/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/B19-2.jpg)
মৃদুল কুমাৰ সন্দিকৈ
দুৰ্গা পূজা মানেই উৎসৱ। সীমাহীন আনন্দৰ সমাহাৰ। এফালে দুৰ্গাৰ বন্দনা, আনফালে প্ৰকৃতিৰ প্ৰাণোচ্ছল পৰিবেশ। আহিনৰ নিয়ৰ আৰু তলসৰা শেৱালীৰ লগতে নিৰ্মল আকাশৰ শুকুলা আকাশৰ মিতিৰালি।
সলনি হৈছে পূজাৰ পৰিবেশ। পূৰ্বৰ পূজাৰ সেই আমেজ যেন ক'ৰবাত হেৰাই গৈছে। পূজাৰ জেলেপি, পূজাৰ বেলুন এইবোৰ এতিয়া দুৰ্গা পূজাৰ অংগ হৈ থকা নাই। পূজা চাবলৈ গৈ লগ-সংগৰ সৈতে ঘূৰি-ফুৰা সেই মাদকতা এতিয়া নাই।
পূজা হৈছে। জাক-জমকতা বিহীন দেৱীৰ আৰধনাও চলিছে। কোভিড প্ৰ'টকল আৰু এছ অ' পিৰ মাজত মা দুৰ্গা মত্যলৈ নামি আহিছে। ঢাক-ঢোল বজা, মানুহে ভৰি থকা পূজাৰ মণ্ডপসমূহ প্ৰায়েই খালী। মহানগৰীত অৱশ্যে কিছু সংখ্যক লোক পূজা বুলি উলাইছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/WhatsApp-Image-2021-10-13-at-12.39.03-PM-1024x461.jpeg)
মণ্ডপৰ ভিতৰলৈ যোৱাৰ সলনি বাহিৰৰ পৰাই পূজাৰ স্থলী চাই উভতি গৈছে। কোভিডৰ জটিল পৰিস্থিতি, শোচনীয় আৰ্থিক পৰিস্থিতি, মূল্য বৃদ্ধি আদিয়ে এইবাৰ দুৰ্গা পূজাত প্ৰভাৱ পেলাইছে। বতৰো হেঙাৰ হৈছে পূজাৰ বাবে।
দিনৰ ভাগত প্ৰচণ্ড গৰম। সেই গৰমে দৰ্শনাৰ্থীসকলকো পূজাৰ সেই শাৰদীয় আমেজ দিব পৰা নাই। ঋতুৰ ভিতৰত অন্যতম শ্ৰেষ্ঠ ঋতু শৰৎ। ঠাণ্ডা, গৰমৰ মাজৰ এই সময়খিনিত প্ৰকৃতিয়েও এক বিনন্দীয়া ৰুপেৰে উৎসৱমুখৰ পৰিবেশ সৃষ্টি কৰে।
দুৰ্গা পূজাৰ এই সময়ছোৱাত পূৰ্ব আৰু বৰ্তমানৰ পৰিবৰ্তনশীল সময়ৰ বহু চাপ পৰিছে। পূজা চাবলৈ গৈ ভিন্নৰঙী বেলুন, হুইছেল কিনা পুৰণি দিনবোৰৰ স্মৃতিও কেতিয়াবা ৰোমণ্ঠনৰ নৈৰে উজাই আহে।লাহে লাহে সলনি হৈছিল পূজাৰ ৰেহ-ৰূপ। সাৰ্বজনীন এই পূজাই এক সম্প্ৰীতি আৰু সংহতিৰ সৃষ্টি কৰাত সহায় কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/WhatsApp-Image-2021-10-13-at-12.39.03-PM-1-1024x461.jpeg)
লাহে লাহে শাৰদীয় এই ব্যাকুল পৰিবেশত পূজা মণ্ডপৰ প্ৰতিযোগিতা চলিল। কোনে, কেনেকৈ, কিমান ধুনীয়াকৈ পূজাৰ মণ্ডপ নিৰ্মাণ কৰিব পাৰে সেই দৌৰত আমি কব নোৱাৰাকৈয়ে বন্দী হৈ পৰিলো। প্ৰতিযোগিতা চলি থাকিল। শুকুলা মেঘৰ তলত শাৰদীয় নিশা মা দুৰ্গাৰ আৰাধনাত বাধা হৈ থিয় দিলে কোভিডে।
তাৰ মাজতো দেৱী আৰধনা যতি নপৰিবলৈ চেষ্টা চলিল। পূজাৰ সময়ত পূজা কেন্দ্ৰিক বহু ব্যৱসায় গঢ় লৈ উঠে। সেই ব্যৱসায়ো এইবাৰ চকুত পৰা ধৰণে মন্দা অৱস্থা। আশাৰ সম্ভাৱনা, অশুভ শক্তিক নাশি শুভ পৰম্পৰা সৃষ্টিৰে এই দুৰ্গা পূজা উদযাপনৰ মাজেৰে সমাজলৈ যায় এক পবিত্ৰ বাণী।
সেই ধাৰাবাহিকতাত কেৱল ধৰ্মীয় বিশ্বাসেই নাই। ইয়াত আছে সত্য প্ৰতিষ্ঠা, অপশক্তিক নাশ কৰা, আৰু সম্ভাৱনাৰ দুৱাৰ খুলি দিয়া বিশ্বৰ শক্তিৰ আধাৰ। দুখ-সুখ নাৰীয়েহে মোচন কৰিব পাৰে। সেই মহিমাময়ী দেৱীয়ে অশুৰ নিধনৰ বাস্তৱতাৰ মাজেৰে সৃষ্টি আৰু অপশক্তি ধ্বংসৰ প্ৰতীক ৰূপত অৱস্থান লয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/WhatsApp-Image-2021-10-13-at-12.39.04-PM-1.jpeg)
দুৰ্গা পূজাৰ মণ্ডপৰ কাৰোকাৰ্য আৰু সেই মণ্ডপ নিৰ্মাণৰ আৰ্হিয়ে আধুনিক মনৰ বহু লোকক আকৰ্ষিত কৰি আহিছে। এফালে ধৰ্মীয় বিশ্বাস আনফালে সাময়িক ঘটনা প্ৰবাহক তুলি ধৰাৰ ক্ষেত্ৰত দুৰ্গা পূজাৰ এই মণ্ডপ সমূহে ভূমিকা ল'ব পাৰে।
কোভিডৰ এইসময়ত চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ কলকাতাৰ এটা পুজা মণ্ডপে বাৰুকৈয়ে দৃষ্টি আকৰ্ষণ কৰিছে। এই পূজা মণ্ডপটোত সোমালে এনে লাগিব যেন এটা লাইব্ৰেৰীৰ ভিতৰলৈ সোমাই গৈছো। চৌদিশে কিতাপ, মাজত লাইব্ৰেৰীত থকাৰ দৰে কেইবাখনো টেবুল-চকী। দুৰ্গা মুৰ্তি আছে এখন প্ৰতীকি কিতাপৰ ওপৰত। ভালদৰে নাচালে ধৰিবই নোৱাৰিব কোনেও।
পূৰ্বতেও পূজা মণ্ডপৰ জৰিয়তে চমক দিয়াত পশ্চিমবংগ সদায় আগত। কলকাতাৰ ধাকুৰীয়াৰ এই পূজা মণ্ডপে এফালে পূজা আনফালে জ্ঞান অন্বেষণৰ পৰা কোভিডৰ সময়ত দীৰ্ঘদিন আঁতৰি থকা ছাত্ৰ-ছাত্ৰীসকল, শৈক্ষিক পৰিবেশক সুন্দৰভাৱে তুলি ধৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/WhatsApp-Image-2021-10-13-at-12.39.05-PM-1024x576.jpeg)
২০০ বছৰ পুৰণি এই পূজাৰ বাবুবাগান সাৰ্বজনীন দুৰ্গোৎসৱ কমিটীয়ে আয়োজন কৰিছে। কিতাপৰ লগতে পূজা মণ্ডপত পশ্চিমবংগৰ উল্লেখযোগ্য ব্যক্তিসকলৰ ফটোক স্থান দিয়া হৈছে। উল্লেখযোগ্য যে পশ্চিমবংগৰ এই স্থান সাংস্কৃতি, সামাজিক, বৌদ্ধিক আদিৰ দিশত অভিকেন্দ্ৰ স্বৰূপ।
এই পূজা আয়োজনৰ সন্দৰ্ভত আয়োজক সকলে কেৱল ধৰ্মীয় বিশ্বাসৰ কথা কোৱা নাই। কৈছে যে আমি নতুন প্ৰজন্মক কিতাপৰ প্ৰতি আকৰ্ষিত কৰিবলৈ আৰু পশ্চিমবংগৰ উল্লেখযোগ্য ব্যক্তিসকলক পৰিচয় কৰাই দিবলৈ আয়োজন কৰিছো। প্ৰায় ২ মাহ ধৰি এই পূজা আয়োজনৰ বাবে ২০০ শ্ৰমিকে কাম কৰিছিল আৰু ইয়াৰ বাবে প্ৰয়োজন হৈছিল ৩০ লাখ টকা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/WhatsApp-Image-2021-10-13-at-12.39.04-PM-2-1024x576.jpeg)
অসমত কেতিয়াবা এনে পূজা আয়োজনৰ কথা কল্পনা কৰিব পাৰিনে? সচৰাচৰ পূজা অনুষ্ঠিত কৰাৰ দৰেই পূজাৰ লগতে এনে সামাজিক বাৰ্তা আৰু মানুহৰ মন মগজুত নতুন চিন্তা উন্মেষ কৰিব পৰা কামোচোন পূজাৰ জৰিয়তে কৰিব পাৰি। লাগে কিছু পৰিকল্পনা আৰু ব্যতিক্ৰম ৰূপত সেইবোৰ উপস্থাপন কৰিব পৰা দক্ষতা থকা লোক।