অগপৰ নেতৃত্ব

অগপৰ নেতৃত্ব

author-image
asomiyapratidin
New Update
প্ৰধানমন্ত্ৰীৰ ভাষণ

অসম গণ পৰিষদৰ শীৰ্ষ নেতৃ্ত্বই নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰোধিতাৰে দেশজোৰা অভিযান চলোৱাক কেন্দ্ৰ কৰি বিজেপিৰ একাংশ নেতা ক্ষুণ্ণ হৈ পৰিছে। দৰাচলতে মিত্ৰজোঁটৰ অংশীদাৰ হিচাপে অগপক মুখ্যমন্ত্ৰী অথবা চৰকাৰ তথা দলৰ শীৰ্ষ পৰ্যায়ৰ নেতাই ৰাজহুৱাকৈ একো ক'ব নোৱাৰে বাবেই একাংশ মধ্যম পৰ্যায়ৰ নেতাৰ দ্বাৰা সাৱধানবাণী শুনোৱা হৈছে।

Advertisment

উদাহৰণস্বৰূপে বিজেপিৰ  এজন বিধায়কে অগপক ৰাজহুৱাভাৱে ককৰ্থনা কৰি কৈছে যে 'চৰকাৰত আছে যেতিয়া মিলিজুৰি থাকক।' আমিত শ্বাহ অথবা প্ৰধানমন্ত্ৰী মোডীক লগ কৰাৰ সলনি নীতিশ কুমাৰ বা শিৱসেনাৰ নেতাক সাক্ষাৎ কৰি নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজনৈতিক সমৰ্থন আদায় কৰাটো অগপৰ বাবে অৰ্থহীন বুলিও বিজেপি বিধায়কজনে মন্তব্য কৰিছে।

আমি ভাবো এয়া বিজেপিৰ বিধায়কজনৰ ব্যক্তিগত মন্তব্য নহয়, বৰং দলটোৰ শীৰ্ষ নেতৃত্বই অগপৰ এনে কাম-কাজক লৈ প্ৰকাশ কৰা বিষোদগাৰৰ বহিঃপ্ৰকাশহে মাথোঁ তাৎপৰ্যপূৰ্ণভাৱে বিজেপি বিধায়কজনে অগপৰ শীৰ্ষ নেতৃত্বক তীব্ৰ সমালোচনা কৰাৰ দিনাই আকৌ বিজেপিৰে ৰাজ্যিক সভাপতিজনে অগপ নেতাক লগত লৈ একেখন সভাতে ২০১৯চনৰ লোকসভা নিৰ্বাচনত একেলগে যুঁজ দিয়াৰ কথা ঘোষণা কৰিছিল।

ৰাজ্য শাসন কৰা দুয়োটা দলৰ এনে দ্বিচাৰিতাৰ ফলত জনসাধাৰণ বিভ্ৰান্ত হ'বলগীয়াত পৰিছে। যোৱা সময়ছোৱাত দেখা গৈছে যে অগপ আৰু বিজেপিৰ নেতাসকলে সময়-সুবিদা অনুসৰি ইজনে সিজনৰ প্ৰতি বিৰূপ মন্তব্য কৰাৰ ক্ষেত্ৰত অকণো পিচ পৰি থকা নাই। এনে ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ পৰা অনুমান হয় যে দুয়োটা শিবিৰতে দুটা পক্ষ আছে। ৰাজ্যিক বিজেপিত অগপৰ প্ৰতি সহানুভূতিশীল একাংশ নেতা থকাৰ দৰে অগপতো বিজেপিৰ মতাদৰ্শ মানি চলা কৰ্মী আছে।

আনকি দুয়োটা দলৰ নেতৃত্বৰ শীৰ্ষ পৰ্যায়তো অগপৰ আঞ্চলিকতাবাদ আৰু বিজেপিৰ ৰাষ্ট্ৰীয়তাবাদৰ প্ৰতি আকৃষ্ট নেতা আছে। বহুতে ক'ব খোজে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেই আনকি অগপ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ জাতীয়তবাদী শিবিৰৰ প্ৰতি তুলনামূলকভাৱে কোমল মনোভাৱ পোষণ কৰি আহিছে। বিষয়টো কেৱল ক্ষমতা সৰ্বস্ব ৰাজনীতিকেন্দ্ৰিক নহৈ কিছুদূৰ আদৰ্শগত হ'ব পাৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৰাজনৈতিক উত্থানৰ আঁৰত থকা জাতীয়তাবাদী চিন্তা-চেতনাক যিদৰে অস্বীকাৰ কৰিব নোৱাৰি, সেইদৰে অগপৰ দুই-এজন নেতাৰ লগতো বিজেপিৰ সৌহাৰ্য্যপূৰ্ণ সম্পৰ্ক আছে।

কেৱল দুই-এজন নেতাৰ সৱল স্থিতিয়েহে দুয়োটা দলৰ মাজৰ প্ৰাৰ্থক্য বজাই ৰাখিছে। অৱশ্যে বিগত সময়ছোৱাত জাতীয়তাবাদী শিবিৰৰ বহু ৰথী-মহাৰথীয়ে বিজেপিত যোগদান কৰাৰ পিচতহে এইক্ষেত্ৰত বহু বিষয় স্পষ্ট হৈছে। আমি ভাবো নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ প্ৰশ্নত অগপ আৰু বিজেপিৰ মাজত নীতিগত বিৰোধ ভৱিষ্যতে আৰু অধিক প্ৰকট হৈ উঠিব। তেতিয়ালৈকে অগপৰ যিকেইজন নেতাই ক্ষমতাৰ স্বাৰ্থত মুকলিভাৱে বিৰোধিতা কৰা নাই, তেওঁলোকেও নিজৰ স্থিতি স্পষ্ট কৰিবলৈ বাধ্য হৈ পৰিব। নিৰ্বাচনী ৰাজনীতিত অগপ-বিজেপিৰ মিত্ৰতা সম্ভৱপৰ হৈছে যদিও বাস্তৱিকতে সেয়া কিমান দূৰলৈ অক্ষত থাকিব, সেইটোহে মূল বিষয়।

যিবোৰ প্ৰশ্নই অসমীয়াৰ জাতীয়তাবাদী চেতনাক আঘাত কৰিব সেইবোৰক লৈয়েই সংঘাত অনিবাৰ্য। এনে ক্ষেত্ৰত অনাগত দিনবোৰত ৰাজ্য চৰকাৰৰ বৰমূৰীয়াসকলৰ মাজতো মেৰুবিভাজন সৃষ্টি হ'ব পাৰে। আমি পূৰ্বেই এই কথা বহুবাৰ উনুকিয়াই আহিছো যে বিজেপিৰ ৰাষ্ট্ৰবাদত অগপৰ আঞ্চলিকতাবাদ সম্পূৰ্ণৰূপে জীণ যাব নোৱাৰে। যি ৰাজনৈতিক পটভূমিত অগপৰ জন্ম হৈছিল, তাৰ প্ৰতিক্ৰিয়াক বেছি দিনলৈ ৰোধ কৰিব পৰা নাযাব। সম্প্ৰতি অগপৰ একাংশ নেতা-কৰ্মীয়ে ৰাজ্যখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ আশা-আকাংক্ষা পূৰণ কৰি আঞ্চিলতাবাদক শক্তিসালী ৰূপ দিয়াৰ প্ৰচেষ্টা চলাইছে।

সৰ্বভাৰতীয় শাসক গোষ্ঠীৰ শোষণ-বঞ্চনা আৰু বিভাজনমুখী ৰাজনীতিৰ বিপৰীতে অসমৰ দৰে বৈচিত্ৰ্যময় জনবিন্যাসপূৰ্ণ এখন ৰাজ্যত ধৰ্মনিৰপেক্ষতা আৰু উদাৰ দৃষ্টিভংগীৰে জাতিৰ ভাষা-সংস্কৃতিক জীপাল কৰি ৰাখিবলৈ হ'লে সংশোধনী বিধেয়কৰ পিচতো অগপই ৰাজ্যৰ সকলো শ্ৰেণীৰ লোক আৰু ধৰ্মনিৰপেক্ষ তথা গণতান্ত্ৰিক শক্তিবোৰক নেতৃত্ব দিয়াৰ সুযোগ ল'ব পাৰিলেহে বিকল্প পথ প্ৰশস্ত হ'ব।