/asomiyapratidin/media/media_files/2025/01/16/OqD64HdG8wNZcq53qyJE.jpg)
মৃদুল কুমাৰ সন্দিকৈ
এইবাৰ মাঘৰ বিহুৰ উৰুকাত কেইটামান গান বাৰুকৈয়ে শুনা পোৱা গ'ল। গাঁৱে-ভূঞে বাজি উঠা সেই গান কেইটাৰ ভিতৰত কেইটামান গান আছিল- উমনি কুকুৰা, পুৱাই পুৱাই ফুল তোলবা আদি... উৰুকা দিনাই আহিছিল এক দুঃখবৰ।
তিনিচুকীয়াৰ ফিল'বাৰীৰ হাঁহখাতিত আয়োজিত এক সাংস্কৃতিক অনুষ্ঠানত গীত গাবলৈ গৈছিল ৰাজীৱ শদিয়া নামৰ শিল্পী গৰাকী। ১২ জানুৱাৰী ২০২৫ ৰ নিশা ১১ বাজি ২০ মিনিটত তেওঁ মঞ্চত উঠিছিল গীত পৰিৱেশন কৰিবলৈ।
প্ৰথম দুটা গান শেষ কৰি তৃতীয়টো গীত গাবলৈ সাজু হওঁতেই মঞ্চত ঢলি পৰিছিল তেওঁ। তেওঁক চিকিৎসাললৈ নিয়া হৈছিল যদিও ১৩ জানুৱাৰীৰ বিয়লি ২ বজাত অহা খবৰটো আছিল- ৰাজীৱ শদিয়া আৰু নাই।
তাৰ পাছতে ৰাজ্যজুৰি ৰাজীৱ শদিয়াক লৈ ব্যাপক চৰ্চা হৈছিল। তেতিয়াহে বহু মানুহে বুজি উঠিছিল ৰাজীৱ শদিয়া নামৰ জাতি-মাটি আৰু ভেটিৰ বাবে গান গোৱা এই মাটিৰ শিল্পী জনক। চৌদিশে তেওঁক হেৰুৱা বেদনা আৰু আৱেগে মানুহৰ মনবোৰ সেমেকাই তুলিছিল।
বহু প্ৰতিষ্ঠিত লোকে উমান পাইছিল ৰাজীৱ শদিয়া কি পৰ্যায়ৰ শিল্পী আছিল। কিয়নো তথাকথিত গায়কবোৰৰ দৰে তেওঁৰ গ্লেমাৰ আৰু যশস্যা নাথাকিলেও মানুহৰ অন্তৰে অন্তৰে সোমাই আছিল তেওঁৰ গীত আৰু প্ৰতিবাদী ভাষাবোৰ।
কোনোবা ভেলাঘৰত নাচিবলৈ, কোনোবা পাৰ্টীত বজাবলৈ ৰাজীৱ শদিয়াই গীত গোৱা বা লেখা নাছিল। সেয়েহে তেওঁৰ গীতবোৰে তথাকথিত জনপ্ৰিয় হোৱা গীতবোৰৰ দৰে মিলিয়নচৰ ঘৰত ভিউজ পোৱা নাছিল বা কোনোবাই মাঘৰ বিহুৰ উৰুকাত এইবোৰ লগাই ফুৰ্তি কৰাৰ অৱকাশো বিচাৰি পোৱা নাছিল।
অথচ সেই জনপ্ৰিয় গ্লেমাৰযুক্ত শিল্পীবোৰতকৈ সাধাৰণ মানুহৰ প্ৰিয় আছিল ৰাজীৱ শদিয়া। টকাৰ বাবে তেওঁ নিজক বিক্ৰী কৰিব নোৱাৰিছিল। ব্যক্তিগত স্বাৰ্থত সংগীত সাধনা কৰি টকা ঘটিবলৈ তেওঁক মনে নকৈছিল।
সংগ্ৰামে ভৰা এক জীৱনৰ গৰাকী আছিল তেওঁ। কাৰো অনুগ্ৰহ নিবিচৰা শিল্পী আছিল তেওঁ। দৰিদ্ৰতা আৰু অভাৱে তেওঁৰ সৃষ্টিক বাধা দিব পৰা নাছিল। এক শক্তিশালী মানসিক দৃঢ়তা লৈ তেওঁ নিজকে আনৰ সৈতে পৃথক কৰি ৰাখিছিল।
শদিয়াৰ এখন ভিতৰুৱা গাঁও টুপছিঙা। সেই গাঁৱতে ১৯৮৪ চনত জন্ম হৈছিল ৰাজীৱ শদিয়া। পিতৃৰ নাম আছিল শুক্লধৰ গগৈ আৰু মাতৃৰ নাম লিখিমা গগৈ। তেওঁ আছিল তেওঁলোকৰ মাজু পুত্ৰ। আচলতে ৰাজীৱ শদিয়াৰ নাম ৰাজীৱ গগৈহে আছিল।
পৰৱৰ্তী সময়ত তেওঁ গগৈৰ ঠাইত শদিয়া লিখিবলৈ লৈছিল। সৰুৰে পৰাই সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ পৰা ৰাজীৱ শদিয়াই জাতীয়তাবাদী চিন্তা-চৰ্চাত আকৰ্ষিত হৈছিল। চকুৰ সন্মুখত দেখিছিল ৰাষ্ট্ৰসন্ত্ৰাস।
উপলব্ধি কৰিব পাৰিছিল স্খলিত হৈ পৰা জাতীয় জীৱনক। সেয়েহে তেওঁ গীতৰ মাজেৰে জাতিটোক জগাই তুলিবলৈ পাৰ্যমানে চেষ্টা কৰিছিল। তেওঁৰ অবৰ্তমানত মানুহে তেওঁক উপলব্ধি কৰিব পৰাতো শুভ লক্ষণ।
তেওঁক শেষ বিদাই জনাবলৈ সমবেত হোৱা হাজাৰ হাজাৰ লোকে ইচ্ছা কৰিলে তেওঁক জীয়াই ৰাখিব পাৰিব। তেওঁৰ পত্নী আৰু পুত্ৰৰ দায়িত্ব ল'বলৈ আগবাঢ়ি অহা লোকসকলে প্ৰতিশ্ৰুতি দিছে। সেই প্ৰতিশ্ৰুতি কেৱল আৱেগৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু প্ৰচাৰ প্ৰমুখ সাধাৰণ বাক্য হ'ব নালাগে।
আন্তৰিকতাৰে ৰাজীৱ শদিয়াৰ পৰিয়ালৰ দায়িত্ব লৈ আৰু তেওঁৰ সৃষ্টিক গণমুখী কৰাত উদ্যোগ ল'লেহে যি চেতনাৰে তেওঁ এই গীতবোৰ লিখিছিল আৰু গাইছিল সেয়া সফল হ'ব। কিয়নো জীৱিত কালত তেওঁৰ এই যাত্ৰা সুখকৰ নাছিল।
তেওঁ নিজেই মৃত্যুৰ কেইমাহমানৰ আগতে লিখিছিল- " গান এটা লিখি সুৰ কৰাটো ডাঙৰ কথা নহয় । সেই গানটো যেতিয়া ষ্টুডিঅলৈ লৈ যোৱা হয় বা কাৰোবাক সংগীত কৰিবলৈ দিয়া হয় কমেও ৩০/৩৫ হাজাৰ টকা খৰচ হয়। সেইটোহে আমাৰ দৰে সৰু গায়কবোৰৰ বাবে ডাঙৰ কথা ।
জীৱনৰ বেছিভাগ সময় জাতি মাটিৰ গীতেই গালোঁ, ভৱিষ্যতেও গায় যাম যিমান দিনলৈ ভগৱানে শকতি দিয়ে । কিন্তু আমাৰ গান শুনি কিমান জনে আমাক অনুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ নিমন্ত্ৰণ জনায় ?? খুব কম সংখ্যক সমিতিয়েহে কেতিয়াবা নিমন্ত্ৰণ দিয়ে । তাকো তেওঁলোকৰ যেতিয়া বাজেতটো টনাটনি হয়, তেতিয়াহে । কাৰণ ডাঙৰ বাজেট হ'লে ডাঙৰ গায়ক-গায়িকাৰ কথাহে চিন্তা কৰা দেখা পাওঁ । আমাৰ দৰে সৰু গায়কবোৰৰ লগত প্ৰথম কথা পাতোঁতেও একাংশ সমিতিয়ে কাপোৰ দৰদাম কৰাদি কৰি চুক্তি কৰে, অনুষ্ঠান কৰাৰ পাছত আকৌ একেই দৰদাম কৰি চেক এখন দি দায়িত্ব সামৰে ।