তুমি 

তুমি 

author-image
asomiyapratidin
New Update
প্ৰধানমন্ত্ৰীৰ ভাষণ

সৰু-সুৰা ঘটনা কিছুমানে মানুহৰ জীৱনটোক সজাই নহ'লে ন-কইনাৰ বোলে সৌন্দৰ্য মোলান পৰে। সেইদৰে সৰু-সুৰা ঘটনা কিছুমান ঘটি নাথাকিলে মানুহৰ জীৱনটোও ৰসহীন যেন হয়।  এই যে চৰকাৰে ধুম-ধাম কৰি বৃহৎ সভা পাতি বয়োবৃদ্ধ লোকসকলক মাতি আনি বৃদ্ধি পেন্সন দিলে, তাৰ মাজতো আছে জীৱনটোক জীপাল কৰি ৰখা ঘটনা কিছুমান। আঢ়ৈশ টকীয়া বৃদ্ধ পেন্সন দি একোগৰাকী  বয়োজ্যেষ্ঠক মাহটো চলাৰ উপায় দিছে চৰকাৰ! আগতে আঢ়ৈ টকীয়া ভাতৰ কাহিনীয়ে দিছপুৰখনক জোকাৰি আছিল।

Advertisment

আঢ়ৈ হৈ থকা জাতিটোৱে পূৰ্ণ ৰূপ লৈ তিনি কিয় হ'ব নোৱাৰে, তাৰ ৰহস্যও ইয়াতে লুকাই আছে। দৰাচলতে চৰকাৰে জানে যে, জাতিটোৰ সীমাবদ্ধতা আঢ়ৈতে সোমাই আছে। আঢ়ৈৰ পূৰ্ণতা হোৱাৰ শক্তি জাতিটোৰ নাই বুলি দিছপুৰেও জানে। বৃদ্ধাৱস্থাত মানুহে বেছি খাব নোৱাৰে। গতিকে আঢ়ৈশ টকাৰ পেন্সন। বৃদ্ধকালত ইটো-সিটো ৰোগে আমনি কৰে। গতিকে আয়ুষ্মান পেকেজ। চৰকাৰে মৰিবও নিদিয়ে ভালকৈ খাবও নিদিয়ে। এইবোৰ ঘটনা, ৰটনা নহয়।

আচলতে চৰকাৰে জাতিটোক নিজকে চিনি পাবলৈ এটা পথ উলিয়াই দিছে। ফেণ্টাচী, হ'ৰৰ, কল্পবিজ্ঞান কাহিনীৰে বিশ্বসাহিত্যত বিশেষ স্থান দখল কৰা আমেৰিকান সাহিত্যিক জৰ্জ ৰেমণ্ড ৰিচাৰ্ড মাৰ্টিনেও কছিল- তুমি কি সেয়া কেতিয়াও পাহৰি নাযাবা। ব্যক্তি আচলতে কি? গ্ৰীচৰ প্ৰসিদ্ধ এপলো মন্দিৰত খোদিত থকা 'নো ডাইছেলফ' কথাষাৰি আৰু হিন্দুৰ মহাকাব্যিক শ্লোক 'তৎত্বম অচি'ৰ মাজতো লুকাই আছে নিজকে চিনাৰ সংজ্ঞা। ইম্মানুৱেল কাণ্টৰ পৰা ৰিচাৰ্ড ড'ৰকিনলৈ সকলোৱে 'মই'ৰ অস্তিত্ব বিচাৰি ফুৰিছিল।

কোনে কি পালে সেয়া পিচৰ কথা। কিন্তু আমাৰ দিছপুৰীয়া চৰকাৰ বাহাদুৰে সেই 'মই'জনক চিনাকি কৰাই দিছে আঢ়ৈশ টকীয়া বৃদ্ধ পেন্সনত। আচলতে তুমি আঢ়ৈশ টকাৰ যোগ্য, সেইখিনিৰে তুমি মাহটো চলিব লাগিব। বৃদ্ধকালত ধৰ্ম-কৰ্মত মতি থকাসলে সেই আঢ়ৈশ টকাৰ পৰাই মন্দিৰত নৈৱেদ্য আগবঢ়াব লাগিব। 'তোমাক' জীয়াই ৰখাৰ অমোঘ শক্তি আঢ়ৈশ টকা। সেই তোমাক হৈ পৰে তুমি। আমাৰ চুবুৰীয়া অৰুণাচলতে মাহিলি বৃদ্ধি পেন্সন সোতৰশ টকা। পুডুচেৰীৰ দৰে সৰু অঞ্চলতো দুহাজাৰ টকা।  মেঘালয়তো পায় পাঁচশ টকা। বংগ, পঞ্জাৱত ৭৫০। হিচাপবোৰ দীঘলীয়া।

চৰকাৰে যাক যিদৰে জীয়াই ৰাখে তাতেই সন্তুষ্টি প্ৰকাশ কৰিব লাগে। বৃদ্ধ পেন্সন হাতত লৈ সোলা মুখেৰে ওলোৱা ককা-আইতাৰ  হাঁহিবোৰৰ দৰেই সেই সন্তুষ্টি। এনে সন্তুষ্টিতে লুকাই থাকে একোটা ঘটনা। 'তুমি' সন্তুষ্ট মানেই একোটা ঘটনাও হয় ৰসাল-জীপাল। তৃপ্ত হয় আঢ়ৈশ টকীয়া তোমাৰ কাহিনী। 'তুমি' নিজকে তৃপ্ত-সন্তুষ্ট কৰা ঘটনাবোৰৰ এইবোৰো একো একোটা কাহিনী।

জোক

যিটো আছিল তাক আৰু নতুন ৰূপত চালি-জাৰি চাব পাৰিলেই সি হৈ পৰে আন এক মূল্যৱান উদ্ভাৱন। লেজাৰ ৰশ্মি আগৰ পৰাই আছিল। কিন্তু এই ৰশ্মিৰ প্ৰয়োগেৰে অতি ক্ষুদ্ৰাতিক্ষুদ্ৰ  কণাক লৰচৰ কৰিব পৰাৰ কথা কোনেও চিন্তা কৰা নাছিল। সেই চিন্তাৰে এটা নতুন উদ্ভাৱন সম্ভৱপৰ কৰি তোলা বাবেই চলিত বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰ দাবীদাৰ হ'ল তিনিগৰাকী বিজ্ঞানী।

দৰাচলতে যিটো আছিল তাৰ বিস্তাৰ কৰাৰ ওপৰতে নিৰ্ভৰ কৰে নোবেলিটি আৰু যিয়ে বিস্তাৰত সহযোগ কৰে, তেৱেঁই নিৰ্বাচিত হয় নোবেলৰ বাবে। বাছৰ ভাড়া আকৌ বাঢ়িল। ভাড়া এনেয়ো বাঢ়িয়েই আছিল, এতিয়া সেই ভাড়াই বিস্তাৰ লাভ কৰিলে। সেই বিস্তাৰত সহযোগ কৰিছে আমাৰ পৰিবহণ মন্ত্ৰীয়ে। গতিকে তেওঁ নোবেল পোৱাৰ যোগ্য! পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি হয় আৰু কমেও। কিন্তু ইন্ধনৰ মূল্যবৃ্দ্ধিৰ সুযোগত বাছৰ ভাড়া বৃদ্ধি কৰিলে সেয়া কেতিয়াও কমি নাহে। ই এক অদ্ভূত ল'জিক। বাঢ়িলে বাঢ়ক, পিচে কমিলে কিয় নকমে?

তেজ খোৱা জোকৰ পৰা তেজ চেপি উলিয়াই দিলে জোকডালে আগৰ ৰূপ লয়। সেই সত্যতা বাছৰ ভাড়া বৃদ্ধিত প্ৰযোজ্য নহয়। মন্ত্ৰীয়ে কৈছে- ভাড়া বাঢ়িবই। কিয় নক'ব? কাৰণ প্ৰতিজন নেতাই একোডাল তেজ শোহা জোক। তেওঁলোকৰ যুক্তি- কৰ্মচাৰীৰ বাবে কাৰ দৰমহা বাঢ়িছে। ধনী-দুখীয়া, চৰকাৰী-বেচৰকাৰী কৰ্মচাৰী বুলি চিনাক্ত কৰি জোকে কাৰো তেজ নাখায়। কিন্তু নৈতিকতা বিসৰ্জন দিয়া নেতাসকলে জোক হৈ কেৱল তেজ পিয়ে দৰিদ্ৰ-নিঃস্বজনৰ। জোকক নিয়ন্ত্ৰণ কৰা টান।

মিলান কুণ্ডেৰাৰ উপন্যাস 'আনবিয়েৰেবল লাইটনেছ অৱ বিয়িং'খনত লিখা আছে- জোকে মানুহৰ যিমান তেজ খায়, মানুহে পোহনীয়া জীৱ আৰু সমগোত্ৰীয়ৰ তাতকৈ বেছি তেজ শোহে। জোকৰ দৰেই মানুহে গৰুৰ ওহাৰ শুহি খায়। দুৰ্বলীক যিকোনো প্ৰকাৰে শুনি খোৱাৰ বিস্তাৰিত মূল্যায়ন কৰিছিল মিলান কুণ্ডেৰাই। কেইবাবাৰো মনোনীত হ'লেও কুণ্ডেৰাই কিন্তু এতিয়াও সাহিত্যৰ নোবেল বঁটা লাভ কৰা নাই। সৌভাগ্য কথা আমাৰ নেতাগণে দুৰ্বলী-দৰিদ্ৰক চেপি চেপি কেতিয়াবাই নোবেলিটি অৰ্জন কৰিছে। নোবেললৈ কিমান দূৰ? খাটি খোৱা মেহনতী ৰাইজৰ ক্ষোভৰ উমান নাপায় এইসকল নেতাই। সেইবাবে বাছৰ ভাড়া বৃদ্ধিৰ বাবে পৰিবহণ সংস্থাই একপক্ষীয় সিদ্ধান্ত ল'লেও তাত হয়ভৰ দিয়ে।

অসংখ্য আঁচনিৰ লোভ দেখুৱাই দৰিদ্ৰৰ ওপৰত প্ৰয়োগ কৰে লেজাৰ ৰশ্মি। দৰিদ্ৰৰ অতি ক্ষুদ্ৰাতিক্ষু্দ্ৰ দাবী-সমস্যাক সেই লেজাৰ ৰশ্মিৰে লৰচৰ কৰি আৱিষ্কাৰ কৰে যে মানুহবোৰো দৰাচলতে এটা অধইচ পদাৰ্থ। সেই পদাৰ্থ ৰবৰৰ দৰে অথবা ৰবৰসদৃশ জোকৰ দৰেও হ'ব পাৰে। শুহি খোৱা আৰু শুহিবলৈ দিয়াৰ ওপৰতে নিৰ্ভৰ কৰে নোবেলিটি। আমাৰ ওপৰত জোকৰ প্ৰভাৱ বেছিকৈ পৰিছে নেকি? উত্তৰ কোনে দিব।