/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/editorial-image.jpg)
বিদ্যা দদাতি বিনময়/বিনয়াদ য়াতি পাত্ৰতাম- বিদ্যাক লৈ প্ৰাচীন ভাৰতীয় সমাজৰ এই অনুভৱে যুগ যুগ ধৰি মানৱ সমাজক প্ৰভাৱিত কৰি আহিছে এইবাবেই যে বিদ্যা আহৰণৰ উচ্চতাই যি স্তৰলৈকে লৈ নাযাওক কিয়, সেই উচ্চতাই বিজ্ঞজনক অহংকাৰী নকৰে, বৰঞ্চ অধিক বিনয়ী কৰে, সাধাৰণ মানুহৰ পৰা ঋষিৰ স্তৰলৈ লৈ যায় তেনে ব্যক্তিত্বক। ভাৰতীয় সমাজে তেনে জ্ঞানগৰ্ব ঋষিতুল্য লোক বহুজনক পাইছে।
প্ৰয়াত প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালাম তেনে এক সদা প্ৰজ্বলিত ব্যক্তিত্ব। আন এগৰাকী প্ৰয়াত পণ্ডিত ৰাজনীতিক সৰ্বপল্লী ৰাধাকৃষ্ণনৰ কল্পনা কৰিলেও এক ঋষিতুল্য প্ৰতিচ্ছবিয়েই মানসপটত ভাহি উঠে। এইগৰাকী ৰাধাকৃষ্ণনৰ আদৰ্শকে যুগে যুগে শিক্ষান্বেষী ভাৰতীয়ৰ মাজত প্ৰবাহৰ উদ্দেশ্যেই দেশত উদযাপন হৈ আহিছে শিক্ষক দিৱস।
দেশৰ এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতি আৰ ভেংকটৰমণে পূৰ্বৰ শিক্ষক দিৱসৰ এক অনুষ্ঠানত স্বৰাজ লাভৰ পিছত দেশৰ শাসনৰ কৰ্ণধাৰ হোৱা সৰ্বোচ্চ নেতা তিনিগৰাকীৰ বিষয়ে এনেদৰে কৈছিল-Gandhian among Gandhians was the president, scholar among scholars was the Vice-president and democrate among democrats was the Prime Minister, অৰ্থাৎ গান্ধীবাদীসকলৰ মাজত শ্ৰেষ্ঠ গান্ধীবাদী ড- ৰাজেন্দ্ৰ প্ৰসাদ আছিল ৰাষ্ট্ৰপতি, পণ্ডিতসকলৰ মাজৰ শ্ৰেষ্ঠ পণ্ডিত ৰাধাকৃষ্ণন আছিল উপ-ৰাষ্ট্ৰপতি আৰু গণতন্ত্ৰবাদীসকলৰ মাজৰ সৰ্বশ্ৰেষ্ঠ গণতন্ত্ৰবাদীজন আছিল প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু, সেয়াই আছিল ভাৰত।
ভাৰতবৰ্ষৰ বিশালতা, ইয়াৰ জনসংখ্যাৰ ব্যাপকতা আৰু জাতি-ধৰ্ম-বৰ্ণৰ বিবিধতাৰ বাবে অৰ্থনৈতিক-সামাজিক পৰিবেশত দীনতা-অসমতা-অনগ্ৰসৰতা থাকিলেও শিক্ষাৰ প্ৰতি, পাণ্ডিত্যৰ প্ৰতি, জ্ঞানান্বেষণৰ প্ৰতি ভাৰতীয় জনগণৰ অসীম শ্ৰদ্ধা আছিল, আছে আৰু থাকিবও। কিন্তু স্বৰাজোত্তৰ সুদীৰ্ঘ সাতটা দশকত হোৱা ৰাজনৈতিক-সামাজিক-অৰ্থনৈতিক বিৱৰ্তনে ভাৰতৰ সেই প্ৰাচীন মূল্যবোধ সম্পন্ন শিক্ষাৰ ক্ষেত্ৰখনলৈ ধুমুহাৰ দৰে এনে এক পৰিৱৰ্তন আনিছে, বিশেষকৈ গোলকীয়কৰণৰ প্ৰভাৱে ভাৰতীয় শিক্ষাৰ পৰম্পৰাগত দৃশ্যপটক আকস্মিকভাৱে ইমান সলনি কৰি পেলাইছে যে ইয়াৰ পৰিণতিত শিক্ষাৰ মৌলিক ধ্যান-ধাৰণাৰ প্ৰতিয়েই জনসাধাৰণৰ চিন্তাৰ ৰেহ-ৰূপ সলনি হৈ গৈছে, সলনি হ'বলৈ বাধ্য হৈছে।
অৱশ্যম্ভাৱীভাৱে এই পৰিৱৰ্তনৰ প্ৰভাৱ অসমতো পৰিছে আৰু ফলত ৰাজ্যখনৰ সাম্প্ৰতিক শিক্ষা ব্যৱ্স্থাই সন্মুখৰ দিনবোৰত পেলাব পৰা প্ৰভাৱ আৰু পৰিগণিতক লৈ এফালে যেনেকৈ ধূসৰতাপূৰ্ণ আশাৰ পৰিৱেশ গঢ় লৈ উঠিছে, তেনেকৈ সমহাৰত বৃদ্ধি পাইছে উদ্বেগ-শংকাৰো। আজি দেশজুৰি পালন হ'বলগা শিক্ষক দিৱসত অৱধাৰিতভাৱে শিক্ষা-শিক্ষক আৰু শিক্ষাৰ্থীক লৈ ইতিবাচক আৰু নেতিবাচক দিশবোৰৰ আলোচনা হ'ব।
নহি জ্ঞানেন সদৃশম পবিত্ৰমিহ বিদ্যতে, অৰ্থাৎ জ্ঞানৰ সমান পবিত্ৰ বস্তু একো নাই বোলা ভাৰতীয় চিন্তাৰে সমৃদ্ধ দেশত আজি শিক্ষাক পণ্য দ্ৰব্যলৈ পৰ্যবসিত কৰি আৰু শিক্ষাৰ্থী-অভিভাৱকক সহজলভ্য ক্ৰেতা জ্ঞান কৰি যিখন বজাৰ মেলি দিয়া হৈছে, তাৰ পৰা দেশৰ বিদ্যায়তনিক পৰিৱেশ কিমান সুস্থ-সবল আৰু নৈতিকতাসমৃদ্ধ হৈ থাকিব সেয়া অৱশ্যেই চিন্তনীয়। এই বজাৰৰ পৰা ওলোৱা 'মানৱ সম্পদে'ই দেশৰ ভৱিষ্যৎ গঢ়িব লাগিব।
আশ্ৰমৰ ভাৰতীয় শিক্ষাই শতযোজন পথ অতিক্ৰম কৰি আহি আহি অট্টালিকাত প্ৰৱেশ কৰিছেহি। নিশ্চিতভাৱে বহু নিষ্ঠাৱান লোক আজিৰ শিক্ষাৰ ক্ষেত্ৰখনতো জড়িত হৈ আছে। কিন্তু জনসাধাৰণৰ সন্মুখত লগে লগে উন্মোচিত হৈছে এচাম শিক্ষকৰ নৈতিকতাহীন আচৰণ আৰু জ্ঞানবিমুখ চৰিত্ৰও। ইফালে চৰকাৰৰ দায়িত্বশীল বৰমূৰীয়াসকলৰ বহুতে মধ্যভোগীৰ ভূমিকা লৈ শিক্ষাৰ ক্ষেত্ৰখনৰ সাম্প্ৰতিক অসূয়া-অনিশ্চয়তাক অধিক গভীৰ কৰি তুলিছে।
অসমত এহাতে চৰকাৰী শিক্ষা ব্যৱস্থাটোত বিৰাজ কৰা দায়িত্বহীন অৱস্থাটোৰ বিপৰীতে বেচৰকাৰী শিক্ষাক্ষেত্ৰখনত বিদ্যমান শোষণ-বঞ্চনাৰ এখন হতাশজনক ছবি। শিক্ষকসকলৰ বুজন অংশ এটাই ব্যস্ত হৈ থাকিবলগা হয়। দৰমহাৰ বৈষম্য, প্ৰাদেশিকীকৰণ আদি সমস্যাবিলাকত আক্ৰান্ত শিক্ষাক্ষেত্ৰখনক সুস্থিৰ-বিদ্যা লাভৰ অনুকূল কৰি তুলিব পৰা চৰকাৰৰ সাৰ্থক-বিতৰ্কহীন পদক্ষেপৰ অভাৱে ক্ষেত্ৰখনক দিকনদিনে অধিক অস্থিৰ কৰি তুলিছে।
শিক্ষামন্ত্ৰীয়ে কেমেৰাৰ সন্মুখত শিক্ষাৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰি বিতৰ্কৰ সৃষ্টি কৰিছে। ইয়াৰ বিপৰীতে কোনো কোনো শিক্ষাকে বিদ্যালয় চৌহদ-ৰাজপথত সুৰামত্ত অৱস্থাত মাতলামি কৰি, অনৈতিক কাৰ্য কৰি সমগ্ৰ শিক্ষক সমাজলৈ কুখ্যাতি নমাইছে।এনেবোৰ বিক্ষিপ্ত ঘটনাই শিক্ষাক্ষেত্ৰখনলৈ বিশ্বাসহীনতাৰ পৰিৱেশ নমাই অনাৰ পৰিণতিত জ্ঞানক পবিত্ৰ বস্তু বুলি দীৰ্ঘদিন ধৰি বৰ্তি থকা ধাৰণাত যি আঘাত পৰিছে, তাৰ সামগ্ৰিক ফলাফল বেয়া হোৱাই অৱধাৰিত।
গতিকে শিক্ষাৰ ক্ষেত্ৰখনে প্ৰজ্ঞাৰ সাধনাৰ লগতে মূল্যবোধসম্পন্ন, নৈতিকতাসমৃদ্ধ, বিনয়ী হোৱাৰ যি শিক্ষা প্ৰাচীন পৰম্পৰাই দি থৈছে, তাক চিৰশাশ্বত ৰূপত বৰ্তাই ৰখাৰ সংকল্প শিক্ষক দিৱসত সকলোৱে গ্ৰহণ কৰা উচিত, কাৰণ ইহে ভাৰতীয় সমাজৰ সমৃদ্ধিৰ প্ৰকৃত ভেটি গঢ়িব পাৰিব।