/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/AP-FOR-WEB-NEW-bikhekh-lekha-1-12.jpg)
মৃদুল কুমাৰ সন্দিকৈ
পুৱা তেতিয়া ৭ বাজিছিল। ১৬ আগষ্ট, ২০২২। ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰাৰ পাছত প্ৰথমটো পুৱা। মহানগৰীৰ বাটে-পথে তেতিয়াও উৰি আছে ত্ৰিৰংগা। আনদিনা হোৱা হ'লে দৌৰা-দৌৰি লাগিল হয়। ১৫ আগষ্টত উত্তোলন কৰা পতাকাৰ এনেকৈ অনাদৰ কৰাৰ বাবে ৰুজু হ'ল হয় গোচৰ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনুৰোধ কৰিছিল ১৫ আগষ্টৰ সন্ধিয়াৰ লগে লগে পতাকা সমূহক স-সন্মানেৰে যাতে নমাই সংৰক্ষণ বা ভালদৰে থৈ দিয়া হয়। ৰাইজৰ প্ৰতি এই আহ্বান জনাইছিল মুখ্যমন্ত্ৰীয়ে। কিন্তু বিভিন্ন স্থানত পতাকা উৰিয়েই থাকিল।
সচিবালয়ৰ সন্মুখত ১৬ আগষ্টৰ পুৱা পতাকা উৰিয়েই আছে। পতাকা সমূহ কোনে নমাব সেয়া যেন কাৰো দায়িত্ব নাই। সেয়া সন্মান নে অসন্মান? এম এল এ হোষ্টেলৰ সন্মুখত থকা গোল চক্ৰটোত উৰিয়েই থাকিল ১৬ আগষ্টৰ পুৱা পতাকা।
বাটে-পথে পৰি থকা ৰাষ্ট্ৰীয় পতাকাৰ অৱস্থা দেখি বহু লোক মৰ্মাহত হ'ল। পতাকা খনৰ দায়িত্ব চৰকাৰৰ লগতে সাধাৰণ নাগৰিকৰো। নাগৰিকৰ বাসগৃহত আৰি থোৱা পতাকাবোৰ দেখি এবাৰৰ বাবে হ'লেও মনলৈ এটা ভাৱ আহিব এইবাৰ বাৰু স্বাধীনতাৰ ৭৫ বছৰ বৰ্ষৰ পূৰ্ণ উপলক্ষ্যে চৰকাৰ বেছি অত্যুৎসাহী হোৱাৰ ফল নেকি এয়া?
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/image-3.png)
আৰি থোৱা পতাকা বোৰৰ কথা বাদ। বহু বিদ্যলয়, চৰকাৰী কাৰ্যালয়, বেংক, প্ৰতিষ্ঠানৰ সন্মুখত উত্তোলন কৰা স্বাধীনতা দিৱসৰ পতাকা খন নমাবলৈ কাৰো আজৰি নহ'ল। এয়া কেনে ৰাষ্ট্ৰবোধ? যি খন চৰকাৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ বাবে প্ৰচাৰ চলাইছিল সেই চৰকাৰে উত্তোলনৰ পাছত পতাকা খনৰ মৰ্যদা কেনেদৰে ৰক্ষা কৰিব সেয়া যেন ক'বলৈ পাহৰি গ'ল।
এইবাৰ প্ৰায় ৬০০ কোটি টকাৰ ৰাষ্ট্ৰীয় পতাকাৰ বৃহৎ বজাৰ গঢ় লৈ উঠিল। ক'লা বজাৰতো ৰাষ্ট্ৰীয় পতাকা বিক্ৰী হোৱাৰ অভিযোগ উঠিল। ১৬ আগষ্টৰ পুৱালৈকে গুৱাহাটী মহানগৰীৰ বেলতলা পথত স্বাধীনতা দিৱসৰ উপলক্ষ্য়ে বেংক অৱ বৰোডাৰ বশিষ্ঠ শাখাৰ সন্মুখত ১৫ আগষ্টত উত্তোলন কৰা পতাকাখন উৰিয়েই থাকিল।
বহুলোক কনফিউচড! পতাকা তিনিদিনৰ আগতেই উৰুৱালে। চৰকাৰেও ক'বলৈ পাহৰিলে উৰুওৱা পতাকাবোৰ নমাবলৈ। লক্ষ্যণীয় ভাৱে এইবাৰ ৰাষ্ট্ৰীয় পতাকা উৰুওৱা এক গণমুখী চেতনা জাগ্ৰত হ'ল। সেই চেতনা দেশাত্মকবোধ কি পৰ্যায়লৈ উত্তৰণ কৰে সেয়া চাবলগীয়া হ'ব।
প্ৰশ্ন উঠিছে, জাতীয় পতাকাক সন্মান নে অসন্মানৰ পৰিৱেশ ৰচনা হ'ল। তেনেবোৰ প্ৰশ্নৰ মাজতেই এটা দৃশ্যই ইতিবাচক বহু বাৰ্তা দি গ'ল। গনেশ মন্দিৰ দিশৰ পৰা গনেশগুৰিৰ উৰণীয়া সেঁতুৰ তলেৰে আহি থাকোতেই চকুত পৰিছিল কোনোবাই উৰণীয়া সেঁতুৰ এটা খুটাৰ তলত জাতীয় পতাকা নোৰা মাৰি পেলাই থৈ গৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/a86c8570-4111-445c-b2a8-14d6ad71f230-461x1024.jpg)
সমীপত এজন চাফাই কৰ্মীয়ে চাফাই চলাই আছিল। হাতত থকা দীঘল ঝাড়ুটো লৈ নিয়মিত চাফাই কৰাৰ দৰেই কৰ্তব্যত নিয়োজিত চাফাই কৰ্মীজন আগবাঢ়ি গ'ল পতাকাখনৰ ফালে। পৰি থকা পতাকাখন দেখিয়েই সেই স্থানত ৰৈ গৈছিলো।
চাফাই কৰ্মীজনে পতাকা কেইখন উঠাই ল'লে। তাৰপাছত তেওঁ যি কৰিলে চাই অভিভূত হলো। আগবাঢ়ি গলো চাফাই কৰ্মীজনৰ দিশে। তেওঁ সেই নোৰাটোত থকা সৰু পতাকা দুখন হাতত তুলি লৈ ওচৰৰে খুটাটোৰ এখন বেৰত আৰি দিলে। পৰি থকা পতাকা দুখন তেওঁ এনেদৰে স সন্মানে থৈ পুনৰ কামত লাগিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/image-4.png)
এয়াই দেশপ্ৰেম। সৰু মানুহৰ ডাঙৰ মনৰ পৰিচয়। চাফাই কৰ্মীজনে পতাকা খন বান্ধি থাকোতেই কৈছিল এয়াই আমাৰ সন্মান। এনেদৰে অনাদাৰ কৰি পেলাই থ'ব নালাগে। মই এতিয়া জাবৰ চাফা কৰি আছো। এই দুখন নি জাবৰৰ লগতটো থব নোৱাৰো।
জি এম চিৰ স্থায়ী চাফাই কৰ্মী তেওঁ। নাম তপন বাছফো। ২০ বছৰ ধৰি তেওঁ এই কাম কৰি আহিছে। গনেশগুৰি সেই অঞ্চলটো তেওঁ চাফা কৰে, ঝাড়ু দিয়ে। পুৱা ৫ বজাতে কামলৈ ওলাই আহে। ঝাড়ু দি দিয়েই তেওঁ এই কথাবোৰ কৈ গৈছিল। লগতে তেওঁ কৈছিল ঝাড়ু দি শেষ কৰি পতাকা দুখন ঘৰলৈ লৈ যাব। ভালদৰে থৈ দিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/image-5.png)
তপন নামৰ সেই চাফাই কৰ্মী জনৰ দেশপ্ৰেম আৰু পতাকাখনৰ প্ৰতি থকা আন্তৰিকতা তথা মৰ্যদাবোধে অন্তৰ চুই গ'ল। সকলো যদি তপনৰ দৰেই হ'লহেতেন দেশপ্ৰেমৰ নতুন দিগন্তই প্ৰতিটো পুৱা এনে শুভ আৰু ভাল লগা দৃশ্যই দেখিবলৈ পালো হেতেন।
পঢ়া-লিখা কম হ'ব পাৰে, সৰু কাম কৰিব পাৰে, হাতে কামে আৰু অন্তৰে কিন্তু সকলো তপন হ'ব নোৱাৰে। সেয়াই আমাৰ বিড়ম্বনা! চেল্যুট তপন বাছফো…
আৰু পঢ়ক: দেহত বয়সৰ ভৰ ! ত্ৰিৰংগা ধৰি এতিয়াও মাৰিব পাৰে লৰ…