দ্যা কাশ্মীৰ ফাইলচ: নেপথ্যৰ কাহিনী…

দ্যা কাশ্মীৰ ফাইলচ: নেপথ্যৰ কাহিনী…

বৰষা শৰ্মা

বৰ্তমান দেশত এটি চৰ্চিত বিষয় হৈছে 'দ্যা কাশ্মীৰী ফাইলচ'। প্ৰায় ৩০ বছৰ পূৰ্বে কাশ্মীৰত হোৱা বৰ্বৰ ঘটনাই কন্দুৱাইছে দেশবাসীক। চিনেমা হ'ল বাৰ্তা প্ৰেৰণ কৰাৰ এক জনপ্ৰিয় মাধ্যম। দ্যা কাশ্মীৰী ফাইলচে দেখুৱাইছে কাশ্মীৰৰ পণ্ডিতৰ দুৰ্দশা।

কিন্তু এই সময়ত সকলোৰে মনত প্ৰশ্ন উত্থাপন হৈছে কাশ্মীৰৰ ৰাজনীতিৰ ওপৰত।কিয়নো কোনোবা নহয় কোনোবা এটা ক্ষেত্ৰত হয়তো এই সমগ্ৰ ঘটনাক্ৰমৰ বাবে জগৰীয়া ৰাজনীতিও। সেই সময়ৰ ৰাজনীতিক আমি নুই কৰিব নোৱাৰো। হয়তো চৰকাৰৰ কিছুমান সিদ্ধান্তই কাশ্মীৰৰ এনে অৱস্থা হোৱা উদগনি জগাইছিল। কাশ্মীৰৰ হিন্দু পণ্ডিতৰ ওপৰত নিৰ্যাতন কেনেদৰে আৰম্ভ হৈছিল বা সেই সময়ত কাশ্মীৰৰ ৰাজনৈতিক প্ৰেক্ষাপট কি আছিল সেই কথা জানিবলৈ হ'লে আমি কেইটামান বছৰ পিছুৱাই যাব লাগিব।

কাশ্মীৰত পণ্ডিতৰ ওপৰত নিৰ্যাতন ১৯৯০ চনৰ পূৰ্বৰ পৰাই আৰম্ভ হৈছিল আৰু সেই নিৰ্যাতনৰ অন্তিম স্তৰ পাইছিল গৈ ১৯৯০ চনৰ ১৯ জানুৱাৰী, যাক কোৱা হয় 'দ্যা নাইট এফ টেৰৰ'।

ভাৰতত অধিকাংশ লোকে হিন্দু ধৰ্ম পালন কৰে যদিও কাশ্মীৰ উপত্যকাত হিন্দু সকল সংখ্যালঘু আছিল আৰু ইয়াৰে প্ৰায় সংখ্যক লোক পণ্ডিত আছিল। বিশ্বৱাসীৰ মনত এনে এক ভাৱধাৰা আছে যে কাশ্মীৰী পণ্ডিতৰ ওপৰত নিৰ্যাতন ১৯৯০ চনৰ ১৯ জানুৱাৰীত হৈছিল। কিন্তু বাস্তৱ সম্পূৰ্ণ বেলেগ, যি বাস্তৱে কঁপাই তুলে সকলোৰে অন্তৰআত্মা।

১৯৮০ কাশ্মীৰৰ মুখ্যমন্ত্ৰী আছিল শ্বেখ আব্দুল্লা। কাশ্মীৰৰ ইতিহাসত এই নামটোৰ গুৰুত্ব অধিক।কিয়নো স্বাধীনতাৰ পাছৰ পৰাই কাশ্মীৰত অতি সক্ৰিয় আছিল শ্বেখ আব্দুল্লা। প্ৰথমে তেওঁ জম্মু-কাশ্মীৰৰ প্ৰধান মন্ত্ৰী আছিল কিন্তু জৱহাৰলাল নেহেৰুৰ লগত হোৱা মতানৈক্যৰ পাছত তেওঁ বহু বছৰ তেওঁ কাৰাগাৰত থাকিবলগীয়াও হয়।

১৯৭৫ চনত ইন্দিৰা গান্ধীৰ চৰকাৰৰ দিনত শ্বেখ আব্দুল্লাই পুনৰ মুখ্যমন্ত্ৰী হিচাপে শপত লয়। প্ৰায় ৩০ বছৰ ধৰি কাশ্মীৰৰ ৰাজনীতিত শ্বেখ আব্দুলাত তেওঁ অতি গুৰুত্ব পূৰ্ণ আছিল আৰু নিজৰ আধিপত্য বিস্তাৰ কৰি আহিছিল।

লাহে লাহে সলনি হৈছিল সকলো। ১৯৮০ চনৰ পৰা তেওঁৰ ভাৱধাৰা সলনি হৈছিল আৰু ভাৱিছিল যে তেওঁৰ শাসন কিছু দুৰ্বল হৈ পৰিছে। তাৰ পাছতেই সৃষ্টি হৈছিল সাম্প্ৰদায়িকতাৰ বীজ।সেই সময়ৰ পৰাই কাশ্মীৰৰ পণ্ডিত সকলক অন্য স্থানলৈ স্থানান্তৰ কৰা আৰম্ভ কৰা হৈছিল। আৰু এই প্ৰক্ৰিয়া বন্ধ হোৱা নাছিল।

১৯৮২ চনত শ্বেখ আব্দুল্লাৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ ফাৰুক আব্দুল্লাই নেচনেল কনফাৰেন্সত যোগদান কৰে। ১৯৮৩ চনত তেওঁ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে ফাৰুক আব্দুল্লাই। ১৯৮৪ চনত কেন্দ্ৰত আছিল ইন্দিৰা গান্ধীৰ চৰকাৰ আৰু জম্মুত আছিল নেচনেল কনফাৰেন্সৰ চৰকাৰ। কিন্তু সেই সময়ত ইন্দিৰা গান্ধীৰ চৰকাৰে সমৰ্থন কৰা নাছিল ফাৰুক আব্দুল্লা।যাৰ বাবে ইন্দিৰা গান্ধী চৰকাৰে ৰাজনীতি কূটকৌশলেৰে নেচনেল কনফাৰেন্সৰ নেতাৰ সৈতে লগ লাগি ফাৰুক আব্দুল্লাৰ চৰকাৰক ধ্বংস কৰাৰ চেষ্টা চলাই।

এই ক্ষেত্ৰত সফলো হয় কংগ্ৰেছ। কংগ্ৰেছৰ সহযোগত নেচনেল কনফাৰেন্সৰ নেতাৰ লগত লগ লাগি চৰকাৰ গঠন কৰে গোলাম মহম্মদ শ্বাহে আৰু গোলাম মহম্মদ শ্বাহৰ দিনৰ পৰাই কাশ্মীৰত বৃদ্ধি পাছিল হিংসাত্মক কাৰ্যকালাপ। সেই সময়ত তেওঁ প্ৰাধান্য দিছিল ইছলামক, আৰম্ভ হৈছিল হিংসা, মন্দিৰ ভঙা কাৰ্য। বহু ঠাইত মুকলিকৈ ভাৰত বিৰোধী ভাষণ বা উচতনি মূলক ভাষণ দিলেও বাধা প্ৰদান কৰা হোৱা নাছিল চৰকাৰৰ ফালৰ।

কিন্তু ইয়াক লৈ সুখী নাছিল সেই সময়ত কেন্দ্ৰত থকা ৰাজীৱ গান্ধীৰ চৰকাৰ আৰু তেতিয়াই গোলাম মহম্মদৰ সমৰ্থন বাদ দি ফাৰুক আব্দুল্লাক সমৰ্থন কৰা আৰম্ভ কৰিছিল কংগ্ৰেছে।ইয়াৰ পাছতেই কংগ্ৰেছৰ লগত ১৯৮৬ চনত পুনৰ ফাৰুক আব্দুল্লাই চৰকাৰ গঠন কৰে কাশ্মীৰত। মাত্ৰ ৩ মাহৰ বাবে চৰকাৰ পৰিচালনা কৰাৰ পাছত মাৰ্চ মাহত নিৰ্বাচন অনুষ্ঠিত হয়।

 ১৯৮৭ চনৰ পৰা সলনি হৈছিল জম্মু-কাশ্মীৰৰ প্ৰেক্ষাপট। ১৯৮৭ নেচনেল কনফাৰেন্স আৰু কংগ্ৰেছ আছিল এফালে আৰু আনফালে আছিল মুচলিম ইউনাইটেড ফন্ট। এই দলটোত সেই সকল লোক আছিল যিয়ে ভাৰতৰ বিৰোধিতা কৰে বা চৰকাৰ বিৰোধী। সেই সময়ত ভাৰত বিৰোধী প্ৰতিটো সংগঠনে লগ হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও মাত্ৰ ৪খন আসন লাভ কৰিবলৈহে সক্ষম হয়। উল্লেখ্য যে, এই সময় চোৱাত সেই সময়ৰ চৰকাৰে নেচনেল কনফাৰেন্স দল জয়ী হোৱাত সহায় কৰিছিল। এই সন্দৰ্ভত ফাৰুক আব্দুল্লাই এক সাক্ষাতকাৰতো জনাই।

১৯৮৭ চনৰ পৰাই আৰু অধিক বৃদ্ধি পাইছিল ইছলামিক ভাৱধাৰা, বৃদ্ধি পাইছিল ভাৰত বিৰোধী, হিন্দু বিদ্বেষী মনোভাৱ ।ইয়াৰ পূৰ্বে কাশ্মীৰত শান্তিপূৰ্ণ ভাৱে বাস কৰি অহা পণ্ডিত সকলৰ দুৰ্দশা বৃদ্ধি পাব আৰম্ভ কৰিছিল ১৯৮০ চনৰ পৰা।

ইয়াৰ মূল কাৰণ ১৯৮০ চনত আফগানিস্তানত চলা জিহাদ বুলি ক'ব পাৰি। এই জিহাদক সমৰ্থন কৰিছিল পাকিস্তান, ইউএই । ইয়াৰ লগতে কাশ্মীৰতো বৃদ্ধি পাবলৈ আৰম্ভ কৰিছিল জিহাদ। গল্ফ দেশৰ দ্বাৰা বহু সহায় লাভ কৰিছিল এই জিহাদে।

ইয়াৰ মাজতে আমি কব লাগিব পাকিস্তানৰ ৰাজনীতিৰ কথাও।কিয়নো পাকিস্তানে অহৰহ সমৰ্থন কৰি আহিছিল জিহাদক। সেই সময়ৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী  জিয়া উলহকৰ দিনত পাকিস্তানৰ লগতে কাশ্মীৰত ইছলামিকতা বৃদ্ধি পাইছিল। পাকিস্তান আৰু আইএছআইএছ ট্ৰেইনিং দিব আৰম্ভ কৰিছিল কাশ্মীৰ যুৱক সকলক।সেই সময়ত হিংসা ইমানেই বৃদ্ধি পাইছিল যে কিশোৰ সকলে একে ৪৭ লৈ শ্ৰী নগৰৰ ৰাজপথত ঘূৰি ফুৰিছিল।সেই সময়ত একে ৪৭ লৈ ঘূৰাটো সাধাৰণ ঘটনালৈ পৰিণত হৈছিল।

এই সময়চোৱাত কাশ্মীৰত জন্ম পাইছিল বহু সংগঠনৰ। জম্মু কাশ্মীৰ লিবাৰেশ্যন ফন্ট এনে এটা বিদ্ৰোহী সংগঠন যিয়ে কাশ্মীৰৰ স্বাধীনতা বিচাৰিছিল,কিন্তু তেওঁলোকে পাকিস্তান আৰু ভাৰতবৰ্ষ কাৰো লগতেই থাকিব বিচৰা নাছিল। বিচাৰিছিল সম্পূৰ্ণ স্বাধীন কাশ্মীৰ।অন্য এটা সংগঠন আছিল জমাতে ইছলামিক কাশ্মীৰ, যিয়ে কাশ্মীৰৰ লগত পাকিস্তানক লগত যোৱাটো বিচাৰিছিল।

এই হিংসাত্মক কাৰ্যকালাপ বৃদ্ধি পোৱাৰ সময়ত ফাৰুক আব্দুল্লাৰ চৰকাৰেই আছিল। কিন্তু এই চৰকাৰ আছিল দুৰ্বল। ইয়াৰ মাজতে মুছলিম ইউনাইনেট ফন্ট নামৰ এটা সংগঠনে জন্ম লাভ কৰিছিল। সেই সংগঠনটোৱে সদায় ভাৰত বিৰোধী মন্তব্য কৰিছিল, আৰু সেই সকলক শাস্তি দিছিল সেই সকল লোকক যিয়ে সমৰ্থন কৰিছিল ভাৰতক।

এই সংগঠনটোৰ মূল টাৰ্গেট আছিল কাশ্মীৰৰ পণ্ডিত সকল। কাশ্মীৰ উপত্যকাৰ প্ৰায়বোৰ অঞ্চলতেই আছিল এই কাশ্মীৰী পণ্ডিত সকল। এই কাশ্মীৰী পণ্ডিত সকল  আছিল অত্যন্ত শিক্ষিত। ইয়াৰে প্ৰায়ভাগ শিক্ষক আৰু চৰকাৰী কামত নিয়োজিত আছিল।

 লাহে লাহে তেওঁলোকে পণ্ডিত সকলক ভয়-ভাবুকি দিয়া আৰম্ভ কৰা হৈছিল।১৯৮৮ ৰ শেষৰ ফালে আৰম্ভ হৈছিল শ্ল'গান 'কাশ্মীৰ আজাদ', 'নিজামে মুষ্টাফা' (ইছলামিক নীতি-নিয়ম)। এই সমগ্ৰ ঘটনা কাৰ্যক নেতৃত্ব দিছিল জম্মু-কাশ্মীৰ লিবাৰেশ্যন ফন্টে।

এই সময়ত পাকিস্তানৰ ৰাজনীতিটো আৰম্ভ হৈছিল অন্য এক দিশ। বেনাজীৰ ভুট্টোৱে পাকিস্তানৰ প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱাৰ পাছতেই কাশ্মীৰৰ লগতে পাকিস্তানটো বৃদ্ধি পাইছিল ইছলামৰ ওপৰত গুৰুত্ব। তেওঁৰ নেতৃত্বতে বৃদ্ধি পাইছিল জিহাদ। পাকিস্তানী চৰকাৰ আইএছআইএছ লগ লাগি কাশ্মীৰী সকলক বন্দুক দিয়া আৰম্ভ কৰে আৰু সন্ত্ৰাসবাদী বনোৱা হয়।

ইতিমধ্যে আৰম্ভ হৈ গৈছিল কাশ্মীৰী পণ্ডিতৰ ওপৰত নিৰ্যাতন। কিন্তু ১৯৮৯ চনত সংঘটিত হোৱা কেইটামান হত্যাকাণ্ডই জোঁকাৰি যায় সমগ্ৰ কাশ্মীৰ আৰু পণ্ডিত সকলৰ মনত জগাই তোলে এক নতুন ভয়ৰ। ১৯৮৯ ১৪ চেপ্টেম্বৰ তিকা লাল টুপল নামৰ এগৰাকী আগশাৰীৰ পণ্ডিতক দিন দুপৰতে শ্ৰীনগৰত হ্ত্যা কৰা হয়। টিকা লাল টপ্পু আছিল এগৰাকী সমাজ কৰ্মী আৰু নতুনকৈ জন্ম লাভ কৰা বিজেপিৰ নেতা। তাৰ পাছত ২ অক্টোবৰ হত্যা কৰা হয়  নীলকণ্ঠ গঞ্জু নামৰ এগৰাকী পণ্ডিতক, যি এগৰাকী অধিবক্তা আছিল। উল্লেখ্য যে  জম্মু কাশ্মীৰ লিবাৰেশ্যন ফন্টৰ এগৰাকী সন্ত্ৰাসবাদী মকবুল ভটক মৃত্যুদণ্ড বিহিছিল তেওঁ। অৰ্থাত এক কথাত ক'বলৈ হ'লে সমাজৰ হৈ কাম কৰা পণ্ডিত, সাংবাদিক,আগশাৰীৰ লোক সকলক হত্যা কৰা আৰম্ভ হৈছিল।

ইয়াৰ মাজতে এনে এক ঘটনা সংঘটিত হয় যিয়ে সন্ত্ৰাসবাদী সকলক হয়তো আৰু অধিক সাহস দিয়াত সহায় কৰে।সেই সময়ৰ দেশৰ তৎকালীন গৃহমন্ত্ৰী মুফ্টী মহম্মদ চৈয়দ (কংগ্ৰেছৰ বিশিষ্ট নেতা আছিল আৰু পাছত ভিপি সিং চৰকাৰৰ লগত আহিছিল)ৰ কন্যাক সন্ত্ৰাসবাদীয়ে অপহৰণ কৰে আৰু কন্যাক বচোৱাৰ নামত সেই সময়ত মুকলি কৰি দিয়া হয় ৫ গৰাকীকৈ সন্ত্ৰাসবাদী।ইয়াৰ পাছতেই আৰু অধিক হৈ পৰিছিল সন্ত্ৰাসবাদী কাৰ্যকালাপ।

১৯৮৯ চনত দেশত নেচনেল ফন্টৰ ভিপি সিঙৰ চৰকাৰ গঠন হয় আৰু তেতিয়াই মুফ্টী মহম্মদ চৈয়দে তেওঁক আহ্বান জনাইছিল যে কাশ্মীৰত জগমোহনক ৰাজ্যপাল হিচাপে নিযুক্তি দিব লাগে। কিন্তু এই কথা ভাল পোৱা নাছিল কাশ্মীৰৰ মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাই। উল্লেখ্য যে, জগমোহন মলহোত্ৰাক লৈ বিভিন্ন সময়ত বিভিন্ন খবৰ আহিছিল। কোনোৰ মতে তেওঁ কংগ্ৰেছৰ হৈ কাম কৰিছিল কোনোৰ মতে বিজেপিৰ হৈ। কিন্তু একাংশৰ মতে জগমোহনে সেই কামহে কৰিছিল যি কেন্দ্ৰই বিচাৰিছিল।

১৯ জানুৱাৰী ১৯৯০ চনত জম্মু-কাশ্মীৰৰ ৰাজ্যপাল নিযোগ কৰা হয় জগমোহনক। সেই সময়ত বতৰৰ বাবে চৰকাৰ আছিল জম্মুত। কিয়নো অত্যাধিক বেয়া বতৰৰ বাবে শ্ৰীনগৰৰ পৰা চৰকাৰ জম্মুলৈ অনা হয়। যাৰ বাবে পণ্ডিত সকলৰ মাজত ভয় আৰু বৃদ্ধি পাবলৈ ধৰে।

১৯৯০ চনৰ ১৯ জানুৱাৰীতে পদত্যাগ কৰে মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাই, কিয়নো ৰাজ্যপাল হিচাপে জগমোহনক নিয়োগ কৰাটো তেওঁ সমৰ্থন কৰা নাছিল। সেই সময়ত  ৰাজ্যপালৰ শাসন আছিল যদিও একো কৰিব পৰা নাছিল চৰকাৰে।

ইয়াৰ কেইদিন মান পূৰ্বে ১৯৯০ চনৰ ৪ জানুৱাৰীত উৰ্দু বাতৰি কাকতক এক ভাবুকি ভৰা বাৰ্তা প্ৰকাশ হৈছিল য'ত পণ্ডিত সকলক কাশ্মীৰ উপত্যকা ত্যাগ কৰিবলৈ কোৱা হৈছিল। লগতে কোৱা হৈছিল যে প্ৰথমে হত্যা কৰা হ'ব শিশু সকলক।

সেই সময়ত এয়া অতি সাধাৰণ কথা হৈ পৰিছিল। কাশ্মীৰৰ ৰাজপথত মুকলিভাৱে ঘূৰি ফুৰিছিল সন্ত্ৰাসবাদী। পণ্ডিত সকলৰ ঘৰৰ সন্মুখত জাৰি কৰা হৈছিল এক তালিকা য'ত সেই সকল পণ্ডিতৰ নাম লিখা হৈছিল যাক প্ৰথমে হত্যা কৰা হ'ব।

 লাহে লাহে মছজিদত ঘোষণা হৈছিল উচতনি মূলক ভাষণ। পণ্ডিত  সকলক কাশ্মীপ এৰি দিয়াৰ নিৰ্দেশ দিয়া হৈছিল।

তাৰ পাছতেই আহিছিল সেই ১৯ জানুৱাৰীৰ নিশা যি কাশ্মীৰৰ ইতিহাসত ক'লা দিন হিচাপে চিহ্নিত হৈ ৰ'ব। কাশ্মীৰী পণ্ডিত সকলৰ সেই ক'লা দিন যি হয়তো ভাষাৰে বৰ্ণাণা কৰা সহজ নহয়।

আচৰিত ঘটনা এয়াই যে ১৯৯০ চনৰ ১৯ জানুৱাৰী কাশ্মীৰৰ প্ৰতিটো মছজিদত এটা সময়তে ঘোষণা কৰা হৈছিল এক বাৰ্তা। এই বাৰ্তাত আছিল "কাশ্মীৰী পণ্ডিত কাশ্মীৰ ত্যাগ কৰক। নহ'লে হত্যা কৰা হ'ব।।যিয়ে ইছলামিক নীতি-নিয়ম নামানে তেওঁলোকক হত্যা কৰা হ'ব"।পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া হৈছিল।তেতিয়াই কাশ্মীৰ ত্যাগ কৰা আৰম্ভ কৰিছিল পণ্ডিত সকলে। মাত্ৰ এযোৰ কাপোৰ লৈ নিজৰ স্থান ত্যাগ কৰিছিল পণ্ডিত সকলে। এই ভয়াবহ দিন কেইটাত যে কেৱল হত্যাই হৈছিল তেনে নহয়। প্ৰতিদিনেই সংটিত হৈছিল ধৰ্ষণৰ ঘটনা।প্ৰতি গৰাকী মহিলাই নিৰ্যাতিত হ'বলগীয়া হৈছিল।

এই ধাৰাবাহিকতা ১৯৯১-২০০৪ চনলৈ চলি আছিল। চৰকাৰী তথ্য অনুসৰি ১৯৮৯-২০০৪ লৈ  ২১৯ পণ্ডিতৰ হত্যা হৈছিল।  বেচৰকাৰী তথ্য অনুসৰি ১৯৮০ চনৰ নৱেম্বৰৰ পৰা ১৯৯০ চনৰ এপ্ৰিললৈ ৭০০ ৰো অধিক পণ্ডিতক হত্যা কৰা হৈছিল।

কাশ্মীৰী পণ্ডি সংঘৰ্ষ সমিতি সকলৰ তথ্য অনুসৰি সেই সময়ত কাশ্মীৰত থকা ৭৫,০০০ৰ  ৭০,০০০ লোকে ১৯৯২ চনলৈ কাশ্মীৰ ত্যাগ কৰিছিল। বৰ্তমান প্ৰায় ৮০০ পণ্ডিতৰ পৰিয়াল আছে কাশ্মীৰত।

উল্লেখ্য যে, নিজৰ ঘৰ বাৰী, চাকৰি এৰি আহি পণ্ডিত সকলে বিভিন্ন স্থানলৈ গতি কৰিছিল। নিজৰ ঠাইতে ভগনীয়া হৈ পৰিছিল তেওঁলোকে।তেওঁলোকক আনকি এযোৰ কাপোৰো আনিবলৈ দিয়া হোৱা নাছিল। আপোনজনৰ সন্মুখতে চাই হৈ গৈছিল সকলো। ১৯৯০,১৯ জানুৱাৰী হয়তো পাহৰিব নোৱাৰিব কোনোৱে, হয়তো পণ্ডিত সকলৰ সেই ঘাঁ নুশুকাব কেতিয়াও আৰু বিশ্ব ৱাসীৰ বাবে হৈ ৰ'ব ইতিহাসৰ এক ক'লা পৃষ্ঠা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in