সাৰ্থকতা

সাৰ্থকতা

author-image
asomiyapratidin
New Update
মহাভাৰত


Advertisment

♦ পৰিস্মিতা বৰদলৈ

"মাষ্টৰী চাকৰিটোৰে কিডাল কৰিব পাৰিলে জীৱনটোত? ঘৰটোকে ভালকৈ বান্ধিব পাৰিলে নে কিবা এপদ ভাল বস্তুকে আনি ঘৰ সুমুৱাব পাৰিলে? কেৱল জোৰাটাপলি মৰা সংসাৰখনৰ আউল মাৰোঁতেই মাৰোঁতেই চুলিয়ে বগা বৰণ ল'লেহি আৰু৷ বোলো একো নকয়নো কিয়?"-চৰক চৰক কৈ বাঁহনি ডালেৰে চোতালখনত পৰি থকা বাঁহ পাতবোৰ সাৰি সাৰি জয়ন্তীয়ে মুখেৰে নিত্যনৈমিত্তিক ৰেকৰ্ডখন বজাই থাকিলে৷ ইফালে বাৰাণ্ডাৰ বেতৰ চকীখনত বহি খবৰ কাগজখনলৈ অপেক্ষা কৰি থকা উপেন হাজৰিকাই সদায় শুনাৰ দৰেই নিৰ্বিকাৰ চিত্তে কথাখিনি শুনি থাকিল৷

এপাকত চ'ৰাঘৰৰ পৰ্দাৰ ফাঁকেৰে বেৰত ওলমাই থোৱা ঘড়ীটোলৈ তেওঁৰ চকু যোৱাত "খবৰ কাগজ দিবলৈ আৰু আধাঘণ্টামানেই আছেচোন" এইবুলি মনতে ভাবি চোতাললৈ ওলাই আহিল৷ বাৰীৰ ঢাপৰ জেওৰাখন দিবলৈ বুলি কালিয়েই বাঁৰীৰে বাঁহ কাটি ফালি থৈছে৷ খবৰ কাগজখন আহি নোপোৱালৈকে সেইটো কামকে অলপ আগবঢ়াই থ'বলৈ বুলি জেওৰাখুটিৰ জোখত টুকুৰা কৰি থোৱা বাঁহৰ টুকুৰা এটা বাওঁহাতেৰে থিয়কৈ ৰাখি সোঁহাতেৰে দাখন লৈ মাজতে ফালিবলৈ ধৰিলে৷ এফালে তেওঁৰ কাম আৰু আনফালে পৰিবাৰ জয়ন্তীৰ কামৰ মাজে মাজে মুখখন সমানেই চলি থাকিল৷

উপেন হাজৰিকা একালৰ গাঁওখনৰ ভিতৰতে শিক্ষিত ব্যক্তি৷ শিক্ষকতাকে জীৱনৰ ব্ৰত হিচাপে লোৱা মানুহজনে নিজৰ মাজত থকাখিনি আনৰ মাজত বিলাই দিবলৈ ভাল পায়৷ কিবা কথাত কিবা ভুল দেখা পালে তেওঁ চাই থাকিব নোৱাৰে৷ লগে লগেই তাৰ প্ৰতিবাদ কৰি শুধৰোৱাৰ চেষ্টা কৰে৷ এখন হেলেক পেলেক বাইচাইকেলেৰে বহুদূৰ বাট গৈ এখন নৈ পৰ্যন্ত পাৰ হৈ তেওঁ গাঁৱৰ একেবাৰে আনটো মূৰৰ প্ৰাইমেৰী স্কুলখনত শিক্ষকতা কৰিছিল৷ যি সময়ত তেওঁ শিক্ষকতা কৰিছিল, চৰকাৰীকৰণ হোৱা নাছিল বাবে দৰমহা পাতিও নিয়মীয়াকৈ নাপাইছিল৷ তথাপি পৰম নিষ্ঠাসহিতে নিজকে সেই বৃত্তিৰ লগত নিয়োগ কৰিছিল৷

অভাৱ অনাটনে জুৰুলা কৰা এটা পৰিয়াল৷ অসুখীয়া বৃদ্ধ মাক-দেউতাক, নতুনকৈ বিয়া কৰাই অনা পত্নী সহিতে একমাত্ৰ ভনীয়েকজনীক বিয়া দি আজৰি হোৱা হাজৰিকাক এশ এবুৰি লেঠায়ো কৰ্তব্যৰ পৰা বিচলিত কৰিব পৰা নাছিল৷ দিনবোৰ গৈছিল৷ বছৰচেৰেক যোৱাৰ পাছত অগাপিছাকৈ মাক-দেউতাকক হেৰুৱাইছিল৷ তেওঁলোকৰ সংসাৰলৈ ৰাধা আহিছিল৷ তাইৰ থুনুক থানাক মাত, থুপুক থাপাক খোজত স্বৰ্গীয় প্ৰশান্তি লভিছিল৷ লাহে লাহে তেওঁ কৰা বিদ্যালয়খন চৰকাৰীকৰণ হৈছিল আৰু দৰমহাও নিয়মীয়াকৈ পোৱা হৈছিল৷ তথাপি তেওঁৰ দানবীৰ স্বভাৱৰ বাবেই বাৰেপতি ঠগ খাইছিল৷ অকণমান চকুপানী টুকি তেওঁৰ ওচৰত হাত পাতিলেই আগ পাছ নুগুনি তেওঁ সহায়ৰ হাত আগবঢ়াইছিল৷ যিটো কাৰণৰ বাবে পেটে-ভাতে খাই থাকিলেও বেলেগকৈ একো স্বাচ্ছন্দ্য আনিব পৰা নাছিল সৰু পৰিয়ালটিলৈ৷ তাকে লৈ পত্নী জয়ন্তীয়ে তেওঁক কাণ পকি যোৱাকৈ কথা শুনাইছিল৷ কিন্তু তেওঁ মুখেৰে একো নামাতিছিল৷ কিন্তু এবাৰ এটা ঘটনা ঘটিছিল গাঁওখনত৷

উপেন হাজৰিকাৰ অৱসৰ ল'বলৈ আৰু এটামান বছৰ আছিল৷ তেতিয়ালৈ তেওঁ স্কুললৈ যাবলৈ পাৰ হ'বলগীয়া নৈখনৰ ওপৰেৰে এখন দলং নিৰ্মিত হৈছিলগৈ৷ গতিকে আগৰ দৰে নৈখনৰ এইটো পাৰৰ গছজোপাৰ ওচৰতে চাইকেল ৰাখি সাতুৰি বা নাৱেৰে পাৰ হোৱা পৰ্বটোৰ সিমানতে ইতি পৰিছিল৷ এদিন দলঙৰ ওপৰেৰে চাইকেল চলাই আহি থাকোতে তেওঁ মন কৰে নৈৰ পাৰৰ গছজোপাৰ ওচৰতে গাঁৱৰ ল'ৰা কিছুমানে গোট খাই নিচাজাতীয় দ্ৰব্য সেৱন কৰে৷ অকল সেয়াই নহয় কোনো কোনো জীয়ৰী-বোৱাৰী পাৰ হৈ যোৱা দেখিলেও টিটকাৰি মাৰে৷

গাঁৱৰ ল'ৰাৰ এনে অধঃপতিত স্বৰূপে তেওঁৰ মনত চৰম আঘাত হানিছিল। তাৰে মাজৰ কেইটামান ল'ৰা একালত তেওঁৰে ছাত্ৰ আছিল বাবে সেই কথাটোৱে তেওঁৰ জীৱনৰ অসাৰ্থকতাকে প্ৰতিপন্ন কৰে বুলি ভাবি মৰ্মাহত হৈছিল৷ পাছে তেওঁ মনে মনে থকা বিধৰ লোক নাছিল৷ কথাটো গাঁৱৰ বৰমূৰীয়া সকলৰ কৰ্ণগোচৰ কৰোৱাইছিল আৰু এই গতিত থাকিলে যে পাছলৈ গাঁওখনৰো বদনাম হ'ব সেই কথাও অৱগত কৰোৱাইছিল৷ বহুতে তেখেতৰ কথাত শলাগ লৈ ল'ৰাহঁতক ৰাজহুৱাকৈ গাঁওবুঢ়াৰ হতুৱাই সাৱধানবাণী শুনোৱাৰ বিপৰীতে আন এচামে "কূৰ্চুতীয়া বুঢ়া" বুলি মিছা অপযশ দিছিল৷ কিন্তু তেওঁ থমকি ৰোৱাৰ বিধৰ নাছিল৷ তেওঁ বিশ্বাস কৰিছিল ভুলক ভাল বুলি কোৱাৰ ধৰ্ম কেৱল তোষামোদকাৰীৰ হে থাকে৷ প্ৰকৃত শুভাকাংক্ষীয়ে ভুলক শুধৰাই দি ভৱিষ্যতৰ পথ সুগম কৰি তোলে৷

দিন বাগৰিছিল ৷ কিছুদিনৰ পাছতেই তেখেতে অৱসৰ লৈছিল আৰু ৰাধাকো এঘৰলৈ উলিয়াই দিছিল৷ কিন্তু পৰিবাৰ জয়ন্তীৰ আগৰ সেই অসন্তোষীয়া স্বভাৱে পুনৰ গা কৰি উঠিছিল বিশেষকৈ ওচৰৰে কেইবাঘৰৰ পকী ঘৰ দুৱাৰ, গাড়ী আদি দেখি নিজৰ বাটাম দিয়া ঘৰখন আৰু সেই আওপুৰণি চাইকেলখন দেখি তেওঁৰ খঙে মূৰৰ চুলিৰ আগ পাইছিলগৈ আৰু সেয়েহে যেতিয়াই তেতিয়াই মানুহজনকে বলকি থাকিবলৈ লৈছিল৷

* * * *

"টিলিং" কৈ চাইকেলৰ বেলটো বাজি উঠাত জেওৰাৰ খুটি সাজু কৰি থকাৰ পৰাই হকাৰজন আহিল নেকি বুলি উপেন হাজৰিকাই মূৰ তুলি চালে৷ পাছে হকাৰ নহয় চোন এইটো চোন সেইটো ল'ৰা যাক এটা সময়ত সেই গছৰ গুৰিৰ ল'ৰাবোৰৰ মাজত দেখা পাইছিল৷ যাৰ বিষয়ে গাঁৱৰ বৰমূৰীয়াসকলৰ লগত আলোচনা কৰি বিপথে যোৱাৰ পৰা ৰক্ষা কৰিছিল৷

"আজি বা কি সকামত আহিল" এইবুলি মনতে গুণা গথা কৰি থাকোতেই ল'ৰাটোৱে "চাৰ মোক চিনি পাইছেনে" বুলি হাঁহি হাঁহি সোমাই আহিল জপনাখন খুলি৷ হাতত তাৰ এটা মিঠাইৰ টোপোলা৷ সি চলচলীয়া দুচকুৰে উপেন মাষ্টৰৰ দুভৰিত সাৱটি ধৰি ক'বলৈ ধৰিলে "ছাৰ সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাত এইবাৰ মই শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছো আৰু তাৰ বাবে মই আপোনাক ধন্যবাদ কিদৰে জনাম ভাবিব পৰা নাই৷ যৌৱনৰ প্ৰাৰম্ভিক কালছোৱাতে যদি আপুনি আমাক বিপথে যোৱাৰ পৰা নবচালেহেঁতেন আজি হয়তো আমি অবাটে গ'লোহেঁতেন৷ কিন্তু সেই সময়ত আপুনি পথ প্ৰদৰ্শক হৈ নিজেই আনৰ সমালোচনাৰ পাত্ৰ হৈয়ো আমাক উদ্ধাৰ কৰিলে৷ সেয়েহে আপোনাকেই প্ৰথম সুখবৰটো দিবলৈ আহিছো৷ আপুনি শুনি সুখী হ'ব যে আমাৰ লগৰ বাকীকেইজনো বেলেগ বেলেগ ক্ষেত্ৰত নিজকে প্ৰতিষ্ঠা কৰিছে৷ গাঁৱলৈ আহিলেই সিহঁত আহিব আপোনাৰ ওচৰলৈ৷"

উপেন মাষ্টৰৰ আনন্দত চকুলো নিগৰি আহে আৰু মিঠাইৰ টোপোলাটো লৈ তাক সাবটি ধৰে৷ পৰ্দাৰ আঁৰৰ পৰা দৃশ্যটো লক্ষ্য কৰি থকা জয়ন্তীয়েও আচলেৰে চকু মোহাৰে৷ পুৱাৰেপৰা খেচখেচাই থকা মানুহজনক যাক কেৱল প্ৰতিপত্তিৰ তুলাচনীৰে জুখিছিল, আজি তেওঁক এজন সাৰ্থক ব্যক্তি যেন লাগে৷ দেৱতাসদৃশ মানুহজনৰ মনৰ উচ্চতাৰ ওচৰত সকলো টকা, পইছা, সম্পদ তথা সমাজৰ উচ্চ পদবীকো আজি জয়ন্তীৰ তুচ্ছ যেন লাগে৷ তেওঁ ওলাই আহি "মই চাহ কৰিছো, ল'ৰাজনক থিয় কৰাই ৰাখিছে কিয়? চ'ৰাঘৰতে বহিবলৈ কওক আকৌ" বুলি কৈ উপেন মাষ্টৰে আগবঢ়াই দিয়া মিঠাইৰ টোপোলাটো লৈ ভিতৰলৈ সোমাই যায়৷ ৰৌদ্ৰোজ্বল পুৱাটো যেন আৰু জলমলাই উঠে অৰুণৰ আলোকত৷

⇒ চুটি গল্প প্ৰতিযোগিতাৰ নিয়মাৱলীসমূহ হ'লঃ

১. চুটি গল্পসমূহ সৰ্বাধিক ৬০০ শব্দৰ ভিতৰত হ'ব লাগিব।

২. চুটি গল্পসমূহ নিৰ্বাচনৰ ক্ষেত্ৰত 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ সিদ্ধান্তই হ'ব চূড়ান্ত সিদ্ধান্ত।

৩. এবাৰ কোনো লিখকৰ চুটি গল্প নিৰ্বাচিত হ'লে, দ্বিতীয়বাৰ তেওঁৰ গল্প পুনৰ নিৰ্বাচন কৰা নহয়।

৪. ইউনিক'ডত চুটি গল্পসমূহ লিখি হোৱাটছএপত প্ৰেৰণ কৰিব লাগিব।

৫. চুটি গল্পসমূহৰ সৈতে লিখকৰ চমু পৰিচয়, ঠিকনা, ফটো, যোগাযোগ নম্বৰ থাকিব লাগিব।

৬. পুৰস্কাৰপ্ৰাপ্ত চুটি গল্পসমূহ অন্য কোনো কাকত-আলোচনীত প্ৰকাশ কৰিব নোৱাৰিব।

৭. পূৰ্বতে কতো প্ৰকাশ নোহোৱা চুটি গল্পহে প্ৰতিযোগিতাৰ বাবে বিবেচিত হ'ব। এই নিয়ম ভংগ কৰিলে পুৰস্কাৰপ্ৰাপ্ত চুটি গল্পসমূহ প্ৰতিযোগিতাৰ বাবে অযোগ্য ঘোষণা কৰা হ'ব।

৮. পুৰস্কাৰপ্ৰাপ্ত গল্পকাৰ সকলে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ সৈতে যোগাযোগ কৰি পুৰস্কাৰসমূহ সংগ্ৰহ কৰিব পাৰিব।

৯. চুটি গল্পসমূহ প্ৰেৰণৰ বাবে ব্যৱহাৰ কৰিব পৰা হোৱাটছএপ নম্বৰ কেইটা হ'ল- ৬০০১১-৪৭১১৬, ৮৮৭৬৬-৩৫৮৭২, ৯৯৫৪৫-৪৪৪৫০।

১০. চুটি গল্পসমূহ যিকোনো এটা হোৱাটছএপ নম্বৰত এবাৰে প্ৰেৰণ কৰিব।

১১. চুটি গল্প প্ৰতিযোগিতাৰ মাহেকৰ ফলাফল 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণতেই প্ৰকাশ কৰা হ'ব।

১২. সপ্তাহত নিৰ্বাচিত চুটি গল্প দুটা প্ৰথম প্ৰকাশ পাব 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণতেই।

১৩. ডাকযোগে প্ৰেৰণ কৰা চুটি গল্পসমূহ গ্ৰহণ কৰা নহ'ব।

১৪. চুটি গল্পসমূহ পূৰ্বতে ক'তো প্ৰকাশ নোহোৱা বুলি গল্পকাৰে নিশ্চিয়তা দিব লাগিব।

১৫. চুটি গল্পসমূহ প্ৰকাশ কৰা বা নকৰাৰ সন্দৰ্ভত ব্যক্তিগতভাৱে কোনো যোগাযোগ ৰক্ষা কৰা নহয়।

১৬. চুটি গল্প প্ৰতিযোগিতাৰ সবিশেষ পৰ্যায়ক্ৰমে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণতেই জনাই থকা হ'ব।