/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/Bekhekh-Lekha-New-Recovered-copy.jpg)
তুষাৰ প্ৰতীম
২৪ ডিচেম্বৰ শুকুৰবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ল উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ এৱাৰ্ড শ্ব' 'এচিভাৰ এৱাৰ্ড-২০২১'। সাদিন-প্ৰতিদিন গোষ্ঠীয়ে প্ৰতিবছৰে আগবঢ়াই অহা এই বঁটা প্ৰদানৰ বৰ্ণিল অনুষ্ঠানৰ প্ৰেক্ষাগৃহ ৰূপান্তৰ হ'ল এখন ক্ষুদ্ৰ অসমলৈ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/WhatsApp-Image-2021-12-24-at-10.59.01-PM-1024x461.jpeg)
অসমৰ প্ৰতিটো জাতি-জনজাতিৰ লগতে, সাহিত্য, সামাজ, সংস্কৃতিৰ লগত জড়িত অনেক মহান ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত এই অনুষ্ঠানে কঢ়িয়াই আনিলে এক সুস্থ বাৰ্তা। অসমৰ সমাজ জীৱনলৈ বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে বিভিন্ন শাখাত প্ৰদান কৰা এই এচিভাৰ এৱাৰ্ডছ অনুষ্ঠানে যোগ্যজনক দিলে উচিত স্বীকৃতি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/WhatsApp-Image-2021-12-24-at-3.41.16-PM-1024x768.jpeg)
লোকসভাৰ অধ্যক্ষ ওম বিৰলা , অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চাওনা মেইন, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম বিধানসভাৰ কেইবাজনো মন্ত্ৰী, বিধায়ক, সাংসদ, বিৰোধী ৰাজনৈতিক দলৰ নেতা, সামাজিক-সংস্কৃতিক অনুষ্ঠান, প্ৰতিষ্ঠানৰ প্ৰতিনিধি উপস্থিত আছিল এই অনুষ্ঠানত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/WhatsApp-Image-2021-12-24-at-2.56.20-PM-1024x768.jpeg)
অসমৰ জাতীয় জীৱনৰ কেইবাজনো প্ৰাতঃস্মৰণীয় ব্যক্তি, কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ, কেইবাখনো বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য, অসম সাহিত্য সভা, নিখিল ৰাভা সাহিত্য সভা, নিখিল বড়ো সাহিত্য সভা, দেউৰী সাহিত্য সন্মিলনীৰ উপৰিও বহুকেইটা জনগোষ্ঠীয় সাহিত্য সভাৰ নেতৃত্বই অংশগ্ৰহণ কৰা এই অনুষ্ঠানে লাভ কৰিছে এক অনন্যা মাত্ৰা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/WhatsApp-Image-2021-12-24-at-10.59.26-PM-1024x461.jpeg)
সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে ৰাজ্যৰ প্ৰায় ৬০ টা ছাত্ৰ সংগঠনৰ প্ৰতিনিধিৰ লগতে বিভিন্ন মহিলা সংগঠনৰ প্ৰতিনিধিয়েও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। ৰাজ্যৰ মিচিং, কাৰ্বি, গাৰো, তিৱা, ৰাভা, কোচ ৰাজবংশী, টাই আহোম, নেপালী, চাহ জনজাতী, মণিপুৰীকে ধৰি প্ৰতিটো সৰু-বৰ জাতি, জনগোষ্ঠীৰ প্ৰতিনিধিয়ে নিজৰ চহকী সাংস্কৃতিৰ পৰিচয় বহন কৰি জাতীয় সাজ-পাৰ পৰিধানেৰে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি অনুষ্ঠানক এখন ক্ষুদ্ৰ অসমলৈ পৰিণত কৰি তুলিলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/WhatsApp-Image-2021-12-24-at-11.00.07-PM-1024x461.jpeg)
অসমীয়া ভাষা-সাহিত্য, সমাজ আৰু সুস্থ সংস্কাৰেৰে সমৃদ্ধ আধুনিক অসমৰ বাটকটীয়া আছিল হেমচন্দ্ৰ বৰুৱা। ভাষাৰ ওজা হিচাপে স্বীকৃত এইগৰাকী হেমচন্দ্ৰ বৰুৱা আছিল হেমকোষৰ প্ৰণেতা। যিদৰে হেমচন্দ্ৰ বৰুৱাই অসমীয়া ভাষা, সাহিত্য আৰু সমাজলৈ বৰঙনি আগবঢ়াই গ'ল সেই একেই ধাৰা অব্যাহত হৈ থাকিল তেতিয়াৰ পৰা বৰ্তমানলৈ। তাৰেই উদাহৰণ 'সাদিন-প্ৰতিদিন গোষ্ঠী'।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/WhatsApp-Image-2021-12-24-at-3.39.00-PM-1024x576.jpeg)
১৯৮৯ চনত জয়ন্ত বৰুৱাৰ পৃষ্ঠপোষকতাত প্ৰথমবাৰৰ বাবে প্ৰকাশ পাইছিল 'সাদিন'। ইয়াৰ পিছতে অসমৰ সংবাদ জগতত সৃষ্টি হৈছিল আলোড়ন। অসমৰ সংবাদ জগতত সৃষ্টি হৈছিল সাংবাদিকতাৰ এক নতুন ধাৰা। তথ্য, নিষ্ঠ, সত্য আৰু সাহসিকতাৰ বাবে জনসাধাৰণৰ মাজত জনপ্ৰিয় হৈ পৰা 'সাদিন'ৰ পিছতে অসমৰ সংবাদ জগতক এক নতুন মাত্ৰা প্ৰদান কৰি ১৯৯৫ চনত প্ৰকাশ পাই 'অসমীয়া প্ৰতিদিন'। ইয়াৰ পিছত ২০১৫ চনত অসমৰ ইলেক্ট্ৰনিক মাধ্যমৰ সংবাদ জগতত প্ৰৱেশ কৰে সাদিন-প্ৰতিদিন গোষ্ঠীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/WhatsApp-Image-2021-12-24-at-3.37.10-PM-1024x576.jpeg)
২০১৫ চনত 'প্ৰতিদিন টাইম' চেনেল আৰম্ভ কৰি সাদিন-প্ৰতিদিন গোষ্ঠীয়ে ছপা মাধ্যমৰ লগতে ইলেক্ট্ৰনিক মাধ্যমতো আৰম্ভ কৰিলে পূৰ্বৰ সেই সত্য, নিষ্ঠ সাহসিকতাৰ সংবাদিকতাৰ ধাৰা। যি ধাৰা আজিও অব্যাহত আছে নিৰন্তৰে। ইয়াৰ মাজতে মহিলাৰ বাবে ২০০০ চনত 'নন্দিনী' আৰু ২০০৫ চনত সাহিত্য আলোচনী 'সাতসৰী' প্ৰকাশ লাভ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/WhatsApp-Image-2021-12-24-at-3.35.07-PM-1024x768.jpeg)
অসমীয়া সংবাদ জগতৰ লগতে সাহিত্য, সমাজ আদিৰ দিশলৈ সাদিন প্ৰতিদিন গোষ্ঠীয়ে আগবঢ়োৱা অৱদান ইতিমধ্যে বহুজনে স্বীকাৰ কৰিছে। এচিভাৰ এৱাৰ্ডছ-২০২১ত অংশগ্ৰহণ কৰি এই বিষয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ক'লে, সাদিন-প্ৰতিদিন গোষ্ঠীয়ে প্ৰতিষ্ঠা কালৰে পৰা সততা আৰু নিষ্ঠাৰে সংবাদ পৰিবেশনত আত্মনিয়োগ কৰি আহিছে। এই গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাই এই ক্ষেত্ৰত লোৱা নেতৃত্ব শলাগীবলগীয়া।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/WhatsApp-Image-2021-12-24-at-2.42.14-PM-1024x768.jpeg)
তেওঁ আৰু ক'লে, জয়ন্ত বৰুৱাৰ পূৰ্বজ হেমচন্দ্ৰ বৰুৱাই ১৯১৯ চনত অসমীয়া ভাষালৈ আগবঢ়োৱা অনবদ্য অৱদান সৰ্বজনবিদিত। আমাৰ ভাষাক পথ নিৰ্দেশনা প্ৰদানৰ ক্ষেত্ৰত প্ৰয়াত হেমচন্দ্ৰ বৰুৱা সদায় প্ৰাতঃস্মৰণীয়। জয়ন্ত বৰুৱাৰ পিতৃ প্ৰয়াত দেৱানন্দ বৰুৱাই হেমকোষৰ পৰিবৰ্ধিত সংস্কৰণ প্ৰকাশৰ বাবে দণ্ডাধিশৰ দৰে চাকৰি ত্যাগ কৰি জাতিৰ বাবে সেৱা আগবঢ়োৱাতো আন এক আদৰ্শ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/WhatsApp-Image-2021-12-24-at-3.33.50-PM-1024x768.jpeg)
ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী ড০ শৰ্মাই সাদিন-প্ৰতিদিন গোষ্ঠীৰ লগতে স্বাত্বাধিকাৰ জয়ন্ত বৰুৱাই অসমীয়া সংবাদ, সাহিত্যৰ লগতে সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানক স্বীকৃতি প্ৰদান কৰি ক'লে,- অসম সাহিত্য সভাৰ বিশ্বকোষৰ অষ্টম খণ্ড, হেমচন্দ্ৰ বৰুৱাৰ ৰচনা সম্ভাৰ, তিলক হাজৰিকাৰ প্ৰাসংগিকৰ দুটা খণ্ড, অসম নাট্য সন্মিলনৰ নাট্য সমগ্ৰ, বিনামূলীয়াকৈ ছপাই দি জাতীয় সাহিত্যলৈ বিশেষ বৰঙণি আগবঢ়াইছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/WhatsApp-Image-2021-12-24-at-3.30.15-PM-1024x768.jpeg)
অসম সাহিত্য সভাৰ জাতীয় ন্যাস পুঁজিৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ এই ন্যাসক তেখেতে এক সন্মানজনক অৱস্থালৈ নিবলৈ সক্ষম হৈছে। লখিমপুৰত সতী সাধিনীৰ প্ৰতিমূৰ্তী, গোলাঘাটত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তি নিৰ্মাণেৰে নতুন প্ৰজন্মক আগুৱাই নিয়াৰ পদক্ষেপ অতিকৈ প্ৰশংসনীয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/WhatsApp-Image-2021-12-24-at-3.25.29-PM-1024x768.jpeg)
সাদিন-প্ৰতিদিন গোষ্ঠীয়ে সপ্তমবাৰৰ বাবে অনুষ্ঠিত কৰা এই এচিভাৰ এৱাৰ্ডছ-২০২১ অনুষ্ঠানত বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাত দুবাৰকৈ সভাপতি হিচাপে কাৰ্য নিৰ্বাহ কৰা ৰংবং তেৰাঙ, বিশিষ্ট সাহিত্যক তথা প্ৰান্তিকৰ সভাপতি প্ৰদীপ বৰুৱা, জুবিন গাৰ্গ, ৰতন থিয়াম, লাভলীনা বৰগোহাঁইকে ধৰি অসমৰ সমাজ জীৱনলৈ বিভিন্ন ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা মুঠ ১৬ গৰাকী ব্যক্তিক প্ৰদান কৰিলে এচিভাৰ এৱাৰ্ডছ-২০২১। ইয়াৰোপৰি মেঘালয়ৰ মাওলাইনাং গাঁৱকো প্ৰদান কৰিলে এচিভাৰ এৱাৰ্ড।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/WhatsApp-Image-2021-12-24-at-3.25.29-PM-1-1024x768.jpeg)
অনুষ্ঠানত ২০২১ বৰ্ষৰ 'জীৱনজোৰা' সাধনা বঁটা প্ৰদান কৰা হ'ল বিশিষ্ট সাহিত্যক ৰংবং তেৰাঙক। আনহাতে 'সাদিন-সাহিত্য সাংবাদিকতা বঁটা' প্ৰদান কৰা হ'ল বিশিষ্ট সাহিত্যিক সম্পাদক প্ৰদীপ বৰুৱাক। জীৱনজোৰা সাধনা বঁটাৰ লগত আছিল এখন ফুলাম গোমাচা, চেলেঙ চাদৰ, প্ৰশস্তি পত্ৰ, স্মাৰক, হেমকোষৰ লগতে ১,১১,১১১ টকাৰ চেক। আনহাতে সাদিন সাহিত্য সাংবাদিকতাৰ বঁটাৰ লগত আছিল এখন ফুলাম গোমাচা, চেলেঙ চাদৰ, প্ৰশস্তি পত্ৰ, স্মাৰক, হেমকোষৰ লগতে ৫৫,৫৫৫ টকাৰ চেক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/WhatsApp-Image-2021-12-24-at-3.28.49-PM-1024x768.jpeg)
মন কৰিবলগীয়া যে সাদিন সাহিত্য আৰু সাংবাদিকতাৰ বঁটা লাভ কৰা বিশিষ্ট সাহিত্যিক তথা প্ৰান্তিকৰ সম্পাদক প্ৰদীপ বৰুৱাই বঁটাৰ লগত লাভ কৰা ৫৫,৫৫৫ টকাৰ চেক গ্ৰহণ কৰি এই ধন শৰ্মীষ্ঠা প্ৰতীমৰ চিকিৎসাৰ ব্যয়ৰ বাবে প্ৰেৰণ কৰে। এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ থকা শৰ্মীষ্ঠা প্ৰীতমক সেই ধন প্ৰদান কৰিবলৈ প্ৰদীপ বৰুৱাই প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ হাতত অৰ্পণ কৰিলে চেকখন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/WhatsApp-Image-2021-12-24-at-3.28.44-PM-1024x768.jpeg)
আনহাতে শিল্পী জুবিন গাৰ্গলৈ এচিভাৰ মিউজিক এৱাৰ্ড, যশস্বী নাট্য শিল্পী ৰতন থিয়ামলৈ এচিভাৰ কালচাৰেল এৱাৰ্ড প্ৰদান কৰাৰ লগতে অসম গৌৰৱ লাভলীনা বৰগোহাঁইক বিশেষ সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে ২০১৯ চনৰ এচিভাৰ এৱাৰ্ড অনুষ্ঠানত লাভলীনাক প্ৰদান কৰা হৈছিল এক্সিলেন্স ইন স্প'ৰ্টছ এৱাৰ্ড।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/WhatsApp-Image-2021-12-24-at-3.27.13-PM-1024x768.jpeg)
অনুষ্ঠানত সন্তৰণবিদ এলভিছ আলী হাজৰিকা আৰু বিপুল সৎনামীলৈ জুৰী এপ্ৰিচিয়েশ্বন সন্মান, নাগালেণ্ডৰ বিশিষ্ট সমাজসেৱিকা ৱে'কেৱেও চুহালৈ এক্সিলেন্স ইন চছিয়েল চাৰ্ভিছ সন্মান, মেঘালয়ৰ মাওলাইনাং গাঁৱলৈ এনভাইৰ'নমেণ্ট এৱাৰনেছ সন্মান, বক্সাৰ ভাগ্যৱতী কছাৰী আৰু ফাইলাও বসুমতাৰীলৈ এক্সিলেন্স ইন স্প'ৰ্টছ এৱাৰ্ড প্ৰদান কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/WhatsApp-Image-2021-12-24-at-3.21.28-PM-1024x768.jpeg)
কৰ্প'ৰেট এক্সিলেন্স এৱাৰ্ড সন্মান প্ৰদান কৰা হৈছে স্পাইছ জেটৰ মুখ্য বিপনন বিষয়া দেবজো মহৰ্ষিলৈ। চিকিৎসক প্ৰমোদ কুমাৰ শৰ্মালৈ এক্সিলেন্স ইন হেল্থ কেয়াৰ এৱাৰ্ড, ভিণ্টেজ চাৰ্ক'লৰ মূল ব্যক্তি পাৰ্থ নেওগ আৰু অঞ্জন পাঠকক এক্সিলেন্স ইন বিজনেজ এৱাৰ্ড , বিজ্ঞানী ড০ বিনয় কুমাৰ শৰ্মালৈ এচিভাৰ চাইন্স এণ্ড ইন'ভেচন এৱাৰ্ড আৰু কলা নিৰ্দেশক নুৰুদ্দিন আহেমেদক এক্সিলেন্স ইন আৰ্ট এৱাৰ্ড প্ৰদান কৰা হৈছে।
ইফালে দায়িত্ববোধ আৰু কষ্টসহিষ্ণুতাৰ জৰিয়তে অসমীয়া প্ৰতিদিন, প্ৰতিদিন টাইম আৰু প্ৰতিদিন ডিজিটেলক বিশেষ মাত্ৰা প্ৰদান কৰা মুঠ ৫ গৰাকী সাংবাদিকক প্ৰদান কৰা হয় শ্ৰেষ্ঠ সাংবাদিকতাৰ বঁটা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/WhatsApp-Image-2021-12-24-at-6.15.55-PM-1024x750.jpeg)
অসমীয়া প্ৰতিদিন ডিজিটেলৰ ডেস্ক হেড মৃদুল কুমাৰ সন্দিকৈ, অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক হেমন্ত বৰা, প্ৰবীৰ চক্ৰৱৰ্তী, প্ৰতিদিন টাইমৰ প্ৰাঞ্জল বৰা আৰু বীৰেন বৰালৈ প্ৰদান কৰা হৈছে শ্ৰেষ্ঠ সংবাদিকতাৰ বঁটা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/WhatsApp-Image-2021-12-24-at-3.07.53-PM-1024x768.jpeg)
বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই উত্তৰ-পূবৰ দ্বাৰ অসমলৈ আহি গৌৰৱাম্বিত বুলি কৈ উল্লেখে কৰি, সমাজৰ পৰিৱৰ্তনৰ স্বাৰ্থত কাম কৰা লোকসকলক উদঙনি যোগোৱাৰ বাবে সাদিন প্ৰতিদিন গোষ্ঠীক ধন্যবাদ জ্ঞাপন কৰিলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/WhatsApp-Image-2021-12-24-at-3.07.19-PM-1024x768.jpeg)
অনুষ্ঠানত অসমৰ স্বাধীনতা সংগ্ৰামী, ড০ ভূপেন হাজৰিকা স্মৰণ কৰিলে অধ্যক্ষ ওম বিৰলাই। তেওঁ স্বাধীনতাৰ আন্দোলনৰে পৰা দেশৰ সংবাদ মাধ্যমৰ ভূমিকা সম্পৰ্কেও ব্যাখ্যা আগবঢ়ালে এই অনুষ্ঠানত।তেওঁ ক'লে মহাত্মা গান্ধী, মদন মোহন মালব্য,বাল গংগাধৰ তিলক আদিয়ে সাংবাদিকতাৰ ভূমিকা গ্ৰহণ কৰিও স্বাধীনতা সংগ্ৰামক জন আন্দোলনলৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হৈছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/WhatsApp-Image-2021-12-24-at-3.19.48-PM-1024x768.jpeg)
তেওঁ নিজৰ বক্তব্যত সামাজিক মাধ্যমৰ ধনাত্মক আৰু ঋণাত্মক দিশৰো পৰ্যালোচনা কৰে। তেওঁ কয়, সামাজিক মাধ্যমে এফালে যোগাত্মক প্ৰভাৱ দেখা যায় যদিও আন ফালে ভুৱা খবৰৰ বাবে সমাজত বিশৃংখলাতৰ সৃষ্টি হয়। পৰিৱৰ্তনশীল সময় সাপেক্ষে সংবাদ মাধ্যমৰ কাৰ্যপ্ৰণালী সলনি হোৱাৰ কথা উল্লেখ কৰি তেওঁ সমাজৰ ধনাত্মক পৰিৱৰ্তনৰ বাবে সংবাদ মাধ্যমৰ ভূমিকা আৰু কৰণীয় সম্পৰ্কেও মন্তব্য আগবঢ়ায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/WhatsApp-Image-2021-12-24-at-2.42.24-PM-1024x768.jpeg)