/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/editorial-image.jpg)
কৰ্প'ৰেট নিৰ্ভৰ অৰ্থনীতিৰ নামত কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে যিধৰণৰ কৃষক-শ্ৰমিকবিৰোধী কাম-কাজ অব্যাহত ৰাখিছে, তাৰ প্ৰভাৱ অসমৰ দৰে ৰাজ্যতো পৰিবলৈ লৈছে। কিন্তু দেশৰ অন্য প্ৰান্তৰ খেতিয়কৰ দৰে অসমৰ কৃষিজীৱী লোকে সংগঠিত ৰূপত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সক্ষম হোৱা নাই। কেন্দ্ৰই সংসদত উত্থাপন কৰা ভূমি অধিগ্ৰহণ বিধেয়কৰ আৰ্হিত অসম চৰকাৰেও ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে বিশেষ ঔদ্যোগিক অঞ্চল গঢ়ি তোলাৰ আঁচনি হাতত লৈছে।
সেই অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ বিস্তীৰ্ণ অঞ্চলৰ কৃষিভূমিবোৰ অনা-কৃষিভূমিলৈ পৰিৱৰ্তন কৰাৰ কামো সম্পন্ন হ'ব ধৰিছে। নামনি অসমৰ কেতবোৰ অঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো কাষৰ উৰ্বৰা কৃষিভূমিত কিছুমান এনে উদ্যোগ, কাৰখানা গঢ়ি তোলা হৈছে, যিবোৰে কেৱল ব্যাপক প্ৰদূষণ সৃষ্টি কৰাই নহয়, তাৰফলত গ্ৰাম্য জনজীৱনো বিপৰ্যস্ত হোৱাৰ উপক্ৰম ঘটিছে। তাৎপৰ্যপূৰ্ণভাৱে বিৰোধীৰ তীব্ৰ প্ৰতিবাদৰ হেঁচাত পৰি যিখন ভূমি অধিগ্ৰহণ বিধেয়ক কেন্দ্ৰীয় চৰকাৰে পেলাই থ'বলগা হৈছে, তাৰেই অনুৰূপ ব্যৱস্থা সম্প্ৰতি ৰাজ্য চৰকাৰে কাৰ্যকৰী কৰিবলৈ ওলাইছে।
অথচ অসমত বান-খহনীয়াত কৃষিভূমি হেৰুওৱা লক্ষ লক্ষ খেতিয়কে জীৱিকাৰ সন্ধানত পৰিভ্ৰমী জীৱনো কটাবলগীয়াত পৰিছে। বিভিন্ন জিলাৰ কেইবালক্ষ বিঘা কৃষিভূমি নদীৰ বুকুত জাহ গৈছে।তাৰ পিছতো আজিলৈকে ৰাজ্য চৰকাৰে এক স্পষ্ট ভূমি ব্যৱহাৰ্য নীতি প্ৰস্তুত কৰিবলৈ সক্ষম হোৱা নাই। মহাৰাষ্ট্ৰ, গুজৰাট, মধ্যপ্ৰদেশ, হাৰিয়ানা আদি ৰাজ্যৰ খেতিয়কে কৃষিজাত সামগ্ৰীৰ ন্যূনতম সমৰ্থন মূল্য বিচাৰি ৰাজপথ উত্তাল কৰিছে, কিন্তু অসমত জনজাতি, বংগীয় মূলৰ ধৰ্মীয় সংখ্যালঘু আৰ অন্যান্য পিচপৰা শ্ৰেণীৰ খেতিয়কসকলে তেওঁলোকৰ সমস্যা সমাধানৰ দাবীত সেইদৰে সৰ্বাত্মক আন্দোলন কৰা নাই।
আনকি জাতীয় মঞ্চবোৰতো তেওঁলোকৰ দাবীবোৰক সঠিকভাৱে উপস্থাপন কৰা হোৱা নাই। আজি ৰাজ্যত জাতীয় সংগঠনবোৰে ঐক্যবদ্ধভাৱে কৃষিভূমি সংৰক্ষণ কৰাৰ দাবী কৰা পৰিলক্ষিত হোৱা নাই। বৰং পৰোক্ষভাৱে চৰকাৰৰ কৃষক বিৰোধী, পদক্ষেপবোৰক উৎসাহ যোগাৱাহে পৰিলক্ষিত হৈছে। হাৰিয়ানা, মহাৰাষ্ট্ৰ আদিৰ দৰে অসমত ভূস্বামী অথবা ধনিক খেতিয়ক নাথাকিব পাৰে, কিন্তু ৰাজ্যৰ ক্ষুদ্ৰ তথা উপান্ত কৃষকৰ মৰ্মবেদনা বুজিবলৈ কাৰো আহৰি নাই।
চৰকাৰীভাৱে প্ৰতিবাৰেই সদনত তথ্য দাখিল কৰা হৈছে যে কেইবালক্ষ বিঘা কৃষিভূমি ইতিমধ্যে নদীৰ খহনীয়াত জাহ গৈছে আৰু তাৰ ফলত ভূমিহীন খেতিয়কৰ সংখ্যাও বাঢ়িছে। কিন্তু তাৰ প্ৰতিকাৰৰ কোনো সুবন্দৱস্ত নাই। আনকি বান-খহনীয়াত বিপৰ্যস্ত খেতিয়কক লৈও ৰাজ্যত সাম্প্ৰদায়িক ৰাজনীতিহে কৰা হৈছে। শেহতীয়াভাৱে ৰাজ্য চৰকাৰে আছাম ষ্টেট কেপিটেল ৰিজিঅ'ন ডেভেলপমেন্ট অথৰিটী এক্ট, ২০১৭ নামৰ আইখনৰ জৰিয়তে তথাকথিত ৰাজধানী সম্প্ৰসাৰণৰ নামত সমগ্ৰ মধ্য অসমৰ কৃষিভূমি অঞ্চল দেশী-বিদেশী বহুজাতিক কোম্পানীৰ হাতত গতাই দিয়াৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে।
এই অঞ্চলৰ পলসুৱা কৃষিভূমি, চৰকাৰী পতিত মাটিকে ধৰি সমস্ত ভূখণ্ডক 'ভূমি বেংক'ত অন্তৰ্ভুক্ত কৰাৰ আঁচনি লোৱা হৈছে। অথচ ইয়াৰ বিৰুদ্ধে সংশ্লিষ্ট জিলাবোৰৰ বিশেষকৈ কামৰূপ, দৰং, নলবাৰী আৰু মৰিগাঁৱৰ জনজাতি কৃষক ৰাইজৰ বাহিৰে জাতীয় সংগঠনবোৰে কোনো মাত মতা নাই। আশ্চৰ্যকৰভাৱে বিধানসভাত বিশেষ বিতৰ্ক আলোচনা আদি নোহোৱাকৈয়ে সেই সম্পৰ্কীয় বিধেয়কখন গৃহীত হৈছিল বুলিও সেই সময়ত চৰ্চা হৈছিল।
এতিয়া জনগোষ্ঠীয় ৰাইজে প্ৰতিবাদ কৰাতহে বহুতে জানিব পাৰিছে যে আধুনক তথা কৃত্ৰিম নগৰীকৰণৰ নামত দৰাচলতে চৰকাৰে কৃষিভূমিৰ ওপৰত কৰ্প'ৰেট গোষ্ঠীৰ ব্যৱসায়িক সাম্ৰাজ্য স্থাপন কৰাৰহে ব্যৱস্থা হাতত লৈছে। আমাৰ কথা হ'ল- ৰাজধানী সম্প্ৰসাৰণ বা উন্নয়ন হ'ব লাগে। কিন্তু তাৰ দ্বাৰা সাধাৰণ খেতিয়কৰ জীৱিকাৰ সুৰক্ষাৰ বিষয়টো অনিশ্চয়তাৰ মাজলৈ ঠেলি দিলে নহ'ব। আচলতে ঔদ্যোগিক অঞ্চল বা ৰাজধানী সম্প্ৰসাৰণৰ নামত অসমৰ দৰিদ্ৰ খেতিয়কৰ জীৱন-জীৱিকা বিপৰ্যস্ত হ'লে তাৰ সুদূৰপ্ৰসাৰী নেতিবাচক ফলাফল আমি সকলোৱে এদিন ভোগ কৰিব লাগিব।