/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/AP-FOR-WEB-NEW-bikhekh-lekha-1.jpg)
মৃদুল কুমাৰ সন্দিকৈ
'দাদা মোক এটা সহায় লাগে। মোক টকা ২ হাজাৰৰ প্ৰয়োজন। পত্নীৰ সোণৰ গহণাখিনি মই বন্ধকত দিম। আপুনি কোনোবা এজন মানুহৰ সৈতে মোক যোগাযোগ কৰি দিয়ক।'- অসহায় হৈ মানুহজনে এজন বিশেষ ব্যক্তিলৈ ফোন কৰিছিল।
ব্যক্তিগৰাকীয়ে মানুহজনক সুধিছিল- কিহৰ বাবে তেওঁক হঠাৎ টকাৰ প্ৰয়োজন হ'ল। মানুহজন তেওঁৰ চিনাকি আছিল। এসময়ত তেওঁৰ এনে টনাটনি নাছিল। চুবুৰীয়া ৰাজ্য এখনত চাকৰিও কৰিছিল। পৰিস্থিতিত পৰি সেই চাকৰি তেওঁ ত্যাগ কৰি গুচি আহিল।
মানুহজনৰ ল'ৰা-ছোৱালী তিনিটা। পত্নী কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন। মানুহজনে কিয় টকাৰ প্ৰয়োজন সেই কথা কোৱাৰ পাছত তেওঁক ক'লে- সোণৰ গহণা আপুনি বন্ধকত দিব নালাগে। কালিলৈ মোৰ ওচৰলৈ আহিব, টকা ২ হাজাৰৰ ব্যৱস্থা কৰি থম।
নিৰ্দিষ্ট দিনা গৈ মানুহজনে সেই বিশেষ ব্যক্তিজনৰ পৰা টকা ২ হাজাৰ লৈ আহিল। ২ হাজাৰ টকাৰে তেওঁ সৰু পুত্ৰৰ বাবে এটা টিচাৰ্ট, এটা পায়জামা আৰু এজোৰ চেণ্ডেল কিনিলে। ২ হাজাৰ টকা এনেদৰে কাৰোবাৰ পৰা আনি কাপোৰৰ বজাৰ কৰাৰ কথা শুনি হয়তো আপোনাৰ খং উঠিছে।
এয়া নকৰি উপাই নাছিল। এটা পৰীক্ষাৰ বাবে এই সাজ-পোচাক ক্ৰয় কৰিবলগীয়া হৈছিল। কিয়নো যোৱা ১৭ জুলাই, ২০২২ত সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা চিকিৎসা বিজ্ঞান পাঠ্যক্ৰমৰ প্ৰৱেশ পৰীক্ষাত এই মানুহজনৰ কনিষ্ঠ পুত্ৰ অৱতীৰ্ণ হৈছিল।
পৰীক্ষা দিবৰ বাবে যোৱা পৰীক্ষাৰ্থীসকলৰ বাবে বিশেষ নিৰ্দেশনা থাকে। পৰীক্ষাগৃহলৈ পেঞ্চিল বক্স, প্লাষ্টিক পোচ, কেলকুলেটৰ, কলম, ৰাইটিং পেড আদি কোনো ধৰণৰ সামগ্ৰী নিব নোৱাৰি। মেটেল ডিটেক্টৰৰ মাজেৰে পাৰ হৈ পৰীক্ষা গৃহলৈ প্ৰৱেশ কৰিব লাগে।
মোবাইল ফোন, ব্লুটুথ , এয়াৰ ফোনছ, মাইক্ৰফোনছ, পেজাৰ, হেল্থ বেণ্ড, ৱালেট, চানগ্লাছ, হেণ্ড বেগ, টুপী, বেল্ট, ঘড়ী, ৰিটছ ৱাটছ, কোনোধৰণৰ অলংকাৰ নিবলৈ দিয়া নহয়। তন্ন তন্নকৈ পৰীক্ষা দিবলৈ যোৱা ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষা কৰোৱা হয়।
খাদ্যৰ পেকেট, পানী বটল আদিও নিষিদ্ধ। ২ ঘণ্টাৰ পূৰ্বে প্ৰৱেশ কৰিব লাগে পৰীক্ষা গৃহত। পৰীক্ষাগৃহলৈ যাওঁতে নিৰ্দিষ্ট ড্ৰেছ কোডৰ মতে সাজ-পোচাক পিন্ধি যাব লাগে। জোতা পাতি পৰীক্ষাগৃহত প্ৰৱেশ কৰিব নোৱাৰে।
এন টি এৰ জৰিয়তে অনুষ্ঠিত কৰা এই সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষা চমুকৈ নীটত অৱতীৰ্ণ হ'বলৈ শিক্ষাৰ্থীসকলৰ বিশেষ প্ৰস্তুতিৰ প্ৰয়োজন। পৰীক্ষাৰ্থীসকলক পৰীক্ষা গৃহত প্ৰৱেশ কৰাৰ পূৰ্বে বহু সময়ত তালাচী কৰাৰ নামত মানসিক নিৰ্যাতন চলোৱাৰো অভিযোগ উঠে।
ভাৰতৰ দৰে এনেকৈ আন উন্নত দেশত এইধৰণৰ পৰীক্ষা অনুষ্ঠিত হয়তো নহয়। দৰিদ্ৰ এজন লোকৰ বাবে এই পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ সাজ-পোচাকৰ নামতে ডেৰ/দুই হাজাৰ টকা খৰচ হয়। সেই বিশেষ ব্যক্তিজনে সহায় নকৰা হ'লে মানুহজনে হয়তো তেওঁৰ পুত্ৰক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ এইখিনি ব্যৱস্থা কৰি দিব নোৱাৰিলে হেতেন।
বহু দৰিদ্ৰ মেধাৱী ছাত্ৰ-ছাত্ৰী আছে। তেওঁলোকৰ অভিভাৱকেও হয়তো এনে সমস্যাৰ সন্মুখীন হয়। আৰ্থিক প্ৰতিবন্ধকতাৰ বাবে বহুতে পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰাৰো উদাহৰণ আছে। শেহতীয়াকৈ অনুষ্ঠিত হোৱা নীট পৰীক্ষাকলৈ এক খবৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছে।
কেৰেলাৰ চাতামংগলম চহৰত এটা পৰীক্ষাগৃহৰ কাহিনী এয়া। পৰীক্ষা দিবলৈ যোৱা ছাত্ৰীক তালাচীৰ নামত অন্তৰ্বাস খুলিবলৈ দিয়াৰ অভিযোগ উত্থাপন হৈছে। মাৰ্থোমা ইনষ্টিটিউট অফ ইনফৰমেচন টেকন'লজীত আছিল এই পৰীক্ষা কেন্দ্ৰটো।
এই পৰীক্ষা কেন্দ্ৰটোত ৯০ শতাংশ ছাত্ৰী, তেওঁলোকৰ অন্তৰ্বাস খুলি ওচৰৰ এটা কোঠাত জমা কৰিবলৈ দিয়া হৈছিল। এই ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কেৰালাৰ উচ্চ শিক্ষামন্ত্ৰী আৰ বিন্দুৱে এই ঘটনাৰ সন্দৰ্ভত নেচনেল টেষ্টিং এজেঞ্চিত অভিযোগ দিছে।
মানৱ অধিকাৰ আয়োগেও সমগ্ৰ ঘটনাক লৈ দুখ প্ৰকাশ কৰি গুৰুত্বসহকাৰে বিষয়টো লৈছে। অভিভাৱকে থানাত গোচৰ তৰিছে। বহু অভিভাৱকে পুত্ৰৰ বা কন্যাৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি মাত নামাতে।
একেদৰে ছাত্ৰ সংগঠনসমূহ, সমাজৰ দায়িত্বশীল লোকসকলে, প্ৰভাৱশালী ব্যক্তি বিশেষে ৰাজনীতি বা আন কথাবোৰক লৈ ব্যস্ত হৈ থকাৰ সময়ত এইবোৰ কথালৈ মন দিবলৈ অৱকাশ নাপায়। কিন্তু কল্পনা কৰকচোন প্ৰতিযোগিতাৰ নামত এইবোৰ কি চলি আছে?
আমি ক'ৰ পৰা ক'লৈ গৈছো। যদিও ভাবিছো তথ্য-প্ৰযুক্তিৰ উন্নয়নে আমাক বহু আগুৱাই নিছে কিন্তু সঁচা অৰ্থত জানো আমি আগুৱাব পাৰিছো? আগতেটো এনে পৰীক্ষাৰ সময়ত এইধৰণৰ অভিযোগ উত্থাপন হোৱা নাছিল। পৰীক্ষা দিবৰ বাবে নিৰ্দিষ্ট ড্ৰেছ কোড অনুসৰি সাজ-পোচাক ক্ৰয় কৰিবলগীয়া নহৈছিল।
এই বিষয়বোৰ চিন্তা কৰাৰ সময় অহা নাইনে? প্ৰায় ১৮ লাখ ছাত্ৰ-ছাত্ৰীয়ে নীট পৰীক্ষাত এইবাৰ অৱতীৰ্ণ হৈছে। সচেতন লোকসকলে কথাবোৰ নতুনকৈ ভাবিবৰ হ'ল। কেৰালাৰ দৰে ঘটনা পূৰ্বতেও সংঘটিত হোৱাৰ অভিযোগ আছে। পৰীক্ষা দিবলৈ যোৱাৰ সময়ত এক মানসিক প্ৰস্তুতি লাগে।
কিন্তু এনে কাৰ্যই পৰীক্ষাৰ্থীসকলৰ মনোবল ভাঙে। দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ধন এক সমস্যা হৈ পৰে। সকলোৰে ভাগ্য সেই মানুহজনৰ দৰে নহয় যে, কোনোবা বিশেষ ব্যক্তিয়ে তেওঁৰ সমস্যাৰ কথা অনুধাৱন কৰি সহায় কৰিবলৈ আগবাঢ়ি আহিব।
এই মানুহজনৰ প্ৰতি বিশেষ ব্যক্তিজনৰ এক সশ্ৰদ্ধ ভাৱ আছে। তেওঁৰ দুই পুত্ৰ, কন্যাই ইতিমধ্যে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত অধ্যয়ন কৰি আছে। সৰু পুত্ৰয়ো চিকিৎসকেই হ'ব খোজে। আৰ্থিক দৈন্যতাৰ মাজেৰে তেওঁ সন্তানক গঢ়িছে। প্ৰয়োজনত কাৰোবাৰ ওচৰত হাত পাতিছে।