/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/editorial-image.jpg)
সামুদ্ৰিক প্ৰাণী বিশেষজ্ঞসকলে কয় যে সমুদ্ৰত জেলী ফিচৰ সংখ্যা ৰকেট গতিত বৃদ্ধি পায়। কাৰণ জেলী ফিচ অমৰণশীল। জীৱ মাত্ৰেই মৰণশীল বুলি যি ধাৰণা প্ৰচলিত, সেয়া নস্যাৎ কৰিছে জেলী ফিচে। জেলী ফিচৰ টিউৰিটোপ'ছিছ নিউট্ৰিকুলা প্ৰজাতিয়ে প্ৰজনন ক্ৰিয়াত জড়িত হ'লেই পুনৰ পোৱালিৰ ৰূপ লয়। মানুহৰ ক্ষেত্ৰত এনে প্ৰক্ৰিয়া সম্ভৱ হ'লে মানুহো অমৰণশীল হৈ পৰিব।
যযাতিৰ পৌৰাণিক আখ্যানৰ দৰেই জেলী ফিচৰ কাহিনী। মাত্ৰ প্ৰথমটো পৌৰাণিক কল্প কাহিনী, দ্বিতীয়টো বাস্তৱ। আয়ুষ্মান শব্দটোৰ গুঢ়াৰ্থও তাতেই । যি বহুকাল জীয়াই থাকে, দীৰ্ঘজীৱী হয় তেওঁলোকেই আয়ুষ্মান। 'মহাভাৰত' ধাৰাবাহিকতা পিতামহ ভীষ্মৰ হাততো আছিল দীৰ্ঘজীৱী হোৱাৰ আশীৰ্বাদ। সেইবাৰে তেওঁ ইচ্ছামৃত্যু লৈছিল। সেই পৌৰাণিক দীৰ্ঘজীৱী সূত্ৰকে এতিয়া কেন্দ্ৰীয় চৰকাৰে আয়ুষ্মান ভাৰত বা প্ৰধানমন্ত্ৰীজন আৰোগ্য যোজনা হিচাপে বলবৎ কৰিছে।
কোনোবাই ইয়াকে মোডী কেয়াৰ বুলিও কয়। এসময়ত আমেৰিকাত ওবামা কেয়াৰ প্ৰৱৰ্তনৰ চেষ্টা চলাইছিল প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই। পিচে সেয়া দীৰ্ঘস্থায়ী নহয়। এয়া সিদিনাৰ কথা। মোডী কেয়াৰৰ পৰিণতিও দেশবাসীয়ে এদিন ৰাখিব। আয়ুষ্মান ভাৰতৰ প্ৰথমটো অধ্যায় আৰম্ভ হৈছিল যোৱা ১৪ এপ্ৰিলত। ছত্তীশগড়ৰ বিজাপুৰ জিলাত পৰ্যাপ্ত সা-সুবিধা থকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ উদ্বোধনেৰে আয়ুষ্মান ভাৰতৰ শুভাৰম্ভ হৈছিল।
ইয়াৰ দ্বিতীয়টো অধ্যায় যোৱা ২৩ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা নামেৰে উদ্বোধন কৰা হ'ল। ইয়াৰ অধীনত দেশৰ ১০.৭৪ কোটি পৰিয়ালৰ প্ৰতিটোৱে বছৰি পাঁচ লাখ টকাৰ চিকিৎসা সেৱা লাভ কৰিব । ইয়াৰ দ্বাৰা দেশৰ মুঠ জনসংখ্যাৰ ৪০ শতাংশ অৰ্থাৎ পঞ্চাশ কোটিৰো অধিক লোক উপকৃত হ'ব।ইয়াত আছে কমেএ ১৩৫০ টাৰো অধিক স্বাস্থ্য পেকেজ। দেখিলে যেন লাগে যেন ভাৰতীয় সকল লাহে লাহে যযাতিৰ দৰে হ'বলৈ গৈ আছে! অথচ এইখন দেশকে বহুমুদ্ৰ ৰোগৰ ৰাজধানী, উত্তৰ-পূবক কৰ্কটৰ ৰাজধানী, যক্ষ্মা-কুষ্ঠ ৰোগীৰ বিচৰণভূমি বুলি অভিহিত কৰা হয়।
ৰোগৰ বিশালতাক ভুৰুকাত ভৰাব নোৱাৰি। যিটোক আজিকালি হেলথ পেকেজৰ সৈতে ৰিজাব পাৰি। ৰোগীৰ চিকিৎসা কৰাৰ পূৰ্বে ৰোগৰ পৰীক্ষাবোৰতহে আক্ৰান্তসকল সৰ্বস্বান্ত হোৱা যায়। সৰ্বস্বান্ত হোৱা ৰোগী বা ৰোগীৰ পৰিয়ালক আয়ুষ্মান ভৱ বুলি আশীৰ্বাদ দিবও নোৱাৰি। ঠেলাই ৰিক্সাই সন্তান প্ৰসৱ কৰা, এম্বুলেন্স নাপাই মৃতদেহ কান্ধত তুলি নিয়া ঘটনাবোৰ আয়ুষ্মান ভাৰতৰ দুৰ্গম প্ৰান্তৰ এখন পৰিচিত ছবি। মোডী কেয়াৰেৰে মানুহবোৰক জেলী ফিচৰ দৰে এৰিব নালাগে।
যযাতিও হ'ব নালাগে, পাৰে যদি নিৰোগী সমাজ এখন গঢ় দিয়াত যত্নপৰ হওক। অকল দৈহিক স্বাস্থ্যৰ নহয়, আৰ্থ-সামাজিক বিকাশ, মানসিক উৎকৰ্ষ সাধনেৰে সাকাৰ কৰক আয়ুষ্মান ভাৰতৰ সপোন। স্বচ্ছতাৰ ব্যস্ততা দেখুওৱা শাসকে ৰাজনৈতিক স্বচ্ছতা প্ৰদৰ্শন কৰিলেও ভাৰতখন আয়ুষ্মান হ'লহেতেন. দেহটোনো কি, মনটোহে আচল মনৰ স্বচ্ছতা সবাতোকৈ জৰুৰী। মনৰ সেই স্বচ্ছতা আছিল বাবেই শৰশয্যাত থাকিও দেহটোক জীয়াই ৰাখিছিৰ ভীষ্মই।
পোক
বিৰোধী পক্ষক উইপোকৰ সৈতে তুলনা কৰি মোডী-শ্বাহ যুগলবন্দীয়ে আৰম্ভ কৰিলে অহা বছৰৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ চমক। ককৰ্থনা, তুচ্ছ-তাচ্ছিল্য, অশ্লীল শব্দ প্ৰয়োগ কৰি আজিৰ গণতন্ত্ৰক ৰক্ষা কৰাৰ প্ৰয়াস চলিছে। মাত্ৰ ৫টা বছৰ দেশ শাসন কৰা দল এটাই স্বাধীন ভাৰতত সৰহখিনি সময় ৰাজত্ব কৰা দল এটাক উপহাস কৰিছে। ৰাজনীতি উপহাসৰে পৰিচয়। উইপোকে কুটি কুটি সকলো নিঃশেষ কৰে। নিজৰ ঠিকনাত উইপোকেই ৰজা। দিল্লীৰ ঠিকনাতো শাসকেই সৰ্বস্ব।
দেশক কুটি খোৱাৰ সকলো পথ দিল্লীশ্বৰসকলে জানে। উইপোকেও জানে কোনটো পথেৰে কুটিব গ'লে বিচাৰি পায় খাদ্য। কুটি কুটি খাদ্য গোটায় উইপোকে। ৰাজনীতিৰ উইপোকবোৰেও সমাজ-অৰ্থনীতি আৰু নিঃস্ব জনতাক কুটি কুটি প্ৰমত্ত হৈ পৰে। সেই কথা সকলোৱে জানে।তথাপি ফিচিঙা ফিচিঙিৰ অন্ত নাই। গেৰুৱা বসন পিন্ধা সকলোকে সাধু-সন্ত বুলিব নোৱাৰি। প্ৰশ্ন হয়- ভালনো কোন? সেউজীয়া, ৰঙা, গেৰুৱা সকলোতে বগাই ফুৰে উইপোক।
আজিৰ ভাল দিনবোৰক কোনোবাই কাইলৈ বেয়া চিন্তা হিচাপে এৰি দিয়ে। কোনে? শাসনত থকা সময়ত সকলোৰে দিনবোৰ ভালেই । শাসনৰ বাহিৰত থকা মুহূৰ্তবোৰ বেয়া চিন্তা হৈ পৰে। কুটি থকা সময়খিনিও ভাল। পিচৰখিনিহে বেয়া। উইপোক, ঘুণপোক সকলোবোৰেই ৰাজনীতিৰো 'পোক' হৈ থাকে কেতিয়াবা। ৰাইজে সকলোকে চিনে। কিন্তু চিনি নাপায় খোদ উইপোকৰূপী নেতাবোৰে। পোকে কেতিয়াও পোকৰ পৰিচয় বিচাৰিব নাজানে। জানে মাথোন কুটি খাব পৰা পথবোৰ। মাোডী-শ্বাহ যুগলবন্দীৰ ভুল তাতেই।
ৰাজনীতিত কোনো ধোৱা তুলসীৰ পাত নহয়। তুলসীৰ তলতো পোক থাকে। তুলসীৰ তলে তলে মৃগপহু চলি ফুৰে বুলি ভাবি ভগৱান ৰামচন্দ্ৰয়ো ধনুত শৰ জুৰিছিল। সেই শৰডাল কেতিয়াবা তুলসীৰ তলত লুকাই থকা পোকলৈ বুলিও টৌঁওৱা হয়। নেতাসৱে সেয়া ভালদৰে জানে। নিৰ্বাচনটো আহিলে নেতাসকলে ভয় কৰে সেইডাল শৰলৈ। সেই ভয় আছে বাবেই শাসকবৰ্গই উইপোক, ঘুণপোকলৈ আঙুলাইয়া দিয়ে। ৰাইজৰ দৃষ্টি অন্যফালে ঢাল খুুওৱাত সফল হ'লেই গাদীত বহি থকা পোকবোৰে বিচাৰি যায় কুটি খোৱাৰ পথ। এই দৃষ্টিত আনক ফিচিঙা-ফিচিঙি কৰি থকাৰ অৰ্থ কি?
মাত্ৰ ২০ বছৰ বয়সতে চীনৰ পৰা আমেৰিকালৈ গৈ ফেশ্বন ডিজাইনাৰ হিচাপে খ্যাতি অৰ্জন কৰা আলেকজেণ্ডাৰ বাঙে কৈছিল- সৰু বা ডাঙৰ যিয়েই নহওঁক সিহঁতক মই খাতিৰ নকৰো, কাৰণ পোকে মোক সদায় আনন্দহে দিয়ে। এই যে আনন্দ সেয়া আমাৰ গণতন্ত্ৰৰ পূজাৰীসকলেও লাভ কৰে। পোক হোৱাৰ আনন্দ আছে বাবেই শাসকে এতিয়া বিৰোধীক পোক বুলি তাচ্ছিল্য কৰে আৰু বিৰোধীয়েও শাসকক পোক হৈ দেশখন কুটি খোৱা বুলি সমালোচনা কৰে। নিৰ্বাচন আহিছে। গতিকে এনে বহু পোকৰ কাহিনী প্ৰকাশ পাব।