মৃদুল কুমাৰ সন্দিকৈ
নতুনকৈ প্ৰস্তুত কৰা পেনেলত নাম উল্লেখ থকা তিনিগৰাকীয়ে এই দৌৰৰ পৰা তেওঁলোকৰ নাম প্ৰত্যাহাৰ কৰাত এই সন্মানীয় পদবীৰ বাবে দুজন বিশেষ ব্যক্তিৰ মাজত প্ৰতিদ্বন্দ্বিতা হোৱাতো স্পষ্ট হৈ পৰে।
ড০ উপেন ৰাভা হাকাচাম আৰু ড০ বসন্ত কুমাৰ গোস্বামী অসমীয়া ভাষা সাহিত্যৰ দুটা উল্লেখযোগ্য নাম। দুয়োগৰাকীয়ে অসমীয়া ভাষাৰ প্ৰতি অত্যন্ত দায়ৱদ্ধশীল গৱেষক পণ্ডিত।
ড০ উপেন ৰাভা হাকাচাম লোক সংস্কৃতিৰ এগৰাকী একনিষ্ঠ গৱেষক তথা সৃষ্টিশীল লিখক। তেওঁ ভাষা-সাহিত্য-সংস্কৃতি বিষয়ক ৫০০ৰো অধিক গৱেষণাধৰ্মী লেখা ইতিমধ্যে প্ৰকাশ পাইছে। তিব্বত-বৰ্মী ভাষাসমূহৰ বিজ্ঞানসন্মত গৱেষণা আৰু ভাৰতীয় ভাষা বিজ্ঞান চৰ্চাক এক নতুন মাত্ৰা দিছে ড০ হাকাচামৰ গৱেষণাই।
ৰাভা ভাষা আৰু সাহিত্যৰ লগতে অসমীয়া জনগোষ্ঠীয় সংস্কৃতি ৰাভা লোক-সংস্কৃতি আদি বিষয়ক তেওঁৰ অৱদান মনকৰিবলগীয়া। ভাষা সাহিত্যৰ ঐতিহ্য আৰু প্ৰণালীৱদ্ধ অধ্যয়ন, অসমীয়া ভাষাৰ গঠন, ঐতিহ্যৰ ৰূপান্তৰ আদি দিশত এইগৰাকী গৱেষক পণ্ডিতে আগবঢ়োৱা অৱদানে অসমীয়া সাহিত্যৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীক সমৃদ্ধ কৰিছে।
গৱেষক-লেখক হাকাচামে এগৰাকী সৃষ্টিশীল লেখক হিচাপে ৰাভা সাহিত্যক পৰিপুষ্টি দিছে। ঋৰ্ণা ৰাভা ছদ্মনামেৰে তেওঁ লিখা ৰাভা গল্পসমূহে বিপুল সমাদৰ লাভ কৰিছে। বহু ৰচনাৱলীৰ লগতে স্মৃতিগ্ৰন্থৰ সম্পাদনাৰ গুৰু দায়িত্ব লোৱা ড০ উপেন ৰাভা হাকাচামে কৰা অন্যতম এটা উল্লেখযোগ্য কাম হ’ল- এ টিপলজি’কেল গ্ৰামাৰ অৱ ৰাভা।
আনন্দৰাম বৰুৱাৰ ভাষা কলা সংস্কৃতি সংস্থাৰ অধীনত এই প্ৰকল্প ৰূপায়ন হৈছিল। ড০ উপেন ৰাঙা হাকচামৰ জন্ম হৈছিল ১৯৬১চনৰ ২জানুৱাৰীত। গোৱালপাৰাৰ ছাতাবাৰী গাঁৱত জন্মগ্ৰহণ কৰা হাকাচামে ১৯৮৮চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া (ভাষা) বিষয়ত কৃতিত্বৰে স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে। ১৯৯৭চনত হাকাচামে ‘ৰাভা কথিত ভাষা আৰু অসমীয়া ভাষাঃ এটি তুলনামূলক অধ্যয়ন’ শীৰ্ষক গৱেষণা কৰ্মৰ বাবে ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰে।
প্ৰথমে তেওঁ অসম সংগ্ৰহালয় সঞ্চালকালয়ৰ অধীনস্থ জিলা সংগ্ৰহালয়ত বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৯২চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা পদত যোগদান কৰে। এই বিভাগৰ তেওঁ অধ্যাপক তথা মুৰব্বী অধ্যাপকৰ আসনতো অলংকৃত কৰি এতিয়াও অধ্যাপনাতে মনোনিৱেশ কৰি আছে।
ড০ উপেন ৰাভা হাকাচাম ৰাভামিজকে ধৰি অসম নৃগোষ্ঠীয় উপভাষা সমূহ অধ্যয়নৰ অন্যতম বাটকটীয়া। এইগৰাকী গৱেষক, অধ্যাপক, সাহিত্যিক অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি হিচাপে এজন যে অতি উপযুক্ত ব্যক্তি তাত সন্দেহ নাই।
সাহিত্য সভাৰ সভাপতিৰ দৌৰত থকা আনজন ব্যক্তি হৈছে ড০ বসন্ত কুমাৰ গোস্বামী। ১৯৪২চনৰ ১২ছেপ্টেম্বৰত গোলাঘাটৰ ঢেকিয়ালত জন্মগ্ৰহণ কৰা ড০ গোস্বামীৰ বয়স ৮০ৰ উৰ্ধৰ হ'লেও এতিয়াও তেওঁ সুপ্ৰতিভ আৰু অত্যন্ত কৰ্মদক্ষ।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ‘থিয়ৰী অৱ আছামিজ ডিছনাৰী’ বিষয়ত ডক্টৰেট লাভ কৰা ড০ গোস্বামী কৰ্মময়ী জীৱন অধ্যাপনাৰ মাজেৰেই পাৰ হৈছিল। গোলাঘাটৰ চৰকাৰী বহুমুখী বালক বিদ্যালয়ত ১৯৬৩চনৰ পৰা ৪বছৰৰ বাবে তেখেত আছিল শিক্ষক।
১৯৭০চনত ড০ গোস্বামীয়ে দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়, যোৰহাটত অসমীয়া বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰে। ১৯৯৮চনত তেওঁ এই বিভাগৰ মুৰব্বী অধ্যাপক হৈছিল।
জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অংশকালীন অধ্যাপক, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়, নগাঁৱৰ অতিথি অধ্যাপকো আছিল তেওঁ। বিভিন্ন গৱেষণামূলক কামৰ সৈতে জড়িত ড০ গোস্বামী যোৰহাট সাহিত্য সভাৰ সম্পাদক, অসম সাহিত্য সভাৰ ভাষা জ্ঞান পৰীক্ষা সংসদৰ সচিব, অসম সাহিত্য সভাৰ সহকাৰী সম্পাদক, পত্ৰিকা সম্পাদক আৰু দুটা কাৰ্যকালৰ প্ৰধান সম্পাদকো আছিল।
বহু সন্মানেৰে সন্মানিত ড০ গোস্বামীৰ গ্ৰন্থপঞ্জীৰ সংখ্যা প্ৰায় ৪৪খন। ইয়াৰ ভিতৰত ২৫খন সম্পাদিত গ্ৰন্থও আছে। অভিধান প্ৰণেতা হিচাপেও তেখেত অভিজ্ঞ আৰু সুপ্ৰতিষ্ঠিত।
ড০ নগেন শইকীয়াই কোৱাৰ দৰে ড০ বসন্ত কুমাৰ গোস্বামীৰ মূৰৰ ওপৰত কেইবাখনিও সোহাঁত আছে- অসমীয়া ভাষাটোৰ জতুৱা ৰূপটোৰ ধাতু চিনি পোৱা, অসম বুৰঞ্জী সাধু কথাৰ কৈ যাব পৰা বেণুধৰ শৰ্মা, জ্ঞান তপস্বী ষজ্ঞেশ্বৰ শৰ্মা আৰু অসমীয়া ভাষা সাহিত্যৰ সংস্কৃতিৰ গুৰুস্বৰূপ মহেশ্বৰ নেওঁগৰ, বিশেষকৈ এই তিনিগৰাকীৰ সোঁহাত কেইখন।‘
হোমেন বৰগোঁহাঞি অসম সাহিত্য সভাৰ সভাপতি হৈ থকা সময়ত ড০ বসন্ত কুমাৰ গোস্বামী আছিল প্ৰধান সম্পাদক। সেই কাৰ্যকালতে অসমীয়া বিশ্বকোষৰ প্ৰকল্প হাতত লোৱা হৈছিল আৰু ইয়াৰ ৫টা খণ্ড প্ৰকাশ কৰিছিল। বৰগোহাঁঞিয়ে তেওঁৰ লেখাত বসন্ত কুমাৰ গোস্বামীক অসম সাহিত্য সভাৰ ইতিহাসৰ এজন সৰ্বশ্ৰেষ্ঠ প্ৰধান সম্পাদক বুলিও আখ্যা দিছিল।
এতিয়া এই দুয়োগৰাকী ভাষাবিদ, গৱেষক, সু সাহিত্যিকৰ মাজৰ পৰাই এজনে অসম সাহিত্য সভাৰ নেতৃত্ব বহন কৰাৰ সুযোগ লাভ কৰিব। যোগ্যতাৰ ফালৰ পৰা কোনো কাৰোৰে লগত তুলনা নহয়।
জ্ঞান আৰু ভাষাৰ প্ৰতি উৰ্ছগিত এক জীৱন চৰ্যাৰ মাজেৰে জাতি, ভাষা আৰু সংস্কৃতিলৈ দুয়োগৰাকীয়ে বহু অৰিহণা দিছে। এতিয়া তাৰেই এগৰাকীৰ হাতত অসমৰ জাতীয় জীৱনৰ লাইখুঁটাস্বৰূপ অসম সাহিত্য সভাৰ দায়িত্ব অৰ্পিত হ’ব।
নিৰ্বাচিত হোৱা জনে বিৰ্তক আৰু অভিযোগ, লবীকেন্দ্ৰিক এচাম লোকৰ আশ্ৰয়স্থল হৈ পৰা এই জাতীয় অনু্ষ্ঠানটোক কেনেদৰে নেতৃত্ব দিয়ে, সেয়া অসমৰ প্ৰতিজন লোকে লক্ষ্য কৰিব...