/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/01/AP-FOR-WEB-NEW-bikhekh-lekha-encounter.jpg)
তুষাৰ প্ৰতিম
'আৰক্ষীয়ে গুলীওৱাটো ষ্টাইল হ'ব লাগে। ভৰিত গুলীওৱাৰ আইনে অধিকাৰ দিছে।' ২০২১ চনৰ ৫ জুলাইত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত পোন প্ৰথমবাৰৰ বাবে অসম আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলৰ সৈতে অনুষ্ঠিত হোৱা সন্মিলনত এই মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যখনত যি সময়ত কেইবাটাও এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছিল সেই সময়তে মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা সেই মন্তব্যই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। বহুতেই ক'ব বিচাৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে আৰক্ষীক এনকাউণ্টাৰ কৰিবলৈ উৎসাহিত কৰিছে।
ৰাজ্যত বিগত মাহবোৰত আৰক্ষীৰ দ্বাৰা শতাধিক গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। এই গুলীচালনাৰ ঘটনাক যদিও এনকাউণ্টাৰ বুলি কোৱা হৈছে প্ৰকৃততে এই সকলোবোৰ ঘটনাই এনকাউণ্টাৰ নহয়। গৰিষ্ঠসংখ্যক ঘটনাই আছিল আৰক্ষীৰ দ্বাৰা একপক্ষীয় গুলীচালনা। আৰক্ষীৰ ভাষ্যতে এই কথা প্ৰকাশ পাইছে।
আৰক্ষীয়ে প্ৰকাশ কৰা মতে ড্ৰাগছ বিৰোধী অভিযানৰ লগতে অন্যান্য অপৰাধ নিয়ন্ত্ৰণৰ বাবে অপৰাধীক কৰায়ত্ত কৰাৰ পিছত আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰাৰ বাবেই আৰক্ষীয়ে গুলী কৰিবলৈ বাধ্য হৈছে। ৰাজ্যত শেহতীয়াকৈ সংঘটিত হোৱা প্ৰায় বোৰ গুলীচালনাৰ ঘটনাৰ আঁৰৰ কাৰণ এই একেটাই।
ধুবুৰীৰ পৰা নগাঁৱলৈ, যোৰহাটৰ পৰা গোৱালপাৰালৈ, গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ সকলো জিলাতে বিগত সময়ত আৰক্ষীৰ দ্বাৰা গুলী চালনাৰ ঘটনা সংঘটিত হৈছে। অসম আন্দোলন আৰু ইয়াৰ পিছৰ সময়ছোৱাত আলফাৰ বিৰুদ্ধে চলোৱা বিভিন্ন অপাৰেচনৰ সময়ছোৱাত সেনা, আৰক্ষীৰ দ্বাৰা সংঘটিত গুলীচালনাৰ ঘটনাক এনকাউণ্টাৰ হিচাপে উল্লেখ কৰাৰ বাবেই অসমৰ সাধাৰণ ৰাইজৰ মাজত গুলী চলানা মানেই এনকাউণ্টাৰ বুলি এক ধাৰণা গঢ়লৈ উঠিছে। সেয়েহে বিগত সময়ছোৱাত অসমত সংঘটিত হোৱা গুলী চালনাৰ ঘটনাক এনকাউণ্টাৰ বুলি কোৱা হৈছে যদিও ইয়াৰ মাজত সোমাই আছে বহু ফেক এনকাউণ্টাৰ।
ধুবুৰীৰৰ পৰা নগাঁৱলৈ আৰক্ষী অধীক্ষক হিচাপে বদলি হৈ অহা আনন্দ মিশ্ৰই নগাওঁ জিলাখনত অপৰাধ নিয়ন্ত্ৰণৰ বাবে আৰম্ভণিৰে পৰা কঠোৰ স্থিতি গ্ৰহণ কৰিছিল। যিসময়ত অসম চৰকাৰে ড্ৰাগছ বিৰোধী অভিযান তীব্ৰ ৰূপত চলাবলৈ নিৰ্দেশনা দিছিল তাৰ পূৰ্বৰে পৰা আনন্দ মিশ্ৰই নগাঁৱত ড্ৰাগছ সৰবৰাহৰ লগতে সকলো ধৰণৰ অপৰাধৰ বিৰুদ্ধে চলাইছিল তীব্ৰ অভিযান ।
নগাঁৱত আনন্দ মিশ্ৰই অপৰাধ নিয়ন্ত্ৰণৰ বাবে অভিযান চলোৱাৰ সময়তে চলিছিল আৰক্ষীৰ গুলী। আনন্দ্ৰ মিশ্ৰই আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব গ্ৰহণৰ পিছতে বহু কেইটা গুলী চালনাৰ ঘটনা সংঘটিত হৈছে নগাঁৱত। শেহতীয়াকৈ ২২ জানুৱাৰী শনিবাৰে নগাঁৱত সংঘটিত হোৱা এক গুলীচালনাৰ ঘটনাই ৰাজ্যৰ শেহতীয়া এনকাউণ্টাৰ (!)ৰ গোটেই বিষয়টোকে নতুনকৈ চিন্তা কৰিবলৈ বাধ্য কৰিছে।
টিউচন কৰি ঘৰ চলোৱা কীৰ্তি কমল বৰা নামৰ ছাত্ৰ নেতাগৰাকীয়ে মাতৃৰ বাবে ঔষধ ক্ৰয়ৰ বাবে ওলাই যোৱাৰ সময়তে আনন্দ মিশ্ৰই গঠন কৰা এণ্টি নাৰ্কটিক স্বোৱাডৰ গুলীত আহত হ'বলগীয়া ঘটনাৰ সৃষ্টি হৈছিল। এণ্টি নাৰ্কটিক স্কোৱাডৰ এছ আই প্ৰদীপ বণিয়াই সামান্য কথাতে কীৰ্তি কমলক গুলীয়াই আহত কৰে। ইয়াৰ পিছতে সমগ্ৰ নগাঁৱতে প্ৰতিবাদৰ জোৱাৰ উঠিছে।
নগাঁৱৰ মহাবিদ্যালয়ৰ ছাত্ৰ, সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন অৰাজনৈতিক সংগঠনৰ উপৰিও কংগ্ৰেছকে ধৰি অন্যান্য বিৰোধী ৰাজনৈতিক দলে বিষয়টোৰ সন্দৰ্ভত প্ৰতিবাদ অব্যাহত ৰাখিছে। এই প্ৰতিবাদৰ সময়তে এছ পি আনন্দ মিশ্ৰৰ নিলম্বন আৰু এছল আই প্ৰদীপ বণিয়াক গ্ৰেপ্তাৰৰ দাবী তুলিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইও ঘটনাৰ তদন্তৰ বাবে এজনীয়া তদন্ত কমিটী গঠন কৰিছে।
সেইয়া যিয়েই নহওক ৰাজ্যত আৰক্ষীৰ গুলীচালনাৰ ঘটনাক লৈ বিতৰ্ক এইয়াই প্ৰথম নহয়। শেহতীয়াকৈ ৰাজ্যত সংঘটিত হোৱা প্ৰতিটো গুলীচালনাৰ লগতে এনকাউণ্টাৰৰ পিছতে বিতৰ্কৰ সৃষ্টি হৈছে। আৰক্ষীয়ে অপৰাধীক কৰায়ত্ত কৰি তদন্ত কৰাৰ বিপৰীতে অপৰাধীক নিশা বিভিন্ন কাৰণত থানাৰ পৰা লৈ যোৱাৰ সময়তে গুলী চলোৱাৰ ঘটনা সংঘটিত হৈছে।
বহুতেই ক'ব বিচাৰে আৰক্ষীয়ে অপৰাধীক এইদৰে গুলীওৱাৰ ঘটনা সংঘটিত কৰাটো উচিত নহয়। ই মানৱ অধিকাৰ উলংঘন কৰিছে। আনহাতে হেণ্ডকাফ লগাই থোৱাৰ পিছতো, আৰক্ষীৰ বেষ্টনিৰ মাজৰ পৰা কিদৰে অপৰাধীয়ে পলাব পাৰে তাকলৈও প্ৰশ্ন উত্থাপিত হৈ আহিছিল। ইয়াৰ মাজতে নগাওঁ কাণ্ডৰ পিছতে এতিয়া পুনৰ প্ৰশ্ন উত্থাপিত হৈছে, আৰক্ষীয়ে উদ্দেশ্য প্ৰণোদিত ভাৱে অপৰাধীলৈ লক্ষ্য কৰি গুলী চালনাৰ দৰে ঘটনা সংঘটিত কৰিছে নেকি?
ইফালে নগাওঁ কাণ্ডৰ পিছতে এছ পি আনন্দ মিশ্ৰৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰা বিভিন্ন দল-সংগঠনৰ ভূমিকাক লৈও এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। নগাওঁ কাণ্ডক লৈ যিদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে ঠিক একেদৰে অসম আৰক্ষীয়ে সংঘটিত কৰা ৰাজ্যৰ অন্যন্য প্ৰান্তৰ গুলী চালনাৰ ঘটনাৰ প্ৰতিবাদ কিয় কৰা নাই? কিয় ৰাজ্যৰ অন্যান্য প্ৰান্তৰ বিতৰ্কিত গুলী চালনাৰ ঘটনাক আওকান কৰিছে? নগাঁৱৰ ঘটনাক কেন্দ্ৰ কৰি এনে এক পৰিৱেশ গঢ় দিয়া হৈছে যে নগাঁৱতেই সংঘটিত হৈছে সকলো ফেক এনকাউণ্টাৰ।
এই কথা নিশ্চিত যে আৰক্ষীক আক্ৰমণ কৰিলে আৰক্ষীয়ে প্ৰত্যাক্ৰমণ কৰিবই লাগিব বা আত্মৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবই লাগিব। কিন্তু প্ৰতি সপ্তাহতে নিশা হ'লেই আৰক্ষীৰ জিম্মাৰ পৰা অপৰাধী কিদৰে পলাবলৈ সক্ষম হয় বা হাতত হেণ্ডকাফ লগাই থোৱা নিৰস্ত্ৰ এগৰাকী অপৰাধীয়ে কিদৰে আৰক্ষীৰ এটা দলক আক্ৰমণ কৰিবলৈ সক্ষম হয় সেই বিষয়টোও কিন্তু সন্দেহ জনক।
এই কথাবোৰক লৈ কিন্তু দল-সংগঠন আজিও নীৰৱ। অসমৰ বিভিন্ন জিলাত সংঘটিত হোৱা ফেক এনকাউণ্টাৰৰ প্ৰসংগত নীৰৱতা অৱলম্বন কৰিছে নগাওঁ কাণ্ডলৈ সৰৱ হোৱা ৰাজনৈতিক দল বোৰৰ লগতে অৰাজনৈতিক সংগঠনসমূহ। এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি বহুতেই আকৌ প্ৰশ্ন উত্থাপন কৰিছে ভুক্তভোগীৰ জাত-পাত, ধৰ্ম আদি বিচাৰ কৰি প্ৰতিবাদ কৰে নেকি? নগাওঁ কাণ্ডৰ পিছতেই এনে এক পৰিৱেশৰ সূচনা হৈছে যে অসমত শেহতীয়াকৈ সংঘটিত হৈ থকা আৰক্ষীৰ দ্বাৰা উদ্দেশ্য প্ৰণোদিতভাৱে সংঘটিত কৰা প্ৰতিটো গুলী চালনাৰ ঘটনা বা ফেক এনকাউণ্টাৰৰ বাবে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই জগৰীয়া। আনন্দ মিশ্ৰই ভুৱ এনকাউণ্টাৰৰ মূল খলনায়ক।
অসম চৰকাৰে ড্ৰাগছ তথা অন্যান্য অপৰাধমূলক কাৰ্য নিয়ন্ত্ৰণৰ বাবে তৎপৰতা আৰম্ভ কৰাৰ পূৰ্বেই নগাঁৱত এই অপৰাধ নিয়ন্ত্ৰণৰ বাবে সক্ৰিয় ভূমিকা পালন কৰিছিল এছ আনন্দ মিশ্ৰই। সেয়েহে এতিয়া এনে এক কথাও চৰ্চালৈ আহিছে যে আনন্দ মিশ্ৰৰ বিৰুদ্ধে প্ৰতিবাদ চলি থকাৰ মাজতে অপৰাধ জগতৰ সৈতে প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে জড়িত হৈ থকা এচাম লোকো সক্ৰিয় হৈ পৰিছে।
সেয়া যিয়েই নহওক, নগাওঁ কাণ্ডৰ বাবে আনন্দ মিশ্ৰ যিদৰে জগৰীয়া বা সেই কাণ্ডৰ বাবে তেওঁ দায়িত্ব স্বীকাৰ কৰিব লাগিব ঠিক একদৰে অন্যান্য প্ৰান্তত সংঘটিত হোৱা ভুৱা এনকাউণ্টাৰ বা উদ্দেশ্যপ্ৰণোদিত ভাৱে চলি থকা গুলী চলানাৰ ঘটনাৰ বাবে আন আন বিষয়াও সমানেই জগৰীয়া। কেৱল এজনেই অসমত পুলিচ ৰাজৰ ব্যৱস্থাক সক্ৰিয় কৰি তোলা নাই। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰক্ষীৰ সঞ্চালক প্ৰধান তথা এই কাণ্ডৰ সৈতে জড়িত প্ৰতিজন আৰক্ষী বিষয়াও জগৰীয়া। নগাওঁ কাণ্ডক ৰাজনৈতিক কৰণ কৰাৰ সময়তে অসমৰ বিৰোধী ৰাজনৈতিক দল তথা সংগঠনে আন আন ঠাইৰ ঘটনাৰ প্ৰসংগতো সংক্ৰিয় ভূমিকা গ্ৰহণ কৰাটো প্ৰয়োজন।
এই খিনিতে উল্লেখ কৰাৰ প্ৰয়োজন যে আনন্দ মিশ্ৰই কীৰ্তি কমল বৰাৰ ওপৰত গুলীচালনাৰ সৰ্ন্দভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ঘটনা সংঘটিত হোৱাৰ দিনটোত বিষয়টোৰ সন্দৰ্ভত বাৰে বাৰে স্ব-বিৰোধী মন্তব্যৰে বিৰ্তকৰ সৃষ্টি কৰা অধীক্ষক জনে মঙ্গলবাৰে পুনৰ ঘটনাক কেন্দ্ৰ কৰি মন্তব্য কৰিছে। তেওঁ কৈছে, সত্যমেব জয়তে ৷
মঙ্গলবাৰে অধীক্ষক আনন্দ মিশ্ৰই কয় যে তদন্ত হব দিয়ক ৷ সত্য কথা পোহৰলৈ আহিব ৷ ঘটনাৰ সময়ত মই গ্ৰাউণ্ডত থকা নাছিলো ৷ মোক যি খবৰ দিছিল সেই মতে মই কৈছিলো ৷ আমি সত্যৰ ওপৰত আস্থা ৰাখিব লাগিব ৷ ইতিমধ্যে ডি এছ পি পৰ্যায়ৰ এক তদন্ত কৰিবলৈ দায়িত্ব দিয়া হৈছে ৷ তদন্তৰ অন্তত যি সত্য পোহৰলৈ আহিব সেই মতে ব্যৱস্থা হ'ব ৷
আনন্দ মিশ্ৰই অপৰাধ কৰিলে বা আইনৰ অপব্যৱহাৰ কৰিলে তাৰ শাস্তি নিশ্চয় পাব লাগিব। আমি তাৰ কেতিয়াও বিৰোধিতা নকৰো বা কৰা নাই। কিন্তু ফেক এনকাউণ্টাৰৰ বাবে কেৱল আনন্দ মিশ্ৰকে জগৰীয়া কৰি অসমৰ আন আন জিলাত সংঘটিত হোৱা ফেক এনকাউণ্টাৰ বা উদ্দেশ্য প্ৰণোদিতভাৱে আৰক্ষীয়ে কৰা গুলী চালনাক নায্যতা প্ৰদান কৰা হৈছে নেকি? সেই ফেক এনকাউণ্টাৰৰ বিৰুদ্ধে সৱল ৰূপত প্ৰতিবাদ নোহোৱা বিষয়টোৱে দল, সংগঠনৰ ভূমিকালৈও কিন্তু প্ৰশ্ন উত্থাপিত কৰিছে।
কেৱল নগাঁৱতেই ফেক এনকাউণ্টাৰ হৈছে বুলি যি এক ধাৰণা গঢ় দিয়া হৈছে সেইয়া উচিত নহয়। অসমৰ অন্যান্য জিলাত সংঘটিত হোৱা প্ৰতিটো বিতৰ্কিত গুলী চালনাৰ ঘটনাৰ বিষয়ে তদন্ত হওক। প্ৰতিটো বিতৰ্কিত গুলী চালনাৰ আঁৰৰ ছবি পোহৰলৈ আহক। এই ঘটনাৰ সৈতে জড়িত সকলো ঘটনা তদন্তৰ আঁওতালৈ আহক।
মন কৰিবলগীয়া যে, অসমত সংঘটিত হৈ থকা এই ভুৱা এনকাউণ্টাৰৰ প্ৰসংগত গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছিল এক পি আই এল। এই পি আই এলৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে অসম চৰকাৰৰ মহাধিবক্তাক এক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছিল যদিও সময়ত সেই শপতনামা দাখিল কৰাত ব্যৰ্থ হয়।
২৫ জানুৱাৰীত গোচৰটোৰ শুনানিৰ সময়ত অসম চৰকাৰৰ মহাধিবক্তা দেৱজিত শইকীয়াই অসমত সংঘটিত হোৱা ভুৱা এনকাউণ্টাৰ বিষয়ত কোনো তথ্য নাই বুলি প্ৰকাশ কৰি ন্যায়ালয়ৰ পৰা শপতানামা দাখিলৰ বাবে অতিৰিক্ত ১০ টা দিন বিচাৰিছে। অসম চৰকাৰৰ বাবে ইয়াতকৈ হয়তো লজ্জাজনক বিষয় আজিৰ তাৰিখত বেলেগ একো নাই।
ৰাজ্যত সংঘটিত হোৱা এনকাউণ্টাৰৰ প্ৰতিটোৰে তথ্য অসম চৰকাৰৰ হাতত থকাটো জৰুৰী। অসম আৰক্ষীৰ দ্বাৰা গুলী চালনা কৰা প্ৰতিটো ঘটনাৰ তথ্য অসম আৰক্ষী তথা চৰকাৰৰ হাতত থাকিব লাগে। কিন্তু উচ্চ ন্যায়ালয়ত দাখি কৰা শপতনামাত এই বিষয়ে তথ্য দিব নোৱাৰি অতিৰিক্ত ১০ টা দিন বিচৰা বিষয়টোৱে ৰাজ্যত সংঘটিত হৈ থকা গুলী চালনাৰ ঘটনাক লৈ ৰাজ্য চৰকাৰ তথা আৰক্ষী বিভাগৰ অসচেতন বা কিমান দায়িত্বহীনতাৰ কথাকেই প্ৰমাণ কৰিছে।
আনহাতে নগাওঁ কাণ্ডৰ তদন্তৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এজনীয়া এক তদন্ত কমিটীও গঠন কৰিছে। অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰৰ নেতৃত্বত গঠিত এই তদন্ত কমিটীয়ে ৭ দিনৰ ভিতৰত সমগ্ৰ ঘটনাৰ তদন্তৰ প্ৰতিবেদন দাখিল কৰিব লাগিব। এই ৭ টা দিনৰ বাবে বিতৰ্কিত আৰক্ষী বিষয়া তথা ঘটনাৰ মূল ব্যক্তি প্ৰদীপ বণিয়াৰ ৰিজাৰ্ভ ক্ল'জ কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। তাৰ মাজতে অব্যাহত আছে সমগ্ৰ নগাঁৱত প্ৰতিবাদ। এতিয়া সময়েহে ক'ব নগাওঁ ঘটনাৰ শেষ পৰ্যায় কি হয়?
প্ৰদীপ বণিয়াই ইতিমধ্যে ভাৰতীয় দণ্ডবিধি আইনৰ ২৯৪/৩২৫/৩৫৩/৩০৭/ আৰু R/W Sec ২১ (এ) ২৯ এন ডি পি এছ আইনৰ অধীনত ১৩০/২২ নম্বৰত কীৰ্তি কমল বৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। একেদৰে কীৰ্তি কমলৰ পিতৃয়েও প্ৰদীপ বণিয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। তদন্তৰ প্ৰতিবেদন যিয়েই নহওক এই ঘটনাই যে অসম আৰক্ষীয়ে শেহতীয়াকৈ ৰাজ্যত অপৰাধ নিয়ন্ত্ৰণৰ নামত উদ্দেশ্যপ্ৰণোদিতভাৱে গুলী চালনাৰ ঘটনা সংঘটিত হৈ আহিছে।