/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/01/AP-bikekh-lekha-modi.jpg)
তুষাৰ প্ৰতিম
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সচাকৈয়ে ইছলামিক সন্ত্ৰাসবাদীৰ লক্ষ্য হৈ পৰিছে নেকি? গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত বহুল ভাৱে চৰ্চিত হৈ পৰিছে গুৰুত্বপূৰ্ণ এই বিষয়টো। দেশৰ চোৰাংচোৱা সংস্থাসমূহৰ ফালৰ পৰাও আগন্তুক গণৰাজ্য দিৱসৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোডীসহ বিশিষ্ট অতিথি আৰু নেতা ইছলামিক সন্ত্ৰাসবাদীৰ আক্ৰমণৰ লক্ষ্য হ'ব পাৰে বুলি গৃহ আৰু প্ৰতিৰক্ষা বিভাগক সতৰ্ক কৰি দিয়াৰ কথা চৰ্চিত হৈছিল।
কেইদিনমান আগেয়ে পঞ্জাৱৰ এখন সভাত ভাগল'বলৈ যোৱা প্ৰধানমন্ত্ৰী সভাতস্থলী পোৱাৰ প্ৰাকক্ষণত হঠাতে বিমানবন্দৰলৈ উভতি আহি কথমপি তেওঁৰ প্ৰাণ ৰক্ষা পৰিল বুলি নিজে প্ৰকাশ কৰাৰ লগতে ইয়াৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীকো একপ্ৰকাৰে কতাক্ষ কৰি ধন্যবাদ জনাইছিল।
এখন দেশৰ স্বয়ং প্ৰধানমন্ত্ৰী গৰাকীক এই বক্তব্যক বিৰোধী ৰাজনৈতিক দল তথা বিভিন্ন সংস্থাই ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত অপপ্ৰচাৰ বুলি সমালোচনাও কৰিছে। এই সন্দৰ্ভত পঞ্জাৱ চৰকাৰৰ লগতে কেন্দ্ৰীয় গৃহ দপ্তৰৰ তৰফৰ পৰাও তদন্তৰ ব্যৱস্থা কৰিছিল। ৰাজনৈতিক সমালোচনাৰ পিছত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত ৰাজ্য আৰু কেন্দ্ৰই গঠন কৰা দুয়োখন তদন্ত কমিটী ভংগ কৰা হ'ল যদিও উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ, ৰাজ্য দুয়োখন সমিতি ভংগ কৰি গুৰুত্বৰ বিষয়টোৰ সন্দৰ্ভত ন্যায়িক তদন্তৰ গোট এটা ইতিমধ্যে গঠন কৰি দিছে।
সেয়েহে বিষয়টো কেৱল ৰাজনৈতিক অপপ্ৰচাৰ বুলি উৰুৱাই দিয়া পৰ্যায়ত এতিয়া নাই। লক্ষণীয় কথাটো হ'ল, বিগত প্ৰায় দুবছৰে দেশৰ চোৰাংচোৱা সংস্থাসমূহে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত এটা বিশাল স্বেচ্ছাসেৱী অনুষ্ঠানৰ আৱৰণ সন্মুখত লৈ ইছলামিক মৌলবাদিৰ কাৰ্যকলাপক সংগঠিত কৰাৰ দৃঢ় পদক্ষেপ গ্ৰহণ কৰাৰ কথা সদৰী কৰি আহিছিল।
এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্কৰ কেইবাখনো প্ৰতিবেদনত ইয়াৰ বিৱৰণ দাঙি ধৰা হৈছিল। চোৰাংচোৱা সংস্থাসমূহৰ এই প্ৰতিবেদন বোৰত এই কথাও স্পষ্ট কৰি দিয়া হৈছিল যে দিল্লীতে মুখ্য কাৰ্যালয় থকা উক্ত স্বেচ্ছাসেৱী সংস্থাটোৱে অতি কৌশলপূৰ্ণভাৱে দেশৰ ১৫ খনৰো অধিক ৰাজ্যত ২০ লক্ষাধিক সদস্যক ইতিমধ্যে বিভিন্ন স্বেচ্ছাসেৱীৰ বেনাৰত সংগঠিত কৰিছে আৰু ইয়াৰে এটা অংশক নিষিদ্ধ সামগ্ৰীৰ চোৰাং বেহাত জড়িত কৰোৱাই তেওঁলোকৰ মাধ্য়মতে আন্তঃৰাষ্ট্ৰীয় স্তৰত যোগাযোগ ৰক্ষা কৰা হৈছে।
তাৎপৰ্যপূৰ্ণভাৱে বাংলাদেশত খোপনিপোতা ইছলামিক সন্ত্ৰাসবাদী সংস্থা এটাই এই চোৰাংকাৰবাৰী চক্ৰটোক বৃহৎ পৰিমাণৰ ধন যোগান ধৰি, সেই ধনবলৰেই গাঁৱৰ দুখীয়া যুৱক-যুৱতীক প্ৰলোব্ধ কৰাৰ সমান্তাৰালভাৱে শীৰ্ষ আৰক্ষী আৰু প্ৰশাসনীয় বিষয়াকো নিজৰ কব্জাত ৰখাৰ অহোপুৰুষাৰ্থ কৰিছে।
বহু সময়ত এওঁলোকক চুবুৰীয়া ৰাষ্ট্ৰৰ চোৰাংচোৱা সংস্থাৰ তথ্য আদান প্ৰদানৰ প্ৰতিশ্ৰুতিৰ ভাৰতৰ বিভিন্ন ৰাজ্যৰ আৰক্ষী তথা চোৰাংচোৱা তথা সংস্থাৰ বিষয়াক নিয়ন্ত্ৰণলৈ নিয়াৰ ক্ষেত্ৰত কিছু পৰিমাণে সফল হোৱা বুলি উক্ত প্ৰতিবেদনসমূহত উল্লেখ কৰি চৰকাৰক সতৰ্ক কৰি দিয়া হৈছিল। আনকি অসমত এনে কাৰ্য অধিক সুদৃঢ় হৈ পৰা বুলি সময়ে সময়ে দাখিল কৰা এই প্ৰতিবেদনৰ ভিত্তিতে কিছুদিন পূৰ্বে অসম আৰক্ষীৰ খোদ সঞ্চালকপ্ৰধানে সংবাদ মেল আয়োজন কৰি আওঁপকিয়াকৈ এনে সম্ভাৱনাৰ কথা স্বীকাৰ কৰি প্ৰতিৰোধ মূলক ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও প্ৰকাশ কৰিছিল।
এনে প্ৰতিবেদন বোৰৰ ভিত্তিতে যোৱা কেইটামান মাহত অসমতো গৰু, চোপাৰি, ড্ৰাগছৰ চালানকাৰিৰ বিৰুদ্ধে ব্যাপক অভিযান চলোৱাৰ সময়তে কেইজনমান বিদেশী এজেণ্টকো অসমত গ্ৰেপ্তাৰ কৰা হয়। আনুষ্ঠানিকভাৱে চৰকাৰ বা কোনো সংস্থাই এই কথা প্ৰকাশ নকৰিলেও কিছুদিন পূৰ্বে নামনি এখনৰ এখন জিলাত কৰা বিদেশী ৰাষ্ট্ৰৰ পৰা অহা ইছলামিক সংন্ত্ৰাসবাদী সংগঠনৰ উচ্চ পৰ্যায়ৰ কেইজনমান নেতাক হত্যা কৰাৰ খবৰো ঘুনুক-ঘানাককৈ আহিছিল।
সেইয়া যিয়েই নহওক, যোৱা কেইদিনমানত আগন্তুক গণৰাজ্য দিৱসৰ প্ৰস্তুতিৰ মাজতে দেশজুৰি নিৰাপত্তা ব্যৱস্থা অতি কটকটিয়া কৰা হৈছে। কোভিডৰ আলম লৈ নিশাৰ ভাগত আৰোপ কৰা বাধা-নিষেধ বোৰৰ আঁৰতো এনে সতৰ্কতামূলক ব্যৱস্থাৰ প্ৰভাৱ নথকা নহয়। এই প্ৰসংগতে উল্লেখ কৰাৰ প্ৰয়োজন যে কেইবাখনো ইছলামিক দেশৰ মূৰব্বীয়ে আগন্তুক গণৰাজ্য দিৱসৰ অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ কথা ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে।
সেই সময়তে চোৰাংচোৱা সংস্থাই ইছলামিক ষ্টেটৰ সংন্ত্ৰাসবাদীৰ দ্বাৰা গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ সময়ত আক্ৰমণৰ আশংকা প্ৰকাশ কৰি দাখিল কৰা বিভিন্ন প্ৰতিবেদনৰ ভিত্তিতে প্ৰথমবাৰলৈ পূৰ্বনিৰ্ধাৰিত সময়তকৈ ১০ মিনিট পিছুৱাই গণৰাজ্য দিৱসৰ পতাকা উত্তোলণৰ সময় ধাৰ্য কৰা হৈছে। আনহাতে ৰাজপথত সামৰিক শক্তিৰ প্ৰদৰ্শনৰ লগতে বিভিন্ন ৰাজ্যৰ প্ৰতীকপট প্ৰদৰ্শনৰ যি কাৰ্যসূচী আছিল সেই কাৰ্যসূচীও আধাঘণ্টা পিছুৱাই দিয়াৰ ব্যৱস্থা কৰা হৈছে।
পোনপটীয়াভাৱে নিৰাপত্তাজনিত কাৰণতে এইয়া কৰা বুলি কোৱা হোৱা নাই যদিও দিল্লীকে ধৰি সমগ্ৰ দেশত কটকটীয়া কৰি তোলা নিৰাপত্তা ব্যৱস্থা বিমান বন্দৰ, ৰে'লপথ, নদীপথ আৰু ঘাইপথ সমূহত তন্ন-তন্ন তালাচী চলোৱাৰ অভিযানটোৱে ৰাজ্যৰ মনত সাম্ভাৱ্য এক বিপদৰ আশংকা ইতিমধ্যে বিয়পাই দিছে। পূৰ্বে দেশৰ সন্ত্ৰাসবাদী সংগঠনসমূহ অধিক সক্ৰিয় হৈ থকাৰ সময়তহে বা চুবুৰীয়া পাকিস্তান, আফগানিস্তান, বাংলাদেশ আদিত ইছলামিক সন্ত্ৰাসবাদী সংগঠনৰ খোপনি মজবুত হৈ পৰাৰ সময়তহে এনে পৰিৱেশ প্ৰতক্ষ্য কৰা হৈছিল।
কিন্তু ইৰাকত ছাদ্দাম হুছেইন, পাকিস্তানত বিশ্ব সন্ত্ৰাস লাডেনক মাৰ্কিন সেনাই নিধন কৰাৰ উপৰি সমগ্ৰ বিশ্বত সন্ত্ৰাসবাদৰ বিৰুদ্ধে চলা কঠোৰ অভিযানে এই শক্তিবোৰক ঠানবান কৰি পেলোৱাৰ পিছত যোৱা প্ৰায় ১০ বছৰত এনে পৰিৱেশ পৰিলক্ষিত হোৱা নাছিল। যিজন প্ৰধানমন্ত্ৰী বিশ্বৰ সৰ্বজনপ্ৰিয় প্ৰধানমন্ত্ৰী হিচাপে বাৰম্বাৰ ঘোষিত হৈ আহিছে তেনে এজন প্ৰধানমন্ত্ৰী একে সময়তে কোনো বিশেষ সন্ত্ৰাসবাদী গোটৰ লক্ষ্য হৈ পৰা বুলি নিৰাপত্তা সংস্থাই আশংকা ব্যক্ত কৰাটো দেশৰ জনসাধাৰণৰ বাবে অতি স্বাভাৱিকভাৱেই উদ্বেগজনক আৰু বিস্ময়কৰ।
ইফালে আমাৰ অসমৰ দৰে ৰাজ্যত কেইদিনমান পূৰ্বলৈকে ইছলামিক সন্ত্ৰাসবাদীয়ে অতি সক্ৰিয়ভাৱে কামকাজ চলাই থকা বুলি চোৰাংচোৱাই প্ৰতিবেদন দিয়াৰ পিছতো স্বয়ং মুখ্যমন্ত্ৰীয়ে নিজৰ লগতে সকলো জনপ্ৰতিনিধিৰ নিৰাপত্তা ব্যৱস্থা সংকুচিত কৰাৰ কথা ঘোষণা কৰিছে। সেই একেসময়তে আকৌ অসমতো বিমানবন্দৰ, ৰে'লপথ, জলপথ, স্থলপথ, গাওঁ-ভূঞ সকলোতে যোৱা কেইদিনমানৰ পৰা কটকটীয়া কৰি তোলা হৈছে তালাচী আৰু কূটাঘাত প্ৰতিৰোধমূলক ব্যৱস্থা।
ইয়াৰ বাবে সেনা, অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষীৰ উপৰিও ব্যৱহাৰ কৰা হৈছে বৃহৎ সংখ্যক ডগ স্কোৱাডো। আনকি বিটিচি চুক্তিৰ পিছত যোৱাবছৰ সম্পাদিত বি টি আৰ চুক্তিয়ে সমগ্ৰ বড়োভূমিত চিৰ দিনৰ বাবে স্থায়ী শান্তিৰ পৰিৱেশৰ মাজলৈ অনা বুলি ঘোষণা কৰা হ'লেও এই কেইদিন বি টি আৰ এলেকাৰ বিভিন্ন ঠাইতো ব্যাপক হাৰত চলিছে তালাচী অভিযান।
এফালে কোভিডৰ আতংক আনফালে নিৰাপত্তা সংস্থাই প্ৰকাশ কৰা সংন্ত্ৰাসবাদী আক্ৰমণৰ আশংকাৰ আতংক, এনে পৰিস্থিতিত অতি স্বাভাৱিকভাৱেই সৰ্বসাধাৰণ ৰাইজক উদ্বিগ্ন, আতংকিত আৰু অনিশ্চয়তাৰ মাজলৈ ঠেলি দিছে। অৱশ্যে ইয়াৰ প্ৰকৃত উত্তৰ কি সেইয়া চৰকাৰ তথা চোৰাংচোৱা সংস্থাৰ নিয়ন্ত্ৰণ কক্ষইহে স্পষ্ট কৰিব পাৰিব।