মৃদুল কুমাৰ সন্দিকৈ
তেতিয়া অসম প্ৰকাশন পৰিষদৰ পৰা প্ৰকাশিত প্ৰকাশ নামৰ আলোচনীখনৰ সম্পাদক আছিল চন্দ্ৰপ্ৰসাদ শইকীয়া। ১৯৮০ চনৰ আগষ্টৰ কথা। এদিন লক্ষ্যধৰ চৌধুৰীৰ ঘৰ ওলালেহি বিশিষ্ট সাহিত্যিক তথা প্ৰকাশৰ সম্পাদক শইকীয়া। চৌধৰীক চন্দ্ৰপ্ৰসাদ শইকীয়াই আহি ক'লে, প্ৰকাশৰ বাবে এটা লেখা লাগে তেওঁক।
সেই লেখাটোৰ বিষয় কি হ'ব সেয়া তেওঁ ভাবি আহিছিল। সেয়েহে শইকীয়াই লক্ষ্যধৰ চৌধুৰীক কৈছিল- "আপোনাৰ শিল্পী জীৱনৰ বিষয়ে এটি লেখা লাগে। এই সংখ্যাত আপোনাৰ কাৰণে মই ঠাই থৈ দিছো।" চন্দ্ৰপ্ৰসাদ শইকীয়াৰ কথা শুনি লক্ষ্যধৰ চৌধুৰীয়ে উত্তৰ দিলে- এই বিষয়ে মই এতিয়াই লিখিব নোৱাৰিম। কাৰণ মই শিল্পী জীৱন সামৰা নাই।
ৰসাল মানুহ লক্ষ্যধৰ চৌধুৰী। চন্দ্ৰপ্ৰসাদ শইকীয়ায়ো জানে কাৰ পৰা কেনেকৈ লেখা উলিয়াব লাগে। লক্ষ্যধৰ চৌধুৰীয়ে পুনৰ চন্দ্ৰপ্ৰসাদ শইকীয়াক ক'লে- অভিনেতাৰ জীৱনৰ কাহিনী মোৰ লিখা আছে। তাত মোৰ লগতে অভিনয় কৰা প্ৰায়বোৰৰ কথাই আছে। আপুনি ধাৰাবাহিকভাৱে উলিয়ালে ১০/১২ টা খণ্ড হ'ব। ইয়াৰ উপৰিও মোৰ অজ্ঞাতবাসৰ কাহিনী, ৰাজনীতি জীৱনৰ কাহিনী মই লিখিব পাৰো। এতিয়া মই লিখি আছো মোৰ মন্ত্ৰী জীৱনৰ কাহিনী। এইবোৰ কিন্তু এটা সংখ্যাতে শেষ কৰিব পৰা প্ৰবন্ধ বা লেখা নহয়। ধাৰাবাহিকভাৱে আপুনি উলিয়াব লাগিব এইবোৰ লেখা।
কৌশলৰে লক্ষ্যধৰ চৌধুৰীয়ে এৰা দিব খুজিছিল যদিও চন্দ্ৰপ্ৰসাদ শইকীয়াই নেৰিলে। যোৱাৰ আগত তেওঁ ক'লে- এইবাৰ আপুনি মোক লেখা এটা দিবই লাগিব। আজি শনিবাৰ,সোমবাৰে ১১মান বজাত মানুহ এজন পঠিয়াই দিম।
লক্ষ্যধৰ চৌধুৰীয়ে ভাবিলে শইকীয়াই এইবাৰ তেওঁক নেৰে। অলপ ৰ'বলৈ কৈ তেওঁ ভিতৰলৈ সোমাই গ'ল। তাৰ পাছত পুৰণি বহী এখন ভিতৰৰ পৰা বিচাৰি আনি তেওঁ চন্দ্ৰপ্ৰসাদ শইকীয়াৰ হাতত তুলি দিলে। সেইবোৰ লেখা চৌধুৰীয়ে প্ৰায় ১০/১২ বছৰ আগতে লিখি ৰখা।
বহীবোৰৰ আখৰবোৰ উৱলি গৈছে। যাবলৈ উঠা চন্দ্ৰপ্ৰসাদ শইকীয়াই বহীখন পাই তাৰ লেখা কেইটামান এঘন্টা ধৰি পঢ়িলে। তাৰপাছত পৰম সন্তুষ্টিৰে লক্ষ্যধৰ চৌধুৰীক উদ্দেশ্যি ক'লে- দাদা এই লেখা কেইটা মোক দি দিয়ক। এইকেইটা মই এটা এটা কৈ ধাৰাবাহিকভাৱে প্ৰকাশত প্ৰকাশ কৰিম।
লক্ষ্যধৰ চৌধুৰীয়ে লেখাবোৰ এটা এটাকৈ লিখি পঠাই দিম বুলি প্ৰতিশ্ৰুতি দিছিল। চন্দ্ৰপ্ৰসাদ শইকীয়াই তেতিয়াই কৈছিল- আপোনাৰ সেই লেখাতো অসমীয়া সাহিত্যৰ নতুন দিশ হ'ব। লেখাবোৰ বৰ সুন্দৰ হৈছে।
লক্ষ্যধৰ চৌধুৰীয়ে বিনম্ৰতাৰে চন্দ্ৰপ্ৰসাদ শইকীয়াক উত্তৰ দিছিল- শইকীয়া, মই নাটক লিখা মানুহ। কিয় লিখো জানে, অভিনয় কৰিবলৈ। নাটক হৈছে নাই সেই বিচাৰ মই নকৰো। আৰু এই লেখা কেইটা ঠিক তেনেদৰে মই লিখি থৈছিলো সাহিত্য হ'ব বুলি নহয়,লিখা অভ্যাসটো থাকক বুলি। ই বাৰু কিহৰ শাৰীত পৰিব? গল্প হ'ব নে?
চন্দ্ৰপ্ৰসাদ শইকীয়াই লক্ষ্যধৰ চৌধুৰীৰ কথা শুনি তেওঁকে সুধিলে- আপুনি বাৰু কি হ'ব বুলি ভাৱিছে? লক্ষ্যধৰ চৌধুৰীয়ে ক'লে- মই গল্পক দুভাগ কৰিব বিচাৰো, এভাগ সজা গল্প, আনভাগ সঁচা গল্প।
চন্দ্ৰপ্ৰসাদ শইকীয়াই লক্ষ্যধৰ চৌধুৰীৰ কথা মানি নল'লে। শইকীয়াৰ মতে, গল্পত কল্পনা আৰু কাল্পনিক চৰিত্ৰ লগতে এক নিজস্বশৈলী থাকে। কিন্তু এইবোৰ কল্পনাৰ প্ৰলেপ নসনাকৈ লেখা সঁচা মানুহৰ কাহিনী। গতিকে ইয়াক জীৱনতো পেলাব নোৱাৰি, গল্পতো ধৰিব নোৱাৰি।
তাৰপাছত শইকীয়াই প্ৰস্তাৱ দিলে, এইবোৰ কাহিনী বুলি তেওঁ প্ৰকাশত প্ৰকাশ কৰিব। সেইমতে পৰৱৰ্তী সংখ্যাৰ প্ৰকাশত চণ্ডিকাই শীৰ্ষক কাহিনীতো প্ৰকাশ পালে।
প্ৰকাশতে ধাৰাবাহিকভাৱে এনে ৪/৫ টা কাহিনী প্ৰকাশৰ পাছত পাঠকৰ পৰা অভূতপূৰ্ব সঁহাৰি আহিল। এনেকৈ তেওঁ সাধাৰণ মানুহৰ বহু অসাধাৰণ কাহিনী লিখিলে।
এদিন এনে ১৯ টা কাহিনীৰে এখন কিতাপ প্ৰকাশৰ কথা ভাবিলে। ছপাশালৰ মালিক এজনে মাত্ৰ কাগজৰ দামটো লৈ কিতাপখন প্ৰকাশৰ দায়িত্ব ল'লে। কিতাপৰ এটা ফৰ্মা ছপাও হৈছিল।
তেনেতে আকৌ আহি ওলাল চন্দ্ৰপ্ৰসাদ শইকীয়া। এই খবৰ শুনি তেওঁ আপত্তি কৰিলে। ক'লে প্ৰকাশন পৰিষদে এই কিতাপখন ছপোৱাৰ কথা ভাবিছে। তেওঁ গাড়ীৰে গৈ ছপাশালৰ পৰা কিতাপখনৰ ছপা কাগজবোৰ প্ৰকাশন পৰিষদৰ অফিচ লৈ গ'ল।
তাৰপাছত কিন্তু কিতাপখন ছপা হৈ নোলাল। দুবছৰ পাৰ হ'ল। এদিন প্ৰকাশন পৰিষদৰ পৰা তেওঁক শুধিলে কিতাপখনৰ নাম কি দিব? লক্ষ্যধৰ চৌধুৰীয়ে উত্তৰ দিলে কিতাপখনৰ নামতো তেওঁ- "জীয়া মানুহৰ হিয়া কাহিনী দিব খোজে।"
চন্দ্ৰপ্ৰসাদ শইকীয়াৰ নামতো পছন্দ নহ'ল। লক্ষ্যধৰ চৌধুৰীক ক'লে- দাদা নামটো দীঘল হৈছে। মই এটা নাম ভাবিছো। লক্ষ্যধৰ চৌধুৰীয়ে নামটো নুশুনাকৈয়ে চন্দ্ৰপ্ৰসাদ শইকীয়াক দায়িত্ব দিলে, তুমি যিটো নাম ভাবিছা সেইটোৱে ফাইনেল বুলি ধৰা।
চন্দ্ৰপ্ৰসাদ শইকীয়াই লক্ষ্যধৰ চৌধুৰীক কিতাপখনৰ নামটো ক'লে- দাদা মই আপোনাৰ এই কিতাপখনৰ নাম দিব বিচাৰিছো "মানুহ বিচাৰি"। লক্ষ্যধৰ চৌধুৰীৰ মুখেৰে এটা শব্দই ওলাল- মজা।
তাৰপাছত কুমুদ গোস্বামী প্ৰকাশন পৰিষদৰ ভাৰপ্ৰাপ্ত সচিব হৈ থকা সময়ত কিতাপখন প্ৰকাশ হ'ল। ১৯৮৭ চনৰ জুনত এনেকৈয়ে প্ৰকাশ পাইছিল লক্ষ্যধৰ চৌধুৰীৰ এইখন গ্ৰন্থ "মানুহ বিচাৰি"।
মুঠ ১৯ টা কাহিনী আছে ইয়াত। চণ্ডিকাই,কান্দুৰা গণেশ,নুৰুদ্দিন,কুমুদ ভাই, মুলুকচা, কুটুৰা,কৃতি ডাক্তৰ, মছেন চাংমা, অন্নপ্ৰভা নবৌ, মতলিব আলী, দীনা বাপু, ফতিক মেম্বৰ, মায়ামতী পেহী,লেতেৰা,খুকুলী বাই, বুম্কি, কুটুবুদ্দিন, গেৰি বাই আৰু হীৰালালৰ জীৱন কাহিনী- মানুহে বিচাৰি পাব এই লেখাবোৰৰ মাজত।
প্ৰতিটো কাহিনীৰে উৎস বাস্তৱৰ এক চৰিত্ৰ। এগৰাকী সাধাৰণ মানুহৰ সাধাৰণ জীৱনবোধক অসাধাৰণ ৰূপত তুলি ধৰিব পৰাটোৱে কাহিনীকাৰৰ সফলতা। এই কাহিনীবোৰত আছে কাহিনীকাৰৰ সুক্ষ্ম দৃষ্টি আৰু জীৱন দীক্ষনৰ অনুপম চিত্ৰায়ণ।
সেয়েহে এই গ্ৰন্থখনে অসমীয়া পাঠকক নতুন সোৱাদ দিয়াৰ লগতে সৰু মানুহবোৰ কিমান ডাঙৰ তাক বোধগম্য কৰিবলৈ এক অৱকাশ দিছিল। যি এবাৰ এই কিতাপখন পঢ়িছে তেওঁ আজীৱন এই শিক্ষা লৈ ফুৰিছে যে, আমি সৰু বুলি ভৱা মানুহবোৰৰ অবিহনে জীৱন সম্পূৰ্ণ হ'ব নোৱাৰে। আৰু সমাজখনো অচল হৈ পৰিব পাৰে।
ভাল খবৰ যে, অসমীয়া সাহিত্যৰ এই ৰস বিশ্ববাসীয়ে লব পাৰিব। গ্ৰন্থমেলাৰ বতৰতো লক্ষ্যধৰ চৌধুৰীৰ মানুহ বিচাৰি নামৰ কিতাপখন অনুবাদ হৈছে ইংৰাজী ভাষাত। ইংৰাজীলৈ অনুবাদ কৰা গ্ৰন্থখনৰ নাম দিয়া হৈছে "কমনলী আনকমন,ষ্ট'ৰিছ ওই লিভ উইথ।"
গ্ৰন্থখনৰ অনুবাদ কৰিছে পূজা ৰাজকুমাৰীয়ে। গ্ৰন্থমেলাৰ বতৰত কোনখন গ্ৰন্থ কিমান বিক্ৰী হৈছে এই হিচাপেৰে বহুতে এখন গ্ৰন্থৰ মান নিৰূপণ কৰে। কিন্তু কেতিয়াবা অধিক চৰ্চা হ'ব লাগে যদিও আঁৰতে ৰৈ যায় সাহিত্যৰ এনে বহু ভাল খবৰ।