/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/golp-editing-design-final.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/maha-cartoon.jpg)
♦ অংকিতা কলিতা
গল্প এটিৰ দৰেই লগা হৈছে তাইৰ নিজৰ জীৱনটো, ক'ত কোনটো কাহিনী সমাপ্ত হৈ যায় গমকেই নাপায় তাই। ঊষা-অনিৰুদ্ধৰ প্ৰেম কাহিনীৰ অনুৰাগী আছিল প্লাবিতা যেতিয়াৰ পৰাই শুনিছিল তেতিয়াৰ পৰাই মুগ্ধ তেওঁলোকৰ প্ৰেম কাহিনীৰ প্ৰতি। তেজপুৰলৈ গৈ কিমানবাৰ যে অনুভৱ কৰিছে ঊষাক, অনিৰুদ্ধক। সময়বোৰে ওমলাইছিল তাইক, আপোনবোৰে উশাহ সানিছিল সপোনবোৰত। খোজে খোজে ছায়া হৈ সাহস ঘূৰিছিল। পখিলা হৈ উমলি আছিল জীৱন নামৰ আকাশত।
: অ' বা, কিনো কৰি আছা অ?
: অহ নীল কেতিয়া আহিলি তই?
কেতিয়ানো তাইৰ কলেজৰ দিনতে ভায়েক পাতি লোৱা নীল আহি তাইৰ ওচৰত চিৰিতে বহিল, তাই গমকে পোৱা নাছিল।
: অথনিৰে পৰা মাতি আছো, তুমি শুনাই নাই।
: মা ঘৰতে আছে যা, মাত লগাগৈ।
: ওৱা সেইবোৰ কাহানিবাই শেষ। তুমিহে জানো ক'ৰ মূৰটো ভাবি বহি আছা।
: হ'ব দে বেছি হ'ল আৰু। — কথাখিনি কৈ তাই দূৰৰ টিলাটোৰ ফালে চাই ৰ'ল।
নীলে তাৰ মৰমৰ বায়েকজনীক আঁৰ চকুৰে চাই ৰ'ল। বহুত কিবায়ে ভাবি থাকে আজিকালি তাৰ বাজনীয়ে।
: অ' বা তুমি বিজি আছা নেকি এইকেইদিন?
: নাহ্ মই বিজি থাকিবলৈ মোৰ কাম ক'তনো? ক' কিয় সুধিলি?
: মায়ে মহাভৈৰৱলৈ যাব বিচাৰিছিল, তোমাকো ওলাব কৈছে।- বুকুখন চিৰিংকে গ'ল প্লাবিতাৰ।
: মহাভৈৰৱ ? কেতিয়া যাবনো খুড়ী?
: কাইলৈ যাব, মোক আচলতে তোমাক নিবলৈয়ে পঠাইছে মায়ে।
: নীল অ' তই দেখোন জানই সকলো তাৰ পিছতো?
: বা কিমান দিনলৈ পলাবা সত্যৰ পৰা, মুখামুখি হ'ব লাগিবই না?
: মোক যে আৰু অলপ সময়ৰ দৰকাৰ নীল, মই…..
: বা সময় চাই দুখো নাহে, সময় চাই সুখো নাহে, যেতিয়াই বিচাৰা তেতিয়াই সঠিক সময় আচলতে।
হুমুনিয়াহ এটাহে ওলাল প্লাবিতাৰ মুখেৰে। একো নকৈ অলপ পৰ ৰ'ল আৰু সুধিলে,
: নীল কফি খাবি?
: আনা
প্লাবিতা নামি গ'ল পাকঘৰলৈ। নীলে ভাবি পোৱা নাই, কিদৰে গত লগাব বায়েক জনীৰ। এটা মাথো ঘটনাই সকলো সুখ কাঢ়ি লৈ গ'ল বায়েকজনীৰ পৰা, তাৰ আগতে প্ৰাণ চঞ্চলা আছিল তাৰ বাজনী, সকলোকে হহুৱাইছিল নিজৰ হাঁহিৰে। তাক কিমান বাৰ বিপদৰ পৰা উদ্ধাৰ কৰিছে হিচাপ নাই। তাক উদণ্ড নীল নামৰ জন্তুটোৰ পৰা পৰা আজিৰ সুস্থিৰ মানুহো এই প্লাবিতা বায়ে বনালে তাক। সি মানসিক হতাশাত ভুগা দিনবোৰত নিজে নুশুই তাক শুৱাইছিল তাই, ওৰে ৰাতি মাকৰ লগত উজাগৰে বহিছিল তাৰ লগত তেজ-মঙহৰ কোনো সম্পৰ্ক নথকা বাজনীয়ে। তাৰ নিজৰ বায়েকেও কৰিলেহেঁতেননে ইমানখিনি?
তাৰ ভাবত বিৰতি দিব লগা হ'ল, কাৰণ তাৰ বায়েকৰ দেউতাক আহি তাৰ ওচৰত বহিলহি।
: তাই কি ক'লে নীল, যাবগৈ নে?
: কোৱা নাই দে'তা এতিয়ালৈ একো।
: তই বুজা নীল, তাইক তয়ে বুজাব পাৰিবি, তোৰ কথা মানে তাই।
: হয় দে'তা, মই তাৰ বাবেই লৈ যাবলৈ আহিছো বাক, কামৰ ব্যস্ততাৰ বাবে মই ঘনাই আহিব নোৱাৰো যে।
: অ' লৈ যা চোন, কিজানি হাঁহিব শিকেই আকৌ তাই তাতে।
: নীল তললৈ আহ, দে'তা তুমিও আহা।- বায়েকৰ মাত শুনি দুয়ো নামি গ'ল তলৰ ল'নলৈ।
***
তেজপুৰ তাইৰ অতিকে আপোন, আগতে ঊষা -অনিৰুদ্ধৰ প্ৰতি থকা দূৰ্বাৰ আকৰ্ষণৰ বাবেই হওক বা পিছত ভায়েকৰ বাবেই হওক তাই বহুবাৰ আহিছে এই চহৰলৈ। চঞ্চল হৈ উঠিছিল তাই প্ৰতিবাৰে যেতিয়াই আহিছিল। আজি যেন পৃথক সকলো, যেন এখন সদায় থকা ঠাইলৈ আহিছে তাই, য'ত তাইৰ বাবে নতুন একো নাই।
তাই গাড়ী চলাই গৈ থকা নীললৈ চালে, কিবা এক চিন্তাত আছে সি, তাই জানে সি তাইক সময় দিবলৈ লৈ আহিছে ইয়ালৈ। সি যে তাইক সুখী কৰিবৰ বাবে, কত যত্নই নকৰে। তালৈ বেয়া লাগিল তাইৰ,মিছামিছি তাইৰ বাবে এই ল'ৰাটোৱে নিজৰ কথা পাহৰি লাগি আছে এনেকৈ।
তাইনো আজিলৈ দিলে কি ইয়াক, তাইৰ মাক-দেউতাকৰ সমস্ত দায়িত্ব সি ইমান দূৰত থাকিও হৃদয়েৰে পালন কৰে। তাই হাতখনত পোৱা কষ্টৰ কথা আজিলৈ তাইক এবাৰলৈ অনুভৱ হ'বলৈ দিয়া নাই। তাই কাম কৰিব পৰাকৈ সুস্থ নোহোৱালৈ মাক দেউতাকক সন্তানৰ অভাৱ অনুভৱ হ'বলৈ দিয়া নাই।
: বা মই আমাৰ হেড অফিচ গুৱাহাটীলৈ আনিম ভাবিছো, ইয়াতো চলি থাকিব কাম, আৰু মাকো তালৈ লৈ যাম, ইয়াত অকলে থাকিব বেয়া পায় বোলে মায়ে।
: মানে তঁহত গুৱাহাটীত থাকিবি?
: নহয় বা, আমি মানে তোমালোক সকলো একেলগে থাকিম।
: কি কৈছ তই? আৰু ইয়াৰ ঘৰ?
: দাদাকে গতাম বুলি ঠিক কৰিছো ইয়াৰ সমস্ত দায়িত্ব।
: নীল তই এইবোৰ কিয় কৰিব বিচাৰিছ মই বুজিছো, কিন্তু চা, সেইখন ঘৰত তোৰ সমস্ত ল'ৰালিৰে পৰা এতিয়ালৈ সকলো স্মৃতি জড়িত, মাৰ কথা ভাব। আৰু মই, মই ভাল হ'মতো, সদায় এনেকৈ নাথাকে নহয় তোৰ বা জনী।-যথেষ্ট আকুল হৈ ওলাইছিল তাইৰ মাতটো
: বা তুমিতো ভাল হ'বাই, আৰু মা, মায়েই মোক এই প্ৰস্তাৱটো দিছে, তেওঁৰ জীয়ৰীজনীৰ লগত থাকিব পোৱাৰ সুখত মা আত্মহাৰা হৈ আছে। আৰু বা ইয়াৰ ঘৰখনে,ঠাইখনে তোমাক দুখৰ বাহিৰেনো দিছে কি, অনবৰত সকলো দেখি দেখি সহ্য নহয় বা, থাকিব মন নাযায় ইয়াত।-প্লাবিতাই আৰু একো নক'লে, এনেহেন ভায়েক এজন আছে তাইৰ,আৰু এজনী মাক আছে, যিয়ে সকলো বান্ধোনৰ ঊৰ্ধত তাইক ৰাখে। আবেগৰ নদীখন কোনোমতে সামৰি তাই সন্মুখলৈ চাই গৈ থাকিল।
মহাভৈৰৱত পূজা দি আহি প্লাবিতাই নীলক অগ্নিগড়লৈ যাবলৈ লগ ধৰিলে।
: বা যাবা জানো?
: তোৰ বাজনী আগৰ দৰে হ'ব বিচাৰিছে,তাৰ বাবে নিজৰ মনটো মুকলিতো কৰিবই লাগিব।
দুয়ো মূল তোৰণৰ তলেৰে খটখটিৰে আগবাঢ়িল। নীলে যাবলৈ অলপ দিগদাৰ পাইছিল, বা জনী যে, আকৌ কষ্ট পাব তাই, তাৰো মনটোৱে জানো নাকান্দে, সেইদিন ধৰি সি ক'তো যোৱা নাই।
কিমান ভাললগা সময়বোৰ আছিল, দুয়ো লগ হৈ কিমান ফুৰিছিল। তেজপুৰৰ এখন ঠায়ো এৰা নাছিল। প্লাবিতাটো বেছি ভাগ ইয়াতে থাকিছিল কলেজৰ বন্ধবোৰত। দুয়ো গৈ ব্ৰহ্মপুত্ৰৰ পাৰত ৰ'ল।
কোনেও একো কথা কোৱা নাই, কিন্তু মনটোত সেইদিনবোৰৰ স্মৃতিবোৰে পাকঘূৰণি খাই আছিল। বসন্তৰ আবেলি এটাত দিনটো ঘূৰি ঘূৰি সিহঁত অগ্নিগড়লৈ আহিছিল, আগতেও কেবাবাৰ আহিছে সিহঁত, কাৰণ এটাই প্লাবিতাৰ ঊষা-অনিৰুদ্ধৰ প্ৰতি তীব্ৰ আকৰ্ষণ। তাই যেন সদায়ে থাকি যাব এই প্ৰেমৰ নগৰীত। ব্ৰহ্মপুত্ৰৰ পাৰৰ হালধীয়া ফুলবোৰৰ সৰি থকা পাহবোৰ বুটলি প্লাবিতা এজনী সৰু ছোৱালীৰ দৰে হৈ পৰিছিল। বায়েকৰ ফটো তুলি তুলি ভাগৰি নীলে খঙতে মুখ ফুলাই ওচৰতে বহি আছিল। প্লাবিতাই তাকে দেখি তাৰ চুলি নষ্ট কৰা, আৰু নাকটো চিকুটি দিয়া আদি কৰি চেলফী লৈ আছিল। হঠাতে নীলৰ চকু পৰিছিল কেইবাজনো মানুহে সিহঁতলৈ কেতিয়াবাৰ পৰা চাই থকা,
: বা এই কেইজন মানুহক দিনটো আমি য'লৈ গৈছো তাতে লগ পাইছো চোৱাচোন।
: হয় নেকি, আমাৰ দৰেই ফুৰিব আহিছে, তাতে কি হ'ল?
: নহয় বা ইহঁতে আমাক অনুসৰণ কৰি থকা যেনহে লাগিছে।
: তোৰ বা জনী হয়েই এনেকুৱা, চবে পিছত পৰে অ'।
: বা ব'লা গৈ থাকো, মোৰ বৰ এটা ভাল লগা নাই।
: আহিছো হে মাত্ৰ, কোনোবাই চালে বুলিয়ে যামগৈ নে।
: বা, মা অকলে আছে ব'লা।
: নীল, কিয় এনে কৰিছ, ব'ল বাৰু।
দুয়ো অগ্নিগড়ৰ পৰা ওলাই আহিল।
সিদিনাৰ দৰেই হালধীয়া ফুলৰ পাহবোৰ উৰি আহি প্লাবিতাৰ কোচত পৰিল। চিৰিংকৈ গ'ল, হঠাতে নীলা ৰং এসোপা যেন কোনোবাই গালে মুখে সানি গ'ল তাইৰ।
এই ফুলৰ পাহবোৰ নীললৈ ছটিয়াই গৈ আছিল সিদিনা, তাৰ ভয় দেখি প্লাবিতাই ৰং পাইছিল। অগ্নিগড়ৰ পৰা আহি ঘৰলৈ ওভতা ৰাস্তাত উঠিছিল দুয়ো, বাইক ষ্টাৰ্ট কৰি যাবলৈ সাজু হৈছিলহে, হঠাতে কোনোবাই হৈ চৈ কৰি উঠিল। ধৰ ইহঁতক, মাৰ……
কি হৈছে কিবা তৰ্কিব পৰাৰ আগতেই প্লাবিতাক কোনোবাই টানি লৈ গ'ল, নীলকো বাইক ওফৰাই পেলাই দিলে মাটিত। নীলৰ চিঞৰটো এতিয়াও কাণত বাজি উঠিছে প্লাবিতাৰ। হাতেৰে মাটিতে খামুচি ধৰিলে তাই। ওচৰতে বহি থকা নীল ক্ষোভত কঁপি উঠিল আৰু এবাৰ।
একো ভুল নকৰাকৈয়ে তাৰ বা জনীয়ে হাত এখন চিৰদিনৰ বাবে হেৰুৱাব লগা হ'ল। কিয় মাথো তাক বচাবলৈ গৈ। হিংস্ৰ হৈ পৰা মানুহখিনিৰ পৰা কেনেকৈ যে বাচিছিল সিদিনা দুয়ো নাজানে। ভাই-ভনীৰ দৰে পৱিত্ৰ সম্পৰ্ক এটাক কি কি যে নাম দি উগ্ৰ হৈ পৰিছিল মানুহবোৰ। পুলিচ আহি পৰিস্থিতি চম্ভালালৈ প্লাবিতাৰ হাতত সেই লোৰ প্ৰচণ্ড কোবটো পৰিছিলেই, যিটো তাৰ মূৰলৈ উদ্দেশ্যি মৰা হৈছিল। সকলো মূহূৰ্ততে আন্ধাৰ হৈ গৈছিল।
প্লাবিতাই উচুপি উঠিল, তাইৰ যে সপোন আছিল, জ্ঞান বিলাব সমাজত, সমাজখনৰ বাবে বহুত কাম কৰিবলৈ আছিল তাইৰ। হাতখন হেৰুৱাই তাই দেখোন জীয়াই আছে,মাকে কোৱাৰ দৰেই তাৰ কাৰণ নাই জানো। ব্ৰহ্মপুত্ৰৰ পৰা অহা চেঁচা বতাহ জাকে চুই গ'ল সিহঁতক।
: বা, এই যে নদীখন, ইয়াৰ কথা ভাবাচোন, ইয়াৰ লগত কিমানবোৰ জীৱন জড়িত হৈ আছে। ইয়াতো এদিন ভয়ানক ঢল আহে, চূৰ্ণ- বিচূৰ্ণ কৰি যায় ইয়াৰ শান্ত স্বভাৱক, তথাপি জানো ৰৈ যায়? আৰু ঊষা-অনিৰুদ্ধ? বা, অসম্ভৱ যেন লগা মিলন সম্ভৱ কৰা নাছিল জানো তেওঁলোকে। নিজৰ নাম গোটেই পৃথিৱীয়ে জনা কৰি থৈ গ'ল। শেষ বুলি জানো আছে কিবা, আৰম্ভণিওতো শেষৰ পিছতেই হয়, আৰু তুমি যে কোৱা "পিকচাৰ অভী বাকী হ্যায় মেৰে দোষ্ট"। আৰু NGOত তোমাৰ বাবে ৰখা ঠাইকণৰ কি কৰিমনো মই, তুমিয়েইতো ৰাখি থ'ব কৈছিলা।
প্লাৱিতাই নীলৰ মুখলৈ চালে, কম সময়তে সি ইমান অভিজ্ঞ কিদৰে হ'ল, এৰা তাইৰ জীয়াই থাকিবলৈ ঢেৰ কাৰণ আছে, তাইৰ মৰমৰ এই ভায়েকটোও এটা কাৰণ তাৰেই। তাই আকৌ পঢ়িব, তাইৰ আধৰুৱা সপোন পূৰ কৰিব। তাই নীলৰ NGOৰ কামত মন দিবই, শিক্ষাৰ সজাগতাৰ দ্বাৰাই মানুহবোৰৰ মনবোৰ চাফা কৰিব লাগিব….।
: মই আকৌ পঢ়িম নীল।-তাই কৈ উঠিল। শিৱ আৰাধনাৰ মন্ত্ৰ ভাঁহি আহিল দূৰৈৰ পৰা।