/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/editorial-image.jpg)
এজন নৱাগতৰ সন্মুখত এখন স্থানৰ প্ৰাথমিক আভাস তুলি ধৰে উক্ত স্থানৰ বাট-পথ আৰু পৰিবহণ ব্যৱস্থাটোৱে। সাম্প্ৰতিক পৰিৱেশ-পৰিস্থিতিৰ সুবাদতে একালৰ অতি দুৰ্গম এই অঞ্চলৰ বহু লোকে বিশ্বৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰিব পাৰিছে, আধুনিক সভ্যতা-সংস্কৃতি তথা সৰ্বাধুনিক প্ৰযুক্তিৰ সহায়ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ চহৰ-নগৰসমূহ কেনেকৈ একো একোখন মায়াপুৰীলৈ ৰূপান্তৰ হৈছে, তাক স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছে।
বিভিন্ন ঠাই ফুৰি আহি বহুজনে ব্যক্ত কৰা ভ্ৰমণ কাহিনীবিলাকত তেনে ঠাইবিলাকৰ সংস্কৃতি, পৰিমাৰ্জিত জীৱনযাত্ৰাৰ কথাবোৰ শুনি আমাৰ পৰিৱেশৰ লগত তাক তুলনা কৰিবলৈ বহু সময়ত হীনমান্যতাত ভুগিবলগীয়া অৱস্থাও হয়। বিশ্বৰ এই প্ৰগতিৰ ধাৰাটোৰ তুলনাত আমি কোনো স্তৰত আছো, তাক কেৱল অসমৰে নহয়, সমগ্ৰ উত্তৰ-পূবৰ প্ৰাণকেন্দ্ৰ গুৱাহাটীৰ জীৱনযাত্ৰাৰ ছবিখনেই প্ৰকট কৰি তোলে। গুৱাহাটী মানেই যেন বিশৃংখল-অৰাজক এক স্থান, য'ত কোনো আইনৰ শাসনৰ প্ৰভাৱ নাই, তেনেকৈ চলিব পৰাটোৱেই হৈছে ইয়াৰ বৈশিষ্ট্য!
এখন স্থানৰ প্ৰাথমিক আভাস যিহেতুকে ইয়াৰ বাট-পথ আৰু পৰিবহন ব্যৱস্থাটোৱে তুলি ধৰে, গুৱাহাটী মহানগৰত এই দুই ব্যৱস্থাৰ ৰূপটোৰ পৰাই ইয়াৰ মানসিকতা স্পষ্ট হৈ পৰে। ইয়াৰ বাট-পথসমূহৰ বিষয়ে চৰ্বিত-চৰ্বণ হৈয়ে থাকে। বাঁহৰ চুঙাৰ দৰে ক্ষুদ্ৰ ক্ষুদ্ৰ উপ-পথবিলাকৰ কথা বাদেই, মহানগৰখনৰ 'লাইফ লাইন' সদৃশ গুৱাহাটী- শ্বিলং পথ ( জি এছ ৰোড) টোৰে অৱস্থা তথৈবচ। দিনটোৰ সৰহভাগ সময় এই পথচোৱাৰে চলি থকা যান-বাহনৰ শামুকীয়া গতিয়েই প্ৰকট কৰি তোলে আমাৰ 'প্ৰগতি'ৰ গতি। পদপথৰ নামত কেইবেগেতমান বহল যি কংক্ৰিটৰ চটা আছে, সেয়া পথাচাৰী অহা-যোৱা ককৰিবলৈ নিৰ্মাণ কৰা হৈছে নে পাণ-তোমালৰ দোকান, চাহৰ দোকান, চাট হাউছকে ধৰি অন্যান্য সামগ্ৰীৰ বেহা-বেপাৰৰ বাবে সজা হৈছে, তাৰ উত্তৰ কোনেও দিব নোৱাৰে।
তদুপৰি পথৰ কাষত বাধাহীন পাৰ্কিং, তাৰ মাজৰ সুৰুঙাৰে একেলগে চলে ৰ'লছ ৰয়েছ, বি এম ডব্লিউ, চিটিবাছ, ট্ৰেভেলাৰ, মেজিক অট'ৰ পৰা ৰিক্সা-ঠেলালৈকে সকলো যান-বাহন। মহানগৰবাসীৰ চলাচলৰ অন্য প্ৰধান পথ গোপীনাথ বৰদলৈ পথ, ৰাধাগোবিন্দ বৰুৱা পথতো একে অৱস্থা। তদুপৰি ফাঁচীবজাৰ, ভৰলুুমুখ, মালিগাঁও, জালুকবাৰী আদি ঠাইত পুৱাৰপৰা ৰাতিলৈকে যান-বাহনৰ অনিয়ন্ত্ৰিত চলাচলৰ বাবে হোৱা যান-জঁটৰ শোচনীয় অৱস্থাটো দেখিলে পাঁচ বছৰৰ পিচত মহানগৰখনৰ অৱস্থা কি হ'ব ভাবিলে শংকিত হ'ব লাগে। দিল্লী-কলকাতাৰ ৪০ বছৰৰ আগৰ অৱস্থাটো বিৰাজ কৰি আছে আজিৰ গুৱাহাটীত।
এনে অৱস্থাত স্বাভাৱিকভাৱে যিকোনো মানুহৰ মনলৈ আহিব যে মহানগৰখনৰ এই বিশৃংখল-অৰাজক জীৱনযাত্ৰা শুধৰোৱাৰ বাবে কিবা চিন্তা চৰকাৰৰ কৰ্তৃত্বশীল বিভাগতথা কৰ্তৃপক্ষসমূহে কৰিছেনে? জনচক্ষুৰ সন্মুখত কিছুমান চৰকাৰী দায়িত্বশালী বিভাগৰ ভূমিকা দেখিলে পতিয়ন যাব নোৱাৰি যে মহানগৰীখনক সূচল কৰি ৰাখিব পৰাকৈ এওঁলোকে আন্তৰিকতাৰে আৰু দায়ৱদ্ধতাৰে কিবা কৰিছে। উদাহৰণস্বৰূপে মহানগৰীৰ চিটিবাছ সেৱাৰ কথাই ধৰা যাওঁক। মহানগৰীত চলাচলৰ বাবে চিটিবাছেই যিসকলৰ একমাত্ৰ অৱলম্বন, তেওঁলোকেহে বুজি পায় বেচৰকাৰী চিটিবাছসমূহৰ চালক-হেণ্ডিমেনৰ অতপালি কেনেকুৱা।
চিটিবাছসমূহে অতিৰিক্ত যাত্ৰী কঢ়িয়ালে আটাইতকৈ বেছি অসুবিধাৰ সন্মুখীন হয় মহিলা যাত্ৰীসকল। কিন্তু নিজ ইচ্ছাৰে ভাড়াবৃদ্ধি কৰা চিটিবাছৰ চালকসকলে যান-বাহন আৰক্ষী, পৰিবহণ বিভাগৰ সন্মুখেদিয়েই নিজ ইচ্ছামতে য'তে-ত'তে, যেনেকৈ মন যায় ৰখাই অতিৰিক্ত যাত্ৰী কঢ়িয়াই যান-জঁটৰ সৃষ্টিত অৰিহণা যোগাই চলাচল কৰিয়েই আছে। যোৱা কেইদিনমানত মহানগৰ জিলাৰ পৰিবহণ বিষয়াজনে ঠায়ে ঠায়ে তালাচী চলাই কিছুমান চিটিবাছৰ অনিয়ম ধৰা পেলাই নথি-পত্ৰ জব্দ কৰিছে। বাছ ষ্টপত দুই মিনিটতকৈ অধিক সময় বাছ ৰখাব নোৱাৰিব, অতিৰিক্ত যাত্ৰী কঢ়িয়াব নোৱাৰিব আদি বাধ্যবাধকতাকে ধৰি কিছুমান নীতি-নিয়ম বিভাগটোৱে ঘোষণা কৰিছে।
কিন্তু লগে লগে চিটিবাছৰ মালিক একাংশই উভতি ধৰি পৰিবহণ বিভাগৰ বিৰুদ্ধে একপ্ৰকাৰ যুদ্ধই ঘোষণা কৰিছে, হঠাৎ চিটিবাছ বন্ধ কৰি দি ৰাজপথত ৰৈ থকা যাত্ৰীসকলক অথন্তৰৰ সমুখীন কৰাইছে। মাজে মাজে যান-বাহন আৰক্ষীয়ে জৰিমনা বিহিলেও চিটিবাছৰ চালকসকলে ভ্ৰূক্ষেপ নকৰে। একেবাৰে অনিয়মকে পুনঃ পুনঃ সংঘটিত কৰি তেওঁলোকে ইয়াকেই প্ৰতিপন্ন কৰিব খোজে যে চিটিবাছ বা মেজিক, ট্ৰেকাৰবিলাক পৰিবহণ বিভাগ বা যান-বাহন আৰক্ষীৰ নিয়মমতে নচলে, তেওঁলোকৰ মৰ্জিমতেহে চলিব।
দুপইচাৰ লোভত দায়িত্বত থকা একাংশ আৰক্ষীয়ে সুযোগ দিয়াৰ ফলতেই ৰাজপথত বেচৰকাৰী যাত্ৰীবাহী বাহনবিলাকৰ চালক-হেণ্ডিমেনে যে গুৰু-গোঁসাই নমনা আচৰণ কৰে, সেইটো সকলোৱে বুজি পায়, কিন্তু পৰিস্থিতিটো শুধৰোৱাৰ দায়বদ্ধতা নিষ্ঠাসহকাৰে কোনেও গ্ৰহণ নকৰে। ফলত মাজে মাজে ঢাক-ঢোল বজাই চলোৱাৰ তালাচীবিলাক অন্তঃসাৰশূন্য পদক্ষেপলৈ পৰ্যবসিত। মহানগৰীৰ পথ, পদপথবোৰ অবৈধ আগ্ৰাসনৰ পৰা মুক্ত কৰাৰ নমাত মাজে মাজে চলা অভিযানবিলাকৰ ক্ষেত্ৰতো একেই অৱস্থা। একেই দশা অবৈধ পাৰ্কিঙৰ ক্ষেত্ৰতো। কোনেও কাৰোলৈকে পৰোৱাই নকৰে।
ৰাজপথটো সকলোৱে পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিব খোজে। কোনেও ভাবি নাচায় যে এনে কৰাৰ ফলত দিনকদিনে দুৰ্বিষহ হৈ পৰিছে লাখ লাখ মহানগৰবাসীৰ জীৱনযাত্ৰা। মুষ্টিমেয় কেইজনমান চালক-বেপাৰীৰ বাবে লাখ লাখ মানুহে শাস্তি ভুগিব লাগে কিয়? এই প্ৰত্যাহ্বান আৰক্ষীয়েই হওঁক বা পৰিবহণ বিভাগেই হওঁক বা গুৱাহাটী পৌৰ নিগমেই হওঁক গ্ৰহণ কৰা উচিত যদি দায়িত্বশীলসকলে নিজকে দায়ৱদ্ধ বুলি ভাবে। 'মানুহে আইন নামানিলে কি কৰিম' বুলি দায় সাৰিব খোজাতকৈ 'জনস্বাৰ্থত প্ৰণয়ন কৰা আইন কিয় নামানিব' সেই দিশটোত গুৰুত্ব দিলে প্ৰতিকূলতাৰ মাজতো নিশ্চিতভাৱে মহানগৰীৰ জীৱনযাত্ৰা বহু সূচল হৈ পৰিব।