/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/Bekhekh-Lekha-New-2.jpg)
তুষাৰ প্ৰতিম
কোডিড পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগে লগে দেশত বৃদ্ধি পালে নিবনুৱাৰ সমস্যা। কোভিডে জুৰুলা কৰিলে দেশৰ উদ্যাগ তথা নিৰ্মাণখণ্ডকে ধৰি সংস্থাপনৰ বাট মুকলি কৰা সকলো প্ৰতিষ্ঠানত। কেৱল কোভিডেই নহয় ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা বিমুদ্ৰাকৰণ, জি এছ টি আদিয়ে দেশৰ অৰ্থব্যৱস্থা ধ্বংস কৰিছিল।
বিমুদ্ৰাকৰণ, জি এছ টিয়ে দেশৰ ক্ষুদ্ৰ উদ্যোগখণ্ডক ধ্বংস কৰাৰ সমান্তৰালকৈ কেইবাকোটি লোকক সংস্থাপনহীন কৰিলে। একেদৰে জি এছ টিৰ ফলটো বহু ক্ষুদ্ৰ উদ্যোগ মৃত্যু মুখত পৰাত ইয়াৰ সৈতে জড়িত হৈ থকা লাখ লাখ লোকৰ জীৱিকাৰ পথ বন্ধ হয়।
ইয়াৰ মাজতে ২০১৯ চনত আহিল কোভিড-১৯। কোভিডৰ সংক্ৰমণ আৰম্ভ হোৱাৰ লগে লগে সমগ্ৰ বিশ্বৰ লগতে ভাৰততো আৰম্ভ হ'ল লকডাউন। ফলত এফালৰ পৰা দেশৰ অৰ্থ ব্যৱস্থা ধ্বংস হৈ কোটি কোটি লোকক নিবনুৱা কৰাৰ লগতে বহুতকে পথৰ ভীক্ষাৰী কৰিলে।
সংস্থাপনহীন হোৱা কোটি কোটি লোক এতিয়াও মূৰ দাঙি থিয় হ'ব পৰা নাই। তাৰ মাজতে পূৰ্বৰে পৰা দেশত বৃদ্ধি পোৱা নিবনুৱা সমস্যাই কোভিডকালীন পৰিস্থিতিৰ মাজত যেন বিস্ফোৰণ হে ঘটিল। সংস্থাপনৰ বাট বিচাৰি নাপায় হাহাকাৰ কৰিছে নিবনুৱাই।
ইয়াৰ মাজতে শেহতীয়াকৈ প্ৰকাশ পাইছে এক উদ্বেগজনক তথ্য। থিংক টেংক চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমি চমুকৈ চি এম আই ইৰ দ্বাৰা প্ৰকাশিত প্ৰতিবেদন অনুসৰি ভয়াৱহ ভাৱে দেশত বৃদ্ধি পাইছে নিৱনুৱা সমস্যা। চলিত বৰ্ষৰ জুন মাহৰ শেষলৈকে হাৰিয়ানাত সৰ্বাধিক ৩০.৬ শতাংশ, ৰাজস্থানত ২৯.৮ শতাংশ নিবনুৱাৰ হাৰ। আনহাতে অসম আৰু জন্মু-কাশ্মীৰত নিবনুৱাৰ হাৰ ১৭.২ শতাংশ।
চি এম আই ইয়ে ১ লাখ ৭৮ হাজাৰৰো অধিক পৰিয়ালৰ পেনেল প্ৰস্তুত কৰি তাৰ আধাৰতে নিবনুৱাৰ হাৰ গণনা কৰি আহিছে। প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি দেশত মুঠ চাকৰিৰ সংখ্যা মে' মাহত আছিল প্ৰায় ৪০.৪ কোটি। জুন মাহত এই সংখ্যা ৩৯ কোটিলৈ হ্ৰাস পাইছে।
থিংক টেংকৰ প্ৰতিবেদন অনুসৰি জুন মাহত গাওঁবোৰত নিবনুৱা বৃদ্ধিৰ মূল কাৰণ চাকৰিৰ অভাৱ। গ্ৰাম্যাঞ্চলত নিবনুৱাৰ সংখ্যা জুনত ৮.০৩ শতাংশলৈ বৃদ্ধি হৈছে। এই সংখ্যা মে' মাহত আছিল ৬.৬২ শতাংশ। ইফালে, নগৰাঞ্চলত নিবনুৱাৰ সংখ্যা জুনত ৮.২১ শতাংশ ৰ পৰা ৭.৩০ শতাংশলৈ হ্ৰাস হৈছে।
সংস্থাপনহীনতা তথা নিবনুৱা সমস্যাই এনে ৰূপ ধাৰণ কৰাৰ মাজতে পুনৰ প্ৰকাশ পাইছে এক উদ্বেগজনক তথ্য। ৰাষ্ট্ৰসংঘৰ পৰা প্ৰকাশিত এই তথ্য মতে ভয়াৱহ ৰূপত ভাৰতত বৃদ্ধি পাইছে জনসংখ্যা। অতি সোনকালেই ভাৰতে জনসংখ্যাৰ হিচাপত চীনক অতিক্ৰম কৰিব।
ৰাষ্ট্ৰসংঘৰ পৰা প্ৰকাশিত তথ্য অনুসৰি ২০২৩ চনত চীনক চেৰাই সৰ্বাধিক জনবহুল দেশলৈ ভাৰত পৰিগনিত হ'ব ! ১১ জুলাই, ২০২২ত ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি ভাৰতে আগন্তুক বছৰত অৰ্থাত ২০২৩ ত বিশ্বৰ আটাইতকৈ জনবহুল দেশ হিচাপে চিহ্নিত চীনক অতিক্ৰম কৰিব বুলি অনুমান কৰা হৈছে। একেখন প্ৰতিবেদনতে কোৱা হৈছে যে ২০২২ চনৰ নৱেম্বৰৰ মাজভাগলৈ বিশ্বৰ জনসংখ্যা হ'বগৈ ৮ বিলিয়ন।
এই তথ্য প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিক্ৰমা বিভাগ, জনসংখ্যা বিভাগৰ দ্বাৰা। প্ৰতিবেদন অনুসৰি বিশ্বৰ জনসংখ্যা ২০৩০ চনত প্ৰায় ৮.৫ বিলিয়ন আৰু ২০৫০ চনত ৯.৭ বিলিয়নলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ২০৮০ চনত এই সংখ্যাই ১০ বিলিয়ন অতিক্ৰম কৰিব।
প্ৰতিবেদন অনুসৰি, ২০২২ চনত চীনৰ ১.৪২৬ বিলিয়নৰ তুলনাত ভাৰতৰ জনসংখ্যা হৈছে ১.৪১২ বিলিয়ন৷ ২০২৩ চনৰ ভিতৰত চীনক ভাৰতে অতিক্ৰম কৰি ২০৫০ চনৰ ভিতৰত ভাৰতৰ মুঠ জনসংখ্যা হ'বগৈ ১.৬৬৮ বিলিয়ন। এই সময়ছোৱাত চীনৰ জনসংখ্যা ১.৩১৭ বিলিয়ন হোৱাৰ আশংকা কৰা হৈছে।
জনসংখ্যাৰ এনে বিস্ফোৰণে আগন্তুক সময়ত কিমান ভয়াৱহ সমস্যাৰ সৃষ্টি কৰিব পাৰে সেয়া কল্পনাৰো অতীত। জনসংখ্যা বৃদ্ধিৰ ফলত সৃষ্টি হোৱা অন্যান্য সমস্যাৰ লগতে নিৱনুৱা সমস্যা এক উল্লেখযোগ্য সমস্যা। বৰ্তমান দেশৰ সমস্যাবোৰৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যা হিচাপে পৰিগনিত হোৱা এই সমস্যা জনসংখ্যা বৃদ্ধিৰ লগে লগে আৰু অধিক হ'ব।
এতিয়া প্ৰশ্ন হয় এই সমস্যাৰ পৰা পৰিত্ৰাণ কিদৰে পোৱা যাব? এই মুহূৰ্তত এই প্ৰশ্নৰ উত্তৰ পোনপটীয়াকৈ দিব নোৱাৰিলেও বহু বিশেষজ্ঞই এই সন্দৰ্ভত ব্যাখ্যা আগবঢ়াইছে। অৰ্থনীতি মন্দাৱস্থাৰ বাবেই দেশত এফালৰ পৰা বিভিন্ন ধৰণৰ কৰ আৰোপ কৰাৰ লগে লগে কৰ বৃদ্ধি কৰা হৈছে। মূল্যবৃদ্ধিয়ে আকাশ স্পৰ্শ কৰিছে।
চৰকাৰে উন্নয়নমূলক কামৰ সংখ্যা হ্ৰাস কৰি কেৱল জোৰা-টাপলি মাৰি প্ৰচাৰ আৰু উৎসৱমুখৰ পৰিস্থিতি সৃষ্টি কৰি জনতাক মূল সমস্যাৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিছে। নিবনুৱা তথা যুৱ সমাজক ধৰ্মৰ আফিং খোৱাই ব্যস্ত ৰাখিবলৈ পাৰ্যমানে চেষ্টা কৰিছে। কিন্তু চৰকাৰে কিমান দিনলৈ মূল সমস্যাক একাষৰীয়া কৰি ৰাখিব? এইদৰে থাকিলে দ্বিতীয় শ্ৰীলংকা হ'বলৈ দেশক আৰু কিমান সময়ৰ প্ৰয়োজন হ'ব?
এনে পৰিস্থিতিত ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা জনসংখ্যা সম্পৰ্কীয় এই তথ্যই ভাৰতৰ ভয়াৱহ ভৱিষ্যতৰ কথা ইংগিত দিয়াটো নিশ্চিত। এই মুহূৰ্তত চৰকাৰে সংস্থাপনৰ বাট মুকলি কৰাৰ চেষ্টা কৰিব নে জনসংখ্যা ৰোধ কৰিবলৈ চেষ্টা কৰিব সেয়া হ'ব লক্ষ্যণীয়। কিন্তু চৰকাৰৰ সিদ্ধান্ত যিয়েই নহওক কিয় দুয়োটা সমস্যাৰ ভিতৰত যে যিকোনো এটাই দেশত বিস্ফোৰিত হ'ব সেয়াও নিশ্চিত।
ভাৰতত বিশেষকৈ উত্তৰ প্রদেশ, বিহাৰ আদি ৰাজ্য বিলাকত জনসংখ্যা অত্যধিক বৃদ্ধি পাইছে৷ ভাৰত চৰকাৰে দুটা সন্তান নীতিৰ সমর্থনত বিভিন্ন প্রচাৰ চলাইছে আৰু সীমিত বা ক্ষুদ্র পৰিয়াল সুখী পৰিয়াল বুলি কৈ পৰিয়াল সীমিত কৰিবৰ বাবে আহ্বান জনাই আহিছে যদিও এই বিষয়ত কঠোৰ আইন প্ৰণয়ন কৰা নাই।
অৱশ্যে অসমত অসম চৰকাৰে দুটা সন্তান নীতি গ্রহণ কৰিছে আৰু দুটা সন্তানৰ অধিক হ'লে সন্তানৰ পিতৃ-মাতৃসকলে চৰকাৰী চাকৰি হেৰুৱাব বা চাকৰিৰ বাবে আৱেদন কৰিব নোৱাৰিব বুলি আইন প্ৰস্তুত কৰিছে। পঞ্চায়ত তথা নিগম, নিকায়ৰ নিৰ্বাচনত দুটা সন্তানতকৈ অধিক সন্তান থকা ব্যক্তিয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব নোৱাৰিব বুলিও আইন প্ৰস্তুত কৰিছে।
এই সিদ্ধান্ত কিমান কাৰ্যকৰী হ'ব সেয়া সময়ে ক'ব। অৱশ্যে এই সিদ্ধান্ত বিভিন্না কাৰণত বহুতেই বিৰোধিতাও কৰিছে। যদি চীনলৈ চোৱা যায় তেন্তে চীনে দেশৰ উদ্যোগখণ্ডৰ বিকাশ তৰামন্বিত কৰি সংস্থাপনৰ বাট মুকলি কৰাৰ সমান্তৰালকৈ জনসংখ্যা ৰোধৰ বাবে প্ৰথমে এটা সন্তানৰ নীতি গ্ৰহণ কৰিছিল।
এই নীতিয়ে চীনৰ বৰ্ধিত জনসংখ্যাক এটা পৰ্যায়লৈ সীমিত কৰাৰ পিছত এতিয়া চীনে এটা সন্তানৰ নীতিৰ পৰিৱৰ্তে দুটা সন্তানৰ নীতি গ্ৰহণ কৰিছে। চীনে গ্ৰহণ কৰা এনে জনংসখ্যৰা নীতি আৰৰ উদ্যোগখণ্ডত কৰ্মসংস্থাপনৰ বাট পৰিকল্পিত ভাৱে মুকলি কৰাত এক সন্তুলিত অৱস্থাত উপস্থিত হৈছে।
সেয়া যিয়েই নহওক এটা সপ্তাহৰ ভিতৰতে দুটা ভিন্ন সংস্থাই প্ৰকাশ কৰা দুটা ভিন্ন প্ৰতিবেদনে ভাৰতৰ ভয়াৱহ ভৱিষ্যতৰ ইংগিত দিছে। নিবনুৱা সমস্যা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ সংস্থাপনৰ বাট বন্ধ হোৱা আৰু জনসংখ্যাৰ বিস্ফোৰণক চৰকাৰে সঠিক পদক্ষেপ তথা নীতিৰে ৰোধ কৰিব নোৱাৰিলে অনাগত সময়ত দেশৰ সামাজিক, ৰাজনৈতিক পৰিস্থিতিয়ে কি ৰূপ ধাৰণ কৰিব সেয়া কল্পনাৰো অতীত।