অগপৰ প্ৰতাৰণা

অগপৰ প্ৰতাৰণা

author-image
asomiyapratidin
New Update
প্ৰধানমন্ত্ৰীৰ ভাষণ

অসম গণ পৰিষদৰ শীৰ্ষ নেতৃত্বই পুনৰ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ অংশীদাৰ হোৱা আৰু বিজেপিৰ সৈতে নিৰ্বাচনী মিত্ৰতাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিলে সেয়া দৰাচলতে দলটোৰ একাংশ নেতাৰ ব্যক্তিগত ৰাজনৈতিক স্বাৰ্থ পূৰণৰ তাগিদা। কিন্তু তেওঁলোকৰ এই পদক্ষেপে আঞ্চলিকতাবাদী ৰাজনীতিৰ ইতিহাস কলংকিত কৰিলে। কাৰণ বিজেপিৰ আগ্ৰাসী ৰাজনীতিৰ কবলত পৰি এতিয়া অগপই ভৰিৰ তলৰ অৱশিষ্ট মাটিখিনিও হেৰুৱাব।

Advertisment

প্ৰকৃত জাতীয়তাবাদী ভাবাপন্ন অসমীয়াই অগপৰ এনে সিদ্ধান্তক কোনোপধ্যে সমৰ্থন জনাব নোৱাৰে। অৱশ্যে যিসকলে অগপৰ আঞ্চলিকতাবাদ বিজেপিৰ হিন্দুত্ববাদীত লীন হৈ যোৱাটো মনে-প্ৰাণে কামনা কৰিছে তেওঁলোকৰ দৃষ্টিত এয়া সময়োচিত পদক্ষেপ হিচাপেই চিহ্নিত হৈ ৰৈছে। আমি ভাবো- অগপৰ কেইগৰাকীমান নেতাই এনেদৰে মাজনিশা বিজেপিৰ দিল্লীৱালা নেতাৰ সৈতে গোপন বৈঠকত বহি আঞ্চলিকতাবাদী ৰাজনীতিৰ দিশৰ নিৰ্ণয় কৰিব নোৱাৰে।

কাৰণ অগপৰ বিপথগামিতাই ৰাজ্যত আঞ্চলিকতাবাদৰ প্ৰাংসগিকতাকো নস্যাৎ কৰিব নোৱাৰে। ৰাজ্যখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত এতিয়াও এনে অনেক সচেতন লোক আছে যিসকলে কেন্দ্ৰৰ বৈষম্যমূলক নীতিৰ বিৰুদ্ধে সৰ্বভাৰতীয় ৰাজনৈতিক শক্তিক প্ৰত্যাহ্বান জনাব বিচাৰে। ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তাৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰক ঐক্যবদ্ধভাৱে দিল্লীৰ ওচৰত সাব্যস্ত কৰিব বিচাৰে। সেয়ে এতিয়া অগপত থকা প্ৰকৃত জাতীয়তাবাদী নেতাসকলে এই সিদ্ধান্তৰ তীব্ৰ প্ৰতিবাদ কৰিব লাগে।

প্ৰথম কথা- নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ প্ৰশ্নত বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰা অগপৰ নেতাসকলে দলৰ তৃণমূলৰ কৰ্মীক আস্থাত নোলোৱাকৈ পুনৰ ৰাজ্য চৰকাৰত সোমোৱা আৰু একেলগে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত লৈছে। এই কথা ইতিমধ্যে দলটোৰ শীৰ্ষ পৰ্যায়তো চৰ্চা হৈছে। গতিকে দুই-তিনিজন নেতাই মন্ত্ৰিত্বৰ লোভত দলটোৰ লগতে অসমৰ জাতীয়তাবাদী শিবিৰক বিশ্বাসঘাতকতা কৰা বিষয়টোৰ সঠিক পৰ্যালোচনা হোৱা উচিত।

এই মুহূৰ্তত প্ৰতিজন অসমপ্ৰেমী নাগৰিকে এটা কথা মনত ৰখা উচিত যে বৰ্তমানৰ পৰিস্থিতিত ৰাজ্যখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সুৰক্ষাৰ বাবে প্ৰগতিশীল আঞ্চলিক দলৰ প্ৰয়োজনীয়তা তীব্ৰতৰ হৈ পৰিছে। উত্তৰ-পশ্চিম ভাৰতৰ আধিপত্য আৰু হিন্দুত্ববাদত বিশ্বাসী বিজেপিৰ ছত্ৰছায়াত থাকিলে অসমীয়াৰ জাতীয়তবাদ কাহানিও সুৰক্ষিত অৱস্থানত থাকিব নোৱাৰে। অৱশ্যে এই কথাও ঠিক যে বিজেপিয়ে যোৱা সময়চোৱাত আগ্ৰাসী ৰাজনীতিৰে অগপৰ সামাজিক ভিত্তি বহুখিনি নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছে। সেই অৰ্থতে দুয়োটা দলৰ নিৰ্বাচনী মিত্ৰতাই অগপক কোনোধৰণে লাভৱান্বিত নকৰে। বৰং বিজেপিয়েহে অগপৰ সমৰ্থনকাৰীসকলক নিজৰ ফলীয়া কৰিবলৈ অধিক যত্নপৰ হ'ব।

লোকসভা নিৰ্বাচনত অগপই বিজেপিৰ সৈতে স্থাপন কৰা মিত্ৰতাৰ লাভ আদায় কৰিব নোৱাৰে। এই কথা ইতিমধ্যে কেইবাবাৰো প্ৰতিপন্ন হৈছে। অৱশ্যে আপোচকামিতাৰ চৰম পৰ্যায়লৈ গতি কৰা অগপৰ বৰ্তমানৰ নেতৃত্বই দলটোৰ স্বাৰ্থতকৈ ব্যক্তিগত ৰাজনৈতিক হাবিয়াহ পূৰণৰ আহিলা হিচাপেই লৈছে এই নিৰ্বাচনী মিত্ৰতাক। যদি মিত্ৰতা নকৰে, তেন্তে তেওঁলোকে ক্ষমতাত টিকি থাকিবও নোৱাৰে। এই কথাও স্বীকাৰ কৰিব লাগিব যে অগপৰ শেহতীয়া স্থিতিয়ে এক অৰ্থত সামগ্ৰিকভাৱে অসমীয়া মধ্যবিত্তৰ একাংশৰ মাজত গঢ়ি উঠা হিন্দুত্ববাদী প্ৰৱণতাকো প্ৰকট কৰি তুলিছে।

অথচ যদিহে তাকে নকৰি অগপই এইক্ষেত্ৰত অলপ প্ৰত্যাহ্বান লৈ আগবাঢ়িলেহেঁতেন তেন্তে অসমত আঞ্চলিকতাবাদী ৰাজনীতিৰ সম্ভাৱনাও উজ্জ্বল হৈ পৰিলেহেঁতেন। অন্য বিজেপিবিৰোধী দলবোৰৰ সৈতে বুজাবুজি কৰিলে লোকসভা নিৰ্বাচনত তুলনামূলকভাৱে অগপই কিছু হ'লেও ভাল ফলাফল আশা কৰিব পাৰিলেহেঁতেন। দ্বিতীয়তে, অসমীয়া জাতিৰ অস্তিত্বৰ প্ৰশ্নত আপোচ নকৰাকৈ অকলশৰে নিৰ্বাচন খেলি হাৰিলেও গুণগত আৰু আদৰ্শগতভাৱে দলটোৰ অৱস্থান দৃঢ় হৈ পৰিলেহেঁতেন।

বিশেষকৈ আঞ্চলিক  শক্তি হিচাপে দীৰ্ঘকালীন লক্ষ্যৰে পৰিস্থিতিৰ মুখামুখি হ'বলৈ অগপই সাহস গোটাব পাৰিলেহেঁতেন। কিন্তু ক্ষমতা হেৰুওৱাৰ পিচত জনসাধাৰণৰ সন্মুখত চকুলো টুকি নিকা ৰাজনৈতিক নেতাৰ ভাও দিয়া আৰু পিচত ক্ষমতালৈ উভতি আহি হাঁহিমুখে সেই জনসাধাৰণকে প্ৰতাৰণা কৰা অগপ নেতাই এইবোৰ কথা অনুধাৱন কৰিবলৈ কাহানিও সক্ষম নহ'ব। সেয়াই হৈছে তেওঁলোকৰ আঞ্চলিকতাবাদী ৰাজনীতিৰ প্ৰকৃত স্বৰূপ।