/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/editorial-image.jpg)
চৰকাৰী কাম-কাজৰ ধৰণ-কৰণ আৰু বহুদিন মাকৰ ঘৰলৈ যাবলৈ নোপোৱা ন-বোৱাৰীৰ মতি-গতিৰ মাজত বিশেষ পাৰ্থক্য নাথাকে। দৰাচলতে দুয়োটাই নিৰ্ভৰ কৰে তথাকথিত 'মুড'ৰ ওপৰত। ন-বোৱাৰীৰ 'মুড' চাই যিদৰে স্বামী চলে তেনেদৰে চৰকাৰৰ 'মুড' লৈ লক্ষ্য কৰি ৰাইজৰখনো চলিবলগা হয়। কিছুদিন পূৰ্বে বাতৰি কাকতত এটা চৰকাৰী বিজ্ঞাপন দেখা গ'ল। বিজ্ঞাপনটোৰ বিষয়বস্তু আছিল পুৰুষৰ বন্ধ্যাকৰণ। বিজ্ঞাপনটোক লৈ ৰাইজৰ খুব এটা প্ৰতিক্ৰিয়া দেখা নগ'ল। এয়া নিতান্তই আচৰিত হ'বলগীয়া কথা। কাৰণ হিন্দু বাংলাদেশীৰ সংস্থাপনৰ জৰিয়তে এইখন চৰকাৰে বৃহত্তৰ হিন্দু অসমীয়া সমাজখন সংকুচিত হোৱাৰ পৰা ৰক্ষা কৰিব বিচাৰিছে।
জনসংখ্যা নিয়ন্ত্ৰণ নীতি বাবেই হিন্দু সমাজখন সংখ্যালঘু হৈ পৰিছে। হিন্দু বাংলাদেশী আনি সেইখন সমাজক সংখ্যাগুৰ কৰিব খোজা হৈছে। অসমীয়াই কিন্তু এই কথা নামানে। পঞ্চায়ত নিৰ্বাচনক লৈ সদ্যহতে কথাটো 'গোমা' হৈ আছে যদিও এটা চামে কিন্তু এই নিৰ্বাচনটোৰ জৰিয়তে চৰকাৰৰ হিন্দু বাংলাদেশী সংস্থাপনৰ বিৰুদ্ধে জনাদেশ দিবলৈ সকীয়াই দিছে। এইখিনি কথা সকলোৱে জানে। গুৰুত্বপূৰ্ণ কথাটো হ'ল হিন্দু বাংলাদেশীক পীৰা পাৰি বহুওৱাৰ কথা চিন্তা কৰা চৰকাৰে বন্ধ্যাকৰণ বিজ্ঞাপনেৰে কি বুজাব খুজিছে? বহিৰাগতক মাতি আনি খিলঞ্জীয়াক বন্ধ্যা কৰাৰ এয়া মহা আয়োজন নেকি?
সঞ্জয় গান্ধীয়ে উত্তৰপ্ৰদেশত যি বলপূৰ্বক বন্ধ্যাকৰণৰ পদক্ষেপ লৈছিল, ঠিক একেধৰণে বৰ্তমানৰ চৰকাৰে 'মুড' বনাই, পৰিৱেশ সৃষ্টি কৰি পুৰুষৰ বন্ধ্যাকৰণ কৰিব খোজে নেকি? হিন্দুৰ সংখ্যা বৃদ্ধি হোৱাটো চৰকাৰে যদি বিচাৰেই তেন্তে বন্ধ্যাকৰণৰ বিজ্ঞাপন কিয়? যদি এই বিজ্ঞাপন কোনো বিশেষ সম্প্ৰদায়ক উদ্দেশ্যি প্ৰকাশ কৰা হৈছে তেন্তে সঞ্জয় গান্ধীৰ দল আৰু আমাৰ চৰকাৰী দলৰ মাজত পাৰ্থক্য থাকিল ক'ত! দেশত এতিয়া মোডীয়েই 'মুড' আৰু সেই 'মুড'ৰ আঁৰত লুকাই থাকে এক মতলব চৰিত্ৰ।
চৰকাৰী দুৰভিসন্ধি বুজি নোপাৱাটো সমাজৰ বাবে আটাইতকৈ ক্ষতিকাৰক। পুৰুষ বন্ধ্যাকৰণৰ বিজ্ঞাপনটো পুৰণি হ'ল। কিন্তু পুৰণি হোৱা নাই হিন্দু বাংলাদেশীবিৰোধী অসমীয়াৰ সংগ্ৰাম। অসমীয়া পুৰুষক বন্ধ্যা-বীৰ্যহীন কৰি চৰকাৰখনে হিন্দু বাংলাদেশীৰে অসমীায়াক পুৰুষত্ব প্ৰদান কৰিব খোজা বুলিহে ভয় লাগে। চৰকাৰী মুড আৰু মতলব দুয়োটাই ভালদৰে জানি থ'ব লাগে। তেতিয়া ৰাইজেও তেনে মুডৰ সৈতে তাল মিলাই চলাৰ কৌশল শিকি ল'ব পাৰিব।
বেৰিকেড
প্ৰিয়ংকাৰ বিয়ালৈ আমাৰ দিছপুৰীয়া নেতা-পালিনেতাক নিমন্ত্ৰণ নিদিলে বোলে! অথচ সেই প্ৰিয়ংকাই আমাৰ অসমখন কিমান ধুনীয়া, অসমীয়া মানুহখিনি কিমান ভালজাতীয় প্ৰচাৰ চলাই এম্বেছেডৰজনী হৈ তামাম লুটি আছে। আন এজনী প্ৰিয়ংকাক দিছপুৰে পাৰি দেখিব নোৱাৰে। নামতনো কি আছে! মুম্বাইৱালা প্ৰিয়ংকাৰ ফটা জিনছৰ পিচত দৌৰি আমাৰো বীৰ যেনেই লাগে। সেই প্ৰিয়ংকাৰ বিয়ালৈ আমাৰ 'ধুুনীয়া অসমীয়া' কেইটাক নিমন্ত্ৰণ নিদিলে। ছাৰহঁত পঞ্চায়ত নিৰ্বাচনত ব্যস্ত থাকিব বাবে যাব নোৱাৰিব বুলি আগতেই কৈ থৈছিল। দিছপুৰীয়া চামচা দুজনমানে এনেদৰে কৈছে।
এটা কথা মিছা নুবুলি নোৱাৰি যে মুম্বাইৰ ৰঙীন বজাৰখনত আমাৰ দিছপুৰীয়াকেইটাৰ কোনো 'ভেল্যু' নাই। তেওঁলোকে ইয়াতেই ৰজা। ৰাজ্যৰ বাহিৰ হ'লেই ভিজা মেকুৰী। গতিকে প্ৰিয়ংকাৰ ওচৰত দিছপুৰীয়াসকল কোন কুটা? সঁচাকৈ ক'বলৈ হ'লে সমগ্ৰ অসমখন এটা বেৰিকেডত বন্দী। এই বেৰিকেডৰ পৰা ওলাই উশাহ ল'ব পৰাটো কঠিন। বেৰিকেডৰ কথা ওলাল যেতিয়া যোৱা এটা মাহত গুৱাহাটী মহানগৰীৰ ব্যস্ততাপূৰ্ণ পথত আৰক্ষীয়ে স্থাপন কৰা বেৰিকেডৰ কথাও ক'ব লাগিব।
আৰক্ষীৰ বেৰিকেডত তালাচী, যান-জঁটৰ সন্মুখীন হোৱা নাগৰিকে ভাবিবলৈ আৰম্ভ কৰিছে- এয়াই নেকি শান্তিৰ শ্ল'গান আছিল? জংঘললৈ যোৱা অসমীয়া যুৱকৰ সংখ্যা বৃদ্ধি, বোমা বিস্ফোৰণৰ ঘটনাবোৰ বৃদ্ধি পোৱা বাবেই বেৰিকেড বহুওৱা হৈছে চাগৈ! তাৰ মানে অসমখন আকৌ বিপ্লৱী-প্ৰতিবিপ্লৱী সংঘাতৰ আখৰাস্থলী হ'বগৈ নেকি? আগতে স্বাধীনতা দিৱল, গণৰাজ্য দিৱস আহিলেই বেৰিকেড বহিছিল। সেই দিনবোৰ মাজতে অদৃশ্যপ্ৰায় হৈ গৈছিল। এতিয়া দেখোন আকৌ বেৰিকেড বহিছে। গুৱাহাটীখন অৱশ্যে অসম নহয়। বেৰিকেডবোৰ ৰাজ্যৰ অন্য ঠাইতো বহিছে নে নাই সেয়া ৰাইজে গম লওঁক।
দৰাচলতে ৰাজনীতিয়ে সমাজৰ প্ৰতিটো স্তৰত স্থাপন কৰি থৈছে বেৰিকেড। কম কথাত ৰাজনীতি হওঁক, কিন্তু প্ৰায় প্ৰতিটো কথাত যেতিয়া ৰাজনীতি সোমায় তেতিয়া বুজিব লাগিব যে সমাজখনৰ য'তে-ত'তে বেৰিকেড বহিছে। প্ৰিয়ংকাৰ বিয়াখনো সেই বেৰিকেডৰ সমাজত অনুষ্ঠিত হৈছে। ধনীৰ বিয়াখোৱাটো দৰিদ্ৰৰ হুতাহ। কিন্তু এটা কথা কোনেও নাভাবে যে দৰিদ্ৰ থকা বাবেহে ধনীৰ ধনৰ চিকমিকনি আছে। দৰিদ্ৰক বেৰিকেডত বন্দী কৰি ৰখা বাবেহে ধনীৰ অহাংকাৰ ফুটি উঠে।
প্ৰিয়ংকাৰ বিয়ালৈ আমাৰ কাক কাক মাতিলে বা নামাতিলে সেইটোতকৈ ডাঙ কথাটো হ'ল আমাৰ পৰ্যটনৰ ব্ৰেণ্ড এম্বেছেডৰজনীয়ে অসমৰ কথা বাহিৰত ক'বলৈ মনৰ সংকীৰ্ণতাৰ বেৰিকেডডাল ভাঙিব পাৰিলে নে নাই? যদি পাৰিছে তেনে প্ৰিয়ংকাৰ বিয়াখন খাবলৈ নাপালেও অসমীয়াৰ আপত্তি নাথাকিব।