৰুৱা আৰু এতিয়াৰ অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাৰ এই প্ৰদক্ষেপক। বিষ্ণু ৰাভাৰ -আজি মন্দিৰৰ দুৱাৰ খোলা' শীৰ্ষক কালজয়ী গীতটো দুই কণমাণিয়ে পৰিৱেশন কৰাৰ পাছতে আনুষ্ঠানিকভাৱে মুকলি হৈছিল সেই নৱনিৰ্মিত কাৰ্যালয়।
বিষ্ণু ৰাভাৰ সেই গীতটোৰ দৰেই ডিব্ৰুগড় চহৰত আজি ২৫বছৰে সাদিন-প্ৰতিদিন গোষ্ঠীৰ সেই কাৰ্যালয়টোক সংবাদ জগতৰ মন্দিৰ বুলি অভিহিত কৰি আহিছে বহুজনে। উৰুলি-মংগল ধ্বনিৰ মাজেৰে প্ৰবীণ সাংবাদিক মহেশ্বৰ চুতীয়াই ডিব্ৰুগড়ৰ সাদিন-প্ৰতিদিন গোষ্ঠীৰ কাৰ্যালয়টো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল।
সেইদিনা উদ্বোধনী অনুষ্ঠানত বহুকেইজন খ্যাতনামা সাহিত্যিক-সাংবাদিক সমৱেত হৈছিল। মুকলি সভাত তিনিজন বিশিষ্ট ব্যক্তিক সম্বৰ্ধনাও জনোৱা হৈছিল। তেওঁলোক আছিল- মহেশ্বৰ চুতীয়া, কামাখ্যা প্ৰসাদ, চলিহা আৰু ড০ দিব্যহাস গোস্বামী। সেইসময়ৰ স্থানীয় সাংসদ পৱনসিং ঘাটোৱাৰৰ লগতে, বিশিষ্ট সাহিত্যিক শিৱনাথ বৰ্মন, উদয়াদিত্য ভৰাঁলী, নিত্য বৰা, ভুৱন বৰুৱা, হাইদৰ হুছেইন, ৱাজবীৰ হুছেইনকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি।
উদ্বোধনী অনুষ্ঠানত হেমকোষপ্ৰাণ দেৱানন্দ বৰুৱা উপস্থিত থাকি সকলো দিশ তদাৰক কৰিছিল। সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱা সেই দিনটোত সীমাহীন ব্যস্ততা বুৰ গৈ আছিল। ইতিহাস সৃষ্টি কৰা সেই দিনটোত উদ্বোধনী সভাত সভাপতিত্ব কৰিছিল ড০ নগেন শইকীয়াই।
বিশিষ্ট চিন্তাবিদ তথা অসমীয়া জাতীয় জীৱনৰ অভিভাৱকস্বৰূপ ড০ নগেন শইকীয়াই উক্ত দিনটোৰ সভাপতি ভাষণত কৈছিল- উজনি অসমৰ কাকতৰ নিজৰা হয়গৈ দক্ষিণতহে। কিন্তু সাদিন-প্ৰতিদিন গোষ্ঠী উজাই আহিছে অৰুণোদই উলিয়াবলৈ, মিছনেৰীসকল যেনেকৈ উজাই আহিছিল।'
সেই আৰম্ভণিয়ে ২৫টা সোণালী বসন্ত গৰকিলে। জাতীয় জীৱনৰ প্ৰতি দায়ৱদ্ধ ভূমিকাৰে সাদিন-প্ৰতিদিন গোষ্ঠীয়ে অসমবাসীৰ মাজত যি প্ৰচণ্ড আস্থা, বিশ্বাস আৰু আশাৰ সঞ্চাৰ কৰিছিল, সেই যাত্ৰাত যেন আৰু অধিক সঞ্জীৱনি ঢালিলে ডিব্ৰুগড় সংস্কৰণে। সেই গৌৰৱজ্বল ২৫টা বছৰৰ আনন্দ উজনি অসমৰ ৰাইজৰ সৈতে ভগাই লোৱাৰ মানসেৰে সাদিন-প্ৰতিদিন গোষ্ঠীয়ে ২০২৪বৰ্ষৰ এচিভাৰ এৱাৰ্ডছ ডিব্ৰুগড়ত অনুষ্ঠিত কৰিবলৈ মনস্থ কৰিলে।
২৫বছৰৰ পাছত সেই একে উদ্যমেই এই অনুষ্ঠানৰ তদাৰক কৰিলে জয়ন্ত বৰুৱাই। ভৱামতেই সকলো দিহা কৰা হ'ল। ৮ডিচেম্বৰ, ২০২৪ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হ'ল গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠান। তেতিয়া সময় প্ৰায় পুৱা ১১.০০বাজো বাজো। খুপি খুপি দুজন ব্যক্তিৰ হাতত ধৰি ধৰি এজন ব্যক্তি সোমাই আহিছে ৰংঘৰ প্ৰেক্ষাগৃহলৈ। ইতিমধ্যে ৰংঘৰ প্ৰেক্ষাগৃহত আন কেইবাজনো পুৰোধা ব্যক্তি আহি আসন গ্ৰহণ কৰিছে।
বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়া, প্ৰখ্যাত সংগীতকাৰ চৈয়দ ছাদুল্লাকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তিয়ে আসন শুৱনি কৰিছে। আহিছে কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰ। প্ৰতিদিনন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া, কাৰ্যকৰী সম্পাদক শোণিত ভূঞাকে ধৰি বহু কেইজন জ্যেষ্ঠ সাংবাদিক তেওঁলোকক লৈ ব্যস্ত হৈ পৰিছে। বাহিৰত অসমীয়া প্ৰতিদিনৰ কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকাও অতিথিসকলক মাত দিয়াত ব্যস্ত। তাৰ মাজতেই মুখত উজ্জ্বল এটা হাঁহি লৈ এই বিশিষ্ট মানুহগৰাকীয়েও যিয়েই তেওঁৰ ওচৰলৈ গৈছে, তেওঁকেই প্ৰতি নমস্কাৰ দিছে।
মানুহজনৰ কামকাজৰ পৰিসৰ কিমান ব্যাপক সেয়া একেবাৰতে কৈ দিয়া অসম্ভৱ। অসমীয়া সাহিত্যত তেওঁৰ অৱদান উল্লেখনীয়। তেওঁ এক প্ৰকাৰে অসাধ্য সাধনাৰে লিখি উলিয়াইছে 'অসমীয়া মানুহৰ ইতিহাস"। এফালে যিদৰে তেওঁ এগৰাকী লেখক হিচাপে পৰিচয় গঢ়ি তুলিছে সেইদৰেই সমালোচক হিচাপেও প্ৰখ্যাত। এগৰাকী শিক্ষাবিদ হিচাপেও তেওঁ চিৰনমস্য। সংবাদ জগতখনলৈ তেওঁ আগবঢ়োৱা অৱদানো অসমে স্বীকাৰ কৰিছে। এগৰাকী সম্পাদক হিচাপেও তেওঁক মনত ৰাখিছে অসমৰ ৰাইজে। বহু ৰাজনৈতিক নেতাও সময়ত তেওঁৰ ওচৰত হয় শিৰনত।
অসম সাহিত্য সভাৰ দুবাৰকৈ সভাপতি হিচাপে দায়িত্ব পালন কৰা এইগৰাকী চিৰ নমস্য ব্যক্তি কোন আপুনিও ইমানপৰে নিশ্চয় বুজি উঠিছে। তেওঁ হৈছে ড০ নগেন শইকীয়া। ২৫বছৰৰ আগেয়ে ডিব্ৰুগড়ত অসমীয়া প্ৰতিদিনৰ কাৰ্যালয়ৰ উদ্বোধনী অনুষ্ঠানত যি উতসাহেৰে ভাগ লৈছিল, আজিও সেই একেই উদ্যমেৰে তেওঁ ভাগ ললে অনুষ্ঠানটোত।
সাহিত্য একাডেমী বঁটা, অসম উপত্যকা বঁটা বিজয়ী ড০ শইকীয়াক আজি সাদিন প্ৰতিদিন গোষ্ঠীৰ এচিভাৰ এৱাৰ্ডছ-২০২৪ ত প্ৰদান কৰা হয় জীৱন জোৰা সাধনা বঁটা। এই বঁটা গ্ৰহণ কৰিবলৈ আহোঁতে তেওঁ লগত লৈ আহিল লিখিত ভাষণ। কঁপা কঁপা মাতেৰে যদিও তেওঁ সেই ভাষণ পাঠ কৰিলে তথাপিও সভাগৃহত সমবেত প্ৰতিজন ব্যক্তিকে তাৰ একোটাকৈ প্ৰিণ্ট আউট বিলাই দিলে।
মাত্ৰ কেইটামান শব্দৰে লিখা এই লিখিত ভাষণ অসমীয়া সমাজৰ বাবেই অতি গুৰুত্বপূৰ্ণ। জুখি জুখি মাত্ৰ কেইটামান শব্দৰে লিখা এই ভাষণৰ পৰা প্ৰতিজন অসমীয়াই শিক্ষা ল'ব পৰা অবকাশ বহু খিনি আছে। ভাষণত অসমক প্ৰাণ ভৰি ভাল পোৱোৰা কথা নলীনিবালা দেৱীৰ এটা বিখ্যাত জনমভূমি কবিতাৰ শাৰীৰেই কৈছে এনেদৰে- ''মই মোৰ মাতৃভাষাত লিখা দেশৰ এজন সামান্য লেখক। ভাৰতবৰ্ষৰ পূবত থকা অসমেই মোৰ মাতৃ। সেইবাবে মই বন্দনা কৰোঁ- মেলিলোঁ প্রথম চকু/ তোমাৰ কোলাতে আই/ জনমৰ আদিম পুৱাত/ মুদিম আকৌ চকু/ তোমাৰ কোলাতে শুই/ জীৱনৰ শেষ সন্ধিয়াত।
তেওঁ জীৱনৰ আদৰ্শ, প্ৰেৰণা আৰু উদ্দেশ্য সম্পৰ্কে চমুকৈ অথচ বমনত ৰেখাপাত কৰি যোৱাকৈ উ্ল্লেখ কৰে এইদৰে- ''মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ পৰা শিকি আহিছোঁ অনন্ত বিশ্বব্রহ্মাণ্ডৰ স্রষ্টা, কর্তা আৰু বিধাতাস্বরূপ এক অবিনাশী শক্তিক শ্রদ্ধা কৰিবলৈ। মই জাতি-বর্ণ-ধর্ম-ভাষা-সম্প্রদায় নির্বিশেষে সকলোকে সমান জ্ঞান কৰিবলৈ সৰুৰে পৰাই শিক্ষক পিতৃৰ পৰা শিকি আহিছোঁ। সাহিত্যৰথী বেজবৰুৱাৰ পৰা শিকি আহিছোঁ 'অ' মোৰ আপোনাৰ দেশ' বুলি দেশক বন্দনা কৰিবলৈ আৰু নিজকে দুৱৰি বনতকৈও সৰু বুলি ভাবিবলৈ, অসম কেশৰীৰ পৰা শিকি আহিছোঁ অসমীয়া জাতীয়তাবাদ, ভাৰতীয় মহাজাতীয়তাবাদ আৰু বিশ্ব মানবতাবাদৰ আদর্শ, জ্যোতিপ্ৰসাদৰ পৰা শিকি আহিছোঁ 'সুন্দৰৰ আৰাধনা জীৱনৰ খেল' বুলি ভাবিবলৈ আৰু জাতিৰ পিতা মহাত্মা গান্ধীৰ পৰা শিকি আহিছোঁ "India is one in many and many in one" বুলি ভাবিবলৈ-এয়ে ভাৰতবর্ষ।''
এয়াই ড০ নগেন শইকীয়া। সাদিন প্ৰতিদিন গোষ্ঠীয়ে আগবঢ়োৱা জীৱনজোৰা সাধনাৰ বঁটা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি তেওঁ কৈছে এইদৰে- ''মোৰ ক্ষুদ্রত্ব সত্ত্বেও আভিধানিক হেমচন্দ্ৰ বৰুৱাৰ 'আসাম নিউছ'ৰ আদৰ্শৰে পৰিচালিত হৈ অহা প্রতিদিন টাইম আৰু অসমীয়া প্রতিদিনৰ পৰিয়ালটিয়ে প্রদান কৰা বঁটা মই আনন্দেৰে শিৰ পাতি গ্রহণ কৰিলোঁ। আপোনাসকল সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা জনালোঁ।''ত স্বনামধন্য ড০ শইকীয়াৰ এই ভাষণ যদিও চমু আছিল ইয়াৰ গুৰুত্ব কিন্তু অপৰিসীম। অতি কম ভাষাৰে তেওঁ বহু কথাই কৈ গ'ল। বৰ্তমানৰ অসমীয়া সমাজ, পৰিবেশ, পৰিস্থিতি তেওঁৰ এই কথাখিনিৰ গুৰুত্ব নিশ্চয়কৈ আছে।
আনহাতে অসমৰ সংবাদ জগতলৈ অনবদ্য অবদান আগবঢ়োৱা হাইদৰ হুছেইনক এই অনুষ্ঠানত সাদিন বঁটা প্ৰদান কৰা হয়। প্ৰবীণ সাংবাদিক, বুদ্ধিজীৱি হাইদৰ হুছেইন বহু বিশিষ্ট গুণৰ অধিকাৰী। যোৱা ৫ টা দশকৰো অধিক কাল অসমৰ ৰাজনৈতিক, সামাজিক বিষয়ৰ ওপৰত নিজৰ কলম আৰু উদ্দাত্ত কণ্ঠৰে আপোচবিহীনস্থিতি গ্ৰহণ কৰি অহা হুছেইন অসমৰ সৰ্বস্তৰৰ ৰাইজৰে অতি চিনাকী আৰু সন্মানীয় নাম। এসময়ত অসমীয়া প্ৰতিদিনৰো সম্পাদকৰ দায়িত্ব পালন কৰা হাইদৰ হুছেইন কণ্ঠস্থ অসমৰ জনগাঁথনি, অসমৰ প্ৰতিটো ক্ষেত্ৰ, প্ৰতিটো দিশ তথা প্ৰতিটো উপকৰণেই।
বিৰল বাগ্মীতাৰে যিকোনো সময়তে ৰাইজক মোহাচন্ন কৰি ৰাখিব পৰা গুণৰ অধিকাৰী হুছেইনৰ যুক্তি পূৰ্ণ তথ্যৰ বিশ্লেষণ আৰু ৰাজনীতিৰ সকলো বেহু ভেদ কৰিব পৰা গুণো সৰ্বসাধাৰণৰ আকৰ্ষণৰ বিষয়। অসমৰ সমাজ, সাংবাদিকতা আৰু বৌদ্ধিক জগতলৈ ওৰেটো জীৱন আগবঢ়োৱা অনবদ্য অৱদানক সম্মান জনায়েই হাইদৰ হুছেইনলৈ আগবঢ়োৱা হৈছে 'সাদিন-প্রতিদিন গোষ্ঠী'ৰ ২০২৪ বৰ্ষৰ 'সাদিন বঁটা'।
বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত অসমীয়া প্ৰতিদিনৰ সম্পাদক তথা ‘সাদিন-প্ৰতিদিন গোষ্ঠী’ৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাই উদ্বোধনী ভাষণ প্ৰদান কৰে। মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় জাহাজ, বন্দৰ আৰু জল পৰিবহণ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ইয়াৰোপৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জিতেন হাজৰিকা উপস্থিত থকা এই অনুষ্ঠানত আন কেইবাজনো উপাচাৰ্য, মহাবিদ্যালয়ৰ অধ্যক্ষ, কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰ, শিক্ষাবিদ, বুদ্ধিজীৱি, দল, সংগঠনৰ নেতা, সমাজৰ ভিন্ন স্তৰৰ লোকৰ লগতে শিক্ষাৰ্থী উপস্থিত আছে।
উদ্বোধনী ভাষণত জয়ন্ত বৰুৱাই কয়- আজি আমাৰ বাবে এক সৌভাগ্যৰ দিন। আজিৰ পৰা ২৫ বছৰৰ আগতে 'সাদিন প্রতিদিন'ৰ ডিব্ৰুগড় সংস্কৰণৰ শুভাৰম্ভ কৰা হৈছিল। আপোনালোকৰ মৰম-চেনেহৰ মাজেৰে অগ্ৰসৰ হৈ আশীৰ দশকৰ শেষত আৰম্ভ হোৱা 'সাদিন প্রতিদিন'ৰ যাত্রাই এনে এক সোণোৱালী ক্ষণত আমাক উপনীত কৰাইছে।‘’
তেওঁ পুনৰ কয়, ‘’ডিব্ৰুগড় সংস্কৰণৰ সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি তিনিদিনীয়া এক কার্যসূচী লৈ আমি সকলো ডিব্রুগড়ত উপস্থিত হৈছো। ইয়াৰ আৰম্ভণি কাৰ্যসূচী হিচাপে এইবাৰৰ এচিভাৰ এৱাৰ্ডছ অনুষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদৰ এই ৰংঘৰ প্রেক্ষাগৃহত অনুষ্ঠিত কৰাৰ বাবে আমি সমবেত হৈছো। এইক্ষেত্রত আমাক সর্বতো সহায়-সহযোগ কৰাৰ বাবে মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য ড° জিতেন হাজৰিকা ডাঙৰীয়া আৰু পঞ্জীয়ক ড° পৰমানন্দ সোনোৱালকে ধৰি বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগ প্রমুখ্যে সমুদায় কার্যকর্তাক কৃতজ্ঞতা জ্ঞাপন কৰিছো।‘’
বৰুৱাই আৰু কয়, অসমৰ ৰাইজৰ আশীর্বাদ আৰু আমাৰ পিতৃ তথা প্র-পিতামহ প্রয়াত হেমকোষপ্রাণ দেৱানন্দ বৰুৱা আৰু ভাষাৰ ওজাখ্যাত হেমচন্দ্র বৰুৱাৰ অনুপ্ৰেৰণাৰে আগবাঢ়ি আজি 'সাদিন-প্রতিদিন' গোষ্ঠী অসম তথা উত্তৰ- পূৰ্বাঞ্চলৰে নহয়, ভাৰতবৰ্ষৰে এক অগ্রণী সংবাদ গোষ্ঠীত পৰিণত হৈছে। সফলতাপূর্ণ এই দীঘলীয়া যাত্ৰাত অসমৰ জাতি-জনগোষ্ঠীৰ সৰ্বস্তৰৰ ৰাইজ, বিভিন্ন চহৰ আৰু গ্রামাঞ্চলত সিঁচৰতি হৈ থকা আমাৰ সংবাদকর্মীসকলৰ লগতে ৰাজ্যৰ বৌদ্ধিক-বিদ্যায়তনিক আৰু ৰাজনৈতিক ক্ষেত্ৰৰ নেতা- কর্মীসকলৰ আমি অকুণ্ঠ সহযোগিতা লাভ কৰিছো। যাৰ বাবেই এয়া সম্ভব হৈছে। সেয়ে এই সহযোগিতাৰ বাবে মই আকৌ এবাৰ সকলোকে মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।
মুখ্য অতিথি হিচাপে উপস্থিত থকা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়- সাদিন-প্ৰতিদিন গোষ্ঠী'ৰ কথা আমি সকলোৱে জানো। সংবাদ গোষ্ঠীটোৱে নিৰ্ভীকতাৰে একাগ্ৰতাৰে, দৃঢ়তাৰে জনতাৰ কণ্ঠক প্ৰতিনিধিত্ব কৰি আহিছে।' অনুষ্ঠানত সোণোৱালৰ জীৱনৰ ওপৰত আধাৰিত এক তথ্য চিত্ৰ দৃশ্য-শ্ৰব্য মাধ্যমেৰে উপস্থান কৰা হয়। এই দৃশ্য শ্ৰব্য উপভোগ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, এই সভাত মোৰ বিষয়ে যিবোৰ কথা কোৱা হ'ল সেয়া প্ৰত্যক্ষ কৰি অত্যন্ত ভক্তি ভাৱেৰে আৱেদন জনাও যে, সকলো সময়তে আপোনালোকে যেনেধৰণে ডাঙৰ দীঘল কৰিছে তেনেধৰণে সদায় এই অভাজনৰ প্ৰতি আপোনালোকৰ মৰম স্নেহ অটুট ৰাখে।
আৱেগিক হৈ সোণোৱালে লগতে কয়- এটা সাধাৰণ বানবিধ্বস্ত খেতিয়ক পৰিয়ালৰ সন্তান হিচাপে অসমৰ জনসাধাৰণৰ যি মৰম পাইছো সেয়া পাহৰিব নোৱাৰো। আজি মোৰ যি কেন্দ্ৰীয় মন্ত্ৰী হিচাপে পৰিচয়, সেই পৰিচয়ত আপোনালোকৰ অৱদান আছে। এয়া আপোনালোকে দিয়া পৰিচয়। সেয়ে অসমৰ জনগণৰ ওচৰত মই চিৰ কৃতজ্ঞ।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাষণত হেমকোষৰ ব্ৰেইল সংস্কৰণৰ কথাও উল্লেখ কৰে। তেওঁ কয়, হেমকোষ ব্ৰেইলৰ বাবে জয়ন্ত বৰুৱা ডাঙৰীয়াই যি উদ্যোগ ল'লে তাৰ জৰিয়তে ডাঙৰ মানৱীয় চেতনা সমাজত জগাই তুলিলে। আমি প্ৰতিগৰাকী মানুহৰ প্ৰতি সদায় দায়িুত্বশীল হ'ব লাগে। মানুহে মানুহৰ বাবে দৃষ্টি ভংগীৰে কাম কৰাৰ বাবে জয়ন্ত বৰুৱাক অসমৰ ৰাইজে বিশেষ স্বীকৃতি প্ৰদান কৰিলে। তেওঁক উদাহৰণ হিচাপে লৈ বহুতেই কাম কৰাৰ প্ৰেৰণা পাইছে। তেওঁ প্ৰশংসাতকৈ সমালোচনা ভাল পোৱাৰ কথা উল্লেখ কৰি কয়, এটা কথা স্পষ্ট মই সদায় প্ৰশংসা ভয় কৰো, সমালোচনা ভাল পাওঁ। সদায় কৈআহিছো, মনে প্ৰাণে বিচাৰো যিমানেই মোৰ বিৰুদ্ধে কঠোৰ সমালোচনা কৰিব মই সিমানেই সক্ৰিয় আৰু সতেজ ।
ইফালে অনুষ্ঠানৰ আন এগৰাকী মুখ্য অতিথি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জিতেন হাজৰিকাই তেওঁৰ ভাষণত কয়, যিকোনো সংবাদ মাধ্যমেই বাতৰিৰ অহৰহ প্ৰাপ্তিৰ বাবে কিছুমান উৎসৰ আশ্ৰয় ল'ব লগা হয়। কিন্তু সেই তথ্যৰ উৎষৰ বিশ্লেষণ কৰিব পাৰে। আমি প্ৰতিদিন গোষ্ঠীক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছো কাৰণ প্ৰতিদিন গোষ্ঠীৰ এই তথ্যৰ কৰ্ষণ অতি নিৰপেক্ষ আৰু গভীৰ। সত্য আৰু শুদ্ধভাৱে নিৰ্ভীক সাংবাদিকৰ কথা ক'লেও বাস্তৱ ক্ষেত্ৰত তাৰ প্ৰতিফলন বহু প্ৰত্যাহ্বানমূলক। সেই প্ৰত্যাহ্বানক অতিক্ৰম কৰি ভালক ভাল বুলি, বেয়াক বেয়া বুলি কোৱৰ সাহস অটুট ৰাখিছে সাদিন প্ৰতিদিন গোষ্ঠীয়ে। তাৰোপৰি তেওঁ সাদিন প্ৰতিদিন গোষ্ঠীৰ এই স্বৰণীল যাত্ৰা অব্যাহত ৰখাৰো আশা কৰে।
আজি সাদিন-প্ৰতিদিন গোষ্ঠীয়ে আয়োজন কৰা এচিভাৰ এৱাৰ্ডছ অনুষ্ঠানত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠিত কেইবাজনো বিশিষ্ট ব্যক্তিৰ লগতে দুটাকৈ সংস্থাক এচিভাৰ এৱাৰ্ডেৰে সন্মানিত কৰে। কলা, সংস্কৃতি, সাহিত্য, সংবাদ, ক্ৰীড়া, বিজ্ঞান, বাণিজ্য, প্ৰকৃতি সুৰক্ষা, মানৱ কল্যাণকে ধৰি একাধিক ক্ষেত্ৰত দক্ষতাৰে কাম কৰি বচা বচা কেইগৰাকীমান ব্যক্তিক আজি সন্মান প্ৰদান কৰা হয়।
- ছবিজগতত নতুন ইতিহাস সৃষ্টি কৰা অসমীয়া ছবি 'বিদুৰভাই'ৰ টীমলৈ জুৰিৰ বিশেষ সন্মান
- কমনৱেলথ গেমছত লন বলত স্বৰ্ণ জয় কৰি ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হোৱা অৰ্জুন নয়নমণি শইকীয়ালৈ Excellence Sports Award
- জীৱন আৰু স্বাস্থ্য বীমা বিশেষজ্ঞ হিচাপে পৰিচিত ডাঃ কুমুদ বৰদলৈলৈ Achiever Corporate Excellence Award
- সমাজ আৰু মানৱ সেৱাৰ নামত নিজৰ জীৱনক উছর্গা কৰা অৰুণাচল প্ৰদেশৰ হাছিনা খার্বিহলৈ আগবঢ়োৱা হৈছে Excellence in Social Service Award
- নদীসমূহক প্ৰদূষণমুক্ত আৰু সুন্দৰ কৰি তোলাৰ উদ্দেশ্যৰে গঠিত সংস্থা Youth Mission Clean River লৈ Excellence in Environment Conservation Award
- বিশিষ্ট উদ্যোগী তথা অন্নপূর্ণা গ্ৰুপৰ স্বত্বাধিকাৰী, পৰিচালন সঞ্চালক সুবিৰ ঘোষলৈ Excellence in Business Award
- প্রখ্যাত শল্য চিকিৎসক ডাঃ সর্বেশ্বৰ ভূঞালৈ Excellence in Health Care Award
- আন্তর্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী অসম সন্তান ড০ মুকুট গোহাঁইলৈ Excellence in Science & Innovation Award
- বিশিষ্ট সংগীত শিল্পী, সুৰকাৰ, গীতিকাৰ, গীটাৰ বাদক আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত বিষয়া চৈয়দ ছাদুল্লালৈ Achiever Music Award
- বিশিষ্ট চিত্রশিল্পী ছালেহা আহমেদ লৈ Excellence in Art Award
- অসমীয়া ছবিগতৰ অন্যতম মহীৰূহ হিচাপে পৰিগণিত হোৱা বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়ালৈ Achiever Cultural Award
এইসকলৰ উপৰিও আজিৰ অনুষ্ঠানটোত ‘সাদিন প্ৰতিদিন’ গোষ্ঠীৰ মুঠ চাৰিগৰাকী সংবাদ কৰ্মীলৈ এইবাৰ আগবঢ়োৱা হয় শ্ৰেষ্ঠ সংবাদ কৰ্মীৰ বঁটা। অসমীয়া প্ৰতিদিন তথা ৰাজ্যৰে এগৰাকী জ্যেষ্ঠ ফটো সাংবাদিক চিন্ময় ৰয় আৰু ডুমডুমাৰ অসমীয়া প্ৰতিদিনৰ সাংবাদিক মনোজ দত্তৰ লগতে প্ৰতিদিন টাইমৰ গোলাঘাটৰ সাংবাদিক মোস্তাক হুছেইন, কাৰিকৰী শাখাত প্ৰতিদিন টাইমৰ গ্ৰাফিক্স ডিজাইনাৰ দেৱৰাজ বৰঠাকুৰক এই বঁটা প্ৰদান কৰা হৈছে।
নব্বৈৰ দশকৰ অসমৰ জটিল সন্ধিক্ষণতে ফটো সাংবাদিক হিচাপে আত্মপ্ৰকাশ কৰিছিল চিন্ময় ৰয়ে। প্ৰথমে ১৯৯৩ চনত নগাঁৱৰ পৰা ফটো সাংবাদিকতা আৰম্ভ কৰা ৰয় পৰৱৰ্তী সময়ত ১৯৯৪/৯৫ ত গুৱাহাটীলৈ আহে। অসমীয়া প্ৰতিদিনৰ সৈতে জন্ম লগ্নৰে পৰা জড়িত চিন্ময় ৰয় অসমীয়া প্ৰতিদিনৰ গুৱাহাটী, ডিব্ৰুগড়, লখিমপুৰ আৰু বঙাইগাওঁ এই চাৰিওটা সংস্কৰণৰে জন্মৰ সময়ৰো অন্যতম সাক্ষী।
অসমীয়া প্ৰতিদিনৰ ডুমডুমাৰ সাংবাদিক মনোজ দত্তও অসমীয়া প্ৰতিদিনৰ সৈতে জন্মলগ্নৰে পৰা জড়িত। প্ৰথমে ‘সাদিন’ত এৰা-ধৰাকৈ বিভিন্ন প্ৰবন্ধ, নিবন্ধ লিখাৰ পাছত ছহিদ সাংবাদিক পৰাগ কুমাৰ দাসৰ সান্নিধ্যলৈ আহে। ১৯৯৫ চনৰ পৰা মোস্তাক হুছেইনে অসমীয়া প্ৰতিদিনলৈ তিনিচুকীয়া জিলাৰ ডুমডুমাৰ পৰা সেৱা আগবঢ়াই আহিছে। প্ৰতিদিন টাইমৰ সাংবাদিক মোস্তাক হুছেইনো দীৰ্ঘদিন ধৰি সাদিন-প্ৰতিদিন গোষ্ঠীৰ সৈতে জড়িত।
২০০৭ চনৰ পৰাই সাদিন-প্ৰতিদিন গোষ্ঠীৰ সৈতে জড়িত হৈ সেৱা আগবঢ়াই অহা মোস্তাক হুছেইনে গোলাঘাট আৰু কাৰ্বি আংলং জিলাৰ পৰা সেৱা আগবঢ়াই আহিছে। তেওঁ প্ৰতিদিন টাইমৰ লগতে অসমীয়া প্ৰতিদিন কাকততো এৰা-ধৰাকৈ সংবাদ পৰিবেশন কৰি আহিছে।
প্ৰতিদিন টাইমৰ গ্ৰাফিক্স ডিজাইনাৰ দেৱৰাজ বৰঠাকুৰে ২০১৩ চনৰ পৰা প্ৰতিদিন টাইমত সেৱা আগবঢ়াই আছে। ১৯৯৭ চনতে সংবাদ ক্ষেত্ৰখনত প্ৰৱেশ কৰা দেৱৰাজ বৰঠাকুৰ বৰ্তমান অসমৰ সংবাদ জগতৰ এগৰাকী জ্যেষ্ঠ আৰু বহুল চৰ্চিত গ্ৰাফিক্স ডিজাইনাৰ হিচাপে পৰিচিত।
অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালক স্মিতাক্ষী বি. গোস্বামীয়ে। সকলোকে ধন্যবাদ জনাই তেওঁ কয়- এয়া আমাৰ বাবে এক মধুৰ ক্ষণ। সাদিন-প্ৰতিদিন গোষ্ঠীৰ প্ৰায় ৫দশকজোৰা অগ্ৰগামী যাত্ৰাত আজিৰ পৰা ২৫বছৰৰ আগেয়ে গোষ্ঠীটোৰ ডিব্ৰুগড় সংস্কৰণৰ শুভাৰম্ভ হৈছিল। সংস্কৰণটিয়ে ৰূপালী জয়ন্তী বৰ্ষ গৰকা এই শুভ ক্ষণক উজনি অসমৰ সকলোৰে সৈতে ভগাই লোৱাৰ প্ৰয়াসৰেই এইবাৰৰ এচিভাৰ্চ এৱাৰ্ডছ অনুষ্ঠানটি ৩দিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড়ত ৰূপায়ন কৰাৰ মনস্থ কৰিলো।
এনেদৰেই আজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে অনুষ্ঠিত হয় এছিভাৰ এৱাৰ্ডছ। ডিব্ৰুগড় বিশ্ববিদ্যালয় পৰিয়ালৰ একান্ত সহযোগত উজনি অসমৰ ৰাইজৰ সৈতে অসমীয়া প্ৰতিদিনৰ ডিব্ৰুগড় সংস্কৰণৰ ২৫বছৰ জোৰা এই যাত্ৰাৰ আনন্দ ভগাই লোৱা হয়।
এই যাত্ৰা নিৰৱধি। যি যাত্ৰা ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাই আৰম্ভণি কৰিছিল। অসম আৰু অসমীয়া জাতি, ভাষা, সমাজ গঢ় দিয়াৰ উদ্দেশ্যেৰে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাই লোৱা এই যুগান্তকাৰী প্ৰদক্ষেপক তেওঁৰ সুযোগ্য পৰৱৰ্তী প্ৰজন্মই সবলভাৱে আগুৱাই নিছে। তেওঁৰ সুযোগ্য উত্তৰাধিকাসকলে আজিও যুজঁ দিছে ভাষা-জাতি ধ্বংসকাৰীৰ বিৰুদ্ধে। বিশ্বায়নৰ ধুমুহাই চুব নোৱাৰা এই যাত্ৰাতেই প্ৰতিফলিত হৈছে বহুজনৰ আশা-হেপাঁহ আৰু দুৰ্বাৰ জাতিপ্ৰেম...