আদৰ্শগত অৱক্ষয়

আদৰ্শগত অৱক্ষয়

author-image
asomiyapratidin
New Update
প্ৰধানমন্ত্ৰীৰ ভাষণ

দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ মৃত্যুত স্বাভাৱিকতেই এই কেইদিন দেশৰ চৌদিশে তেওঁৰ বৰ্ণাঢ্য ব্যক্তিত্বৰ স্মৃতিচাৰণৰ জোৱাৰ উঠিছে। স্বাধীন ভাৰতৰ প্ৰখ্যাত ৰাষ্ট্ৰীয় ৰাজনীতিবিদসকলৰ আগশাৰীৰ এগৰাকী হিচাপে তেওঁৰ বৈচিত্ৰ্যময় ব্যক্তিত্ব অতি লক্ষণীয় ৰূপৰ আছিল। সেয়েহে স্মৃতিচাৰণ সভাবোৰত বিভিন্ন জনে তেওঁৰ ব্যক্তিত্বৰ যি মূল্যায়ন কৰিছে, সেইবোৰো অতি বিচিত্ৰ তথা বৰ্ণাঢ্য।

Advertisment

অনেক গুণমুগ্ধই তেওঁক প্ৰায় অতিমানৱ হিচাপেও প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰিছে। কিন্তু বাস্তৱত তেওঁ আছিল মানৱেই। বাজপেয়ীৰ দৰে বিচিত্ৰ ব্যক্তিত্বৰ অতি গুৰুত্বপূৰ্ণ ৰাজনৈতিক নেতা যে স্বাধীন ভাৰতত নাই বুলিবই পাৰি, সত্যটো সত্য। সাংসদ হিচাপে থকা তেওঁৰ বিচক্ষণতাৰ বাবেই বিৰোধী পক্ষৰ সাংসদ হৈ থাকোতে তেওঁ একাধিকাৰ 'শ্ৰেষ্ঠ সাংসদ'ৰ সন্মান দখল কৰিছিল।

জৱাহৰলাল নেহৰু আছিল হিন্দুত্ববাদ তথা আৰ এছ এছৰ ঘোৰ বিৰোধী। তাৰ বিপৰীতে বাজপেয়ী আছিল আৰ এছ এছৰ গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় নেতা। অথচ সেই পণ্ডিত নেহৰুৱেই দেশৰ প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়তেই তেতিয়াৰ চফল ডেকা সাংসদ বাজপেয়ীৰ সংসদীয় দক্ষতাত মোহিত হৈ ঘোষণা কৰিছিল যে এই ডেকা ল'ৰাজন এদিন ভাৰতৰ প্ৰধানমন্ত্ৰী হ'বগৈ। নেহৰুৰ ভৱিষ্যদ্বাণী ফলিয়ালেও।

আনহাতে গুৰুত্বপূৰ্ণ বিৰোধী নেতা হিচাপে কেন্দ্ৰীয় সংসদত যি বাজপেয়ীয়ে প্ৰধানমন্ত্ৰী নেহৰুক বিভিন্ন বিষয়ত প্ৰয়োজনীয় সমালোচনাৰে থকা-সৰকা কৰিছিল, সেই বাজেপয়ীয়েই নেহৰুৰ মৃত্যুত দেশ পিতৃহাৰা হ'ল বুলি ঘোষণা কেন্দ্ৰীয় সংসদত অতি আৱেগিক কিন্তু বস্তুনিষ্ঠ ভাষণটো দি শ্ৰোতাসকলক কন্দুৱাইছিল।

বাজপেয়ী আছিল প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ঘোৰ সমালোচক। তাৰবাবে ইমাৰ্জেন্সিৰ সময়ছোৱাত তেওঁ কটাবলগীয়া হৈছিল জে'লত। অথচ বাংলাদেশ সৃষ্টিৰ পাকিস্তানবিৰোধী 'মুক্তিযুদ্ধ'ত ইন্দিৰা গান্ধী নেতৃত্বাধীন ভাৰত চৰকাৰৰ অতি গুৰুত্বপূৰ্ণ প্ৰত্যক্ষ ভূমিকাক সংসদত প্ৰশংসা কৰি ইন্দিৰা গান্ধীক দুৰ্গাদেৱীৰ সৈতে ৰিজাবলৈ বাজপেয়ীয়ে কুণ্ঠাবোধ কৰা নাছিল। অনেক কট্টৰ হিন্দুত্ববাদীয়ে আজিকালি আমিষ  আহাৰৰ কথা ক'লেই আক্ৰমণাত্মক ৰূপ লৈ জাঁপ মাৰি উঠে। বাজপেয়ী আছিল অতি গুৰুত্বপূৰ্ণ  হিন্দুত্ববাদী  নেতা।

কিন্তু অসমৰ প্ৰখ্যাত এগৰাকী নেতাৰ ঘৰত খাদ্যৰসিক বাজপেয়ীয়ে পীৰাত বহি পৰম তৃপ্তিৰে এদিন আমিষ আহাৰ কেনেকৈ গ্ৰহণ কৰিছিল, সেই কথা তেওঁ বাজপেয়ীৰ স্মৃতিচাৰণত কেইদিনমান পূৰ্বে এই কাকতৰ সম্পাদকীয় পৃষ্ঠাতেই লিখিছিল। এটা বয়সলৈ বাজপেয়ীয়ে পৰিমিত পৰিমাণেৰে ধূমপান আৰু মদিৰা পান কৰাৰ উল্লেখ সাম্প্ৰতিক স্মৃতিচাৰণত পোৱা যায়। বৰ্তমান হিন্দুত্ববাদী তথা আৰ এছ এছ আৰু বিজেপি নেতৃত্ব পাকিস্তান বুলিলেই ঘৃণাত জাঁপ মাৰি উঠে।

পাকিস্তানৰ সদ্যনিৰ্বাচিত প্ৰধানমন্ত্ৰী আৰু বিশ্ব ক্ৰিকেট ইতিহাসৰ শ্ৰেষ্ঠ প্ৰাক্তন ক্ৰিকেটাৰ কেইজনৰ এজন-ইমৰান খানে প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈয়েই ভাৰতলৈ আগবঢ়োৱা বন্ধুত্বৰ হাতলৈ কেন্দ্ৰীয় বিজেপিৰ চৰকাৰে দৃষ্টিকটু ৰূপেৰে চকু নিদিয়াকৈ আছে। অথচ বিজেপিৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীয়েই ভাৰত-পাকিস্তানৰ বন্ধুত্বৰ দিশত দৃঢ় খোজ পেলাবলৈ প্ৰচেষ্টা চলাইছিল আৰু লাহোৰলৈ বাছত যি মিত্ৰতা যাত্ৰা ভাৰত সীমান্তৰ পৰা হৈছিল, তাত ভাগ লৈছিল।

গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত প্রধানমন্ত্ৰী হৈ থাকিও হিন্দুত্ববাদীৰ শক্তিৰ প্ৰবল হেঁচাৰ বাবে বাজপেয়ীয়ে প্ৰথমৰ ফালে বিশেষ ব্যৱস্থা ল'ব পৰা নাছিল যদিও তেওঁ তদানীন্তন মুখ্যমন্ত্ৰী মোডীক ৰাজধৰ্ম পালনৰ সকীয়নি দিয়াৰ জৰিয়তে এজন জননেতা হিচাপে নিজৰ গ্ৰহণযোগ্যতা অক্ষুণ্ণ ৰাখিছিল।

বাজপেয়ীৰ মৃত্যুত যি স্মৃতিচাৰণৰ ঢৌ উঠিছে- তাৰ সকলোতকৈ গুৰুত্বপূৰ্ণ দিশটো হ'ল- ভাৰতীয় ৰাজনৈতিক ক্ষেত্ৰখনলৈ কেনে ভীষণ মতাদৰ্শগত অৱক্ষয় নামি আহিছে- ই তাক উদঙাই দিছে। বাজপেয়ীৰ দিনৰ বিজেপি আৰু মোডীৰ দিনৰ বিজেপিৰ মাজত মতাদৰ্শগত দিশত কেনে ভীষণ পাৰ্থক্যই দেখা দিছে তাক আজিৰ গোৰক্ষকৰ তাণ্ডৱেই উদঙাইছে।

নেহৰুৰ দিনৰ কংগ্ৰেছ আৰু আজিৰ কংগ্ৰেছৰ মাজত কেনে ভীষণ মতাদৰ্শগত পাৰ্থক্যই দেখা দিছে, তাক আজিৰ কংগ্ৰেছৰ দুৰ্নীতিয়েই উদঙাই দিচে। কুৰি শতিকাৰ ভাৰতৰ বাওঁ শক্তি আৰু আজিৰ বাওঁ শক্তিৰ মাজৰ পাৰ্থক্য দেখ দেখকৈ ওলাই পৰিছে, যিটোৰ সৃষ্টি হৈছে মতাদৰ্শগত দুৰ্বলতাৰ বাবে। ৰাজনীতি অৰ্থনীতিৰ প্ৰতিফলন মাত্ৰ। সেয়ে আজিৰ দেশীয় ৰাজনীতিৰ মতাদৰ্শগত অৱক্ষয়ৰ মূল কি- সেই প্ৰশ্নৰ উত্তৰো এইটোৱেই।