/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/golp-editing-design-final.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/e90ca8f5-c0e9-4fc1-9699-aef5f04aa30a.jpg)
♦ ববিতা বড়া গগৈ
বাৰান্দাত থকা আৰামী চকীখনত গাটো এৰি দিলে মহানন্দই। কিন্তু চকীৰ বাওত হাতখন লগাৰ লগে লগেই ফাগুনৰ দৃঢ় উপস্থিতিৰ অনুমান কৰিলে সি। এজাক ফাগুনী মলয়াই চুমি গ'ল তাক। মুহূৰ্ততে ৰিঙা ৰিঙা হৈ পৰিল মনটো। ধূলিময় হৈ পৰিছে গোটেইখন। কিবা এক শুকান শুকান ভাব। চোতালৰ এমূৰে থকা পলাশজোপাই ৰঙীন সাজেৰে নিজকে তুলি ধৰিবলৈ বাৰে বাৰে চেষ্টা কৰিছে। চেষ্টা কৰিছে তাৰ ৰঙাবোৰক পচোৱাৰ পৰা বচাবলৈ। কি ঠিক কোন মুহূৰ্তত নিলাজ পচোৱাই চুই যায় তাৰ ৰাঙলী হৃদয়খনক। চোতালৰ অন্যটো ফালে বীৰদৰ্পে থিয় দি আছে শিমলুজোপাও। ফাগুনী মলয়াৰ সৈতে ফেৰ মাৰিবলৈ সিহঁতৰ কি অপ্ৰাণ চেষ্টা।
অনুপমা… মাতষাৰ দিবলৈ লৈ মহানন্দ ৰৈ দিলে। হঠাতে কিবা এটা মনত পৰি গ'ল। এই অনুপমাজনীও যে এনেদৰে ফাগুনী মলয়া হৈ পৰিব পাৰে সি তো ভবাই নাছিল।।
পুৱাৰ পৰাই মহানন্দৰ গা সাতখন আঠখন। নহ'বই বা কিয়। আজি যে তাৰ একমাত্ৰ ককায়েকৰ জোৰণ। বিয়া বুলিয়েই ঘৰখন আলহী অতিথি, মিটিৰ কুটুম্বৰে ভৰি পৰিছে। ইটো-সিটোকৈ ঘৰৰ কামবোৰত চকু ৰাখোঁতে সি নিজলৈ চাবলৈকে সময় পোৱা নাই। মাজতে আকৌ তাৰ সম্বন্ধীয় বায়েকজনীয়ে কৈ যায়…
আৰু ২ বছৰৰ পিছত তোৰ বিয়াখনতো এনেকুৱাই হ'ব নহয়। ইচ কি যে কয় তাৰ মইনা বায়েকজনীয়ে। লাজতে যে তাৰ কি অৱস্থা। নাকৰ পাহিটোত সি দুটোপাল মান ঘাম অনুভৱ কৰে, হয়তো গাল দুখনো ৰঙা পৰে। লগে লগে তাৰ অনিতালৈও মনত পৰে। অনিতাৰ মুখখন তাৰ দুচকুত ভাঁহি উঠে। বৰ ধুনীয়া লাগিব তাইক কইনাৰ সাজত। আৰু দুবছৰৰ পিছত তাইৰ বাবে এনেদৰে জোৰণ পঠিয়াব সি। লাজৰ হেঙুলী আভাই যেন হেচা মাৰিহে ধৰিব তাক। বায়েকৰ আগত ধৰা পৰি যোৱাৰ ভয়ত সি কৈ উঠে, 'মইনা বা জোৰণৰ মানুহবিলাক ঘূৰি আহিবৰ হৈছে। বলক। আমাৰ কাম বহুত আছে আৰু।
দৰা হেৰালে, দৰা হেৰালে। নহয় দৰাক অপহৰণ কৰিলে। হঠাতে ঘৰখনত হুলস্থূল লাগি গ'ল। মহানন্দৰ ককায়েক ঘৰত নাই। এটা সৰু ল'ৰাই মহানন্দৰ হাতত তুলি দিলেহি এখন কাগজ। কাগজ মানে এটা অপ্ৰত্যাশিত খবৰ। দৰাক অপহৰণ কৰা হৈছে, মাথো সেইয়াই নহয়, পুৰণি প্ৰেমিকাৰ সৈতে ইতিমধ্যে ককায়েকৰ বিয়া সম্পন্ন হৈ গৈছে। কি এক ভয়ানক বিপদত পৰিল মহানন্দৰ ঘৰখন। মুহূৰ্ততে ধূলিসাৎ হৈ পৰিল ঘৰখনৰ সকলো আনন্দ।
কি হ'ব, কি কৰা যাব। এজনী ছোৱালীৰ শিৰত ইতিমধ্যে সেন্দুৰ পিন্ধোৱা হৈ গ'ল। তেন্তে এতিয়া উপায় কি? উত্তৰবিহীন প্ৰশ্নত উলমি ৰ'ল ঘৰখন। এটা অন্তহীন ভয়ে ডুবাই নিলে সকলোকে। ভিতৰত মাকৰ হিয়া ভঙা কান্দোন। এই দিনটো দেখিবলৈ তাৰ দেউতাক জীয়াই থকা নাই। ন'হলে সেই মানুহজনে তেওঁৰ আত্মসন্মানত লগা আঘাত কেনেকৈ সহিলেহেতেন। ককায়েকৰ ওপৰত ভাবিব নোৱাৰা খং এটা উঠি আহিল তাৰ।
ৰাতিটোত কাৰো মুখলৈ কোনেও চাব পৰা নাছিল। আচৰিত সময়। বিয়াৰ আনন্দৰ সলনি ঘৰখনত মৰিশালিৰ নীৰৱতা বিৰাজমান হৈ পৰিল। এটা প্ৰশ্নবোধক? কি হ'ব এতিয়া?কেনেদৰে কবগৈ ছোৱালীৰ ঘৰত এই কথা? নতুন জীৱনৰ পাতনি মেলিবলৈ লোৱা ছোৱালীজনীয়ে কেনেকৈ সহিব এই প্ৰৱঞ্চনা।
নিষ্ঠুৰ সময়। বন্ধুৰ কলা ছাতিৰ আঁৰত মহানন্দ। হাতৰ ৰুমালেৰে মুখ ঢাকি থিয় হৈ আছে। পিন্ধনত বগা ধূতি, পাটৰ পঞ্জাৱী, মূৰত তুলসীৰ মালা। তামুলীপিৰাত থিয় হৈ অনুভৱ কৰিছে চেঁচা পানীৰ পৰশ। জাউৰিয়ে জাউৰিয়ে বিয়ানাম উৰুলিয়ে তাৰ বুকুত হাতুৰীৰ কোব মাৰিছে। কোনোৱে ছটিওৱা এজোলোকা চাউলে তাক কোবাই গৈছে। তাৰ ভ্ৰূক্ষেপ নাই। কোনো এগৰাকীয়ে তাৰ দুগালত চুমা খাইছে। নাই সি একো ভাবিব পৰা নাই। টুকুৰা টুকুৰ শব্দবিলাকে তাক তছনছ কৰিছে। কোনোৱে কৈছে, 'ভালে হ'ল দে। ককায়েকতকৈ এইটো দৰা বেছি ভাল। দৰা বৰ ধুনীয়া।'
কোনোবাই কৈছে, 'আমাৰ অনুই ভাগ্যৰ বলতহে ইমান সুন্দৰ ল'ৰা পালে।'
মহানন্দই বুজিলে প্ৰকৃততে মানুহবিলাকে কি ক'ব বিচাৰিছে। কি ধুনীয়া দেখিলে তাক, য'ত নেকি তাৰ মুখখনৰ আধা অংশ ৰুমালেৰে লুকুৱাই ৰাখিছে। অনু…. অনুপমা তাইৰ নাম। কি যে হৈ গ'ল হঠাতে। এদিন আগলৈকে বৌ বুলি কল্পনা কৰি থকা ছোৱালীজনীক আজি সি নিজৰ পত্নী কৰি নিবলৈ আহিছে। কি কৰিছে সি এইয়া। কিয় মানি ললে সি এই কথা? আপোন কৰিবতো নোৱাৰে সি অনুপমাক কেতিয়াও।
তাৰ হৃদয়খন কোন কাহানিবাই অনিতাক দিছিল সি। অনিতা তাৰ প্ৰেয়সী, যি এতিয়ালৈকে জানিবই পৰা নাই যে তাইৰ আপোন মানুহজনে কি প্ৰতাৰণা কৰিলে তাইক। কিয় তাৰ কথা কোনেও বুজিব নিবিচাৰিলে। বিয়াত মত দি কি যে এক সাংঘাটিক ভুল কৰিলে সি। এটা ত্যাগ কৰি কি আদৰ্শ ৰাখিব বিচাৰিছে সি নিজেই বুজিব পৰা নাই। এতিয়া ভাবিছে যে সি প্ৰকৃততে তিনিটা জীৱনলৈ অন্ধকাৰ কঢ়িয়াই আনিবলৈ ওলাইছে। কি কৰিব সি? পলাই গুছি যাব নেকি বাৰু সি? অনিতাৰ চেহেৰাটোৱে তাক আমনি কৰিছে। আৰু সি…. হোমৰ জুইৰ কাষত বহি সি যেন জলাঞ্জলি দি অনিতাৰ আৰু তাৰ প্ৰেমৰ স্মৃতি বিলাক। সাক্ষী মাথো সময়।
অনুপমাৰ ল'ৰা এটা জন্ম হ'ল। বৰ ধুনীয়া ল'ৰা। গোটেইটো একেবাৰে থুলথুলিয়া। সি কেচুৱাটো কোলাত লৈ ভাবিছে। ভুলটো ক'ত হ'ল। অনুপমা তাৰ অবাঞ্চিত পত্নী। সি কেতিয়াও অনুপমাক ভাল পোৱা নাই। তাৰ জীৱনটোক অনিতাই আৱৰি ৰাখিছে। পতি হিচাপে সি অনুপমাৰ প্ৰতিটো দায়িত্ব পালন কৰি আহিছে। কিন্তু মনেৰে সি অনুপমাক কেতিয়াও নিজৰ কৰি লব পৰা নাই। অথচ অনুপমাই সমগ্ৰ জীৱন উৎসৰ্গা কৰিছে তাৰ নামত।
বিয়াৰ পিছৰ পৰা সি অনুপমাৰ কাষৰ পৰা আঁতৰি থাকিব বিচাৰিছে। কিন্তু ক'ৰবাত কিবা এটা খেলিমেলি হৈ গৈছে। কেতিয়াবা সি ছিঙি পেলালে ধৈৰ্য্যৰ শিকলি। অনুপমাৰ প্ৰেমৰ শক্তিত সি কেতিয়া তাইৰ কাষ চাপিল, কেতিয়া এই ভুল কৰিলে, সি বুজিবই পৰা নাই। এইয়া যেন সি অনিতাৰ প্ৰতি দ্বিতীয়বাৰ অন্যায় কৰিলে। প্ৰৱঞ্চক সি। একেলগে সি প্ৰৱঞ্চনা কৰিছে বহু কেইখন হৃদয়ক। তাৰ অধিকাৰ নাই এইবিলাক কৰিবলৈ। অথচ বাৰে বাৰে সি তাকে কৰিছে।
অনিতাৰ বিয়া। শিৰত বেলেগৰ নামৰ সেন্দুৰৰ ৰেখাডাল টানি তাই গলগৈ। যাবতো। গোটেই জীৱন তাইতো এনেদৰে থাকিব নোৱাৰে। বৰ হেঁপাহ আছিল অনিতাজনীক কইনাৰ সাজত এবাৰ চাবলৈ। পিছে সাহস গোটাব নোৱাৰিলে। বুকুৰ কোনোবা অংশ মোচৰ খাই উঠিছে। তাৰ আপোন মানুহজনী বেলেগৰ হৈ গ'ল তাৰ চকুৰ আগতে। তাৰ ওপৰত থকা অভিমানৰ বাবে। সি মূক হৈ ৰ'ল মাথোঁ এবুকু স্মৃতি বুকুত সাবটি।
পাখি লগা কাঁড়ৰ দৰে উৰিছে সময়। সময়ৰ বালিত খোজ ৰাখিব পৰাকৈ কিবা এটা কৰিব পাৰিছো বুলি মহানন্দই ভবা নাই। অবাঞ্চিত পত্নীৰ মৰ্য্যদা দিয়া অনুপমাই এহাল ল'ৰা-ছোৱালীৰে তাৰ ঘৰখন ভৰাই তুলিলে। কোন মূহূৰ্তত সি অনুপমাৰ কাষ চাপি গ'ল বুজিব নোৱাৰিলে। অথচ যেতিয়া কিবা মনত পেলাবলৈ বিচাৰে, একো ভাবিব নোৱাৰা হৈ পৰে। নিশাৰ বিচনাত আপোন হৈ পৰে নেকি অনুপমা বাৰু? ইচ, কি ভাবিছে সি। কিয় হৈ পৰে সময়বোৰ কেতিয়াবা ইমান মায়াময়। মায়াময় সময়বোৰত অনুপমাৰ মায়াসনা মুখখনে তাক কেনেকৈ টানি নিয়ে সি বুজিব নোৱাৰে। তাৰ ল'ৰা এইবাৰ নৱম শ্ৰেণীৰ আৰু ছোৱালী সপ্তম শ্ৰেণীত। অথচ এতিয়াও সি ভাবে যে অনুপমা তাৰ অবাঞ্চিত পত্নী।
কেতিয়াবা সময়ে মানুহক সলনি কৰি দিয়ে। এদিন দুদিনকৈ বছৰবোৰ বাগৰি যায়। মহানন্দই অনুভৱ কৰে, সি প্ৰেমত পৰিছে। হয়, অনুপমাৰ প্ৰেমত পৰে সি। কিন্তু…… নাই খুলি ক'ব নোৱাৰে। সি বাৰে বাৰে থমকি ৰয়। ক'ব বিচাৰে বহু কথা, ক'ব নোৱাৰে। কেনেকৈ ক'ব…. অনু তুমি মোৰ অবাঞ্চিত পত্নী নহয়। জনম জনম তুমি মাথো মোৰ হৈ ৰ'বা। ক'ব নোৱাৰে। এইবিলাক ডাইলগ চিনেমা, গল্পৰ বাবেহে। সি ভাবে, তাৰ জীৱনটো এখন চিনেমাৰ দৰে। হ'লেও এনে কথা বাস্তৱ জীৱনত কোৱাতো অন্তত তাৰ বাবে সম্ভৱ নহয়।
এঘন্টা ধৰি সি অনুপমাৰ কাষতে বহি আছে। হস্পিতালৰ বিচনাত যন্ত্ৰণাৰ সময় কাটিছে অনুপমাই। এবছৰৰ আগতে ধৰা পৰা স্তনৰ কৰ্কট ৰোগে কোঙা কৰি পেলাইছে তাইক। তাই কিবা কব বিচাৰিছে, কব পৰা নাই। দুচকুৰে মাথো লোটক বাগৰিছে। মহানন্দই বুজাবলৈ বিচাৰিছে বহুত কথা, কিন্তু ব্যৰ্থ হৈছে। অনুপমাই সেহাই সেহাই কৈ উঠিছে, 'মই আপোনাক সুখী কৰিব পাৰিছিলো নে?'
নিমাত হৈ পৰে সি। কি উত্তৰ দিব? দুচকু পানীৰে ভৰে। কি যে অন্যায় কৰিলে এই নিষ্পাপ মানুহজনীৰ সৈতে। ক'বলৈ বিচাৰে যে সি তাইক ভাল পায়, তাইক লৈ সি সুখী। কিন্তু ক'ব নোৱাৰে। চেপা আৰ্তনাদ এটাই হেঁচি ধৰে। তাৰ সমস্ত মৰম ভালপোৱাৰে আকোৱালি ল'বলৈ বিচাৰে। অথচ নোৱাৰে। খামুচি ধৰে অনুপমাৰ দুই হাত, জোৰেৰে, আৰু জোৰেৰে। আৰু হঠাতে শিথিল হৈ পৰে অনুপমাৰ হাত। জাপ খাই পৰে তাইৰ চকুৰ পতা। মহানন্দৰ উত্তৰ নৌপাওঁতেই অনুপমা ঢলি পৰে চিৰ নিদ্ৰাৰ কোলাত। নৰলে তাই মহানন্দৰ উত্তৰলৈ। হয়তো অভিমান। সেই অভিমানৰ কুঁৱলীৰে ঢাকি অনুপমা আতৰি গ'ল তাৰ কাষৰ পৰা চিৰ দিনৰ বাবে, সি অকলশৰীয়া হৈ পৰে।
এৰা আকৌ আহিল ফাগুন। অনুপমা নোহোৱা আজি দুবছৰ হ'ল। ধূলিয়ৰী বতাহজাকে মাথো তাক কোবাইছে। কৈছে ফাগুনৰ উপস্থিতিৰ কথা আৰু সোঁৱৰাই দিছে অনুপমাৰ অবৰ্তমানৰ কথা। সি বিচাৰি ফুৰে অনুপমাক বাহিৰে-ভিতৰে। পিছে অনুপমা এতিয়া তাৰ পৰা বহুত দূৰত। সি আখ্যা দিয়া তাৰ অবাঞ্চিত পত্নীয়ে তাকেই অবাঞ্চিত কৰি এৰি গ'ল। উস! কি যন্ত্ৰণাদায়ক সময়।