অসমৰ সাংবাদিকতা

অসমৰ সাংবাদিকতা

author-image
asomiyapratidin
New Update
প্ৰধানমন্ত্ৰীৰ ভাষণ

সাম্প্ৰতিক অসমৰ সাংবাদিকতাৰ যিখন প্ৰতিচ্ছবি, তাক লৈ এফালে যেনেকৈ মানুহৰ মনত আশা-আস্থাৰ সীমাহীন অনুভৱ আছে, তেনেকৈ আছে দ্বিধা-সংশয়ৰো এক বিশাল আয়তন। গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ তিনিটা স্তম্ভ বিধায়িনী, কাৰ্যপালিকা আৰু ন্যায় ব্যৱস্থাৰ ক্ষয়িষ্ণু, দুৰ্বল, বিকাৰগ্ৰস্ত অৱস্থাই সাধাৰণ মানুহক দিশাহীন কৰি তোলাৰ পৰিপ্ৰেক্ষিতত সংবাদ মাধ্যমৰ গুৰুত্ব নিৰ্বলী মানুহৰ বাবে ক্ৰমাৎ বৃদ্ধি পাইছে আৰু অৱধাৰিতভাৱে ই হৈ পৰিছে এই জনসমষ্টিৰ বাবে বিকল্প ভাৰসাৰ স্থল।

Advertisment

কিন্তু জনসাধাৰণৰ এই পৰ্বতপ্ৰমাণ ভাৰসাক বৰ্তমানৰ সাংবাদিকতাৰ ক্ষেত্ৰখনে কেনেধৰণে অনুধাৱন কৰিছে, সেইটো গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই বিষয়টো আজি আলোচনালৈ অনাৰ উদ্দেশ্য হৈছে আজিৰ দিনটো ৰাজ্যখনৰ আধুনিক সাংবাদিকতাৰ অন্যতম বাটকটীয়া হৰেন্দ্ৰনাথ বৰুৱাৰ স্মৃতি দিৱস।

'নতুন অসমীয়াৰ'ৰ সম্পাদনাৰ এক বলিষ্ঠ ইতিহাসেৰে হৰেন্দ্ৰনাথ বৰুৱা সমুজ্জ্বল হৈ আছে, যিগৰাকী মহান অসমীয়াই অসমীয়া জাতীয়তাবোধৰ ভেটি শক্তিশালী কৰাৰ বাবে নিঃসম্বল সাংবাদিকতাৰ ক্ষেত্ৰখনকে প্ৰচণ্ড শক্তিশালী অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি এক অম্লান চানেকি প্ৰতিষ্ঠা কৰি থৈ গৈছে, যাৰ আধাৰত সৃষ্টি হোৱা জাতীয়তাবাদী সংগ্ৰামৰ প্ৰবাহৰ ধাৰাটোৱে আজিও অসমীয়া জাতীয় জীৱনৰ উপত্যকা প্লাৱিত কৰি আছে। সেই প্ৰেক্ষাপটৰ আধাৰতে অসমৰ বৰ্তমানৰ সাংবাদিকতা ক্ষেত্ৰখনৰ মূল্যায়ন হ'ব এই কাৰমেই যে সেই সাংবাদিকতা আছি স্বচ্ছ, দায়বদ্ধ, নিৰ্মোহ আৰু জাতিপ্ৰাণ।

হৰেন্দ্ৰনাথ বৰুৱাই এনে এটা সময়ত উত্তৰসূৰী হিচাপে আকোঁৱালি লৈছিল 'অৰুণোদই'য়ে পাতনি মেলা অসমীয়া সাংবাদিকতাৰ অতি নিঃস্ব মাধ্যমটোক যি সময়ত অসমৰ জাতীয় জীৱনৰ সন্মুখত এক সন্ধিক্ষণ উপস্থিত হৈছিল, স্বাধীনতা সংগ্ৰাম আৰু কংগ্ৰেছী আৱেশত বন্দী হৈ থকা জাতীয় জীৱনত আৰম্ভ হোৱা প্ৰাপ্তি-অপ্ৰাপ্তি, সান্ত্বনা-বঞ্চনা, সুখ-দুখ, স্বস্তি-অস্বস্তিৰ নতুন হিচাপ-নিকাচেৰে সংঘাতৰ এক নতুন অধ্যায়ৰ সূচনা হৈছিল।

সেই সময়ত হৰেন্দ্ৰনাথ বৰুৱাৰ দৰে এক ব্যক্তিত্বই জাতীয় জীৱনক দিক্ দৰ্শনৰ লক্ষ্যৰে সাংবাদিকতাৰ ক্ষেত্ৰখনক বাছি লোৱাৰ কাৰণ হয়তো এই ক্ষেত্ৰখনে জাতীয় জীৱনত ইতিপূৰ্বে পেলোৱা প্ৰভাৱ আৰু পূৰ্বসূৰীসকলৰ জাতীয় জীৱনৰ প্ৰতি আগবঢ়োৱা অনবদ্য অৱদান। আজিৰ পৰা ১৭৪ বছৰ পূৰ্বে খ্ৰীষ্টান মিছনেৰীয়ে শিৱসাগৰৰ পৰা প্ৰকাশ কৰা 'অৰুনোদই'ৰ পাতত চৰ্চা হৈছিল, সেই সময়ত ৰক্ষণশীলতাৰ এক ডাঠ চামনিৰ মাজত অতিবাহিত গ্ৰাম্যপ্ৰধান সমাজ অৱস্থাত বৰ্তি থকা অন্ধবিশ্বাস, কু-সংস্কাৰৰ নেতিবাচক দিশবোৰ।

বিধৱা বিবাহৰ সপক্ষে একপ্ৰকাৰ জেহাদ ঘোষণা কৰিছিল হেমচন্দ্ৰ বৰুৱাই। কানিৰ বিৰুদ্ধে তুলিছিল কলম। 'অৰুণোদই', 'আছাম নিউজ', 'আছাম বন্ধু'ৰ পাতে পাতে চলিছিল বিধ্বস্ত অসমীয়া ভাষাৰ পুনৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম। তাৰ পৰৱৰ্তী সময়ত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰচ্ছায়াত সূচনা হোৱা 'জোনাকী' যুগে অসমীয়া ভাষা-সাহিত্য আৰু জাতীয়তাবাদী চেতনাৰ পুনৰুত্থান ঘটনাই নৱজাগৰণৰ সৃষ্টি কৰিলে।

'বাঁহী'ৰ পাতত লক্ষ্মীনাথ বেজবৰুৱাৰ মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱৰ মহত্ত্বক তুলি ধৰি মহাপুৰুষ দুজনাৰ প্ৰাণ জাতীয় জীৱনত নতুনকৈ প্ৰতিষ্ঠা কৰিলে। কৃপাবৰ বৰবৰুৱাৰ ৰূপেৰে বেজবৰুৱাই জাতীয় দোষবোৰ খুঁচৰি নতুন উদ্যমেৰে জাতিটোক আগবঢ়াৰ প্ৰেৰণা দিলে, সাহিত্য-সাংবাদিকতাৰ সেই অম্লান-আলোকেৰে আলোকিত হৈয়ে দেৱকান্ত বৰুৱা, লক্ষ্মীনাথ ফুকন, হৰেন্দ্ৰনাথ বৰুৱা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ দৰে ব্যক্তিত্বই অসমৰ সাংবাদিকতাৰ ক্ষেত্ৰখনক প্ৰবৃত্ত হৈ জাতীয়তাবাদী সাংবাদিকৰ বলিষ্ঠ ধাৰা বোওৱাৰ লগতে সেই সময়ৰ বিচক্ষণ, দায়ৱদ্ধ তৰুণসকলক ক্ষেত্ৰখনলৈ আকৰ্ষণ কৰি যি এক ভেটি  প্ৰতিষ্ঠা কৰিলে, তাৰ ওপৰতেই সাম্প্ৰতিক অসমৰ সাংবাদিকতা প্ৰতিষ্ঠিত।

কিন্তু প্ৰশ্ন হৈছে- সেই নিষ্ঠা, সেই দায়ৱদ্ধতা, সেই সমাজমুখিতা আজিৰ সাংবাদিকৰ আছে নে নাই? দেশ তথা বিশ্বৰ অন্য বহু ঠাইৰ লগত তুলনা নহ'লেও অসমৰ সাংবাদিকতাৰ ক্ষেত্ৰখনৰ আকৃতি এতিয়া যথেষ্ট ডাঙৰ। তথ্য-প্ৰযুক্তিৰ বিকাশ ইয়াত সনা ৰঙে জনসাধাৰণক চমকিত কৰিছে। বহু মানুহে এই ক্ষেত্ৰখনত সাঙোৰ খাই পৰিছে। কিন্তু জাতিটোৰ বাবে, মানুহৰ পৰ্বতপ্ৰমাণ প্ৰত্যাশা পূৰণৰ বাবে সাংবাদিকতাৰ ক্ষেত্ৰখনে সাৰ্থক, নিৰপেক্ষ ভূমিকা পালন কৰিব পাৰিছনে? সংবাদ ক্ষেত্ৰখনত জড়িতসকলৰ চেতনা সমাজমুখী নে ব্যক্তিমুখী? এই প্ৰশ্নবোৰৰ ওপৰত নিৰ্ভৰ কৰিছে সংবাদ ক্ষেত্ৰৰ বিশ্বাসযোগ্যতা।

আজিৰ সাংবাদিকতাৰ অন্তৰাত্মা কি তাৰ ওপৰত নিৰ্ভৰ কৰিব ইয়াৰ ভৱিষ্যৎ। নাথান ব্ৰাউন-হেমচন্দ্ৰনাথ বৰুৱা, তিলক হাজৰিকাৰ সাংবাদিকতাই জাতিটোক আজিৰ স্তৰলৈ অনাত ইন্ধন যোগালে। সামাজিক, ৰাজনৈতিক, প্ৰশাসনিক ক্ষেত্ৰবোৰৰ লগতে সাংবাদিকতাৰ ক্ষেত্ৰখনতো আজিৰ প্ৰজন্মৰ ভূমিকাৰ ওপৰতে নিৰ্ভৰ কৰিব কাইলৈৰ জাতিটোৰ অৱস্থা, পৰিচয়।