গণ সত্যাগ্ৰহ

গণ সত্যাগ্ৰহ

author-image
asomiyapratidin
New Update
প্ৰধানমন্ত্ৰীৰ ভাষণ

কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব আইন সংশোধনী বিধেয়কখনক কেন্দ্ৰ কৰি অতি কৌশলপূৰ্ণ অৱস্থান গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ লক্ষ্য সন্মুখত ৰাখি অগ্ৰসৰ হৈছে শাসক পক্ষ। উত্তৰ-পশ্চিম ভাৰতব্যাপী হিন্দী বলয়ৰ পৰিবৰ্তিত ৰাজনৈতিক বতাহৰ উমান পাই কেন্দ্ৰ মূল শাসকীয় দলটোৱে ক্ৰমান্বয়ে পূৰ্বাঞ্চলৰ ৰাজনীতিৰ ওপৰত অধিক গুৰুত্ব দিবলৈ আৰম্ভ কৰিছে।

Advertisment

পশ্চিমবংগকে ধৰি অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ পৰা আগত লোকসভা নিৰ্বাচনত তুলনামূলকভাৱে ভাল ফলাফল আশা কৰিয়েই অমিত শ্বাহ বাহিনীয়ে নাগৰিকত্ব আইন সংশোধনী বিধেয়কখন পাৰিলে তাৰ আগে আগে সংসদত গৃহীত কৰাৰ চেষ্টা চলাইছে। কিন্তু যদিহে এই বিধেয়খনৰ দ্বাৰা লাভাম্বিত হোৱাৰ অৱকাশ নাথাকে, তেন্তে সেইক্ষেত্ৰত শাসক পক্ষই কৌশল সলনি কৰিলেও আচৰিত হ'বলগীয়া এক নাথাকিব।

অসমত বিধেয়কখনৰ প্ৰসংগত বৰাক উপত্যকাতহে ৰাজনৈতিকভাৱে লাভৱান হ'ব যদিও ব্ৰহ্মপুত্ৰত উপত্যকাত তাৰ সম্পূৰ্ণ ওলোটা ফল ওলাব বুলি জানিয়েই হয়তো শেষ মুহূৰ্তত অসমক বাদ দি বা অন্য কোনো নতুন সংশোধনীৰে বিধেয়কখন সংসদত উপস্থাপন কৰাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব পাৰে শাসক দলটোৱে।

সি যি কি নহওক, অসমৰ জনসাধাৰণে জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ অধিক তীব্ৰ কৰি তোলাৰ প্ৰয়োজন আহি পৰিছে। ইতিমধ্যে আসন্ন পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্যবাসী ব্যস্ত হৈ থকাৰ সময়তে বিধেয়কখনক লৈ সংসদীয় সমিতিৰ এক গুৰুত্বপূৰ্ণ বৈঠক নতুন দিল্লীত আহ্বান কৰা হৈছে। এই বৈঠকতে সমিতিৰ সদস্যসকলে মিলি সিদ্ধান্তমূলক প্ৰস্তাৱ গ্ৰহণ কৰিব পাৰে। অৰ্থাৎ সমতিৰ সদস্যসকলে বিধেয়কখনৰ প্ৰসংগত এক উমৈহতীয়া সিদ্ধান্তলৈ অহাৰ বাট মুকলি কৰা হ'ব।

উল্লেখযোগ্য যে সংসদীয় যুটীয়া সমিতিখনত শাসক পক্ষৰে আধাসংখ্যক সদস্য আছে। সৰ্বমুঠ ত্ৰিশজন সদস্যৰ ভিতৰত চৈধ্যজনেই বিজেপি তথা এনডিএ মৰ্চাৰ। এজন মনোনীত সদস্যৰ বাহিৰে অন্য পোন্ধৰজন সদস্য কংগ্ৰেছকে ধৰি বিৰোধী দলবোৰৰ প্ৰতিনিধি। গতিকে কংগ্ৰেছ, সমাজবাদী পাৰ্টী, তৃণমূল কংগ্ৰেছৰ দৰে দলবোৰৰ দলীয় সিদ্ধান্তই এইক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা পালন কৰিব।

কিন্তু কথাটো হ'ল- কংগ্ৰেছৰ বাহিৰে অন্য দল যেনে তৃণমূল কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিয়ে ইতিমধ্যে ঘোষণা কৰিছে যে বিদেশৰ যিকোনো ধৰ্মাৱলম্বী লোকক শৰণাৰ্থী হিচাপে দেশত সংস্থাপন তথা নাগৰিকত্ব দিলে তেওঁলোকৰ আপত্তি নাই। কিন্তু বিধেয়কখনৰ মতে বাংলাদেশ, পাকিস্তান অথৱা আফগানিস্তানৰ পৰা শৰণাৰ্থী হিচাপে অহা হিন্দু, শিখ, জৈন অথবা পাৰ্চী ধৰ্মাৱলম্বীৰ লোকক সংস্থাপন দিয়া কাৰ্যৰহে তেওঁলোক বিৰোধী। তাৰ অৰ্থ হ'ল- নাগৰিকত্ব আইন সংশোধনী বিধেয়কখন যে অসাংবিধানিক বা সংবিধানৰ ধৰ্মনিৰপেক্ষ নীতিৰ পৰিপন্থী, সেই কথা এই ৰাজনৈতিক দলবোৰে জানি-বুজিয়েই অৱজ্ঞা কৰিছে।

অসমত নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰুদ্ধে সৰ্বাত্মক আন্দোলন গঢ়ি তোৱা বিভিন্ন জাতীয়, জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বই সঠিকভাৱে কৈছে যে সম্পূৰ্ণ অসাংবিধানিকভাৱে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা কৰিবলৈ গৈ গেৰুৱা বাহিনীয়ে দেশৰ সংবিধানক উলাই কৰাৰ লগতে অসমীয়া জাতিৰ অস্তিত্বও বিপদাপন্ন কৰিবলৈ ওলাইছে। তেওঁলোকে এই কথাও ইতিমধ্যে স্পষ্ট কৰি দিছে যে তৃণমূল কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টীৰ দৰে বিৰোধী দলবোৰে ওচৰ-চুবুৰীয়া সকলো দেশৰে যিকোনো নিৰ্যাতিত লোকক নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা থাকিলে বিধেয়কখনৰ ক্ষেত্ৰত আপত্তি নকৰে বুলি যি প্ৰস্তাৱ আগবঢ়াইছে সেয়া অসমৰ বাবে কোনোপধ্যে গ্ৰহণযোগ্য হ'ব নোৱাৰে।

কাৰণ বিৰোধী পক্ষৰ এই প্ৰস্তাৱ মানি ল'বলৈ হ'লে ৰাজ্যখনত চলি থকা এন আৰ চিৰ উন্নীতকৰণ প্ৰক্ৰিয়া আৰু অসমৰ অসম-বাংলাদেশ সীমান্তত কাঁটা তাঁৰ দিয়া আদি বিষয়বোৰেই অৰ্থহীন হৈ পৰিব। মুঠতে কেৱল জাতিৰ অস্তিত্বৰ স্বাৰ্থতে নহয়, দেশৰ সংবিধান ৰক্ষা কৰিবলৈও বিধেয়কখনৰ বিৰোধিতা কৰাটো দেশবাসীৰ প্ৰধান দায়িত্ব হোৱা উচিত। অসমত সত্তৰটাকৈ জাতীয় দল-সংগঠনে অহা ২৭ নৱেম্বৰত অনুষ্ঠিত হ'বলগা সংসদীয় যুটীয়া সমিতিৰ বৈঠকৰ আগদিনাৰ পৰাই দুদিনীয়া গণ সত্যাগ্ৰহৰ কাৰ্যসূচী ঘোষণা কৰি নিশ্চয়কৈ এই দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈছে বুলি ক'ব পাৰি।