চৰকাৰ সলনি কৰিব হোৱাটছএপ, ফেচবুকে…

চৰকাৰ সলনি কৰিব হোৱাটছএপ, ফেচবুকে…

author-image
asomiyapratidin
New Update
চৰকাৰ সলনি কৰিব হোৱাটছএপ, ফেচবুকে…

তুষাৰ প্ৰতিম

Advertisment

আমি যিখন পৃথিৱীত বাস কৰো সেইখন পৃথিৱীৰ বাহিৰেও আছে আন এখন পৃথিৱী। আপুনি,মই নজনাকৈয়ে প্ৰতি মুহূৰ্তত এই পৃথক পৃথিৱীখনৰ সৈতে সংযুক্ত হৈ আছো। এই পৃথিৱীখনত নাই কোনো পৰিধি। ইচ্ছা কৰিলেই ভ্ৰমি ফুৰিব পাৰি দেশ-বিদেশ। মন গ'লেই পাব পাৰি সকলো খবৰ, মন গ'লেই চাব পাৰি বিদেশত থকা আপোনজনক।

ডিজিটেল পৃথিৱীখনৰ কথা আপুনি-মই সকলোৱে জানোঁ। হাতত থকা এণ্ড্ৰইড মোবাইল ফোনটোৱে আপোনাক-মোক ডিজিটেল পৃথিৱীখনৰ সৈতে অভ্যস্ত কৰি তুলিছে। আনহে নালাগে অশিক্ষিত অথবা কোনোবা উন্নয়নৰ ছাঁও নপৰা জকাই চুকৰ ব্যক্তিৰ হাততো দেখা যায় এণ্ড্ৰইড ফোন। ফেচবুক, হোৱাটছএপ আদিৰ সৈতে অভ্যস্ত আজিৰ পৃথিৱীৰ সকলো নাগৰিক।

এই এণ্ড্ৰইড ফোনৰ বাবেই সকলোৱে এতিয়া গোটেই পৃথিৱীখনকে নিজৰ লগত ৰাখে। গোটেই পৃথিৱীৰ খবৰ নিজৰ নখ দৰ্পনত ৰাখিবলৈ সক্ষম। এই ডিজিটেল মাধ্যমে এতিয়া দেশৰ ৰাজনীতি, সমাজনীতি, অৰ্থনীতি, সংস্কৃতি সকলো ক্ষেত্ৰতে প্ৰভাৱ পেলাইছে।  ডিজিটেল পৃথিৱীখনৰ বাবেই এখন দেশৰ চৰকাৰ গঠন আৰু পতন সম্ভৱ হৈ পৰিছে।

২০১৪ চনত দেশত কংগ্ৰেছ চৰকাৰৰ পতনৰ আঁৰত এই ডিজিটেল মাধ্যমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ডিজিটেল মাধ্যমক প্ৰধান অস্ত্ৰ হিচাপে লৈ বিজেপি দলটোৱে দেশৰ যুৱ প্ৰজন্মক তেওঁলোকৰ প্ৰতি আকৰ্ষিত কৰাৰ লগতে কংগ্ৰেছৰ  বিৰুদ্ধে এক জনমত গঠন কৰাত সফল হৈছিল। যি সময়ত বিজেপিয়ে সামাজিক মাধ্যমৰ জৰিয়তে তেওঁলোকৰ আদৰ্শ আৰু উদ্দেশ্য দেশৰ যুৱ প্ৰজন্মৰ মাজত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল সেই সময়ত কংগ্ৰেছকে ধৰি অন্যান্য ৰাজনৈতিক দলে এই ডিজিটেল পৃথিৱীখনৰ সৈতে অভ্যস্ত হোৱাটো দূৰৰে কথা তেওঁলোকৰ বহু নেতাই নাজানিছিল সমাজিক মাধ্যমৰ প্ৰভাৱৰ কথা।

বিজেপিয়ে জানে ডিজিটেল মাধ্যমৰ কথা। ডিজিটেল মাধ্যমৰ শক্তিৰ কথা। দলটোৱে পূৰ্বৰে পৰা এই ডিজিটেল মাধ্যমক অধিক গুৰুত্ব প্ৰদান কৰি আহিছে। যদিও দেশলৈ কম্পিউটাৰ অনা মূল মানুহজন কংগ্ৰেছ নেতা তথা প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী আছিল তথাপিও কিন্তু দলটো ডিজিটেল মাধ্যমৰ সৈতে নিজকে অধিক সংপৃক্ত কৰিব পৰা নাছিল। সময়ৰ সৈতে ডিজিটে মাধ্যম ব্যৱহাৰত পিছ পৰি আছিল।

বৰ্তমান দেশৰ আটাইতকৈ ধনী ৰাজনৈতিক দল কেন্দ্ৰত শাসনাধিস্ত বিজেপি  দলটো। তেওঁলোকে প্ৰচাৰত অধিক গুৰুত্ব প্ৰদান কৰি আহিছে। প্ৰচাৰৰ জৰিয়তে চমক সৃষ্টি কৰিবলৈ সক্ষম হোৱা বিজেপিয়ে ইছ্যু কেনেকৈ ডাইভাৰত কৰিব লাগে সেয়া ভালকৈয়ে জানে। আনকি এটা অশুদ্ধ অথবা ভুৱা খবৰক কিদৰে সত্য হিচাপে প্ৰতিষ্ঠা কৰিব পাৰি সেই বিষয়েও জানে দলটোৱে। দলটোৱে সামাজিক মাধ্যমৰ বাবে গঠন কৰি থৈছে আই টি চেল। এই আই টি চেলে বিৰোধী ৰাজনৈতিক দলক শলথেকত পেলাই অহাৰ লগতে দলটোক এডভাণ্টেজ প্ৰদান কৰি আহিছে।

কোৰোনা মহামাৰীৰ বাবে এইবাৰ দেশৰ ৫ ৰাজ্যৰ নিৰ্বাচনৰ প্ৰচাৰ পূৰ্বৰ দৰে মুকলিকৈ কৰিব পৰা নাই ৰাজনৈতিক দলবোৰে। পূৰ্বৰ দৰে ৰেলীও কৰিব পৰা নাই ৰাজনৈতিক দলবোৰে। নিৰ্বাচন আয়োগে ৰেলীৰ পৰিবৰ্তে ভাৰ্ছুৱেল ৰেলীৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে।

উত্তৰ প্ৰদেশ, পঞ্জাৱ, গোৱা, মধ্যপ্ৰদেশ আৰু মণিপুৰ এই ৫ ৰাজ্যৰ নিৰ্বাচনক কেন্দ্ৰ কৰি দেশৰ ৰাজনীতি গৰম হৈ আছে। এই ৫ ৰাজ্যৰ ভিতৰত অত্যাধিক চৰ্চা চলিছে উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ নিৰ্বাচন। ১০ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব উত্তৰ প্ৰদেশৰ নিৰ্বাচন।ইতিমধ্যে এই নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপিয়ে তীব্ৰ কৰিছে প্ৰচাৰ অভিযান। প্ৰধানমন্ত্ৰী মোডীয়েও উত্তৰ প্ৰদেশৰ নিৰ্বাচন অধিক গুৰুত্ব প্ৰদান কৰিছে। নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পূৰ্বে সপ্তাহত প্ৰায় দুবাৰকৈ উত্তৰ প্ৰদেশ ভ্ৰমণ কৰি বিভিন্ন উন্নয়নমূলক কাৰ্যৰ শুভাৰম্ভ কৰিছে। বহু হাজাৰ কোটি টকাৰ ধনৰ টোপোলা আগবঢ়াইছে ৰাজ্যখনলৈ।

নিৰ্বাচন আয়োগে ডিজিটেল  মাধ্যমক অধিক গুৰুত্ব দিবলৈ পৰামৰ্শ দিয়াৰ পূৰ্বেই বিজেপিয়ে ডিজিটেল মাধ্যমত শক্তিশালী কৰি থৈছে তেওঁলোৰ শক্তি। উত্তৰ প্ৰদেশ নিৰ্বাচনত বিজেপিয়ে কিদৰে সামাজিক মাধ্যমত প্ৰচাৰ চলাব বা সমাজিক মাধ্যমৰ জৰিয়তে জনসাধাৰণৰ মাজত সোমাই যাব সেই বিষয়ে বহু পূৰ্বেই দলটোৱে ৰণনীতি তৈয়াৰ কৰিছে।

দলটোৱে ১ লাখৰো অধিক হোৱাটছএপ গ্ৰুপ খুলিছে। এই হোৱাটছএপ গ্ৰুপ বোৰৰ জৰিয়তে দলটোৰ নেতৃত্বই তৃণমূলৰ কৰ্মীসকলৰ সৈতে অহৰহ সংযুক্ত হৈ থকাৰ লগতে তেওঁলোকক বিভিন্ন দিহা-পৰামৰ্শ দি আহিছে নেতৃত্বত থকা ব্যক্তিসকলে। দলৰ শীৰ্ষ নেতাৰ পৰা আৰম্ভ কৰি তৃণমূলৰ কৰ্মীলৈকে, ৰাজ্যিক বিজেপিৰ পৰা বুথ পৰ্যায়ৰলৈকে সকলোৰে বাবে আছে পৃথক পৃথক হোৱাটছএপ গ্ৰুপ। এই হোৱাটছএপ গ্ৰুপবোৰে এডাল শিকলিৰ দৰে এজনৰ পৰা আন এজনলৈ সকলোকে সংযুক্ত কৰি ৰাখিছে।

আনহাতে সামাজিক মাধ্যমত বিজেপিৰ সপক্ষে জনমত গঠন কৰিবলৈ, বিৰোধীক শলথেকত পেলাবলৈ দলটোৱে নিয়োগ কৰিছে ৯ হাজাৰ এক্সপাৰ্ট। এইসকলে  প্ৰতিটো মুহূৰ্ততে বিজেপিক শক্তিশালী কৰিব পৰাকৈ বিজেপিৰ মতাদৰ্শ সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰি আহিছে। তেওঁলোকে যুৱ প্ৰজন্মৰ লগতে সকলো শ্ৰেণীৰ নাগৰিকক আকৰ্ষিত কৰিব পৰাকৈ বিভিন্ন ধৰণে প্ৰচাৰ চলাই আহিছে। বিৰোধিৰ ভাৱমূৰ্তি ম্লান পেলাব পৰাকৈ যিয়েই পাইছে তাকেই সামাজিক মাধ্যমত এৰি দিছে। এই ক্ষেত্ৰত তেওঁলোকে সমাজত বিশৃংখল সৃষ্টি কৰিব পৰা বিষয়কো বাদ দিয়া নাই।

দলটোৱে এই ৯ হাজৰ সামাজিক মাধ্যমৰ এক্সপাৰ্টকলৈ বিগত দিন কেইটাত ৮৫ খনতকৈও অধিক বৈঠক সম্পন্ন কৰিছে। ধৰ্ম, জাত-পাত, ভুৱা খবৰকে ধৰি বিভিন্ন বিতৰ্কিত বিষয়কো তেওঁলোকে বাদ দিয়া নাই। সকলো প্ৰচাৰ কৰি আহিছে দলটোৰ এইসকল এক্সপাৰ্টে। শেহতীয়াকৈ কুকিলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ শেষকৃত্য অনুষ্ঠানত বলিউড অভিনেতা শ্বাহৰুখ খানে ইছলামীয় পৰম্পৰাৰে শেষ শ্ৰদ্ধা জনোৱা কাৰ্যকো লতা মংগেশকাৰৰ প্ৰতি অপমান কৰা বুলি সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে বিজেপিৰ আই টি চেলৰ মূৰব্বীয়ে। ইয়েই প্ৰমাণ কৰে দলটোৰ উদ্দেশ্যক কিদৰে সফল কৰিবলৈ আই টি চেলে কাম কৰে।

উত্তৰ প্ৰদেশৰ প্ৰতিখন জিলাৰ বাবে দলটোৱে খুলিছে অফিচিয়েল  ফেচবুক পেজ। জিলা পৰ্যায়ৰ উপৰিও প্ৰতিটো সমষ্টি, প্ৰতিটো বুথ পৰ্যায়টো নিজা নিজা ফেচবুক পেজ খুলি প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। দলটোৱে বিভিন্ন জাতিৰ বাবে খুলিছে হোৱাটছএপ গ্ৰুপ আৰু ফেচবুক পেজ।

ৰাজ্যখনৰ কুৰ্মী, কোয়েৰী, কাশ্যপ, শিপিনী, গুৰ্জাৰ আদিৰ দৰে অ'বিচি জাতিৰ বাবে খুলিছে পৃথক হোৱাটছএপ গ্ৰুপ। এইসকল লোকক একত্ৰিত কৰি ৰাখিবলৈ, তেওঁলোকৰ ভোট বিভাজন নহ'বলৈ তেওঁলোকক হোৱাটছএপৰ মাধ্যমেৰে বিভিন্ন প্ৰলোভন দিয়া হৈছে।

বুথ পৰ্যায়ত বিভিন্ন দায়িত্বত থকা লোকসকলক বিজেপিৰ শীৰ্ষ নেতাসকলে  দিছে বিশেষ নিৰ্দেশনা। ভোটাৰ লিষ্টত যিসকল লোকৰ নাম আছে  তেওঁলোকক ব্যক্তিগত ভাৱে লগ কৰি বিজেপিৰ প্ৰতি আকৰ্ষিত কৰিবলৈ  নিৰ্দেশনা দিয়া হৈছে। এই ক্ষেত্ৰত তেওঁলোকৰ লগত কিদৰে কথা পাতিব লাগিব বা কিদৰে তেওঁলোকক দলৰ প্ৰতি আকৰ্ষিত কৰিব পাৰি সেই বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।

ৰাজ্যখনত সাধাৰণ লোকৰ বাবে কি কি আঁচনি আছে, সেই আচঁনিৰ জৰিয়তে কিদৰে তেওঁলোক লাভাম্বিত হ'ব, তেওঁলোকৰ ধৰ্ম, জাতিৰ বাবে বিজেপিয়ে কি কি কৰিছে বা আগন্তুক পৰিকল্পনা কি আছে সেই বিষয়ে বুথ পৰ্যায়ৰ নেতাসকলক অৱগত কৰোৱা হৈছে আৰু সেই অনুসৰি সেই বোৰ বিষয় সাধাৰণ লোকৰ মাজলৈ লৈ গৈছে বুথ পৰ্যায়ৰ লোকসকলে।

এই বুথ পৰ্যায়ৰ কৰ্মীসকলক বিজেপিৰ বিশিষ্ট নেতাসকলৰ লাইভ ষ্ট্ৰীমং কিদৰে কৰিব পাৰি সেই বিষয়েও প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। ডিজিটেল ৰেলীৰ সময়ত এই বুথ পৰ্যায়ৰ নেতাসকলক সৰু সৰু সমাৱেশ আয়োজন কৰিবলৈ প্ৰশিক্ষণ  দিয়া হৈছে।

বিজেপিয়ে ভাৰ্ছুৱেল ৰেলীৰ বাবে  থ্ৰীডি প্ৰযুক্তিৰ ব্যৱহাৰ কৰিছে। পৃথক পৃথক স্থানত থাকি ভাৰ্ছুৱেল ৰেলী সম্বোধন কৰা নেতাক একেলগে একে সময়তে একেঠাইতে দেখুৱাবলৈ থ্ৰীডি প্ৰযুক্তি কিদৰে ব্যৱহাৰ কৰিব সেই বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে ইয়াৰ বাবে দলীয়া কাৰ্যকৰ্তাক ব্যৱহাৰ কৰিছে। প্ৰিণ্ট আৰু ইলেক্ট্ৰনিক মিডিয়াত প্ৰচাৰ অভিযান চলোৱাৰ উপৰিও দলটোৱে সমগ্ৰ ৰাজ্যখনতে এই থ্ৰীডি স্কৃণযুক্ত বিভিন্ন বাহনৰ জৰিয়তে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে।

এইদৰেই বিজেপি দলটোৱে বৰ্তমান উত্তৰ প্ৰদেশত ভাৰ্ছুৱেল ৰেলীত সক্ৰিয় হৈ আছে। তেওঁলোকে ডিজেটল মাধ্যমক পূৰ্বৰে পৰা অধিক গুৰুত্ব প্ৰদান কৰি অহাৰ বাবে বৰ্তমান ডিজিটেলি প্ৰচাৰ চলোৱাৰ ক্ষেত্ৰত আন আন দলতকৈ বহু আগবাঢ়ি আছে।

ইফালে ভাৰ্ছুৱেলী প্ৰচাৰৰ ক্ষেত্ৰত কংগ্ৰেছ, সমাজবাদী আৰু বহুজন সমাজবাদী পাৰ্টিয়ো ৰৈ থকা নাই। যিমান পাৰি সিমান ডিজিটেল মাধ্যমক ব্যৱহাৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে এই দলবোৰে। অৱশ্যে বিজেপিৰ দৰে ইমান গভীৰভাৱে ডিজিটেল মাধ্যমক ব্যৱহাৰ কৰিবলৈ সক্ষম হোৱা নাই দল কেইটা।

ডিজিটেল মাধ্যমেৰে দলক শক্তিশালী কৰিবলৈ নিৰ্বাচনৰ প্ৰচাৰ চলি থকাৰ মাজতহে সমাজবাদী পাৰ্টিয়ে হোৱাটছএপ গ্ৰুপ খুলিবলৈ আৰম্ভ কৰিছে। এই ক্ষেত্ৰত বিজেপি বহু আগবাঢ়ি আছে। ইয়াৰ উপৰিও সমাজবাদী পাৰ্টিৰ নেতাসকলে গ্ৰামাঞ্চললৈ গৈ ক্ষুদ্ৰ ক্ষুদ্ৰ গোটত বিভক্ত হৈ সাধাৰণ লোকৰ দুৱাৰে দুৱাৰে ঘূৰিবলৈ আৰম্ভ কৰিছে।

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও ডিজিটেলি জনসাধাৰণৰ লগত সংযুক্ত হোৱাৰ চেষ্টা অব্যাহত ৰাখিছে। যিসময়ত নিৰ্বাচন আয়োগে অধিসূচনা জাৰি কৰিছিল সেই সময়তে প্ৰিয়ংকাই ডিজিটেল প্ৰচাৰ অভিযান আৰম্ভ কৰিছিল। দলটোৱে নেতাসকলৰ বিভিন্ন আলোচনা-পৰ্যালোচনা সমাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰি আহিছে।

এইদৰেই এতিয়া উত্তৰ প্ৰদেশত ডিজিটেলি প্ৰচাৰ অভিযান পূৰ্ণদ্যমে চলি আছে। ডিজিটেল প্ৰচাৰত বিজেপি যদিও শীৰ্ষত আছে তথাপিও কিন্তু আজিৰ তাৰিখত বিজেপি দলটো শক্তিশালী স্থিতিত আছে বুলি ক'ব নোৱাৰি। দলটো পূৰ্বৰ তুলনাত দুৰ্বল হৈছে। যাৰ বাবে নিজৰ শক্তি বৃদ্ধিৰ বাবে দলটোৰ শীৰ্ষ নেতাসকলে উত্তৰ প্ৰদেশত বাহৰ পাতিছে।

আনহাতে কৃষক আন্দোলনৰ লগত জড়িত কৃষক নেতা তথা তেওঁলোকৰ সংগঠনসমূহে বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ অভিযান আৰম্ভ ৰাখিছে। বিজেপিয়ে কিদৰে কৃষকসকলক বঞ্চিত কৰিছে, শেহতীয়া বাজেটত কৃষকক কিদৰে উপেক্ষিত কৰিছে সেই বিষয়ে প্ৰচাৰ তীব্ৰ কৰিছে। কৃষকৰ ওপৰত বিগত সময়ত চলোৱা অত্যাচাৰৰ কথা সোঁৱৰাই দিছে।

এনে প্ৰেক্ষাপটত বিজেপি উত্তৰ প্ৰদেশত আজিৰ তাৰিখত শক্তিশালী স্থিতিত আছে বুলি ক'ব নোৱাৰি। কিন্তু এটা কথা সঠিক যে ডিজিটেল মাধ্যমৰ জৰিয়তে প্ৰচাৰ কাৰ্য চলোৱাৰ ক্ষেত্ৰত বিজেপি আন দলতকৈ অধিক আগবাঢ়ি আছে। উত্তৰ প্ৰদেশৰ জনসাধাৰণে ডিজিটেল মাধ্যমৰ চমকলগা প্ৰচাৰক অধিক গুৰুত্ব দিয়ে নে চৰকাৰে গ্ৰহণ কৰি অহা কৃষক বিৰোধী, জন বিৰোধী নীতি তথা সিদ্ধান্তসমূহক অধিক গুৰুত্ব প্ৰদান কৰে সেয়া সময়ে ক'ব। বিজেপিক পুনৰ শাসনৰ দায়িত্ব আগবঢ়াব নে শাসনৰ পৰা উফৰাই পেলাব সেই সিদ্ধান্তও গ্ৰহণ কৰিব উত্তৰ প্ৰদেশৰ জনতাই। ডিজটে মাধ্যমৰ এই হাইটেক প্ৰচাৰ কাৰ্য কিমানদূৰ সফল হ'ব সেইয়া চাবলৈ আমি কেৱল অপেক্ষা কৰিব লাগিব।